উত্তৰ আধুনিক সাহিত্য আৰু ড০ ভূপেন হাজৰিকা...

অসমীয়া 'অন দা ৰোড' সংগীত শিল্পীগৰাকী
উত্তৰ আধুনিক সাহিত্য আৰু ড০ ভূপেন হাজৰিকা
উত্তৰ আধুনিক সাহিত্য আৰু ড০ ভূপেন হাজৰিকা
সূধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি ১১ সংখ্যক মৃত্যু বাৰ্ষিকী। বিশ্ববিশ্ৰুত সংগীত শিল্পীগৰাকীৰ আজিৰ এই বিশেষ দিনটোত তেওঁৰ গীত, গীতৰ কথা আৰু ইয়াৰ প্ৰাসংগিকতা সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ জয়দীপ নাৰায়ণ দেবৰ এক বিশেষ প্ৰতিবেদন।

দ্বিতীয় বিশ্বযুদ্ধই থান-বান কৰি পেলাইছিল সমগ্ৰ বিশ্বৰ জীৱন ধাৰা । যুদ্ধত বিধ্বস্ত লোকসকলৰ চকুত কেৱল নিৰাশা আৰু তেজৰ ডোঙা । সকলো হাই-উৰুমিৰ অন্তত শুনিবলৈ পোৱা গৈছিল হুমুনিয়াহৰ শব্দ ।

কিন্তু লাহে লাহে সলনি হৈছিল সময় । সময়ৰ সৈতেই বিশ্বযুদ্ধৰ অভিজ্ঞতাসমূহ নিজা পৰিসৰৰ মাজত বিভিন্ন প্ৰকাৰে প্ৰকাশ কৰিছিল সকলোৱে । কিন্তু এই প্ৰকাশৰ ধাৰা আছিল সম্পূৰ্ণ অচিন ।

দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত সমগ্ৰ বিশ্বতেই সলনি হৈছিল কলা-সাহিত্যৰ ধাৰা। সলনি হৈছিল লিখন শৈলী, ছবিৰ ধৰণ, বোলছবি নিৰ্মাণৰ প্ৰক্ৰিয়া। উত্তৰ আধুনিকতাবাদৰ ঢৌত উটি গৈছিল সমগ্ৰ বিশ্ব।

তেনে সময়তেই ১৯৫০ চনত যাযাবৰী আমেৰিকান জীৱন শৈলীৰ ওপৰত ভিত্তি কৰি সৃষ্টি হৈছিল এক নতুন ধাৰাৰ। ইয়াৰ নাম আছিল বিট সাহিত্য অথবা বিট লিটাৰেচাৰ। এলেন গিন্সবাৰ্গ, জেক কিউৰো আৰু ৱিলিয়াম এছ ব্যুৰ'ৰ নেতৃত্বত গঢ় লৈ উঠা ধাৰাটোৰ আলমতে সৃষ্টি হৈছিল কলা-সংস্কৃতিৰ আন এক সুতিৰ। যাক জনা গৈছিল 'অন দা ৰোড' বুলি।

ইয়াৰো মূল ধ্যান ধাৰণা আছিল যাযাবৰী জীৱন শৈলী। আমেৰিকাত অতি কম সময়তে জনপ্ৰিয় হৈ উঠা এই ধাৰাটোৰ জনক সকলে ৬০ ৰ দশকত ভ্ৰমণ কৰিছিল ভাৰত। বিভিন্ন জাতি-জনজাতি, সংস্কৃতিৰ কেন্দ্ৰ ভাৰতৰ পৰিৱৰ্তে যাযাবৰী জীৱন শৈলীৰ অধ্যয়ন আন কৰবাত কৰিব পৰা নিশ্চয় সম্ভৱ নহয়।

ঠিক সেই সময়তেই অৰ্থাৎ ১৯৪৯ চনত পি এইচ ডি ডিগ্ৰীৰ বাবে আমেৰিকাত উপস্থিত হৈছিল আন এজন যাযাবৰ। যি সময়ত আমেৰিকা অস্থিৰ আছিল সামাজিক-ৰাজনৈতিক দিশৰ পৰা।

যি সময়ত আমেৰিকান শিল্পী প'ল ৰবছন আৰু মানৱ অধিকাৰ কৰ্মী মাৰ্টিল লুথাৰ কিং জুনিয়ৰৰ প্ৰভাৱত বলীয়া সমগ্ৰ বিশ্ব। যি সময়ত আমেৰিকাত কৃষ্ণাংগ-শ্বেতাংগৰ বিবাদ তুমুল পৰ্যায়ত, দাসত্ব প্ৰথাত বন্দী আফ্ৰিকান মূলৰ আমেৰিকানসকল।

আমেৰিকাৰ পৰা ড০ ভূপেন হাজৰিকা দেৱে অসমলৈ উভতি আহোতে লৈ আহিছিল এই আফ্ৰিকান মূলৰ আমেৰিকান সকলৰ দুৰ্দশা, বিননি আৰু বিট সাহিত্যত উল্লেখ হোৱা যাযাবৰী জীৱন শৈলীৰ। এই অভিজ্ঞতাৰেই পাছত ৰচনা হৈছিল হাজৰিকা দেৱৰ মৃত্যুঞ্জয়ী সৃষ্টি 'মই এটি যাযাবৰ', 'অতীতৰ বুৰঞ্জী লিখকে', 'মানুহে মানুহৰ বাবে'।

