/asomiyapratidin/media/media_files/2025/08/26/bikhekh-protibedon-2-2025-08-26-18-06-54.jpg)
ভোট চুৰিৰ প্ৰসংগৰে দেশৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে বিহাৰৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ৬৫ লাখ ভোটাৰৰ নাম। তাৰ পিছতেই বিহাৰত ৰাহুল-তেজস্বীক সন্মুখত লৈ চলি আছে বিৰোধীৰ ভোটাৰ অধিকাৰ যাত্ৰা। এই যাত্ৰাই কিদৰে সলনি কৰিছে বিহাৰৰ ৰাজনৈতিক পৰিবেশ? ভোটাৰ অধিকাৰ যাত্ৰাই আৰু কি কি বিষয় সামৰি লৈছে? পাৰিবনে এই যাত্ৰাই বিহাৰৰ ৰাজপাত সলনি কৰিবলৈ? এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
জনতাৰ মাজত কিদৰে সোমাব লাগে সেয়া ভালকৈয়ে বুজি পাইছে ৰাহুল গান্ধীয়ে। দুবাৰকৈ ভাৰত জোড়ো যাত্ৰাৰ পিছত গান্ধীয়ে এইবাৰ বিহাৰত অব্যাহত ৰাখিছে ভোটাৰ অধিকাৰ যাত্ৰা। এই যাত্ৰাত তেওঁৰ মুখ্য সহযোগী আৰ জে ডিৰ নেতা তেজস্বী যাদৱ।
বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে বিহাৰৰ ভোটাৰ তালিকাৰ যি নিবিড় সংশোধন কৰিলে সেই সংশোধনীৰ পৰা ৬৫ লাখ ভোটাৰৰ নাম বাদ পৰিছে। তাৰ পিছতেই ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে ভোটাৰ অধিকাৰ যাত্ৰা।
মন কৰিবলগীয়া যে, ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰ, হাৰিয়ানা, কৰ্ণাটকত ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছে। ভোট চুৰিৰ এই অভিযোগক নিৰ্বাচন আয়োগে দাখিল কৰা তথ্যৰেই গান্ধীয়ে ফাদিল কৰিছে যদিও নিৰ্বাচন আয়োগে সেই অভিযোগক তথ্যসহ এতিয়াও নস্যাৎ কৰিব পৰা নাই।
কেৱল এই সম্পৰ্কে ৰাহুল গান্ধীক শপতনামা দাখিল কৰিবলৈহে নিৰ্দেশ প্ৰদান কৰিছে। এনে পৰিস্থিতিৰ মাজতে ১৭ আগষ্টৰ পৰা বিহাৰত চলি থকা ভোটাৰ অধিকাৰ যাত্ৰাই সময় বাগৰাৰ লগে লগে নতুন মাত্ৰা লাভ কৰিছে। যাত্ৰাত দেখা গৈছে সাগৰ সদৃশ মানুহ। ৰাহুল গান্ধীক চাবলৈ, তেওঁক চুবলৈ মানুহৰ মাজত দেখা গৈছে হেতা-ওপৰা।
সংশোধিত ভোটাৰ তালিকা আৰু আত্ম পৰিচয়ৰ ৰাজনীতি
বিহাৰৰ ভোটাৰ তালিকাৰ যি নিবিড় সংশোধন সেই সংশোধনক লৈ প্ৰশ্ন উঠিছে। ন্যায়ালয়ৰ মজিয়াত আছে এই বিষয়টো। এই সংশোধনীয়ে বিহাৰৰ ৰাজনৈতিক, সামাজিক পৰিবেশক অস্থিৰ কৰি ৰাখিছে।
