অখিল- অতুলৰ একেই দশা...

দুটা ৰাজনৈতিক দলৰ দুজন শীৰ্ষ নেতা। দুয়ো দল দুটাৰ শীৰ্ষ পদবী অধিকাৰ কৰি আছে। এজন অতুল বৰা অগপৰ সভাপতি। আনজন অখিল গগৈ ৰাইজৰ দলৰ সভাপতি। বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰম অস্বস্তিত পৰিছে দুয়োগৰাকী সভাপতি। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-05 at 6.05.59 PM

ভীষণ সমস্যাত পৰিছে অতুল বৰা। একেই সমস্যা অখিল গগৈৰ। মিলা নাই দুয়োৰে অংক। দুয়োগৰাকী সভাপতিৰ অংকত বাধা হৈ থিয় দিছে দুটা ৰাষ্ট্ৰীয় দল। কি সমস্যা এই দুই ৰাজনৈতিক দলৰ সভাপতিৰ। পঢ়ক এই প্ৰতিবেদন...


দুটা ৰাজনৈতিক দলৰ দুজন শীৰ্ষ নেতা। দুয়ো দল দুটাৰ শীৰ্ষ পদবী অধিকাৰ কৰি আছে। এজন অতুল বৰা অগপৰ সভাপতি। আনজন অখিল গগৈ ৰাইজৰ দলৰ সভাপতি। বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰম অস্বস্তিত পৰিছে দুয়োগৰাকী সভাপতি। 

এজনৰ বাবে এই অস্বস্তিৰ কাৰণ হৈছে বিজেপি আৰু আনজনৰ বাবে অস্বস্তিৰ কাৰণ কংগ্ৰেছ। দীৰ্ঘদিন ধৰি এন ডি এত বিজেপিৰ সৈতে আছে অসম গণ পৰিষদ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে এ জি পিয়ে অতি কমেও ৩০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভাবিছিল। সেই মতে প্ৰস্তাৱো আগবঢ়াইছিল বিজেপিৰ ওচৰত। সমষ্টি বিতৰণৰ আনুষ্ঠানিকতা সম্পৰ্কীয় আলোচনাত বিজেপিয়ে অগপৰ নেতৃত্বৰ সেই প্ৰস্তাৱ খাৰিজ কৰিলে। 

নিজৰ সুবিধা অনুসৰি বিজেপিয়ে মিত্ৰদল অগপক মাত্ৰ ২১খন আসনহে দিবলৈ ৰাজি হ'ল। তাৰ ভিতৰত ৩খনে অগপ নেতৃত্বই বিচৰা নিৰ্দিষ্ট
আসন আছে। সেইকেইখন হ'ল- বোকাখাত, কলিয়াবৰ আৰু বঙাইগাঁও। এই ৩খন আসনত অগপৰ শীৰ্ষ নেতা ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰী হ'ব অগপৰ প্ৰাৰ্থী। 

খিলঞ্জীয়া ভোটাৰে ভাগ্য নিৰ্ণয় কৰা আৰু বিজয়ৰ সম্ভাৱনা থকা আসনবোৰ অগপক এৰি দিবলৈ ৰাজি নহ'ল বিজেপি। বৰ্তমান অগপৰ বিধায়ক তথা তেজপুৰ, দেৰগাঁও, চাবুৱা- লাহোৱাল, গুৱাহাটী মধ্য এৰি নিদিয়ে অগপক বিজেপিয়ে। তেজপুৰৰ ঠাইত বৰচলা আসনখন অগপলৈ ঠেলিছে বিজেপি নেতৃত্বই। বজালী, ডিমৰীয়া, বৰপেটা দিছে অগপৰ হাতত। ব্ৰহ্মপুত্ৰ উপত্যকাত ৯খন আৰু সংখ্যালঘু ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব লগা ১২খন আসন বিজেপিয়ে অগপক নিৰ্বাচন খেলিবলৈ এৰি দিছে। 

ইয়াকে লৈ দলটোৰ ভিতৰচ'ৰাত দলৰ আন বিষয়ববীয়াই আৰম্ভ কৰিছে বিসম্বাদ। বিজেপিয়ে বিচৰা ধৰণে আসন ভাগ-বাটোৱাৰা কৰিলে দলৰ বিৰুদ্ধে গৈ নিৰ্বাচনত থিয় হোৱাৰো হুংকাৰ প্ৰদান কৰিছে। ভীষণ সমস্যাত পৰিছে অতুল বৰা। কেনেকৈ এই ক্ষোভ- অসন্তুষ্টি নিবাৰণ কৰিব পাৰি, তাৰ সমাধান সূত্ৰ বিচৰাত ব্যস্ত অগপৰ সভাপতিগৰাকী। 

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰো হৈছে একেই সমস্যা। বিচৰা মতে, কংগ্ৰেছে এৰিব বিচৰা নাই আসন। ৰাইজৰ দলক ৪খন আসনতে সন্তুষ্ট কৰাৰ চেষ্টা চলাই অখিলৰ ক'ৰ্টত বল এৰিছে কংগ্ৰেছে। অখিল গগৈয়ে কিবা এটা হ'ব বুলি এবাৰৰ পাছত আনবাৰ কংগ্ৰেছ নেতৃত্বলৈ চূড়ান্ত সময়সীমা নিৰ্ধাৰণ কৰি দিছে। এই মুহূৰ্তলৈকে ওলোৱা নাই সমাধান সূত্ৰ।

অখিল গগৈ অতুল বৰা