ৰাষ্ট্ৰৰ পৰিধি ভাঙি সমগ্ৰ দক্ষিণ এছিয়ালৈ বিস্তৃত হ’ল ‘দ্য কনক্লেভ-২০২৫’

অসম তথা উত্তৰ পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াসেৰে আৰম্ভ হোৱা কনক্লেভে ৰাষ্ট্ৰীয় পৰিসৰ অতিক্ৰম কৰি দক্ষিণ এছিয়া তথা বিশ্বকো সামৰি ল'লে।

author-image
Tushar Pratim
New Update
ৰাষ্ট্ৰৰ পৰিধি ভাঙি সমগ্ৰ দক্ষিণ এছিয়ালৈ বিস্তৃত হ’ল ‘দ্য কনক্লেভ-২০২৫’

১৪ ছেপ্তেম্বৰ, দেওবাৰৰ পৰা নতুন দিল্লীৰ 'দ্য অশোক'ত অনুষ্ঠিত হোৱা 'প্ৰতিদিন মিডিয়া নেটৱৰ্ক' ৰ 'দ্য কনক্লেভে-২০২৫' আজি সফলতাৰে সম্পন্ন হয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা, সম্ভৱনা, সম্পদ আদিক তুলি ধৰাৰ প্ৰয়াসেৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানে দিল্লীৰ দৃষ্টি কাৰ্ষণ কৰাই নহয় দেশৰ পৰিধিও অতিক্ৰম কৰিলে। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন। 

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা, সম্ভাৱনা, সম্পদ আদি সকলো বিষয়কে দেশৰ ৰাজধানীলৈ আহি ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াসেৰে আৰম্ভ হোৱা ‘প্ৰতিদিন মিডিয়া নেটৱৰ্ক’ৰ ‘কনক্লেভ’ৰ চতুৰ্থ সংস্কৰণ আজি সফলতাৰে সামৰণি পৰে। দেওবাৰে পুৱা ১০-৩০ বজাৰ পৰা আৰম্ভ হোৱা ‘দ্য কনক্লেভ-২০২৫’ ত দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক অস্থিৰতা, বিশ্ব বাণিজ্যৰ প্ৰভাৱৰ পৰা আৰম্ভ কৰি অসমৰ ৰাজনৈতিক পৰিবেশলৈ, অৰ্থনৈতিক অৱস্থাৰ পৰা সামাজিক ব্যৱস্থালৈ, চলচ্চিত্ৰৰ পৰা সংস্কৃতিলৈ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা বি টি আৰ নিৰ্বাচনলৈকে, স্বাস্থ্যৰ পৰা শিক্ষালৈ, নদীবান্ধৰ পৰা বানপানীলৈকে সকলো বিষয় সামৰি সোমবাৰে সফল সামৰণি পৰে।

আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰে বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ বাণীৰে আৰম্ভ কৰা এই কনক্লেভত বলিউড অভিনেতা সুনীল ছেট্টীয়ে চলচ্চিত্ৰ আৰু যুৱ উদ্যমিতাৰ ওপৰত আলোচনাত অংশগ্ৰহণ কৰি অসম আৰু দক্ষিণ ভাৰতৰ মাজৰ সাংস্কৃতিক ঐতিহ্য আৰু ইয়াৰ মাজৰ সামঞ্জস্য সন্দৰ্ভত মন্তব্য কৰে। তেওঁ কিদৰে শিপাৰ সৈতে সংযুক্ত হৈ থাকিব লাগে সেই বিষয়েও মন্তব্য কৰে। এই অনুষ্ঠানৰ আঁত ধৰে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ পৰিচালন সঞ্চালক ঋষি বৰুৱাই। 