বিৰোধী দলসমূহৰ স্পষ্ট অভিযোগ বিহাৰৰ পৰা যি ৬৫ লাখ ভোটাৰৰ নাম বাদ পৰিছে সেয়া কোনো কেৰাণীৰ ভুলৰ বাবে হোৱা নাই। তেওঁলোকৰ অভিযোগ আৰ জে ডি, কংগ্ৰেছ, বাওঁপন্থী দলসমূহৰ যিসমূহ পৰম্পৰাগত সমৰ্থক যেনে যাদৱ, মুছলমান, দলিত, অন্যান্য পিছপৰা শ্ৰেণী আদিৰ শক্তি হ্ৰাস কৰাৰ বাবে এয়া এক পৰিকল্পিত প্ৰচেষ্টা।
বিহাৰৰ ৰাজনীতি দশক দশক ধৰি জাতিগত গণিতৰ আধাৰতে হৈ আহিছে। এইবাৰো শাসক পক্ষই অতি কৌশলেৰে এনে এক প্ৰেচেষ্টাই হাতত লৈছে যদিও কংগ্ৰেছকে ধৰি মহাগঠবন্ধনে জাতিগত বিষয়টোক গণবঞ্চনাৰ প্ৰশ্ন হিচাপে লৈ পৰম্পৰাগত ৰাজনীতিৰ পৰা আঁতৰি আহি অধিকাৰ আৰু গণতান্ত্ৰিক অংশগ্ৰহণেৰে এক ৰাজনৈতিক বিতৰ্কলৈ পৰিণত কৰাৰ চেষ্টা চলাইছে। এই চেষ্টাত সফলো হৈছে তেওঁলোক।
ৰাহুল-তেজস্বীৰ যুটিয়ে লাভ কৰিছে জনতাৰ সমৰ্থন
বিহাৰত ১৭ আগষ্টৰ পৰা আৰম্ভ হৈছে মহাগঠবন্ধনৰ ভোটাৰ অধিকাৰ যাত্ৰা। যদিও এই যাত্ৰা মহাগঠবন্ধনৰ তথাপিও ইয়াৰ নেতৃত্বত উজলি উঠিছে ৰাহুল গান্ধী আৰু তেজস্বী যাদৱ। এই যাত্ৰাই যি দিশেৰেই আগবাঢ়িছে সেই ফালেই গুঞ্জৰিত হৈছে ৰাহুল-তেজস্বীৰ নাম।
এই যাত্ৰা অহা ১ ছেপ্টেম্বৰত পাটনাত অন্ত পৰিব। মুঠ ১৬ দিনত বিহাৰৰ ২৫ খন জিলাৰ ১৩০০ কিলোমিটাৰ দূৰত্বক অতিক্ৰম কৰিব। ৰাহুল-তেজস্বীৰ সৈতে এই যাত্ৰাৰ সময়ত দেখা গৈছে চি পি আই-এমএলৰ দিপাংকৰ ভট্টাচাৰ্য, ভি আই পিৰ মুকেশ ছাহানী, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰাজেশ ৰাম আদিৰ দৰে নেতাকো। তাৰ মাজতে তেওঁক সংগ দিবলৈ আহিছে অখিলেখ সিং যাদৱ, এম কে ষ্টেলীন আদিৰ দৰে নেতা।
এই যাত্ৰাই সলনি কৰিছে কংগ্ৰেছ, আৰ জে ডি আদি কৰ্মীৰ মানসিকতা
ভোটাৰ অধিকাৰ যাত্ৰাৰ সময়ত ভিৰৰ মাজত কংগ্ৰেছ, আৰ জে ডিৰ পতাকা সমানে দেখিবলৈ পোৱা গৈছে। কোনো কোনো স্থানত যদি কংগ্ৰেছৰ পতাকা সৰ্বাধিক দেখা গৈছে আন কোনো ঠাইত আকৌ আৰ জে ডিৰ। এই দুই দলৰ পতাকাৰ ভিৰৰ মাজত হেৰাই গৈছে চি পি আই-এমএল আৰু ভি আই পিৰ পতাকা।
