‘অখিলঞ্জীয়া লোকক দেখুৱাই দিছো অসমীয়াও যে সকলো কাম কৰিব পাৰে’

অসমত প্ৰায়ে এষাৰ কথা শুনিবলৈ পোৱা যায় যে- বহিঃৰাগত বা অখিলঞ্জীয়া লোকে ৰাজ্যৰ নিৰ্মাণক্ষেত্ৰখনত ভৰি পৰিছে। এইসকল লোক অসমত নাথাকিলে কোনো কামেই নহ’ব বুলি ভাবে এচামে। কিন্তু প্ৰকৃত সত্য ইয়াৰ সম্পূৰ্ণ বিপৰীত।

author-image
Asomiya Pratidin
New Update
new ap web 2.jpg

কামৰ নাই কোনো সৰু-বৰ। অসমত অসমীয়া খিলঞ্জীয়া যুৱকেই কৰিব পাৰে সকলো কাম-কাজ। অখিলঞ্জীয়া বা বহিঃৰাগত লোকৰ পৰিৱৰ্তে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যত উজনিৰ পৰা নামনিলৈ অসমৰ প্ৰতিটো কোণৰ খিলঞ্জীয়া যুৱকসকল ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। ই এক যুগান্তকাৰী পৰিৱৰ্তন। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক বিশেষ প্ৰতিবেদন। 

অসমত প্ৰায়ে এষাৰ কথা শুনিবলৈ পোৱা যায় যে- বহিঃৰাগত বা অখিলঞ্জীয়া লোকে ৰাজ্যৰ নিৰ্মাণক্ষেত্ৰখনত ভৰি পৰিছে। এইসকল লোক অসমত নাথাকিলে কোনো কামেই নহ’ব বুলি ভাবে এচামে। অসমৰ খিলঞ্জীয়া যুৱকসকলে অত্যাধিক শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া কাম-কাজবোৰ কৰাৰ পৰা আঁতৰি থাকে বুলি এক ভ্ৰান্ত ধাৰণা বহু লোকৰ মাজত দেখিবলৈ পোৱা যায়। 

কিন্তু প্ৰকৃত সত্য ইয়াৰ সম্পূৰ্ণ বিপৰীত। কিয়নো অসম তথা গুৱাহাটীত যুগান্তকাৰী পৰিৱৰ্তনৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে অসমৰ খিলঞ্জীয়া যুৱকে। ৰাজ্যৰ খিলঞ্জীয়া যুৱকসকলে দেখুৱাই দিছে যে নিজৰ ৰাজ্যত বৃহৎ বৃহৎ নিৰ্মাণকাৰ্যসমূহত নিয়োজিত কৰিবলৈ কেৱল অসমৰেই খিলঞ্জীয়া যুৱকসকল সম্পূৰ্ণৰূপে যোগ্য। 

উল্লেখ কৰাৰ প্ৰয়োজন যে, গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ নিৰ্মাণ কেৱল এটা আন্তঃগাঁথনি উন্নত কৰাৰ এক প্ৰকল্প নহয়, ই হৈছে অসমৰ যুৱশক্তিৰ সামৰ্থ্য, আত্মবিশ্বাস আৰু শ্ৰম সাধনাৰ এক জীৱন্ত দৃষ্টান্ত। কেৱল মাত্ৰ কথাৰে নহয়, হাতে-কামে নিজৰ যোগ্যতা প্ৰমাণ কৰি এই বৃহৎ প্ৰকল্পত নতুন ইতিহাস ৰচনা কৰিছে অসমৰ বহু যুৱকে। 

গুৱাহাটী-উত্তৰ গুৱাহাটী দলংখনৰ নিৰ্মাণত নিয়োজিত হৈছে অসমীয়া যুৱকসকলে। শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ চাৰিওদিশৰ পৰা অহা খিলঞ্জীয়া যুৱকসকলৰ হাঁড়ক মাটি কৰা পৰিশ্ৰমত জিলিকি উঠিছে ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মীয়মান গুৱাহাটী-উত্তৰ গুৱাহাটীৰ সংযোগী দলংখন। 

দলং নিৰ্মাণখনৰ কামত জঁপিয়াই পৰিছে উজনি-নামনিৰ অসমীয়া যুৱকসকল। ডিব্ৰুগড়, দুলীয়াজান, মাজুলী, শদিয়া, লখিমপুৰ, নলবাৰীকে ধৰি উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা অহা বহু অসমীয়া যুৱকক দেখিবলৈ পোৱা গৈছে দলংখনৰ নিৰ্মাণৰ কামত। 

দলংখনৰ নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ পৰা মানসজ্যোতি শইকীয়া, জিণ্টু সোণাৱাল, শোণিত সোণাৱাল, দীঙ্কু গগৈ, দীপান্ত গগৈ প্ৰণৱজ্যোতি সোণাৱাল, গৌতমহঁতে কৈছে- "কামৰ কোনো সৰু-বৰ নাই। অসমীয়া যুৱকেও কাম কৰিব পাৰে। অখিলঞ্জীয়া লোকক দেখুৱাই দিছোঁ আমিও যে সকলো কাম কৰিব পাৰো। অসমীয়া যুৱকেও দলং নিৰ্মাণত বীৰদৰ্পে কাম কৰে।"

কঠোৰ পৰিশ্ৰম আৰু দায়িত্ববোধৰ সৈতে এই কামত জড়িত হ'বলৈ পাই গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰি এইসকল অসমীয়া যুৱকে কয়- বহিঃৰাজ্যলৈ গৈ শাৰীৰিক কষ্টকৰ কাম কৰাৰ পৰিৱৰ্তে নিজৰ ৰাজ্যতেই এনে বৃহৎ উন্নয়নমূলক প্ৰকল্পত জড়িত হ'ব পোৱাটো এক ইতিবাচক অভিজ্ঞতা। অসমৰ ভিতৰতে বৃদ্ধি পোৱা আন্তঃগাঁথনি প্ৰকল্পসমূহে স্থানীয় যুৱকৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। 

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ নিৰ্মাণৰ সপোনটো ২০০১ চনতেই দেখা হৈছিল। প্ৰায় ২৫ বছৰীয়া এই বহু প্ৰত্যাশিত সপোন এতিয়া বাস্তৱ ৰূপ লোৱাৰ দিশে আগবাঢ়ি আহিছে। ইয়াৰ বাবে উত্তৰ গুৱাহাটীৰ স্থানীয় লোকসকলে সন্তোষ প্ৰকাশ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ ভূমিকাৰ প্ৰশংসাও কৰে। 

মন কৰিবলগীয়া যে- এইখন দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়াত অধিক সহজ হোৱাৰ লগতে অঞ্চলটোৰ বাণিজ্য, শিক্ষা আৰু পৰ্যটন ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পেলাব। 

উল্লেখযোগ্য যে, গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী এইখন দলং অসমৰ পথ যোগাযোগৰ এক বৃহত্তম প্ৰকল্প। প্ৰায় ৩ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণকাৰ্য চলাই থকা দলংখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ৬লেনযুক্ত এই দলংখনৰ দৈৰ্ঘ্য হৈছে ১.২৪ কিলোমিটাৰ আৰু সম্পূৰ্ণ প্ৰকল্পটোৰ মুঠ দৈৰ্ঘ্য ৮.৪ কিলোমিটাৰ। প্ৰায় ভাগ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠা হেতুকে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই এই দলংখন ৰাইজৰ বাবে মুকলি কৰা হ’ব বুলিও আশা কৰা হৈছে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ড০ হিমন্ত বিশ্ব শৰ্মা