ঢকুৱাখনা, ৰঙানদী, লখিমপুৰ, ধেমাজি, চিচিবৰগাঁৱত প্ৰাৰ্থিত্বৰ দৌৰত কোন...

সমষ্টি পুনৰ্নিধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচন। সলনি হৈছে ১২৬টা সমষ্টিৰ জনবিন্যাস আৰু সীমা। তাৰ মাজতে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি ৰাজনৈতিক দলবোৰৰ মাজত চলিছে কুচকাৱাজ

author-image
Asomiya Pratidin
New Update
nirbason xobixekh NEW.jpg (1)

সমষ্টিয়ে সমষ্টিয়ে চৰ্চাত আছে কিছু নাম। কোনে পাব টিকট, তাক লৈ উৎকণ্ঠা প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু সাধাৰণ জনতাৰ। “কাক, কাক লাগে টিকট” শীৰ্ষক এই লানি বিশেষ প্ৰতিবেদনত সমষ্টিসমূহত চৰ্চিত তেনে প্ৰাৰ্থীক লৈ যুগুত কৰা হৈছে। চিচিবৰগাঁও, ঢকুৱাখনা, ৰঙানদী, লখিমপুৰ আৰু ধেমাজি সমষ্টিক লৈ প্ৰথমখন প্ৰতিবেদন...

সমষ্টি পুনৰ্নিধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচন। সলনি হৈছে ১২৬টা সমষ্টিৰ জনবিন্যাস আৰু সীমা। তাৰ মাজতে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি ৰাজনৈতিক দলবোৰৰ মাজত চলিছে কুচকাৱাজ। 

সদ্যগঠিত চিচিবৰগাঁও সমষ্টিত এইবাৰ অগপই মিত্ৰ দল বিজেপিৰ পৰা এই সমষ্টিটো তেওঁলোকৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে দাবী তুলিছে। অগপৰ যুৱনেত্ৰী কস্তুৰী চুতীয়াই তৃণমূল পৰ্যায়ত দীৰ্ঘদিন ধৰি প্ৰাৰ্থিত্বৰ আশাত কাম- কাজ কৰি আছে। 

একেদৰে বিজেপিৰ আন দুজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়োও এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতাৰ ইচ্ছা প্ৰকাশ কৰিছে। মিত্ৰতা চূড়ান্ত হ’লেহে সমষ্টিটোত কোন দলৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভ কৰে সেয়া, স্পষ্ট হ’ব। সমষ্টিটোত কংগ্ৰেছৰো আছে শক্তিশালী প্ৰাৰ্থী।

আনহাতে সমীকৰণ মিলিলে এই সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী ভবেন সন্দিকৈয়ো প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। উক্ত সমষ্টিতটোত এই মুহূৰ্তলৈকে চৰ্চাত থকা প্ৰাৰ্থীসকল হ’ল-

সমষ্টি : চিচিবৰগাঁও

প্ৰাৰ্থিত্বৰ দৌৰত থকা প্ৰাৰ্থীসকল হ’ল -

  • কস্তুৰী চুতীয়া( এ জি পি) 
  • ভবেন সন্দিকৈ (ৰাইজৰ দল)
  • জগদীশ দত্ত( বিজেপি)
  • হৰিপ্ৰসাদ দিহিঙীয়া(বিজেপি)
  • প্ৰণৱজ্যোতি গগৈ(বিজেপি)
  • পৰাগজ্যোতি গগৈ( বিজেপি) 
  • তিলক ফুকন (কংগ্ৰেছ) 
  • ভাস্কৰ দুৱৰা (কংগ্ৰেছ) 
  • ঘন চুতীয়া (কংগ্ৰেছ) 
  • দেৱ চেতিয়া (কংগ্ৰেছ)

লখিমপুৰ সদৰ সমষ্টিত আছে বিজেপিৰ দখলত। ২০২১ৰ নিৰ্বাচনত এই সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে মানৱ ডেকাই জয়লাভ কৰিছিল। এইবাৰো মানৱ ডেকাই বিজেপিৰ প্ৰাৰ্থী হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইংগিত প্ৰদান কৰিছে। 

তাৰ বিপৰীতে ২০২৬ত কংগ্ৰেছৰ কেইবাগৰাকীয়েও প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব দাবী কৰিছে। তাৰ ভিতৰত অন্যতম ৰাণী নৰহ, ঘন বুঢ়াগোহাঁই আদি। সমষ্টিটোত দৌৰত থকা সাম্ভাৱ্য প্ৰাৰ্থীসকলৰ তালিকাখন এনেধৰণৰ-

