নাৰীক পূজা কৰা ভাৰততো এতিয়া নাৰীৰ সুৰক্ষা নিশ্চিত নহয়৷ দেশৰ প্ৰতিগৰাকী কন্যা সন্তানৰ শিক্ষা আৰু জীৱনৰ সুৰক্ষা তথা সৰ্বতোমুখী উত্তৰণৰ বাবে ‘বেটী বচাও, বেটী পঢ়াও’ শ্লোগানেৰে আঁচনি প্ৰৱৰ্তন কৰিছে যদিও প্ৰতিগৰাকী কন্যাৰ সুৰক্ষা তথা নিৰাপত্তা নিশ্চিত কৰিবলৈ সক্ষম নহয় দেশৰ চৰকাৰ৷ নাৰীক বলাৎকাৰ, নিৰ্যাতন চলাই হত্যা কৰা অমানুসিক কাৰ্যই লজ্জানত কৰে সমাজ, সভ্যতাক৷ এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন শিতানত লক্ষ্মীপ্ৰিয়া দত্তৰ এই লেখা-
এগৰাকী নাৰীৰ বাবে আমাৰ আইনী সুৰক্ষা আৰু সাংবিধানিক সুৰক্ষাই প্ৰকৃত সুৰক্ষা দিব পৰা নাই কিয়? নাৰীৰ সবলীকৰণৰ নামত, নাৰীৰ সুৰক্ষা, নাৰীৰ নিৰাপত্তাৰ নামত সকলোতে ঢাক ঢোল বজাই থকাৰ সময়চোৱাতো প্ৰতিদিনে নিৰ্যাতনৰ লজ্জাজনক ঘটনা এক অভাৱনীয় হাৰত বৃদ্ধি পাইছে। নাৰীৰ সুৰক্ষাৰ নামত, অধিকাৰৰ নামত বহু আইন প্ৰনয়ণ কৰা হৈছে, কিন্তু প্ৰশ্ন হয় এই সাংবিধানিক অধিকাৰ সমূহ, আইন সমুহৰ পৰা নাৰী কিয় সুৰক্ষিত নহয়?
ক্রমবর্ধিত হাৰত সংঘটিত এই নাৰীজনিত অপৰাধ এখন সমাজৰ বাবে চৰম লজ্জাজনক। যিখন দেশত নাৰীক দেৱীৰ ৰূপত পূজা কৰা হয়, য'ত নাৰীৰ সন্মান আৰু মর্যাদা বৃদ্ধি আৰু ৰক্ষাৰ বাবে সংস্কৃতিৱান আৰু সু-সভ্য মহলে অহর্নিশে চেষ্টা কৰে সেইখন দেশ ভাৰততে আকৌ ৰামায়ণ মহাভাৰতৰ যুগৰে পৰা বর্তমানলৈকে এচাম বৰ্বৰ লোকৰ হাতত নাৰী বিভিন্ন ধৰণৰ নির্যাতনৰ বলি হৈ থাকিব লগা বিষয়টো যথেষ্ট চিন্তাজনক। কিছুদিন পূৰ্বে কলকাতাত ঘটি যোৱা এনে নাৰকীয় ঘটনাৰ সমান্তৰালকৈ ভাৰতৰ কেইবাখনো প্রদেশত সংঘটিত এনে ঘটনাৰ উত্তেজনা শাম কটাৰ আগতেই অসমৰ ধিং, শিৱসাগৰ, তিনচুকীয়া আদি কেইবাখনো চহৰত ঘটা অনুৰূপ ঘটনাৰ পৰিপ্ৰেক্ষিতত নাৰীৰ নিৰাপত্তাৰ দিশটো পুনৰ চৰ্চালৈ আহিছে।
নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ তথ্য মতে নিৰ্ভয়া কাণ্ড সংঘটিত হোৱাৰ সময়ত অৰ্থাৎ ২০১২ ত সমগ্ৰ দেশত ২৫০০০ যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছত এই সংখ্যা হ্ৰাস পোৱাৰ পৰিৱৰ্তে যথেষ্ট বৃদ্ধি হৈছে। ২০১৬ ত সমগ্ৰ দেশত যৌন নিৰ্যাতনৰ ঘটনা প্ৰায় ৩৯০০০ হৈছিলগৈ। ২০১৮ ত এক চৰকাৰী তথ্য মতেই প্ৰতি ১৫ মিনিটত দেশত এগৰাকী মহিলা যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল। ২০২২ ত ৩১০০০ ৰো অধিক মহিলা যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল। এইদৰেই দেশত যৌন নিৰ্যাতনকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। যৌন নিৰ্যাতনৰ দৰে ঘটনাৰ সংখ্যা কিদৰে হ্ৰাস কৰিব পাৰি সেই বিষয়ে বিশেষজ্ঞসকলে আলোচনা কৰিব লাগিব। কেৱল আইন তৈয়াৰ কৰিয়েই চৰকাৰে দায়িত্ব সামৰাৰ পৰিবৰ্তে যৌন নিৰ্যাতনকাৰীৰ মানসিক অৱস্থাৰো অধ্যয়ন কৰিব লাগিব।