খবৰ অনুসৰি এই যাত্ৰাৰ সকলো ব্যয় বহন কৰিছে কংগ্ৰেছে। সেয়ে স্বাভাৱিকতে কংগ্ৰেছৰ পতাকা এই যাত্ৰাৰ সৰ্বাধিক দেখা গৈছে। অৱশ্যে এই কথাক আকৌ নস্যাৎ কৰিছে আৰ জে ডিৰ ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীয়ে।
তেওঁ কয়, আমি মিত্ৰজোঁটৰ নীতি মানি চলিছো। কোনো কোনো ঠাইত তেওঁলোকৰ আৰু কোনো কোনো ঠাইত আমাৰ পতাকা সৰ্বাধিক দেখা গৈছে। দৰাচলতে ২০২৫ ৰ আৰম্ভণিৰ পৰাই কংগ্ৰেছে বিহাৰত তেওঁলোকৰ শক্তি বৃদ্ধিৰ বাবে কাম কৰি আহিছে।
বিহাৰৰ প্ৰভাৰী হিচাপে কৃষ্ণ আল্লাৱৰুক দায়িত্ব দিয়াৰ পিছতে তেওঁ ‘হৰ ঘৰ ঝণ্ডা’ৰ দৰে কাৰ্যসূচী আৰম্ভ কৰিছে।ফলত কংগ্ৰেছ নেতা, কৰ্মীয়ে নিজৰ নিজৰ ঘৰত দলৰ পতাকা লগাবলগীয়া হৈছে।টিকট প্ৰত্যাশী নেতাসকলেও কংগ্ৰেছৰ কাৰ্যালয় ত্যাগ কৰি সমষ্টি সমষ্টিয়ে তৃণমূল পৰ্যায়ত ভোটাৰৰ মাজত সোমাই পৰিছে।
বিহাৰৰ মহিলাক ২৫০০ টকাকৈ দিব ৰাহুল গান্ধীয়ে
কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে যোৱা ২৪ আগষ্টত এই যাত্ৰাৰ মাজতে এক সংবাদ মেলত তেওঁৰ যাত্ৰাত অংশলোৱা লোকসকলে স্বতঃস্ফূৰ্তভাৱে অংশ লোৱা বুলি দাবী কৰিছে। অৱশ্যে এই কথা সত্য যে, এই যাত্ৰাত বহু সাধাৰণ মানুহো ওলাই আহিছে।
এই মানুহখিনি আশাত বন্দী। তেওঁলোকৰ একাংশৰ মতে ৰাহুল গান্ধীয়ে বিহাৰৰ দৰিদ্ৰ জনতাৰ কাষলৈ আহিছে। তেওঁৰ লোকৰ সমস্যাৰ বুজ লৈছে। মহিলাসকলক ২৫০০ কৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে। সেয়ে তেওঁলোক ৰাহুলৰ কাষলৈ আহিছে।
বহুতেই আকৌ ৰাহুল গান্ধীক এবাৰ ওচৰৰ পৰা চাবলৈয়ো এই ভিৰত লীন গৈছে। বহুতেই ৰাহুল গান্ধীক প্ৰত্যক্ষ কৰি ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ কথাও মনত পেলাইছে।
ভোটাৰ অধিকাৰ যাত্ৰাৰ সৈতে জড়িত হৈছে শিক্ষা, চাকৰিৰ প্ৰসংগও
১৭ আগষ্টৰ পৰা আৰম্ভ হোৱা ভোটাৰ অধিকাৰ যাত্ৰাই সময় বাগৰাৰ লগে লগে ৰাজ্যখনৰ বিভিন্ন বিষয়ক সামৰি লৈছে। বিহাৰৰ ভোটাৰ তালিকাৰ নিবিড় সংশোধনীৰ বিষয়টোৱে অগ্ৰাধিকাৰ পালেও ৰাজ্যখনৰ আন আন জ্বলন্ত সমস্যাসমূহ এতিয়া এই যাত্ৰাৰ অংগ হৈ পৰিছে।
নিযুক্তি অথবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল, শিক্ষা, কৰ্ম সংস্থাপন, উদ্যোগ আদি বিষয়সমূহ এই যাত্ৰাৰ অংশ হৈ পৰিছে। ৰাহুল গান্ধীৰ মুখত শুনিবলৈ পোৱা গৈছে অগ্নিবীৰৰ প্ৰসংগও। যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে বিজেপিক লক্ষ্য কৰি লৈছে।