সমষ্টি : লখিমপুৰ

  • মানৱ ডেকা( বিজেপি)
  • উত্তম ফুকন(কংগ্ৰেছ)
  • ৰাণী নৰহ(কংগ্ৰেছ)
  • ঘন বুঢ়াগোহাঁই(কংগ্ৰেছ)

সদ্যগঠিত আন এটা গুৰুত্বপূৰ্ণ সমষ্টি ৰঙানদী । এই সমষ্টিটোত বিজেপি- অগপৰ একাধিক প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে। সেই অনুসৰি তেওঁলোকে সমষ্টিটোত কাম কৰি আছে। অগপয়েও এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ ব্যক্ত কৰিছে। 

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই সমষ্টিটোত প্ৰাৰ্থিত্ব পোৱাতো প্ৰায় নিশ্চিত বুলি ধাৰণা কৰা হয়। সভাপতিৰ দায়িত্ব এৰাৰ পাছত তেওঁ ৰঙানদী সমষ্টিতে মনোনিৱেশ কৰি আহিছে। ৰঙানদী সমষ্টিৰ বাবে চৰ্চাত থকা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল হ’ল-

সমষ্টি : ৰঙানদী

  • হৃষিকেশ হাজৰিকা (বিজেপি) 
  • গহীন বৰা (বিজেপি) 
  • গোবিন শইকীয়া (বিজেপি)
  • জয়ন্ত খাউণ্ড (অগপ)
  • ভূপেন বৰা(কংগ্ৰেছ)

ধেমাজি সমষ্টি বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত শিক্ষা মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ডা০ ৰণোজ পেগুৰ দখলত আছে। পেগুৱে এইবাৰো এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিবনে নাই সেয়া স্পষ্ট হোৱা নাই। 

কোনো কোনো সূত্ৰ মতে, ধেমাজিৰ পৰিৱৰ্তে ৰণোজ পেগুৱে মাজুলীতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। তথাপিও ৰণোজ পেগুৰ নাম এই সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীৰূপে এতিয়ালৈকে চৰ্চাত আছে। চৰ্চাত থকা আন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসমূহ হ’ল - 

সমষ্টি : ধেমাজি

  • ডা০ ৰণোজ পেগু (বিজেপি)
  • নৰেন পাও (অসম জাতীয় পৰিষদ)
  • ডা০ হেমহৰি পেগু (কংগ্ৰেছ) 
  • শৈলেন সোণোৱাল (কংগ্ৰেছ) 
  • নৰেন সোণোৱাল (কংগ্ৰেছ)

ঢকুৱাখনা সমষ্টিত ২০২১চনত বিজেপি প্ৰাৰ্থী নৱ দলে জয়ী হৈছিল। এইবাৰো সমষ্টিটোত নৱ দলেকে বিজেপিয়ে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছৰো দুজন প্ৰাৰ্থীয়ে ঢকুৱাখনা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগ্ৰহ ব্যক্ত কৰিছে। তাৰে এজন যুৱ কংগ্ৰেছী আনন্দ নৰহ আৰু আনজন সুৰজিত দলে। মূলতঃ ৩জন প্ৰাৰ্থীৰ নামে এই মুহূৰ্তলৈকে সমষ্টিটোত চৰ্চিত হৈ আহিছে।  

সমষ্টি : ঢকুৱাখনা

  • নৱ দলে(বিজেপি)
  • আনন্দ নৰহ(কংগ্ৰেছ)
  • সুৰজিত দলে(কংগ্ৰেছ)

এই প্ৰতিবেদন কেৱল প্ৰাৰ্থিত্বৰ বাবে চৰ্চাত থকা প্ৰাৰ্থীসকলক লৈ প্ৰস্তুত কৰা হৈছে। তেওঁলোকৰ প্ৰাৰ্থিত্ব এতিয়াও ঘোষণা কৰা হোৱা নাই। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই লানি বিশেষ প্ৰতিবেদন বিভিন্ন সমষ্টিত প্ৰাৰ্থিত্বৰ বাবে চৰ্চিত প্ৰাৰ্থীসকলকৰ তথ্যৰ আধাৰত প্ৰস্তুত কৰা হৈছে। পৰৱৰ্তী সময়ত ৰাজ্যৰ আন ৫টা সমষ্টিত চৰ্চিত আৰু আলোচিত সাম্ভাৱ্য প্ৰাৰ্থীৰ সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ কৰা হ’ব।

নিৰ্বাচন