উত্তৰ পূৰ্বাঞ্চল আৰু ইয়াৰ সীমান্তৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা আলোচনাত কেইবাখনো বিদেশ ৰাষ্ট্ৰই আগুৰি থকা উত্তৰ পূৰ্বাঞ্চলৰ সুৰক্ষা ব্যৱস্থা কৌশলগত কাৰণত কিদৰে অতি গুৰুত্বপূৰ্ণ সেই দিশটো পুনৰ এবাৰ উন্মোচন হোৱাই নহয়, চুবুৰীয়া দেশসমূহত হৈ থকা পৰিস্থিতিৰ বাবে কিমান গুৰুত্বপূৰ্ণ হৈ উঠিছে সেই বিষয়েও বিশেষভাৱে আলোচিত হয়। 

এই আলোচনাতে সীমান্তৰ সুৰক্ষা ব্যৱস্থা এআইৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত সম্পন্ন কৰি তোলাৰ পক্ষেও মত প্ৰকাশ কৰে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই। নেপাল, বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ ওপৰতো এই আলোচনাত বহু কেইটা গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হয় আৰু তাৰ প্ৰভাৱ কিদৰে অসমত পৰাৰ সম্ভাৱনা আছে সেই বিষয়েও উনুকিয়াই। এই আলোচনা চক্ৰত ৰাণা প্ৰতাপ কলিতাৰ উপৰিও অমৰজিৎ সিং, জুলফিকৰ ৰহমানে পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ আঁত ধৰে মৃণাল তালুকদাৰে। 

ঋষি বৰুৱাই আঁত ধৰা অনুষ্ঠানত গৌৰৱ গগৈৰ সৈতে ৰাজ্যৰ বৰ্তমানৰ ৰাজনৈতিক পৰিবেশ আৰু ২০২৬ ৰ নিৰ্বাচনৰ সন্দৰ্ভত হোৱা এক আলোচনাত গগৈয়ে বহু কেইটা বিষয়ত মন্তব্য কৰে। বিশষকৈ তেওঁক লৈ চলি থকা পাকিস্তান সম্পৰ্কৰ বিতৰ্কৰ সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰীক উভতি ধৰি বহু একপ্ৰকাৰে প্ৰত্যাহ্বান জনায়। 

আনকি তেওঁ এছ.আই.টিয়ে তেওঁক সোধ-পোছ নকৰিলে বুলি উল্লেখ কৰি কয় যে, সময় পালে তেওঁ নিজেই এছ.আই.টিৰ কাষত গৈ উপস্থিত হ’ল হয়। আনকি তেওঁ এছ.আই.টিৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈয়ো প্ৰত্যাহ্বান জনায়। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰতো গৌৰৱ গগৈয়ে বিজেপিক প্ৰত্যাহ্বান জনায়।

শোণিত কুমাৰ ভূঞাই আঁত ধৰা কৰ্কট ৰোগৰ পৰিচৰ্যা সম্পৰ্কীয় এক আলোচনাত কৰ্কট ৰোগৰ দুই চিকিৎসক বিশেষজ্ঞ ডাঃ তপন শইকীয়া, ডাঃ অৰুণ ডেকা, সুদীৰ্ঘ সময় ধৰি কৰ্কট ৰোগীৰ সৈতে থাকি তেওঁলোকৰ সহায়, সহযোগিতা কৰাৰ উপৰিও তেওঁলোকক মানসিকভালে সহায় কৰি অহা ‘দীপশিখা ফাউণ্ডেছন’ৰ প্ৰতিষ্ঠাপক দেৱাশীষ শৰ্মা আৰু কৰ্কট ৰোগক জয় কৰা সংগীত শিল্পী জীনা ৰাজকুমাৰীয়ে অংশগ্ৰহণ কৰে। অভিজ্ঞ পেনেলিষ্টকেইগৰাকীয়ে কৰ্কট ৰোগৰ কিদৰে যুঁজ দিব লাগে, ইয়াৰ চিকিৎসাক কিদৰে আগুৱাই নিব লাগে, ইয়াৰ পৰিচৰ্চা সম্পৰ্কে অভিজ্ঞতাৰ দিশেৰে মন্তব্য কৰে। এই আলোচনাই কৰ্কট ৰোগ সন্দৰ্ভত মানুহৰ মনত থকা বহু বিভ্ৰান্তি দূৰৰ কৰাৰ লগতে সজাগতা সৃষ্টিতো এক মুখ্য ভূমিকা পালন কৰিলে। 

