APSC: আয়োগৰ ওপৰত পুনৰ সন্দেহ!

আজি ২০২৪ৰ APSC CCEৰ ফলাফল ঘোষণা কৰাৰ পাছতে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ মাজত দেখিবলৈ পোৱা গৈছিল উচৱমুখৰ পৰিৱেশ দেখা পোৱাৰ কিছু সময়ৰ পাছতে পুনৰ অনিশ্চিত ভৱিষ্যতৰ ফালে যেন এক প্ৰকাৰে ঠেলি দিলে অসম লোকসেৱা আয়োগে।

author-image
Asomiya Pratidin
New Update
new bikhekh protibedonKDJFKDJF

আজি ২০২৪ৰ APSC CCEৰ ফলাফল ঘোষণা কৰাৰ পাছতে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ মাজত দেখিবলৈ পোৱা গৈছিল উচৱমুখৰ পৰিৱেশ দেখা পোৱাৰ কিছু সময়ৰ পাছতে পুনৰ অনিশ্চিত ভৱিষ্যতৰ ফালে যেন এক প্ৰকাৰে ঠেলি দিলে অসম লোকসেৱা আয়োগে। বিবৃতিযোগে ফলাফল বাতিলৰ কৰিলে ঘোষণা। তাৰপাছতে বিভিন্নজনে প্ৰশ্ন কৰিছে বাৰে বাৰে APSCৰ পৰীক্ষাৰ ক্ষেত্ৰতেই কিয় সংঘটিত হয় কেলেংকাৰী, কিয় ৰৈ যায় ভুল-ক্ৰুটি? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন। 

সমুখত নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকক্ষণত সকলো ৰাজনৈতিক দলে বিশেষকৈ বিৰোধীয়ে প্ৰায়ে উত্থাপন কৰা অন্যতম এটা ইছ্যু হৈছে নিবনুৱা সমস্যা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্ব লাভৰ পাছতে বৰ্তমানলৈ ADRE আৰু ADRE 2.0ত হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়ালৰ মেধাসম্পন্ন প্ৰাৰ্থীসকলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি লাভ কৰিলে। 

মুখ্যমন্ত্ৰীয়ে প্ৰায়ে নিৰ্বাচনী সভাত, সাংবাদিকৰ সমুখত মন্তব্য কৰে যে- ‘কোনো ক্ৰুটি নথকাকৈ বা কোনো বক্ৰপথেৰে এটাও চাকৰি দিয়া হোৱা নাই। চাকৰি পোৱা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে এক টকাও নিদিয়াকৈ পাইছে চাকৰি।’ এয়া সঁচাকৈ অসমৰবাসীৰ বাবে এক ভাল খবৰ। কিয়নো চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ পাছৰে পৰা সেই পদত চাকৰি এটা লাভ কৰিবলৈ হোৱা লিখিত পৰীক্ষা, ইণ্টাৰভিউৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে দিনে-নিশাই অতি কষ্টৰে পঢ়া-শুনা কৰে, প্ৰস্তুতি চলায়। আৰু তাৰপাছতহে লাখ লাখ আৱেদনকাৰীৰ ভিতৰত কিছু হাজাৰ প্ৰাৰ্থীয়েহে চাকৰি লাভ কৰে। 

তেন্তে কল্পনা কৰক, কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে দিনে-নিশাই কষ্ট কৰা যুৱক-যুৱতীয়ে অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাৰ বাবে কিমান কষ্ট, পৰিশ্ৰম কৰিব লাগিব। উল্লেখ কৰাৰ প্ৰয়োজন যে, APSC বা অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষা হৈছে সমগ্ৰ ৰাজ্যখনৰ ভিতৰত আটাইতকৈ কঠিন পৰীক্ষা। 

তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ প্ৰথম স্তৰত প্ৰিলিমিনেৰী লিখিত পৰীক্ষা, দ্বিতীয় স্তৰত মেইনছ লিখিত পৰীক্ষা আৰু তাৰপাছত ইন্টাৰভিউ অনুষ্ঠিত হয়। এই তিনিওটা পৰ্যায়ত পাছ কৰাৰ পাছতহে এজন আৱেদনকাৰী বা প্ৰাৰ্থীয়ে ACS বা APS পদৰ চাকৰি লাভ কৰে। 

কিন্তু আচৰ্যজনক কথা যে, ইমান গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ ফলাফল ঘোষণা কৰাৰ কিছুমুহূৰ্তৰ পাছতে এই পৰীক্ষাৰ ফলাফল বাতলি কৰা বুলি ঘোষণা কৰে খোদ অসম লোকসেৱা আয়োগে। দৰাচলতে, সোমবাৰ অৰ্থাৎ ১৬ ফেব্ৰুৱাৰী, ২০২৬ত অসম লোকসেৱা আয়োগে ঘোষণা কৰিছিল ২০২৪ৰ APSC সংযুক্ত পৰীক্ষাৰ ফলাফল। ২৮৮ টা বিভিন্ন পদৰ বাবে অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ ফলাফলত শীৰ্ষ স্থান লাভ কৰিছিল নিহাৰ ৰঞ্জন ডেকাই।

তেওঁৰ লগতে এই ফলাফলত নাম উল্লেখ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাসগৃহতে উচৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছিল। বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ তৰফৰ পৰা ইতিমধ্যে তেওঁলোকৰ প্ৰতিক্ৰিয়া, মনৰ ভাব সংগ্ৰহ কৰি বাতৰি পৰিৱেশনো কৰা হ’ল।  কিন্তু তাৰপাছতে যেন তেওঁলোকৰ ভৱিষ্যতৰ সৈতে এক প্ৰকাৰৰ ল’ৰা-ধেমালি কৰিলে অসম লোকসেৱা আয়োগে।