ইয়াৰোপৰি সংবাদ মাধ্যমত প্রকাশিত তথ্য অনুসৰি আমাৰ ৰাজ্যখনত বর্তমান সময়ত প্রতিদিনে কমেও দহটাকে এনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ বাতৰিয়ে ইয়াক এটা স্বাভাৱিক ঘটনা বুলি ভাবিবলৈও সর্বসাধাৰণক বাধ্য কৰিছে। প্রকাশিত তথ্য অনুসৰি নাৰীজনিত অপৰাধৰ ক্ষেত্রত অসমৰ স্থান ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত দ্বিতীয়। চলিত বৰ্ষৰ জুলাই মাহলৈকে ৰাজ্যখনত ৫৮০টা ধর্ষণৰ ঘটনা সংঘটিত হোৱাব লগতে বর্তমান অসমৰ বিজেপি চৰকাৰৰ আমোলত ১৬৪৫৮টা এনে ঘটনা সংঘটিত হোৱা বুলি বর্তমানৰ মুখ্যমন্ত্রীজনে নিজে সামাজিক মাধ্যমৰ জৰিয়তে প্রকাশ কৰা বিষয়টোবে নাৰী নির্যাতনৰ স্পষ্ট ৰূপ এটা প্রকাশ কৰিছে। নাৰী নিৰ্যাতনৰ প্ৰকৃত সংখ্যা যে প্রকাশিত সংখ্যাতকৈ বেছি সেই কথা সত্য। কাৰণ সামাজিক অপযশৰ ভয়ত আৰু বহু নাবালিকাৰ এই বিষয়ৰ অজ্ঞতাৰ বাবে এনে বহু ঘটনা পোহৰলৈ নহাকৈ থাকি যায়।
এই ঘটনাবোৰৰ মূল হ'ল সমাজৰ বিভিন্ন অংশত গভীৰভাৱে শিপাই থকা অপৰাধী মানসিকতা। এই অপৰাধী মানসিকতা ইমানেই গভীৰভাৱে শিপাই আছে যে আইন প্রণয়নেৰে এনে অপৰাধীবোৰক নিয়ন্ত্ৰণ কৰিব পৰা নাই। অসমৰ মহিলাসকল এতিয়াও বিভিন্ন ধৰণৰ নিৰ্যাতনৰ সম্মুখীন হ'বলগীয়া হৈয়েই আছে। ঘৰুৱা হিংসা এক ব্যাপক সমস্যা হৈয়েই আছে, প্রায়ে ঘৰৰ চাৰিসীমাৰ ভিতৰত লুকাই থকা এই অপৰাধৰ ভুক্তভোগীসকলে মুকলিভাৱে সহায় বিচৰাটো কঠিন হৈ পৰে।
ৰাজহুৱা স্থান আৰু কৰ্মক্ষেত্ৰ উভয়তে নাৰীৰ প্ৰতি যৌন নির্যাতন এতিয়াও এক চিন্তাৰ বিষয় হৈয়েই আছে। অসমৰ ভৌগোলিক অৱস্থানে ইয়াক মানৱ সৰবৰাহৰ এক হটস্পট কৰি তুলিছে। বিশেষকৈ কর্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি আৰু বিবাহৰ প্রলোভনেৰে মহিলাসকলক প্রলোভিত কৰাৰ কাহিনী ধাৰাবাহিকভাৱে চলিয়েই আছে। অসমত মহিলাসকলৰ বাবে এক সুৰক্ষিত পৰিৱেশ সৃষ্টিৰ বাবে অধিক ফলপ্রসূ আইন প্রয়োগ, জনসচেতনতা বৃদ্ধি আৰু বিভিন্ন সংগঠনৰ সামাজিক অংশগ্রহণ জৰুৰী হৈ পৰিছে। এটা কার্যক্ষম সংহত প্রচেষ্টা অবিহনে ৰাজ্যৰ মহিলাসকলৰ সুৰক্ষা বিপজ্জনক স্থিতিতেই থাকিবলৈ বাধ্য হ'ব। এটা কথা ঠিক যে মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তা উন্নত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে। মহিলা থানা স্থাপন কৰাটো এনেকুৱা এটা পদক্ষেপ। ভুক্তভোগী মহিলাই অভিযোগ দিয়াৰ বাবে এনে পৰিৱেশ সঠিকভাৱে সহায়ক।
