উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনঃ মেজিক নম্বৰ ৩৯১

৯ ছেপ্তেম্বৰ, ২০২৫ মঙলবাৰে অনুষ্ঠিত হ’ব দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। একেটা দিনতেই ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফলো। ইয়াৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈছে সকলো প্ৰক্ৰিয়া। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-08 at 15.14.21

মঙলবাৰে অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন।  এই পদৰ বাবে এন ডি এয়ে চি পি ৰাধাকৃষ্ণন আৰু বিৰোধীয়ে বি সুদৰ্শন ৰেড্ডীক প্ৰক্ষেপ কৰিছে। এই নিৰ্বাচনত কোনে মাৰিব শেষ হাঁহি? সংখ্যাই কি কয়? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

৯ ছেপ্তেম্বৰ, ২০২৫ মঙলবাৰে অনুষ্ঠিত হ’ব দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। একেটা দিনতেই ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফলো। ইয়াৰ বাবে ইতিমধ্যে সম্পূৰ্ণ হৈছে সকলো প্ৰক্ৰিয়া। 

বিৰোধীয়েও আজি বিৰোধী সাংসদসকলৰ মাজত পুৰণি সংসদ ভৱনত অনুষ্ঠিত কৰিছে ম’ক প’ল। ইয়াতেই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়াৰ বিষয়ে বিৰোধীসাংসদসকলক অৱগত কৰা হৈছে।

উল্লেখ্য যে, স্বাস্থ্যজনিত কাৰণত যোৱা ২১ জুলাইৰ নিশা হঠাতে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে। যাৰ বাবে এই নিৰ্বাচন বাধ্যতামূলক হৈ পৰে।

৭৪ বছৰীয়া ধনখৰে ২০২২ চনৰ আগষ্ট মাহত উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল।এনে পৰিস্থিতিত তেওঁৰ কাৰ্যকাল ২০২৭ চনৰ ১০ আগষ্টলৈকে আছিল। তেওঁৰ পদত্যাগৰ পাছতেই উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনক লৈ ৰাজনীতি তুংগত হৈ পৰিছে। 

সংসদৰ পৰা ছ’চিয়েল মিডিয়ালৈকে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ বিভিন্ন ধৰণৰ আলোচনা চলিছে। তাৰ মাজতে শাসক-বিৰোধীৰ মাজত চলিছে নিশাৰ আহাৰৰ ৰাজনীতিও। এইবাৰৰ উপ-ৰাষ্ৰ্ৰপতিৰ নিৰ্বাচন হৈ পৰিছে শাসক পক্ষৰ বাবে শক্তি প্ৰদৰ্শন, মিত্ৰদলসমূহৰ মাজৰ সমন্বয় প্ৰতিষ্ঠা কৰা।

শাসকীয় পক্ষই উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰক্ষেপ কৰিছে চি পি ৰাধাকৃষ্ণনক আৰু বিৰোধী পক্ষই প্ৰক্ষেপ কৰিছে বি সুদৰ্শন ৰেড্ডীক। লক্ষ্যণীয় ভাৱে দুয়োগৰাকী প্ৰাৰ্থীয়েই হৈছে দক্ষিণ ভাৰতৰ। ৰাধাকৃষ্ণন তামিলনাডুৰ আৰু ৰেড্ডী তেলেংগানাৰ।

বিৰোধীয়ে এই নিৰ্বাচনক মতাদৰ্শগত যুদ্ধ বুলি অভিহিত কৰাৰ বিপৰীতে শাসক পক্ষৰ হাতত আছে তেওঁলোকৰ প্ৰাৰ্থীক জয়ী কৰাব পৰাকৈ সংখ্যা। তাৰ মাজতে এইবাৰ শাসকীয় পক্ষক খেদি ফুৰিছে ক্ৰছ ভোটিঙৰ ভোটে। যদিহে ক্ৰছ ভোটিং হয় তেন্তে শাসক পক্ষৰ শক্তি আৰু তেওঁলোকৰ মিত্ৰ দলৰ মাজত থকা সমন্বয়ক লৈ যে প্ৰশ্ন উত্থাপিত হ’ব সেয়া নিশ্চিত। যদিহে বিৰোধী পক্ষই তেওঁলোকৰ হাতত থকা ভোটতকৈ অধিক ভোট লাভ কৰাত সফল হয় তেন্তে বিৰোধীৰ বাবে হ’ব এয়া নেতৃত্ব, সাংগঠনিক শক্তিৰ এক ডাঙৰ উদাহৰণ।


উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত আছে মুঠ ৭৮২ টা ভোট

এইবাৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত মুঠ ভোট আছে ৭৮২ টা। সংখ্যাৰ ফালৰ পৰা চাবলৈ গলে এন ডি এৰ পক্ষতে আছে সৰ্বাধিক ভোট। কিন্তু প্ৰশ্ন হৈছে উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনক লৈ যিবোৰ খবৰ প্ৰচাৰ হৈ আছে সেই প্ৰচাৰে এই নিৰ্বাচনক আকৰ্ষণীয় কৰি তুলিছে। 