কিয়নো ফলাফল ঘোষণাৰ কিছুসময়ৰ পাছতে লোকসেৱা আয়োগৰ তৰফৰ পৰা আন এখন জাননী জাৰি কৰা হয়। এই জাননীখনত উল্লেখ কৰা হৈছে যে- ‘আকস্মিকভাৱে হোৱা ক্ৰুটিৰ বাবে ২০২৪ৰ APSC সংযুক্ত পৰীক্ষাৰ ঘোষণা কৰা ফলাফল বাতিল কৰা হৈছে। পুনৰ পৰীক্ষণ কৰাৰ পাছত আয়োগে নতুনকৈ ফলাফল ঘোষণা কৰিব।’ 

কিন্তু প্ৰশ্ন হয় যে- ৰাজ্যিক পৰ্যায়ত আটাইক গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফলৰ ঘোষণা কৰাৰ ক্ষেত্ৰত কিয় ক্ৰুটি ৰৈ যায় লোকসেৱা আয়োগৰ? এয়া জানো পূৰ্বে ঘোষণা কৰা ফলাফলৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা প্ৰাৰ্থীসকলৰ সৈতে কৰা ল’ৰা- ধেমালি নহয়? 

এনে ঘটনা সংঘটিত হোৱাৰ পাছতে সচেতন মহলত ইয়াক লৈ চৰ্চা আৰম্ভ হৈছে। কিয়নো দিনে-নিশাই ইমান কেইটা বিষয়ৰ ওপৰত গভীৰ অধ্যয়ন কৰাৰ পাছত অতি আগ্ৰহেৰে প্ৰাৰ্থীসকল ৰৈ থাকে ফলাফলৰ বাবে। কেৱল প্ৰাৰ্থীসকলেই নহয়, তেওঁলোকৰ পৰিয়ালৰ লোকেও এই ফলাফলৰ তালিকাত তেওঁলোকৰ ঘৰৰ প্ৰাৰ্থীগৰাকীৰ নাম উল্লেখ থাকিব বুলি অপেক্ষা কৰি থাকে। পৰীক্ষাৰ বৰ্ষ ২০২৪ৰ পৰা ২০২৬লৈ প্ৰায় ডেৰ-দুই বছৰ ফলাফলৰ অপেক্ষা আৰু পৰীক্ষাৰ পূৰ্বৰে পৰা অৰ্থাত্ ২ বছৰ প্ৰাৰ্থীসকলে চলাইছিল প্ৰস্তুতি। এই ৩-৪ বছৰ সময় প্ৰতিগৰাকী প্ৰাৰ্থীৰ সময় এক প্ৰকাৰ নষ্ট কৰি তেওঁলোকৰ ভৱিষ্যতৰ সৈতে লোকসেৱা আয়োগে হেতালি বুলি বহু লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 

এনে বিবৃতি এখন মুকলি কৰাৰ পাছত স্বভাৱিকতে সকলোৰে মনত প্ৰশ্ন উত্থাপন হ’ব যে- কন্ট্ৰলাৰে চহী কৰাৰ উপৰি APSCৰ চেয়াৰমেনগৰাকী থকাৰ পাছতো কেনেকৈ ফলাফলত ক্ৰুটি থাকি যাব পাৰে? তদুপৰি এই ক্ৰুটি কিয়, কেনেকৈ আৰু কাৰ বাবে হ’বলৈ পালে সেই সন্দৰ্ভতো কিয় বৰ্তমানলৈ জনোৱা হোৱা নাই? 

উল্লেখ্য যে, পূৰ্বেও ২০১৩-১৪বৰ্ষৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাত কেলেংকাৰী সংঘটিত হৈছিল। এই গোচৰত মূল অভিযুক্ত ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড আৰু ২ লাখ টকাৰ জৰিমনা, ছামেদুৰ ৰহমান, বসন্ত দলেক ১০ বছৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাকৈ জৰিমনা, ২৯জনক ৪ বছৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাকৈ জৰিমনা বিহা হৈছিল। 

এনে এক ঘটনা সংঘটিত হোৱাৰ পাছত APSCৰ পৰীক্ষাৰ ক্ষেত্ৰতেই এইবাৰ আকৌ ফলাফল ঘোষণাৰ পাছত সেই ফলাফল বাতিল কৰা ঘটনাই সন্দেহ সৃষ্টি কৰিছে। অতি এই ঘটনাকলৈ এপিএছচিৰ চেয়াৰমেন, কন্ট্ৰ’লাৰক এই সন্দৰ্ভত তদন্তৰ আঁওতালৈ অনাৰ দাবী উত্থাপন কৰিছে বিভিন্ন মহলে। লগতে চৰকাৰকো এই ক্ষেত্ৰত জবাবদিহি কৰাৰ দাবী কৰা হৈছে। 

কিয়নো এনেবোৰ ঘটনা কেৱল ভুল-ক্ৰুটি, কেলেংকাৰীতেই সীমাবদ্ধ হৈ নাথাকে। এবাৰ ফলাফলৰ তালিকাত নিজৰ নাম দেখি পুনৰ যদি সেই ফলাফলৰ তালিকাত নিজৰ নাম কৰ্তন কৰা দেখি কোনোৱে যদি চৰম পন্থাও বাচি লয় তেন্তে তাৰ বাবে কোন দায়ী হ’ব সেয়াও ভাবিব লাগিব।

apsc