উল্লেখযোগ্য যে ১৯৫০ চনত ভাৰতীয় সমবিধানে বিভিন্ন অনুচ্ছেদ আৰু মৌলিক অধিকাৰসমূহৰ দ্বাৰা সকলো নাগৰিককে মৰ্য্যদাপূৰ্ণভাৱে জীয়াই থকাৰ অধিকাৰ দিছিল। তদুপৰি পুৰুষ মহিলা উভয়ে বৈষম্যহীন ভাবে নিজৰ নিজৰ অধিকাৰ সমূহ উপভোগ কৰিব পাৰিব। পুৰুষ আৰু মহিলাৰ মাজত বৈষম্য দুৰ কৰিবলৈ মহিলাৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি আৰু আইন প্ৰণয়ন কৰা হৈছিল। ১৯৯৩ চনত অৰ্থনৈতিক, সাংস্কৃতিক আৰু সামাজিক অধিকাৰৰ আন্তৰাষ্ট্ৰীয় চুক্তি আৰু মহিলাৰ বিৰুদ্ধে সকলো বৈষম্যমূলক আচৰণ বিলুপ্তি কৰিবৰ বাবে যিখন চুক্তি কৰিছিল চমুকৈ “চিড” শীৰ্ষক দুখন চুক্তিত অনুমোদন জনোৱাৰ পিচত ভাৰত আন্তৰাষ্ট্ৰীয় ভাৱে মহিলাৰ সমস্যাসমূহ সমাধানৰ বাবে দায়বদ্ধ হৈ পৰিল।
এই চুক্তি খনেই একমাত্ৰ মানৱ অধিকাৰ চুক্তি, যি মহিলাৰ, মানৱ অধিকাৰৰ ওপৰত আলোক পাত কৰিছিল। ৰাষ্ট্ৰই পাৰিবাৰিক নিৰ্যাতন, যৌন নিৰ্যাতন, আদিৰ বাবে প্ৰতিৰোধ মূল, শাস্তিমূলক আৰু প্ৰতিকাৰ ব্যৱস্থাৰ প্ৰতিবেদন দিয়াৰ বাবে এই চুক্তিৰ জৰিয়তে দায়বদ্ধ হ’ব লাগিব। এই চুক্তিখনত ৩০ টা অনুচ্ছেদ আছিল। সেইবোৰ ক্ৰমে- মহিলাৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ, দুৰীকৰণৰ প্ৰয়োজনীয় ব্যৱস্থা, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক ক্ষেত্ৰত পুৰুষৰ সৈতে সমানে মৌলিক স্বাধীনতা নিশ্চিত কৰা, লিংগ ভিত্তিক সামাজিক আৰু সাংস্কৃতিকভাৱে যি হীনমন্যতা মনোভাব পোষন কৰা হয় তাক হ্ৰাস কৰা, আন্তৰ্জাতিক ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ, আইনৰ দৃষ্টিত পুৰুষ মহিলাৰ সমতা স্থাপনত গুৰুত্ব দিয়া, শিক্ষাৰ ক্ষেত্ৰত সহশিক্ষা,সম জলপানি,সমশিক্ষা অনুদান,খেলা ধূলাত সম সুযোগ প্ৰদান,গ্ৰামীন মহিলাৰ উন্নতীকৰণ,মহিলাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৈষম্যমূলক মনোভাৱৰ বিৰুদ্ধাচৰণকে ধৰি ৩০ টা অনুচ্চেদত এই চুক্তিখন সন্নিবিষ্ট আছে। যদিহে এই চুক্তিখন কাৰ্যক্ষেত্ৰত সফল ৰূপায়ন প্ৰতিফলিত হলহেতেন,তেনেহলে মহিলাৰ সম অধিকাৰ,সমমৰ্য্যদাৰ প্ৰ্দানত কোনো বাধা নাথাকিলহেঁতেন।
এটা কথা ঠিক যে অকল আইন-পুলিচে নাৰীক সুৰক্ষা দিয়াটো সম্ভৱ নহয়। ইয়াৰ বাবে প্রয়োজন আইনৰ ব্যৱহাৰিক ৰূপায়ণ আৰু ব্যাপক সামাজিক সজাগতা। বহু ক্ষেত্ৰত নাৰীসকল এই আইনগত দিশৰ বিষয়ে জ্ঞাত নহয় অথবা বদনামৰ আশংকাত এইবোৰৰ সহায় ল'বলৈ দ্বিধাবোধ কৰে। কেৱল মহিলা থানা আৰু হেল্পলাইনৰ ব্যৱস্থাই যথেষ্ট নহয়। আচল ৰূপত কর্মক্ষম হ'বলৈ হ'লে পর্যাপ্ত কৰ্মচাৰী, উপযুক্ত প্ৰচাৰ আৰু কৰ্মীসকলৰ সক্রিয় সহযোগৰো প্ৰয়োজন আছে।
