অসমীয়া ভাষা বিদ্বেষী কোন? এতিয়াও চলি আছে ব্ৰিটিছৰ 'ডিভাইড এণ্ড ৰুল' !

অসমীয়া ভাষা বিদ্বেষী
অসমীয়া ভাষা বিদ্বেষী
অসমীয়া ভাষা বিৰোধী বহু কেইটা সিদ্ধান্ত গ্ৰহণেৰে ইতিমধ্যে শাসনাধিস্থ চৰকাৰখনে অসমীয়া ভাষা বিদ্বেষী চৰিত্ৰ উন্মোচন কৰাৰ পিছত এইবাৰ পুনৰ প্ৰথামকিৰ বিদ্যালয়ৰ ৮ হাজৰৰো অধিক পদ বিলুপ্তিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাষাৰ বিৰুদ্ধে চৰকাৰখনে গ্ৰহণ কৰা এনে সিদ্ধান্তৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

'ডিভাইড এণ্ড ৰুল' আছিল সাম্ৰাজ্যবাদী ব্ৰিটিছৰ শাসনৰ নীতি। এই নীতিৰ আধাৰতে ব্ৰিটিছে ১৯০৫ চনত বংগ বিভাজনৰ জৰিয়তে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰাৰ কৌশল ৰচনা কৰিছিল। তাৰ পৰিপ্ৰেক্ষিততে ১৯০৫ চনত কাৰ্যকৰী কৰা হৈছিল বংগ ভংগ আঁচনি।

ব্ৰিটিছে ভাৰত এৰি যোৱা ৭৫ বছৰ অতিক্ৰম কৰিলে যদিও ব্ৰিটিছৰ সেই ডিভাইড এণ্ড ৰুল আঁচনি আজিও ভাৰতত থাকি গ'ল। যাৰ প্ৰতিফলন ঘটিছে শেহতীয়াকৈ কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কিছুমান সিদ্ধান্তৰ জৰিয়তে।

ব্ৰিটিছে বংগ বিভাজন কাৰ্যকৰী কৰাৰ পিছতে জাতীয় সাহিত্য, শিক্ষাই নতুন ৰূপ লাভ কৰিছিল। বিশেষকৈ ব্ৰিটিছে ভাৰতত আৰম্ভ কৰা ইংৰাজী শিক্ষাৰ পৰিৱৰ্তে বংগ বিভাজনৰ বিৰুদ্ধে গঢ়ি উঠা স্বদেশী আন্দোলনে জাতীয় শিক্ষাৰ ভেটি শক্তিশালী কৰাত সহায় কৰিছিল।

ব্ৰিটিছৰ শিক্ষাব্যৱস্থাক গোলামখানা হিচাপে অভিহিত কৰি ভাৰতীয় ছাত্ৰই ত্যাগ কৰিছিল চৰকাৰী শিক্ষানুষ্ঠান। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জাতীয় শিক্ষাৰ গুৰুত্ব সম্পৰ্কে জ্ঞানগৰ্ভ ভাষণৰ পিছতেই বংগত ১৯০৫ চনৰ ৬ আগষ্টত স্থাপন হৈছিল বংগ জাতীয় বিদ্যালয়। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল মুঠ ৬২ খন মাধ্যমিক আৰু ৩ হাজাৰখন জাতীয় বিদ্যালয়।

এতিয়া আহো অসমৰ প্ৰসংগলৈ। ইয়াণ্ডাবু সন্ধিৰ পিছতে অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল। বংগৰ লগত চামিল হ'ল অসম। বংগৰ লগত চামিল হোৱাৰ হেতু অসমতো আহোম ৰাজ ব্যৱস্থাৰ শাসন পদ্ধতি আঁতৰাই বংগত ব্ৰিটিছে চলোৱা শাসন ব্যৱস্থা অসমতো প্ৰযোজ্য কৰা হ'ল।