তেওঁ অভিযোগ কৰিছে বিজেপিয়ে স্বতন্ত্ৰ প্ৰতিষ্ঠানসমূহক নিজৰ স্বাৰ্থত অপব্যৱহাৰ কৰিছে আৰু সংবাদ মাধ্যমকো নিয়ন্ত্ৰণ কৰি নিম্ন আয়ৰ লোকৰ কণ্ঠ ৰোধ কৰিছে। ‘ভোট চোৰ’ শ্লোগান এই যাত্ৰাৰ আত্ম হৈ পৰিছে যদিও বিহাৰৰ বিভিন্ন জাতি, শ্ৰেণী, বৰ্গৰ সমস্যা, শাসক পক্ষৰ ব্যৰ্থতা আদি বিষয়বোৰেও গান্ধীৰ ভাষণত ঠাই পাইছে।
তেওঁ এফালে যিদৰে অগ্নিবীৰৰ কথা উল্লেখ কৰি যুৱক-যুৱতীক আকৰ্ষণ লক্ষ্য কৰি লৈছে ঠিক সেইদৰে জি এছ টিৰ প্ৰসংগৰে ক্ষুদ্ৰ ব্যৱসায়ী, সংশোধিত কৃষি আইনৰ জৰিয়তে কৃষক আদিক সামৰি লৈছে।
ভোটাৰ অধিকাৰ যাত্ৰাৰে বিৰোধীয়ে দখল কৰিব পাৰিবনে বিহাৰ?
এই কথা এই মুহূৰ্তত একেষাৰে ক’ব পাৰি বিহাৰত নীতিশ কুমাৰৰ জে ডি ইউ যথেষ্ট দুৰ্বল হৈ পৰিছে। নীতিশ কুমাৰৰ ভূমিকা আৰু কিছু কাম-কাজে তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিছে। আগন্তুক নিৰ্বাচনৰ পিছত যে, বিহাৰৰ মুখ্যমন্ত্ৰীৰ আসনত নীতিশ কুমাৰক দেখিবলৈ পোৱা যাব সেই আশা ক্ষীণ।
মিত্ৰতাত থাকিলেও নীতিশ কুমাৰক সেই সুযোগ নিদিয়ে বিজেপিয়ে। কিন্তু তাৰ মানে এইটোও নহয় যে, বিহাৰ দখলৰ বাবে বিৰোধীৰ পথ মসৃণ হৈ আছে। বিহাৰত ভোটাৰ অধিকাৰ যাত্ৰাত যি দৃশ্য দেখা গৈছে সেই দৃশ্যই কংগ্ৰেছ, আৰ জে ডিকে ধৰি মহাগঠবন্ধনৰ মুখত হাঁহি বিৰিঙাইছে।
বিহাৰত দীৰ্ঘদিন ধৰি প্ৰান্তিয় অৱস্থাত আছিল কংগ্ৰেছ। এই যাত্ৰাত আৰ জে ডি, বাওঁপন্থীৰ বুকুচাত উঠি কংগ্ৰেছে নিজৰ দলৰ ভেঁটিও শক্তিশালী কৰাৰ সুযোগ লাভ কৰিছে। বিহাৰৰ একাংশই এই যাত্ৰাৰ সময়ত কংগ্ৰেছক জে ডি ইউ, আৰ জে ডিৰ দৰেই নিজৰ দল হিচাপে মানি লৈছে।
গতিকে এই মুহূৰ্তত বিহাৰ বিৰোধীয়ে দখল কৰিব পাৰিবনে নাই সেয়া স্পষ্টকৈ ক’ব নোৱাৰিলেও শাসকৰ বিৰু্দ্ধে যে, এক শক্তিশালী বতাহ বলিছে তাৰ ইংগিত পোৱা গৈছে। এই বতাহ জাকৰ গতি সময়ৰ লগে লগে কিমান তীব্ৰতৰ হয় সেয়া হ’ব লক্ষ্যণীয়। কিয়নো শাসক পক্ষই যে শক্তিশালী ৰণনীতিৰে এই বতাহৰ গতি ৰোধ কৰিবলৈ চেষ্টা কৰিব সেয়া নিশ্চিত।