/asomiyapratidin/media/media_files/2026/02/03/crimedelhihihih-2026-02-03-21-51-34.jpeg)
ভাৰতত লাহে লাহে অপৰাধৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। নৱবৰ্ষৰ আৰম্ভণিৰ ১৫টা দিনতেই ৰাজধানী চহৰ দিল্লীত নিৰুদ্দেশ হৈছে শ শ লোক। বহু শিশু-মহিলা-পুৰুষৰ এতিয়াও পোৱা নাই কোনো সন্ধান। আৰক্ষীৰ তদন্ত বৰ্তমানো অব্যাহত। ভাৰতত সৰ্বাধিক অপৰাধজনিত ঘটনা সংঘটিত হয় দিল্লীত। সকলো সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন।
ৰাজধানী চহৰত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। চলিত বৰ্ষৰ প্ৰথম ১৫ দিনত দিল্লীত ৮০০ৰো অধিক লোক নিৰুদ্দেশ হৈছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি ১ জানুৱাৰীৰ পৰা ১৫জানুৱাৰীৰ ভিতৰত নিৰুদ্দেশ হৈছে ৮০৭গৰাকী লোক। ইয়াৰ অৰ্থ হৈছে প্ৰতিদিনে গড়ে ৫৪জনকৈ লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।
আচৰ্যজনক কথা যে, নিৰুদ্দেশ হোৱা লোকসকলৰ ভিতৰত ৫০৯গৰাকী মহিলা তথা ছোৱালী আৰু ২৯৮গৰাকী পুৰুষ। ইয়াৰ ভিতৰত আকৌ ১৩গৰাকী শিশুও অন্তৰ্ভুক্ত হৈ আছে। খবৰ অনুসৰি, বৰ্তমানলৈ ১৯১জন নাবালক, ১৪৬ কন্যা শিশু-কিশোৰী আৰু ৬১৬জন প্ৰাপ্তবয়স্ত লোক নিৰুদ্দেশ হৈছে। ইয়াৰ ভিতৰত মাত্ৰ ২৩৫গৰাকী লোকৰহে সন্ধান উলিয়াব পাৰিছে আৰক্ষীয়ে।
পিটিআইৰ প্ৰতিবেদন অনুসৰি, আৰক্ষীয়ে ২৯গৰাকী ছোৱালী, ১৯গৰাকী ল’ৰা সন্ধান উলিয়াইছে যদিও, এতিয়াও ৭১ শতাংশ নিৰুদ্দেশ লোক উদ্ধাৰ হোৱা নাই। ইফালে, ২০২৫চনত দিল্লীত সন্ধানহীন হৈছিল ২৪ সহস্ৰাধিক লোক। ইয়াৰ ভিতৰত ৬০ শতাংশই আছিল মহিলা-যুৱতী।
আনহাতে, পুৰুষ সন্ধানহীন হৈছিল ৯,৬৩৮গৰাকী। আৰক্ষীয়ে ইয়াৰ ভিতৰত ১৫,৪২১গৰাকী লোকৰ সন্ধান বিচাৰিবলৈ সক্ষম হয় যদিও বৰ্তমানো সন্ধানহীন হৈ আছে ৯ সহস্ৰাধিক লোক।
উল্লেখ্য যে, যোৱা এটা দশকত দিল্লীত ২ লাখ ৩২ হাজাৰৰো অধিক লোক নিৰুদ্দেশ হৈছে ৰাজধানী চহৰখনত। ইয়াৰ ভিতৰত ১.৮ লাখ লোকৰ সন্ধান পোৱা গৈছে যদিও সন্থানহীন হৈ আছে প্ৰায় ৫২ হাজাৰ লোক।
মন কৰিবলগীয়া যে, ৰাজধানী চহৰখনতেই দেশৰ ভিতৰত সৰ্বাধিক অপৰাধ সংঘটিত হৈ আহিছে। ভাৰতৰ ভিতৰত সৰ্বাধিক অপৰাধ সংঘটিত হোৱা চহৰসমূহৰ ভিতৰত প্ৰথম স্থানত আছে দিল্লী। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰৰ তথ্য অনুসৰি অপহৰণৰ দৰে ঘটনা সৰ্বাধিক সংঘটিত হয় দিল্লীত।
ইফালে, ৱৰ্ল্ড পপুলেশ্যন ৰিভিওৰ সমীক্ষা অনুসৰি, অপৰাধজনীত ঘটনা সৰ্বাধিক সংঘটিত হোৱা দেশসমূহৰ ভিতৰত ৮৮ স্থানত আছে ভাৰত। ভাৰতত ক্ৰাইম ইনডেক্স নামবিও (Crime Index Numbeo) ৪৪.৩। দিল্লী আৰক্ষীৰ তথ্য অনসুৰি, ডকাইতি, হত্যা, চুৰি, ধৰ্ষণ আদিৰ দৰে ২১৭১টা ঘটনা ২০১১চনত সংঘটিত হৈছিল ৰাজধানী চহৰখনত।
আনহাতে, ২০১২চনৰ পৰা ২০২২চনলৈ এনে অপৰাধৰ সংখ্যা তলত উল্লেখ কৰা হৈছে-
- ২০১২চনত এই সংখ্যা আছিল ২,৪০২
- ২০১৩চনত এই সংখ্যা আছিল ৪,১৫৯
- ২০১৪চনত এই সংখ্যা আছিল ১০,২৬৬
- ২০১৫চনত এই সংখ্যা আছিল ১১,১৮৭
- ২০১৬চনত এই সংখ্যা আছিল ৮,২৩৮
- ২০১৭চনত এই সংখ্যা আছিল ৬,৫২৭
- ২০১৮চনত এই সংখ্যা আছিল ৫,৬৮৮
- ২০১৯চনত এই সংখ্যা আছিল ৫,১৮৫
- ২০২০চনত এই সংখ্যা আছিল ৫,৪১৩
- ২০২১চনত এই সংখ্যা আছিল ৫,৭৪০
- ২০২২চনত এই সংখ্যা আছিল ৩,১৪০
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/03/delhi-111-2026-02-03-21-49-02.jpg)
উল্লেখযোগ্য যে, ২০২৫চনত নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰই প্ৰকাশ কৰা তথ্য অনুসৰি, দিল্লীত সৰ্বাধিক অপৰাধজনিত ঘটনা সংঘটিত হৈছিল। ইয়াৰ পাছতে দেশৰ সৰ্বাধিক অপৰাধ সংঘটিত হোৱা চহৰ কেইখনৰ ভিতৰত দ্বিতীয় স্থানত আছে চেন্নাই, তৃতীয় স্থানত আহমেদাবাদ, চতুৰ্থ স্থানত মুম্বাই, পঞ্চম স্থানত সুৰট, ষষ্ঠ স্থানত পূণে, সপ্তম স্থানত বাংগালুৰু, অষ্টম স্থানত জয়পুৰ, নৱম স্থানত হায়দৰাবাদ আৰু দশম স্থানত আছে কলকাতা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us