সেই সময়ত অসমত ইংৰাজী ভাষাৰ জ্ঞান থকা লোকৰ অভাবৰ বাবে বংগৰ পৰা আমদানি কৰা হৈছিল আমোলা– মহৰি, শিক্ষক চিকিৎসক আদি। এই লোকসকলেই পৰৱৰ্তী সময়ত ব্ৰিটিছ চৰকাৰক বুজালে অসমীয়া ভাষা বাংলা ভাষাৰহে অপভ্ৰংশ।সেয়ে ব্ৰিটিছে আদালত, চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানত বাংলা ভাষা প্ৰৱৰ্তন কৰিব লাগে।

পৰৱৰ্তী সময়ত সেয়াই হ'ল। অসমীয়া ভাষাৰ বিৰুদ্ধে ৰচনা হোৱা এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আধুনিক শিক্ষাৰে শিক্ষিত অসমীয়াই অসমত চৰকাৰী কাম কাজ আৰু বিদ্যালয়ত অসমীয়া ভাষা প্ৰৱৰ্তনৰ কাৰণে আন্দোলন আৰম্ভ কৰিলে।

এই আন্দোলন আছিল বৌদ্ধিক। এই বৌদ্ধিক আন্দোলনৰ পৰিপ্ৰেক্ষিততে ব্ৰিটিছে অসমৰ কাৰ্যালয়, শিক্ষানুষ্ঠানৰ পৰা বাংলা ভাষা আঁতৰাই অসমীয়া ভাষা পুনৰ প্ৰৱৰ্তন কৰিবলৈ বাধ্য হৈছিল।

এই বৌদ্ধিক আন্দোলনৰ নেতৃত্ব বহন কৰিছিল গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আদিয়ে। এই বৌদ্ধিক আন্দোলনত হাত উজান দিছিল মাইলচ ব্ৰনচন আৰু নাথান ব্ৰাউনৰ দৰে আমেৰিকান মিছনেৰীসকলে।

তেওঁলোকে অসমীয়া ভাষাত বাতৰি কাকত, আলোচনী, ব্যাকৰণ প্ৰকাশ কৰি অসমত অসমীয়া ভাষা প্ৰতিস্থাৰ বাট সুগম কৰিছিল। উচ্চ শিক্ষিত আনন্দৰাম ঢেকিয়াল ফুকনে ব্ৰিটিছ বিষয়া মফাট মিলছৰ ওচৰত দাখিল কৰা ইংৰাজীত লিখা প্ৰতিবেদনত বাংলা ভাষাৰ পৰা অসমীয়া ভাষা পৃথক এক স্বতন্ত্ৰ সমৃদ্ধিশালী ভাষা বুলি অকাট্য যুক্তি আগবঢ়াইছিল।

পৰৱৰ্তী সময়ত লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আদিয়ে এই বৌদ্ধিক আন্দোলনক অধিক আগুৱাই নিলে। যাৰ পৰিণতিতে অসমীয়া ভাষাক বৰ অসমৰ সংযোগী ভাষাত পৰিণত কৰাৰ বাট মুকলি কৰিছিল।

এয়া আছিল পৰাধীন ভাৰতৰ কথা। ব্ৰিটিছৰ আমোলত অসমীয়া ভাষাৰ যি দুৰৱস্থাৰ সৃষ্টি হ'ল সেই অৱস্থাৰ পৰা মহান অসমীয়াই উদ্ধাৰ কৰি আনি আকৌ সন্মানেৰে চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানত প্ৰতিষ্ঠা কৰিলে যদিও পৰৱৰ্তী সময়ত স্বাধীনতাৰ পাছত পুনৰ অসমীয়া ভাষালৈ ধাৰাবাহিকভাৱে বাৰে বাৰে বিপদ নামি আহিল।

যাৰ পৰিণতিতে ১৯৬০ ত ভাষা আন্দোলন, ১৯৭২ ত মাধ্যম আন্দোলন। ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা বিদেশী বহিষ্কাৰ আন্দোলনৰো অন্যতম কাৰণ আছিল ভাষা ।

ইয়াৰ পৰা অসম আৰু অসমীয়াই কোনো শিক্ষা গ্ৰহণ নকৰিলে। শেহতীয়াকৈ পুনৰ শাসনাধিস্থ চৰকাৰে অসমীয়া ভাষাৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে আক্ৰমণ আৰম্ভ কৰিছে।