ইয়াৰ উপৰিও, কপাহ আৰু কুহিঁয়াৰ খেতি পথাৰত আফ্ৰিকান মূলৰ দাসসকলৰ ওপৰত হোৱা অত্যাচাৰৰ ফলস্বৰূপে সৃষ্টি হোৱা সংগীতৰ ধাৰা 'ব্লুজ' ৰ অনুসৰণত ৰচনা হৈছিল 'বিস্তীৰ্ণ পাৰৰে'। উত্তৰ আধুনিকতা বাদৰ সংগীত শৈলীৰ সৈতে অসমবাসীক চিনাকি কৰাই দিয়া ড০ ভূপেন হাজৰিকা দেৱে বৰ্ণ বৈষম্য আৰু অস্তিত্বৰ সংকটৰ ওপৰতো ৰচনা কৰিছিল এটাৰ পাছত আনটো গীত।

'মই অসমৰ, মই ভাৰতৰ', 'ঝক্ ঝক্ ৰেল চলে' ইয়াৰেই উদাহৰণ। আনহাতে অন দা ৰ'ড শৈলীত সৃষ্টি হৈছিল 'অটোৰিক্সা চলাও আমি দুয়ো ভাই' য'ত প্ৰকাশ পায় জীৱনৰ প্ৰতি বেপৰুৱা দৃষ্টি ভংগীৰ সৈতে মিলি যোৱা আৰ্থিক সংকটৰ এটি ক্ষোভ। বৰ্ণ বৈষম্যৰ প্ৰতিবাদত লিখিছিল 'আমি একেখন নাৱৰে যাত্ৰী'।

বিংশ শতিকাত প্ৰত্যেকটো দশকতেই সলনি বিশ্ব সংগীতৰ ধাৰা। ব্লুজ, কান্ট্ৰী, জেজ, চ'ল, ৰক এই সকলো ধাৰাই এটা এটা দশক আধিপত্য চলাই গৈছিল সংগীত জগতত। দা বীটলছৰ পৰা আৰম্ভ কৰি বব ডিলান, জিম মৰিছন, জিমি হেনৰিকছ এই সকলোৰে উত্তৰণৰ প্ৰত্যক্ষদৰ্শী আছিল ড০ ভূপেন হাজৰিকা।

এই সকলোৰে প্ৰভাৱ পৰিছিল হাজৰিকাদেৱৰ সংগীতত। হাজৰিকাৰ শিল্পীসত্বা অতি সহজেই সম্পৃক্ত হৈ পৰিছিল চাৰিওফালৰে  পৰা আৱৰি ধৰা সমস্যাসমূহৰ সৈতে আৰু অৱচেতন ভাৱে হ'লেও সাৰ পাই উঠিছিল শিল্প চেতনা । 

অৱশ্যে কেৱল ড০ ভূপেন হাজৰিকা দেৱৰ নাম ল'লেই অন্যায় কৰা হ'ব তেখেতৰে ভাতৃ জয়ন্ত হাজৰিকা দেৱৰ প্ৰতি। জেজ আৰু কান্ট্ৰীৰ শৈলীৰে গিটাৰ বজাই অসমত অতি কম সময়তেই জনপ্ৰিয় হৈ পৰিছিল শিল্পী গৰাকী। দুয়ো ভাতৃৰ লিখনিও আছিল যাদুকৰী।

সুধাকন্ঠ গৰাকীৰ মৃত্যুত স্বতস্ফূৰ্ত ভাৱে শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমৰ সকলো প্ৰান্তৰ পৰা অহা লাখ লাখ লোকেই প্ৰমাণ কৰিছিল গণশিল্পী গৰাকীৰ জনপ্ৰিয়তা। কিন্তু চৰ্চা হয় জানো শিল্পীগৰাকীৰ উত্তৰ আধুনিকতাবাদৰ প্ৰতি থকা অৱদানৰ ? অৰ্ধ শতিকাতকৈও অধিক কাল কলা-সংস্কৃতিৰ সৈতে জড়িত থকা শিল্পী গৰাকীৰ ওপৰত গৱেষণা হয় নে ? শিল্পী গৰাকীৰ স্থাৱৰ সম্পত্তি সমূহ সংগ্ৰহালয়ত জমা থলেই শেষ নেকি শিল্পী গৰাকীৰ প্ৰতি থকা চৰকাৰৰ কৰ্তব্য ? টালিগঞ্জৰ বাসগৃহটোৰ প্ৰতি আগ্ৰহ নেদেখুৱালে অগপ চৰকাৰ, কংগ্ৰেছ চৰকাৰ কিম্বা বিজেপি চৰকাৰেও। জালুকবাৰীৰ শ্ৰদ্ধাঞ্জলি স্থলী আৰু সংগ্ৰাহালয়তে সীমাবদ্ধ থাকিল সুধাকন্ঠৰ প্ৰতি চৰকাৰৰ দ্বায়িত্ব। নে মুনাফা লাভৰ লোভত কেৱল নতুন সৃষ্টিৰ প্ৰতিয়েই আগ্ৰহী চৰকাৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in