/asomiyapratidin/media/media_files/2025/08/12/new-bikhekh-protibedon-2024-4-2025-08-12-11-46-35.jpg)
অশ্লীল কনটেণ্টৰে ভৰি পৰিছে সামাজিক মাধ্যম। অশ্লীল, গালি গালাজেৰে প্ৰস্তুত কৰা কাৰোবাৰ ভিডিঅ'ও হৈ পৰিছে একাংশ নিউজ প'ৰ্টেলৰ বাতৰিৰ উৎস। পুতিগন্ধময় এনে এক পৰিস্থিতিত এইবোৰ নিয়ন্ত্ৰণৰ বাবেও যেন নাই কাৰো দায়িত্ব। তাৰ মাজতেই সচেতন ৰাইজৰ প্ৰশ্ন কোনে নিয়ন্ত্ৰণ কৰিব এইবোৰ? ডিজিটেল ক্ৰিয়েটৰৰ নামত, নিউজ পৰ্টেলৰ নামত চলি থকা এই অশ্লীলতাৰ পোহাৰৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
কি হৈছে চৌদিশে? ভদ্ৰতাৰ চিন-চাব নোহোৱা হৈছে আমাৰ আচাৰ-ব্যৱহাৰত। দুজন ব্যক্তিৰ আগতো কব নোৱাৰা মাত কথাই ভৰি পৰিছে সামাজিক মাধ্যমৰ ভিডিঅ’, পোষ্ট ইত্যাদিত।
নূন্যতম সৌজন্যতাবোধ আৰু শালীন ভাষা এতিয়া নাই সামাজিক মাধ্যমত। একাংশৰ বাবে যৌনতাৰ বৰ্হিপ্ৰকাশ, অশ্লীল শব্দৰ ব্যৱহাৰ, গালি-গালাজ এতিয়া হৈ পৰিছে নিজকে ভাইৰেল কৰাৰ এক মাধ্যম।
শেহতীয়াকৈ এগৰাকী যুৱতীয়ে মিঞাৰ প্ৰসংগত কৰা মন্তব্যৰে প্ৰস্তুত কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে। যিটো ভিডিঅ’ত যুৱতীগৰাকীয়ে অতি নিম্নৰুচী সম্পন্ন শব্দ ব্যৱহাৰেৰে অসাংবিধানিক ভাষাত গালি, গালাজ কৰিছে।
প্ৰতিটো বাক্যতে যুৱতীগৰাকীয়ে ব্যৱহাৰ কৰিছে অভিধানত নথকা, ভদ্ৰ মানুহে কেতিয়াও ব্যৱহাৰ নকৰা শব্দ। সামাজিক মাধ্যমত এই ভিডিঅ’ অতি ভাইৰেল হৈ পৰাই নহয় একাংশ পৰ্টেলে আকৌ ইয়াক লৈ বাতৰি প্ৰস্তুত কৰিছে।
তাতেই যেন সেই ভিডিঅ’ প্ৰস্তুত কৰা যুৱতীগৰাকীৰ উদ্দেশ্য সফল হৈছে। কেৱল যুৱতীগৰাকীয়েই নহয়, অতি শেহতীয়াকৈ এনে প্ৰৱণতা ক্ৰিয়েটৰসকলৰ মাজত ভাবিব নোৱাৰাকৈ বৃদ্ধি পাইছে।
দাস উপাধিধাৰী এজন যুৱকৰ ভিডিঅ’ৰ ভাৱ-ভাষা এইধৰণৰ গালিগালাজ আৰু অশ্লীল ভাষাৰে ভৰা। কিন্তু সেই যুৱকজনৰ আছে লক্ষ্যাধিক ফ’ল’ৱাৰ। কি যুৱক, কি যুৱতী, কি বোৱাৰী সকলোৱেই এতিয়া আক্ৰান্ত এই অশ্লীল ভাষা ব্যৱহাৰ আৰু গালি-গালাজ কৰাৰ অভদ্ৰ ৰোগত।
সচেতন ব্যক্তিসকলে তেনে ভিডিঅ’ৰ বিৰুদ্ধে ৰিপ’ৰ্ট মাৰিছে। সেই দুই, এক ব্যক্তিৰ সচেতনতাই প্ৰতিৰোধ কৰিব নোৱাৰে এই সামাজিক মাধ্যমৰ ব্যাধি। ভাইৰেল হোৱাৰ প্ৰৱণতাত ভাল কাম কৰাৰ সলনি এনে স্থুলৰ মানসিকতাই এতিয়া নতুন প্ৰজন্মকো পংগু কৰি পেলাইছে।
ডাঙৰৰ আগত এটা বেয়া শব্দ কবলৈ লাজ কৰা সমাজখনত এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে বনৰীয়া লতাৰ দৰে চানি ধৰিছে এনে কনটেণ্টে। হ’বনে আজিৰ এই সভ্য সমাজক কোঙা কৰা এনেবোৰ কনটেণ্ট আৰু ভিডিঅ’ৰ বিৰুদ্ধে এক সামাজিক প্ৰতিৰোধ।
নহ’লে আহি থকা দিনবোৰত এই ব্যাধিবোৰে ভৰি পৰিব আমাৰ চৌদিশ। অশ্লীল ভাষা আৰু যৌনতাৰ বেহাৰে সভ্যতাক কৰিব ভেঙুচালি। এই কনটেণ্টবোৰ চাই আত্মসন্তুষ্টি ভোগা, শ্বেয়াৰ কৰা আৰু মতামত দিয়া লোকসকলো হ’ব ইয়াৰ বাবে দায়ী।