এটাৰ পিছত আন এটা অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি অসমীয়া ভাষাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ইয়াৰ প্ৰমাণ শেহতীয়া কিছু চৰকাৰী সিদ্ধান্ত। ৰাজ্যৰ প্ৰাথমিক শিক্ষানুষ্ঠানত বহিঃৰাজ্যৰ শিক্ষক নিযুক্তি, অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া ভাষাৰ কাকাতখন প্ৰত্যাহাৰ কৰা, প্ৰথম শ্ৰেণীৰ পৰাই অংক আৰু বিজ্ঞানৰ পাঠদান ইংৰাজী মাধ্যম কৰা, চৰকাৰী উদ্যোগত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান গঢ় দিয়াকে ধৰি চৰকাৰৰ সিদ্ধান্ত আৰু এই সিদ্ধান্তৰ কাৰ্যকৰীকৰণে শাসনাধিস্থ চৰকাৰৰ ভাষা বিদ্বেষী মনোভাৱকে প্ৰমাণ কৰে।

২০১৮ ত অনুষ্ঠিত হোৱা টেট পৰীক্ষাত উত্তীৰ্ণ হৈও নিযুক্তিৰ পৰা বঞ্চিত হৈ থকা একাংশ উত্তীৰ্ণই নিযুক্তিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এক আৱেদন। এই আৱেদনৰ শুনানি গ্ৰহণ কৰিয়েই ন্যায়ালয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা স্পষ্টিকৰণ বিচৰাৰ লগতে তেওঁলোকক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল।

কিন্তু ন্য়ায়ালয়ৰ আদেশক চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত পুনৰ এই টেট উত্তীৰ্ণসকল কাষ চাপে ন্যায়ালৰ। এইবাৰ তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰে।

ইয়াৰ পিছতে অসম চৰকাৰে ন্যায়ালয়ৰ আদেশ মানি ২০২২ চনৰ ১৮ জানুৱাৰীত নিযুক্তি প্ৰদান কৰে এইসকল টেট উত্তীৰ্ণক। কিন্তু ইয়াৰ পিছতে পোহৰলৈ আহে এক ভয়ংকৰ কাণ্ড। শিক্ষা বিভাগৰ গাফিলতিৰ বাবেই অসম প্ৰাথমিক বিদ্যালয়ত অসমীয়া ভাষাৰ বিষয়ে জ্ঞান নথকা হাৰিয়াণা, উত্তৰ প্ৰদেশৰ একাংশই লাভ কৰিলে নিযুক্তি।

তিনিচুকীয়া আৰু শোণিতপুৰ জিলাত তেনে ৬ গৰাকী শিক্ষক নিযুক্তিৰ তথ্য পোহৰলৈ আহিছিল। প্ৰাথমিক বিদ্যালয়ত অসমীয়া শিক্ষাৰ্থীক অ আ, ক, খ শিকাবলৈ নোৱাৰা শিক্ষকৰ মুখলৈ শিক্ষাৰ্থীয়ে ভেবা লাগি চাই থাকিবলগীয়া অৱস্থাৰ সূচনা হ'ল।

চি টেটত উত্তীৰ্ণ হৈ অসমীয়া ভাষা নজনাকৈয়ে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ অহা এই শিক্ষকসকলৰ ভিতৰত হাৰিয়াণাৰ সন্দিপ ছাৰদাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ১ নং হাতীগড় প্ৰাথমিক বিদ্যালয়ত নিযুক্তি লাভ কৰিছিল।

ব্ৰীজ মোহন চৌবেক আকৌ নিযুক্তি দিয়া হৈছিল শোণিতপুৰৰ বংকামাৰী প্ৰাথমিক বিদ্যালয়ত। উত্তৰ প্ৰদেশৰ কিষাণ কুমাৰক কাচিজান প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হৈছিল। একেদৰে আন তিনিজন যুৱককো নিযুক্তি দিয়া হৈছিল অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানত।