নয়ন প্ৰতিম কুমাৰে আঁত ধৰা অসমৰ বানপানী, নদীবান্ধ আৰু শক্তিৰ ৰাজনীতিৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা আলোচনাই অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত নতুন চিন্তাৰ উদ্ৰেক ঘটালে। বান নিয়ন্ত্ৰণৰ বাবে মথাউৰি নিৰ্মাণতেই অধিক গুৰুত্ব দিয়া চৰকাৰে তাৰ বিকল্প চিন্তাও যে কৰিব লাগিব সেই কথাক তুলি ধৰিলে।

নদীবান্ধে মাতি অনা বিপদৰ কথাখিনিক তথ্য আৰু বৈজ্ঞানিক দৃষ্টিকোণেৰে পুনৰ এবাৰ তুলি ধৰিলে পেনেলিষ্ট হিচাপে উপস্থিত থকা বিশিষ্ট ভূতত্ত্ববিদ ড০ ভগৱত প্ৰাণ দুৱৰা, নীপকোৰ পূৰ্বৰ সঞ্চালক তৰুণ চন্দ্ৰ বৰগোঁহাই আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা নদীবান্ধ বিৰোধিতাৰে দীৰ্ঘদিন ধৰি যুঁজ চলাই অহা সমাজকৰ্মী তুলাৰাম গগৈয়ে। 

ঋষি বৰুৱাই আঁত ধৰা আন এক অনুষ্ঠানত ‘আপ’ৰ সাংসদ সঞ্জয় সিঙেও কনক্লেভ-২০২৫ ত অংশগ্ৰহণ কৰি দলটোৰ জন্ম, সংগ্ৰাম, দিল্লীত ক্ষমতাত থকাৰ সময়ছোৱাত গ্ৰহণ কৰা তেওঁলোকৰ নীতি, তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ, আৰু ক্ষমতাৰ পৰা আঁতৰাৰ কাৰণ বিশ্লেষণ কৰে।  

পেহেলগাম আক্ৰমণৰ পাছত যোৱা মে’ মাহত ভাৰতী. সেনাৰ ‘অপাৰেচন সিন্দুৰ’ক কেন্দ্ৰ কৰি ভাৰতীয় সংবাদ মাধ্যমে যি ভূমিকা গ্ৰহণ কৰিলে সেই ভূমিকাৰ সন্দৰ্ভত প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে আঁত ধৰা আলোচনাত কিদৰে ভাৰতীয় টেলিভিছনে বিশ্বাসযোগ্যতা হেৰুৱাইছে আৰু গৰিমাৰ ম্লান পৰিছে সেই বিষয়ে আলোচনা হয়। ভাৰতীয় টেলিভিছন চেনেলৰ সংবাদ মাধ্যমে খবৰৰ পৰিবৰ্তে মতামত আৰু চিঞঁৰ-বাখৰ কৰাৰ বাবেই যে পূৰ্বৰ গৰিমা হেৰুৱালে সেই বিষয়েও এই অনুষ্ঠানতে অকপটে স্বীকাৰ কৰে পেনেলিষ্টসকলে। 

শেহতীয়াকৈ নেপালত কিদৰে ভাৰতীয় টিভি সাংবাদিক ‘জঘন্য’ আচৰণৰ সন্মুখীন হৈছে সেই বিষয়ে উল্লেখ কৰি ‘দ্য ৱায়াৰ’ৰ সাংবাদিক সংগীতা বৰুৱা পিছাৰোট্টীয়ে উল্লেখ কৰি কয় ডিজিটেল আৰু ছপা মাধ্যমৰ সাংবাদিকে সেই অৱস্থাৰ সন্মুখীন হ’বলগীয়া হোৱা নাই। বিবিচিৰ সাংবাদি শচীন গগৈয়ে সংবাদ মাধ্যমে চৰকাৰৰ ভাষ্য প্ৰচাৰ কৰাৰ পৰিবৰ্তে ক্ষমতাত থকাসকলক প্ৰশ্ন কৰিব লাগে বুলিহে মন্তব্য কৰে। তেওঁ কয়, সংবাদ প্ৰতিষ্ঠান হিচাপে আমাৰ কাম চৰকাৰৰ ভাষ্য প্ৰকাশ কৰা নহয়। চৰকাৰে তেওঁলোকৰ ভাষ্য জনতাৰ মাজলৈ লৈ যাবলৈ বহু মাধ্যম আছে।