চৰকাৰে লোৱা বিভিন্ন ব্যৱস্থাৰ ওপৰত আস্থা বৃদ্ধিৰ বাবে লিংগ সংবেদনশীলতা, তৎকালীনভাৱে অভিযোগ নিষ্পত্তি আৰু কঠোৰ আইন প্ৰয়োগৰ ওপৰত আৰক্ষী কৰ্মীসকলক নিয়মীয়া প্রশিক্ষণ দিয়াটো অতি প্রয়োজনীয়। চৰকাৰৰ প্ৰচেষ্টা প্রশংসনীয় হ'লেও ইয়াৰ সফলতা নিশ্চিত কৰিবলৈ শিক্ষা, সমাজৰ বিভিন্ন সম্প্ৰদায়ৰ সহযোগিতা আৰু মহিলাৰ বিৰুদ্ধে হিংসাৰ মূল কাৰণসমূহৰ সৈতে মোকাবিলা কৰাৰ ইচ্ছা আৰু সাহস প্ৰদৰ্শনৰ বাবে এক ব্যাপক আয়োজনৰ প্ৰয়োজন।
মহিলাসকলে সন্মুখীন হোৱা হিংসা আৰু বৈষম্যৰ অন্যতম মূল কাৰণ হ'ল সমাজৰ বিভিন্ন অংগত গভীৰভাৱে সোমাই থকা কু-সংস্কাৰ। এই কু-সংস্কাৰ নিৰাময়ৰ বাবে লিংগ সংবেদনশীলতা অতি প্রয়োজনীয়। অসমতো ভাৰতৰ বহু প্ৰান্তৰ দৰে পৰম্পৰাগত লিংগ ভূমিকা আৰু পিতৃতান্ত্রিক মনোভাৱ প্ৰায়ে শিপাই আছে। ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা ক্ষেত্ৰতে নাৰীক কৰা ব্যৱহাৰৰ ধৰণ নিৰ্ধাৰণ কৰে লিংগ সংবেদনশীলতাই। যৌন নিৰ্যাতনৰ ক্ষেত্ৰত ভুক্তভোগীক দোষাৰোপ কৰাৰ পৰা আৰম্ভ কৰি ঘৰুৱা হিংসাক তুচ্ছ জ্ঞান কৰালৈকে এই বিভিন্ন পৰিৱেশত লিংগ সংবেদনশীলতাৰ ছবিখন প্ৰকাশ পায়।
উদাহৰণস্বৰূপে, মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ প্ৰাৰম্ভিক সঁহাৰিৰ ক্ষেত্ৰত আৰক্ষী বিষয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তেওঁলোকৰ মনোভাবে ভুক্তভোগীৰ অভিজ্ঞতা আৰু তেওঁৰ গোচৰৰ ফলাফলত যথেষ্ট প্রভাৱ পেলাব পাৰে। আইন প্রয়োগকাৰী আৰু অন্যান্য ৰাজহুৱা বিষয়াসকলৰ বাবে লিংগ সংবেদনশীলতা প্রশিক্ষণে মহিলাসকলক সন্মানজনকভাৱে ব্যৱহাৰ কৰাটো নিশ্চিত কৰাত সহায় কৰিব পাৰে আৰু তেওঁলোকৰ অভিযোগসমূহক গুৰুত্বসহকাৰে লোৱাটো নিশ্চিত কৰিব পাৰে।
নাৰী অবিহনে এখন সমাজ তথা গোটেই পৃথিৱীখনেই অপৰিপূর্ণ। গতিকে নাৰীজনিত এই অপৰাধসমূহৰ পৰা নাৰীক সুৰক্ষা দিয়াৰ বাবে সমাজখনেই ঐক্যবদ্ধ প্রচেষ্টা হাতত ল'ব লাগে। সমাজৰ সকলো লোক বয়স, জাতি, লিংগ, ধর্ম, ভাষা নির্বিশেষে নাৰী সুৰক্ষাৰ ক্ষেত্রত সচেতন হোৱা উচিত। এনে ঘটনাৰ পৰা নাৰীক সুৰক্ষা আৰু ন্যায় প্রদান কৰিবৰ বাবে সাম্প্রদায়িকতাৰ মনোভাব বাদ দি চৰকাৰে উচিত পদক্ষেপ গ্রহণ কৰা প্রয়োজন। ক্ষিপ্র বিচাৰ প্রক্রিয়াৰ দ্বাৰা অপৰাধীক কঠোৰতম শাস্তি বিহা ব্যৱস্থাৰ জৰিয়তে এই জঘন্য অপৰাধ নিয়ন্ত্রণ হ'ব বুলি আশা কৰিব পাৰি।