অসম বিধানসভাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এক মন্তব্যই সৃষ্টি কৰিছিল বিতৰ্কৰ। শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল অসমৰ ১২৬ টা সমষ্টিত চৰকাৰে চি বি এছ ইৰ অধীনত ১২৬ খন আদৰ্শ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান গঢ়ি তোলা হ'ব।

ইয়াৰ বাবে তেওঁ উন্নত আন্তঃগাঁথনি থকা শিক্ষানুষ্ঠানৰ প্ৰস্তাৱো বিধায়কসকলৰ পৰা আহ্বান কৰিছিল। সেই অনুসৰিয়েই ইতিমধ্যে কেইবাটাও সমষ্টিত এনে বিদ্যালয় স্থাপন কৰা হৈছে।

অসমীয়া ভাষাৰ বিৰুদ্ধে গ্ৰহণ কৰা চৰকাৰী সিদ্ধান্তই বিতৰ্কৰ শীৰ্ষত উপনীত হৈছিল অসম লোকসেৱা আয়োগৰ পৰা অসমীয়াৰ বাধ্যতামূলক কাকতখন প্ৰত্যাহাৰ কৰাৰ কেবিনেট সিদ্ধান্ত আৰু অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানত ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞানৰ শিক্ষা দান ব্যৱস্থাৰ সিদ্ধান্তৰ সময়ত। ইতিমধ্যে কবিনেটে গ্ৰহণ কৰা অসম লোকসেৱা আয়োগৰ বাধ্যতামূলক অসমীয়া কাকত প্ৰত্যাহাৰৰ সিদ্ধান্তক গুৱাহাটী উচ্চ ন্য়ায়ালয়েও বৈধতা প্ৰদান কৰিছে।

কেৱল এয়াই নহয়, শাসনাধিস্থ চৰকাৰখনে ব্যয় সংকুচন নীতিৰ আধাৰতে ৮ হাজাৰৰো অধিক প্ৰাথমিক শিক্ষকৰ পদ বিলুপ্তিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ শিক্ষা বিভাগে এক জাননীৰ জৰিয়তে কৈছে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৪ হাজাৰ ২৮৫টা পদ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৩ হাজাৰ ৭১৫টা পদ বিলুপ্তিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত পৰিশিষ্ট ১ আৰু ২ তালিকা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এয়াই হৈছে শাসনাধিস্থ চৰকাৰৰ ভাষা প্ৰেমৰ নমুনা। মাত্ৰ কেইটামান দিন পূৰ্বে এই একেখন চৰকাৰেই আকৌ বিদ্যালয় একত্ৰিকৰণৰ নামত এফালৰ পৰা বন্ধ কৰিদিছে বহু অসমীয়া মাধ্যমৰ বিদ্যালয়।

ভাষাক কেন্দ্ৰ কৰি অসমত যি জাতীয়তাবাদ গঢ়লৈ উঠিছিল সেই জাতীয়তাবাদক চৰকাৰে এনে ভাষা বিৰোধী সিদ্ধান্তৰ জৰিয়তে ধ্বংস কৰাৰ ষড়যন্ত্ৰতো লিপ্ত হৈছে বুলি এতিয়া চৰ্চা চলিছে। যি সময়ত কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষানীতি আনিছে, সেই শিক্ষানীতিত মাতৃ ভাষাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিছে তেনে সময়ত অসম চৰাৰে বাৰে বাৰে অসমীয়া ভাষাৰ বিৰুদ্ধে গ্ৰহণ কৰি অহা এই সিদ্ধান্তই চৰকাৰখনৰ ভাষা বিদ্বেষী মনোভাবকে প্ৰতিফলন কৰিছে।

এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হৈছে, ভাষাৰ জৰিয়তে যি শক্তিশালী জাতীয়তাবাদ বৰ্তি আছে সেই জাতীয়তাবাদক ধ্বংস কৰি শাসনাধিস্থ চৰকাৰখনে শাসন আৰু শোষণ কৰাৰ কৌশল ৰচনা কৰিছে নেকি ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in