আনহাতে আন এগৰাকী জ্যেষ্ঠ সাংবাদিক নীতিন এ গোখলেয়ে এই অনুষ্ঠানতে ‘টেলিগ্ৰামৰ পৰা টেলিগ্ৰাম এপ’লৈ যি যাত্ৰা সেই যাত্ৰাৰ কথা উল্লেখ কৰি কাৰ্গিল যুদ্ধ  আৰু ‘অপাৰেচন সিন্দুৰ’ৰ সময়ছোৱাৰ সংবাদ মাধ্যমৰ ভূমিকাক পৰ্যালোচনা কৰে। তেওঁ অতি আক্ষেপেৰে কয়, এতিয়া সন্ধিয়া ৬ বজাৰ পাছত টেলিভিছন চেনেলত খবৰ নহয়, মতামহত হে প্ৰচাৰ হয়। তেওঁৰ মতে ১৫ বছৰৰ আগতে টেলিভিছনে যি স্থান অধিকাৰ কৰিছিল, তাক এতিয়া ডিজিটেল মাধ্যমেই পুনৰ দখল কৰিছে।

স্মিতাক্ষী বি গোস্বামীয়ে আঁত ধৰা অসমীয়া ছবিৰ যাত্ৰাৰ সন্দৰ্ভত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমীয়া ছবিয়ে সন্মুখীন হোৱা সমস্যাৰ সন্দৰ্ভত আলোকপাত কৰে প্ৰবীণ অভিনেতা বাহাৰুল ইছলাম, ছবি নিৰ্মাতা ৰীমা দাস আৰু বলিউড অভিনেতা যশপাল শৰ্মাই। অসমীয়া ছবিয়ে কিদৰে সফলতাৰ সন্মুখীন হ’ব সেই বিষয়েও এই অনুষ্ঠানতে পেনেলিষ্টসকলে মন্তব্য কৰে।

অসমীয়া ছবিৰ সন্দৰ্ভত হোৱা এই আলোচনাৰ পিছতে যুৱ প্ৰজন্মৰ দৃষ্টিৰে অসম শীৰ্ষক আলোচনাত কেইবাজনো যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি তেওঁলোকৰ যোগাত্মক চিন্তা-ধাৰাৰ যি প্ৰকাশ ঘটালে সেই প্ৰকাশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। এই অনুষ্ঠানত দিল্লীত অধ্যয়নৰত তিনিগৰাকী শিক্ষাৰ্থী ক্ৰমে শুভ্ৰাংশু প্ৰতিম শৰ্মা, সদৌ অসমীয়া ছাত্ৰ সন্থা, নতুন দিল্লীৰ সভাপতি কৃষ্ণালী পাঠক, দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ অভিনৱ বৰগোহাঁই আৰু  গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদিব ভাগৱতীয়ে।

যুৱ প্ৰজন্মৰ এই প্ৰতিনিধি কেইগৰাকীয়ে ৰাজ্যৰ বাহিৰত থাকি কিদৰে অসমখনক বুকুৰ মাজতৈ লৈ আছে আৰু সংস্কৃতিক এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ কঢ়িয়াই নিয়াত দূতৰ ভূমিকা পালন কৰিছে সেই বিষয়ে উল্লেখ কৰে। 

