/asomiyapratidin/media/media_files/2025/11/07/new-bikhekh-protibedon-1-5-2025-11-07-12-55-33.jpg)
শিল্প- সাহিত্য তথা ক্ৰীড়াৰ সাধনা আৰু কৰ্ষণ কৰা লোকসকলে ৰাইজৰ পৰা সাংঘাটিক একো এটা নিবিচাৰে। বিচাৰে মাথোঁ অলপ মৰম, প্ৰেৰণা আৰু উৎসাহ। যদি এইখিনি দিয়াতো কৃপণালি কৰে তেতিয়া এগৰাকী সাধকে মনত কষ্ট পায়। আন্তৰ্জাতিক পৰ্যায়ত কোনো খেলুৱৈয়ে কৃতকাৰ্যতা লাভ কৰি, ঘৰলৈ উভতি আহিলে তেওঁক সন্মান দিয়াটো দায়িত্ব আৰু কৰ্তব্য। কিন্তু আজি আন্তৰ্জাতিক ক্ৰিকেটাৰ উমা চেত্ৰীৰ লগত যিটো ঘটনা সংঘটিত হ’ল তাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সম্পৰ্কতে ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন।
ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম সদস্যা উমা চেত্ৰী। এইগৰাকী অসম কন্যাই সদ্যসমাপ্ত মহিলা বিশ্বকাপৰযোগেদি এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটাইছিল। প্ৰতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি দেশৰ শিৰত তুলি দিছিল বিশ্বকাপ।
বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ অন্যতম সদস্যা আছিল অসম কন্যা উমা চেত্ৰী। বিশ্বকাপ জয়ৰ পাছতে দেশৰ সৰ্বস্তৰৰ লোকে প্ৰশংসাৰে উপচাই দিছিল হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন টীম ইণ্ডিয়াক। নবী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত আবতৰীয়া দেৱালীৰ সৃষ্টি হৈছিল।
ক্ৰীড়াক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা সম্বৰ্ধিত হৈছিল উমা চেত্ৰীকে ধৰি টীম ইণ্ডিয়াৰ সদস্যসকল। বি চি চি আয়ে প্ৰকাশ কৰা বাৰ্ষিক চুক্তিৰ তালিকাত ‘চি’ গ্ৰুপত নাম অন্তৰ্ভূক্ত হৈছিল উমা চেত্ৰীৰ।
কেৱল ইমানেই নহয়, ৬ নৱেম্বৰ ২০২৫ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আয়োজন কৰা বিশেষ অনুষ্ঠানৰ অতিথি হৈছিল বিশ্বকাপ জয়ী সদস্যসকল। স্মৃতি মান্ধানা, দিপ্তী শৰ্মা, হৰমনপ্ৰীত কৌৰ আদিৰ দৰে খেলুৱৈসকলৰ সৈতে উপস্থিত আছিল অসম কন্যা উমা চেত্ৰী।
প্ৰধানমন্ত্ৰীয়ে উমা চেত্ৰীৰে অনুভৱো ব্যক্ত কৰিছিল সেইদিনা। কিন্তু তাৰ এটা বেলাৰ পাছতে নিশাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হৈছিল বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ সদস্যা উমা চেত্ৰী।
দেশত সমাদৃত হোৱা উমা যেন মাতৃভূমিত উপেক্ষিত হৈ ৰ’ল। উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী বিশ্বকাপ জয়ী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হোৱা উমাক আদৰবলৈ কাৰোৰে সময় নহ’ল। উমা চেত্ৰী- কাৰোবাৰ বাবে যদি এটা বিশাল সপোনৰ নাম, আন কাৰোবাৰ বাবে আজি এই নাম হৈ পৰিছে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ উৎস।
বিশ্বজয়ৰ সোৱাদ পালেও, নাপালে কেৱল আপোন ব্যক্তিসকলৰ এধানি মৰম। সাধাৰণ যাত্ৰীৰ দৰেই বিমান বন্দৰত অৱতৰণ কৰি ঘৰমুৱা হ’ল মহিলা বিশ্বকাপ জয়ী ভাৰতীয় দলৰ সদস্য তথা অসম কন্যা উমা চেত্ৰী। বিশ্ব জয়ৰ সাফল্য লাভ কৰি অহা ক্ৰিকেটাৰগৰাকীক যেন আদৰি আনিবলৈ আজি কাৰোৰে এবাৰলৈও মনত নপৰিল।
অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াৰ উপৰি আন আন দল- সংগঠন তথা চৰকাৰৰ প্ৰতিনিধিৰো আদৰিবলৈ সময় নহ’ল। কেৱল মাত্ৰ গোৰ্খা ছাত্ৰ সন্থাৰ এটি দলে তেওঁক জনালে আদৰণি।
এই খবৰ সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা হৈ পৰাৰ পাছতে সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অৱশ্যে তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খেলুৱৈগৰাকীক অভিনন্দ জনাই সকলোৰে প্ৰতি থকা শ্ৰদ্ধাৰ কথা উল্লেখ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us