/asomiyapratidin/media/media_files/2025/09/05/bikhekh-protibedonfh-2025-09-05-16-41-53.png)
তৃতীয় লিংগ। বিভিন্ন ক্ষেত্ৰতে তৃতীয় লিংগক লৈ কেতবোৰ আলোচনা হোৱা পৰিলক্ষিত হয়। একবিংশ শতিকাৰ বৰ্তমান সময়ছোৱাতো বহু শিক্ষিত লোকে তৃতীয় লিংগৰ শ্ৰেণীটোক লৈ বিভিন্ন মতামত দিয়াৰ লগতে আলোচনা কৰা দেখা যায়। এই তৃতীয় লিংগক লৈ হৈ থকা শেহতীয়া আলোচনাবোৰ সামৰিয়েই অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
যোৱা কেইটামান বছৰৰ পৰা প্ৰতিটো ক্ষেত্ৰতে তৃতীয় লিঙ্গৰ প্ৰতিনিধিত্বক লৈ মুকলি আলোচনা হোৱা দেখা গৈছে যদিও আজিও তৃতীয় লিঙ্গৰ সন্মুখীন হৈ অহা সমস্যাৰ অন্ত পৰা নাই। সৰ্বোপৰি চিনেমা, ধাৰাবাহিক, ৱেব ছিৰিজকে ধৰি বিভিন্ন মাধ্যমত এতিয়াও তৃতীয় লিঙ্গৰ উপস্থাপন কমেডী, খলনায়ক আদিৰ মাজতে সীমাবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে।
এই মাধ্যমসমূহৰ জৰিয়তে তেওঁলোকৰ অধিকাৰৰ সন্দৰ্ভত এক শক্তিশালী জনমত গঠনৰ অৱকাশ আছিল যদিও দুৰ্ভাগ্যজনকভাৱে সেয়া হৈ উঠা নাই। ফলত তৃতীয় লিঙ্গৰ প্ৰতি মানুহৰ মনত গঢ় লোৱা ভুল ধাৰণাসমূহ এতিয়াও দূৰ হোৱা নাই।
ভাৰতৰ আঞ্চলিক ভাষাৰ ছবিৰ উদ্যোগেই হওঁক বা, দক্ষিণৰ ছবি উদ্যোগেই হওঁক অথবা বলিউড, হলিউডেই হওঁক, সকলো ক্ষেত্ৰতে তৃতীয় লিঙ্গৰ উপস্থাপন কেৱল মনোৰঞ্জন কেন্দ্ৰিকহে। হলিউডৰ চিনেমা যেনে “দ্য ক্ৰায়িং গেম” আৰু “এছ ভেণ্টুৰা” ত তৃতীয় লিঙ্গৰ চৰিত্ৰ হাস্যকৰ ৰূপত উপস্থাপন কৰা দেখা গৈছে।
একেদৰে বলিউডৰো বহু কেইখন বিগবাজেটৰ জনপ্ৰিয় ছবিত তৃতীয় লিঙ্গৰ উপস্থাপন কৰা হৈছে খলনায়ক হিচাপে। বলিউডৰ প্ৰায়সমূহ চিনেমাতেই তৃতীয় লিঙ্গৰ উপস্থাপন যে হাস্যৰসৰ বাবেহে কৰা হয় সেয়া চিনেমাখন চালেই বুজি উঠা যায়।
আনহে নালাগে অসমৰ দৰে ৰাজ্যত য’ত এতিয়াও ছবি উদ্যোগে ঠন ধৰি উঠিব পৰা নাই, ইয়াতো তৃতীয় লিঙ্গৰ উপস্থাপন হাস্যৰসৰ বাবেই কৰাৰ উদাহৰণ কেইবাটাও আছে। চিনেমা, ধাৰাবাহিক আদিত এইদৰে উপস্থাপন কৰা তৃতীয় লিঙ্গৰ চৰিত্ৰত দেখা নাযায় তেওঁলোকৰ জীৱনৰ বাস্তৱ প্ৰতিফলন।
নাথাকে তেওঁলোকে সমাজত সন্মুখীন হোৱা পৰিস্থিতিৰ বাস্তৱ বিশ্লেষণ। সেইসমূহ চৰিত্ৰত ফুটি নুঠে তৃতীয় লিঙ্গৰ সংগ্ৰাম।
অৱশ্যে তাৰ মাজতো হলিউড, বলিউড, জলিউডত এনে দুই-এখন চিনেমা নিৰ্মাণ হোৱা দেখা গৈছে য’ত তৃতীয় লিঙ্গৰ লোকসকলৰ চৰিত্ৰক কিছু বাস্তৱিকভাৱে উপস্থাপন কৰিবলৈ পৰিচালক, প্ৰযোজকে পাৰ্যমানে চেষ্টা কৰিছে আৰু সফলো হৈছে।“চুপাৰ ডিলাক্স”,“নানু আভান্মালা..আভালু” আদিৰ দৰে চিনেমাত দেখা গৈছে তৃতীয় লিঙ্গৰ বাস্তৱিক উপস্থাপন।