শোণিত কুমাৰ ভূঞাই আঁত ধৰা এই অনুষ্ঠানত অসমৰ বাহিৰত থাকিও শিক্ষাৰ্থীসকলে কিদৰে শিপাৰ সৈতে সম্পৃক্তি হৈ আছে, অসমৰ যুৱ প্ৰজন্মই অসমৰ কথা চিন্তা কৰিছে সেয়া তেওঁলোকৰ কথাতে প্ৰতিফলিত হয়। অম্বিকাগিৰীৰ চিন্তাক আদৰ্শ হিচাপে লৈ এই যুৱ চামে অসমৰ শক্তিশালী অৰ্থনৈতিক ভেঁটি নিৰ্মাণৰ উপৰিও এখন উদাৰ আৰু সুস্থিৰ, সুস্থ সমাজ গঢ়াৰ কথা চিন্তা কৰে সেয়াও প্ৰতিফলিত হয়।

তেওঁলোকে প্ৰতিনিধিত্ব কৰা অসমৰ এই যুৱ চামে যিখন নতুন অসম গঢ়াৰ সপোন দেখিছে সেই সপোনে বাস্তৱিক হোৱাৰ ক্ষেত্ৰত যে সকলো বাধাৰ প্ৰাচীৰ উফৰাই পেলাব পৰাকৈ তেওঁলোকৰ বৌদ্ধিক, মানসিক শক্তি আছে সেয়াও স্পষ্ট হয়। 

আনহাতে অসম উত্তাল হৈ থকা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱেও আজিৰ কনক্লেভত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে। জনজাতিকৰণৰ দাবীৰে আন্দোলন অব্যাহত ৰখা ছটা জনগোষ্ঠীৰে সংগঠন কেইটাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত জনজাতিকৰণ বিষয়টো কিদৰে ৰাজনীতিকৰণ কৰি থকা হৈছে সেই বিষয়ে উল্লেখ কৰাৰ লগতে জনজাতিকৰণ অবিহনে যে অসম সুৰক্ষিত নহয় সেই কথা বিশ্লেষণ কৰে জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই। 

অংশগ্ৰহণ কৰা এই জনগোষ্ঠীয় সংগঠন কেইটাৰ নেতৃত্ব ক্ৰমে আটছাৰ সভাপতি ধীৰাজ গোৱালা, চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা,  মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোঁহাই, মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি বিকাশ দহোটীয়া, আক্ৰাছুৰ সাধাৰণ সম্পাদক বলুৰাম বৰ্মন, আৰু  সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে। এই অনুষ্ঠানৰ আঁত ধৰে নিতুমণি শইকীয়াই।

অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ অনুষ্ঠানত তেওঁ বি টি আৰ নিৰ্বাচন, সাম্প্ৰতীক অসমৰ ৰাজনীতি আৰু ২০২৬ ৰ নিৰ্বাচনৰ প্ৰেক্ষাপটত বহু মন্তব্য কৰে। তেওঁ বি টি আৰ নিৰ্বাচনৰ পৰা আৰম্ভ কৰি ছয় জনগোষ্ঠীৰ জনগোষ্ঠীকৰণ, তেওঁৰ ৰাজনৈতিক ভৱিষ্যতৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকাললৈ গোটেইবোৰ দিশ সামৰি লয়। এই অনুষ্ঠানৰো আঁত ধৰে নিতুমণি শইকীয়াই।

আধ্যাত্মিক অনুষ্ঠানেৰে দেওবাৰে অনুষ্ঠিত হোৱা ‘দ্য কনক্লেভ-২০২৫’ ৰ সামৰণি পৰে প্ৰতিশ্ৰুতসম্পন্ন সংগীত শিল্পী শংকুৰাজ কোঁৱৰৰ সংগীতানুষ্ঠানেৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াসেৰে আৰম্ভ হোৱা প্ৰতিদিনি মিডিয়া নেটৱৰ্কৰ দ্য কনক্লেভে এইদৰেই ৰাষ্ট্ৰীয় পৰিসৰ অতিক্ৰম কৰি দক্ষিণ এছিয়া তথা বিশ্বকো সামৰি লৈ বিভিন্ন বিষয়ত নতুন চিন্তাৰ উদ্ৰেক ঘটালে। 

দ্য কনক্লেভ কনক্লেভ ২০২৫ প্ৰতিদিন মিডিয়া নেটৱৰ্ক