এই নিৰ্বাচনত জয়ী হবলৈ এজন প্ৰাৰ্থীক প্ৰয়োজন হ'ব ৩৯১ টা ভোটৰ। এন ডি এৰ হাতত প্ৰয়োজনীয় ৩৯১ টা ভোটতকৈ ৩১ টা অধিক আছে। বিৰোধীৰ হাতত আছে ৩১২ টা ভোট। এনে প্ৰেক্ষাপটত এন ডি এৰ প্ৰাৰ্থীগৰাকীৰ বিজয় নিশ্চিত হৈ আছে। কিন্তু তাৰ মাজতো এনে ৪৮ টা ভোট আছে যি এন ডি এ অথবা বিৰোধীৰ ইণ্ডিয়া কাৰো সৈতে নাই। 

এই নিৰ্বাচন অধিক আকৰ্ষণীয় হৈ পৰাৰ মূলতে হৈছে এন ডি এৰ মিত্ৰ দলৰ ভূমিকা। ওড়িশাৰ আঞ্চলিক ৰাজনৈতিক দল বিজেডিয়ে এতিয়ালৈকে কাক সমৰ্থন দিব সেয়া মুকলিকৈ ঘোষণা কৰা নাই। 

আনহাতে তামিলনাডুৰ ডি এম কে ইণ্ডিয়াৰ অংশীদাৰ। এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনো তামিলনাডুৰ। এনে পৰিস্থিতিত ৩২ টা ভোট থকা ডি এম কেয়ে তেওঁক সমৰ্থন কৰিব নে তেলেংগানাৰ বি সুদৰ্শন ৰেড্ডীক সমৰ্থন কৰিব সেয়া হ’ব লক্ষ্যণীয়।

আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন যিহেতু দলীয় প্ৰতীকত অনুষ্ঠিত নহয় সেয়ে দলীয় হুইপ জাৰি কৰাৰ ব্যৱস্থা নাই। ফলত কোনো এজন ভোটাৰে দলৰ বিপৰীতে গৈ নিজৰ ইচ্ছামতে ভোট দিব পাৰে। এই ব্যৱস্থাৰ বাবেই ১৯৬৯ ৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ সমৰ্থনত ভি ভি গিৰি ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।

এইবাৰ যদিও বিৰোধী ইণ্ডিয়াই উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনক দক্ষিণ বনাম দক্ষিণৰ যুঁজ হিচাপে তুলি ধৰিবলৈ চেষ্টা কৰিছে তথাপিও তেওঁলোকে দক্ষিণৰ দলসমূহৰ সমৰ্থন লাভ কৰাত কিমান সমৰ্থন হ’ব সেয়া হ’ব লক্ষ্যণীয়। ইতিমধ্যে অন্ধ্ৰ প্ৰদেশত শাসক আৰু বিৰোধী দুয়োটা পক্ষই এন ডি এৰ প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীলৈ অৱশ্যে সমৰ্থন ঘোষণা কৰিছে AIMIMৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে।

পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ, সন্ধিয়া ৬ বজাৰ পৰা ভোটগণনা

ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰা অধিসূচনা অনুসৰি ৯ ছেপ্টেম্বৰৰ পুৱা ১০ বজাৰ পৰা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৫ বজালৈকে অব্যাহত থাকিব।

৫ বজাত ভোটগ্ৰহণ অন্ত পৰাৰ এঘণ্টাৰ পিছত ৬ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনাৰ প্ৰক্ৰিয়া।


কিয় বিখ্যাত চি পি ৰাধাকৃষ্ণন আৰু বি সুদৰ্শন ৰেড্ডী?


এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণন বৰ্তমান মহাৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কৰ্তব্যৰত। তেওঁ আছিল তামিলনাডুৰ বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা। তাৰোপৰি আছিল তেওঁৰ আৰ এছ এছৰ সৈতে জড়িত। 

আনহাতে বি সুদৰ্শন ৰেড্ডী আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। ২০১১ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ৰ পৰা তেওঁ ৭৯ বছৰ বয়সক অৱসৰ গ্ৰহণ কৰিছিল। ন্যায়াধীশ হিচাপে তেওঁ গ্ৰহণ কৰা কঠোৰ স্থিতি আজিও সকলোৱে একমুখে স্বীকাৰ কৰি আহিছে। 

ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব কি?


দেশৰ সংবিধানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিক দ্বৈত ভূমিকাত নিযুক্ত কৰা হৈছে। তেওঁৰ প্ৰথম ভূমিকা হ’ল তেওঁ কাৰ্যবাহীৰ দ্বিতীয় মুৰব্বী আৰু দ্বিতীয় ভূমিকা হ’ল তেওঁ সংসদৰ উচ্চ সদনৰ অধ্যক্ষ অৰ্থাৎ ৰাজ্যসভাৰ অধ্যক্ষ।

সংবিধানত উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধ্যক্ষৰ মূল দায়িত্ব দিয়া হৈছে। ইয়াৰ উপৰিও আন কিছুমান ভূমিকা আছে যিবোৰ উপ-ৰাষ্ট্ৰপতিয়ে পালন কৰিবলগীয়া হয়। যদি কোনো কাৰণত ৰাষ্ট্ৰপতিৰ পদ খালী হয়, তেন্তে এই দায়িত্ব উপ-ৰাষ্ট্ৰপতিয়ে পালন কৰিব লাগিব। কাৰণ সংবিধান অনুসৰিয়েই ৰাষ্ট্ৰৰ মুৰব্বীৰ পদ খালী থাকিব নোৱাৰিব।

নিৰ্বাচন উপ ৰাষ্ট্ৰপতি