অ’ টি টি প্লেটফৰ্মসমূহৰ আগমণৰ সমান্তৰালকৈ সৃষ্টি হোৱা ৱেব ছিৰিজৰ ধাৰণাই বহু নতু সুযোগ সুবিধাৰো সৃষ্টি কৰিছে। সেই সুবিধা গ্ৰহণ কৰিয়েই ‘’অৰেঞ্জ ইজ দ্য নিউ ব্লেক’’ৰ দৰে ৱেব ছিৰিজ প্ৰচাৰ হৈছে। য’ত তৃতীয় লিঙ্গই অভিনয় কৰাৰ সুযোগ লাভ কৰিছে।
সামাজিক মাধ্যমতো তৃতীয় লিঙ্গই নিজা অভিজ্ঞতা মুকলিকৈ লিখিবলৈ সাহাস কৰাৰ এক পৰিবেশৰো সৃষ্টি হৈছে। অৱশ্যে অসমত এতিয়াও তৃতীয় লিঙ্গৰ সন্দৰ্ভত মুকলি চৰ্চা বৰ বেছি দেখা পোৱা নাযায়।
সামাজিক কাৰণতেই হওঁক অথবা পৰিয়াল কেন্দ্ৰিক কাৰণতেই হওঁক অথবা পৰিচয় কেন্দ্ৰিক কাৰণতেই হওঁক বহু তৃতীয় লিঙ্গই এতিয়াও বিভিন্ন নথিত তেওঁলোকৰ লিঙ্গ পৰিচয় লুকুৱাই ৰখাৰ উদাহৰণো যথেষ্ট আছে।
লিঙ্গভিত্তিক এনে চৰ্চাৰ প্ৰাসংগিকতা নিশ্চয়কৈ আছে। ২০১৯ ত মুক্তি লাভ কৰা প্ৰকাশ ডেকাৰ ‘ফায়াৰফ্লাইজ-জোনাকী’ পৰুৱা নামৰ অসমীয়া ছবিখনত এনে এক বিষয়েই তুলি ধৰা হৈছিল।
ছবিখনত ‘জাহ্ন’ শীৰ্ষক তৃতীয় লিঙ্গৰ মূল চৰিত্ৰত অভিনয় কৰিছিল বেনজামিন দৈমাৰীয়ে। এই চিনেমাখনৰ জৰিয়তে তৃতীয় লিঙ্গৰ জীৱন আৰু অভিজ্ঞতাক তুলি ধৰাৰ প্ৰয়াস কৰা হৈছিল।
কিন্তু চিনেমাখনৰ বিষয়ে যিধৰণে চৰ্চা হ’ব লাগিছিল সেই ধৰণে চৰ্চা হোৱা পৰিলক্ষিত নহ’ল। গুৱাহাটী মহানগৰীৰ দৰে ঠাইত তৃতীয় লিঙ্গই এতিয়া মুকলিকৈ নিজা পৰিচয় দিবলৈ সাহস কৰিছে যদিও গ্ৰামাঞ্চল বা সংখ্যালঘু অঞ্চলত এতিয়াও তৃতীয় লিঙ্গৰ লোকসকল বহুতৰ বাবে অস্পৃশ্য হৈয়ে আছে।
তাৰোপৰি তৃতীয় লিঙ্গৰ লোকসকলৰ শৈক্ষিক, সামাজিক অৱস্থাৰ সন্দৰ্ভত এতিয়াও যথাযথভাৱে পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। কোনোবা যদি শৈক্ষিকভাৱে কিছু আগবাঢ়িছেও সেইসকলো কৰ্মস্থলীত নানান সমস্যাৰ সন্মুখীন হৈছে।
শিক্ষাৰ পৰা দূৰত থকা তৃতীয় লিঙ্গৰ লোকসকলৰ মাজত বৃদ্ধি হোৱা দেখা গৈছে অপৰাধ প্ৰৱণতাও। এইসকলৰ শৈক্ষিক উত্তৰণৰ সন্দৰ্ভত বহু কৰণীয় আছে যদিও সেয়া কিমানদূৰ আগবাঢ়িছে সেয়াও প্ৰশ্নৰ বিষয়।
সকলো ক্ষেত্ৰতে সকলো পক্ষৰে প্ৰতিনিধিত্বৰ প্ৰয়োজন। এনে হলেই সকলো ক্ষেত্ৰতে বৈষম্য হ্ৰাস পাই আৰু নতুন সুযোগৰ পথ মুকলি হয়। ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি, সমাজ, শিক্ষা আদি সকলো ক্ষেত্ৰতে তৃতীয় লিঙ্গৰ যথাযথ প্ৰতিনিধিত্বই তেওঁলোকক মৰ্যাদাপূৰ্ণ এক জীৱন যাপনত যে সহায়ক কৰিব সেয়া নিশ্চিত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us