নিৰ্বাচনৰ বতৰ : জানি থওঁক এইখিনি খবৰ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অসমৰ ১৯টা সমষ্টিৰ নাম সলনি কৰা হৈছে। ইয়াৰোপৰিও সমষ্টিসমূহৰ সীমা আৰু জনবিন্যাস সলনি হৈছে। সেয়েহে এইবাৰ ২০২৬ত অসম বিধানসভা নিৰ্বাচন আকৰ্ষণীয় হৈ পৰিছে। পূৰ্বৰ বহু বিধায়কে সমষ্টি হেৰুৱাইছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-06 at 11.50.30 AM

সন্মুখত নিৰ্বাচন। ব্যস্ত ৰাজনৈতিক দল আৰু প্ৰাৰ্থী। এই নিৰ্বাচনীমুখৰ পৰিৱেশৰ মাজতেই নিৰ্বাচনকেন্দ্ৰিক তথ্যগত আৰু তৃণমূল পৰ্যায়ৰ ৰাজনৈতিক বিশ্লেষণেৰে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এলানি ধাৰাবাহিক প্ৰতিবেদন। অসমৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ পাছত নাম সলনি হোৱা বিধানসভাৰ ১৯টা সমষ্টিক লৈ এইখন প্ৰথম প্ৰতিবেদন...

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অসমৰ ১৯টা সমষ্টিৰ নাম সলনি কৰা হৈছে। ইয়াৰোপৰিও সমষ্টিসমূহৰ সীমা আৰু জনবিন্যাস সলনি হৈছে। সেয়েহে এইবাৰ ২০২৬ত অসম বিধানসভা নিৰ্বাচন আকৰ্ষণীয় হৈ পৰিছে। পূৰ্বৰ বহু বিধায়কে সমষ্টি হেৰুৱাইছে। 

ৰাজ্যত মুঠ ১২৬টা বিধানসভা সমষ্টি আছে। এই সমষ্টিসমূহৰ ভিতৰত মানকাচৰ সমষ্টিয়ো অন্যতম। এই সমষ্টিটোৰ নতুন নাম বীৰসিং জাৰুৱা। আনহাতে দক্ষিণ শালমাৰা সমষ্টিটোৰ নাম ৰখা হৈছে মানকাচৰ। পূৰ্বৰ মাণিকপুৰ সমষ্টি সৃজনগ্ৰাম নামেৰে জনা যাব। 

পুৰণি ভবানীপুৰ সমষ্টিৰ নতুন নাম হৈছে ভবানীপুৰ- সৰভোগ। ৰূপসী সমষ্টিক সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পকাবেতবাৰী নামেৰে নামকৰণ কৰা হৈছে। বকো সমষ্টিটো জনজাতিৰ কাৰণে সংৰক্ষণ কৰি নতুন নাম দিয়া হৈছে- বকো- ছয়গাঁও। 

হাজো সমষ্টিটোক সংৰক্ষিত কৰা হৈছে অনুসূচিত জাতিৰ কাৰণে। এই সমষ্টিটোৰ নতুন নাম- হাজো- শুৱালকুছি। গোৱৰ্ধনা সমষ্টিৰ নতুন নাম মানস। একেদৰে পূৰ্বৰ বটদ্ৰৱা সমষ্টিটো ধিং নামেৰে জনা যাব। নগাঁও সমষ্টিৰ নতুন নাম হৈছে- নগাঁও- বটদ্ৰৱা। 

চতিয়া সমষ্টিক এতিয়াৰ পৰা ন-দুৱাৰ নামেৰে নামকৰণ হৈছে। চাবুৱা সমষ্টিটো এতিয়াৰ পৰা চাবুৱা- লাহোৱাল হিচাপে পৰিচিত হ’ব। মৰাণ সমষ্টিৰ নতুন নাম হ’ব খোৱাং। ডিমা হাচাও সমষ্টিটো জনজাতিৰ কাৰণে সংৰক্ষিত কৰা হৈছে। এই সমষ্টিটোৰ নতুন নাম হ’ব হাফলং।  আলাগাপুৰ সমষ্টিৰ নতুন নাম হৈছে আলগাপুৰ কাটলিচেৰা। একেদৰে বদৰপুৰ সমষ্টিৰ নতুন নাম কৰিমগঞ্জ নৰ্থ। 

নৰ্থ কৰিমগঞ্জৰ সমষ্টিটোক কৰিমগঞ্জ চাউথ, চাউথ কৰিমগঞ্জ সমষ্টিত পাথাৰকান্দি নামেৰে, ৰাতাবাৰী সমষ্টিক কৃষ্ণনগৰ এছ চি নামেৰে নামকৰণ কৰা হৈছে। 

নিৰ্বাচন