/asomiyapratidin/media/media_files/2025/09/08/ap-bikhekh-pratibedon-1-1-2025-09-08-12-08-32.jpg)
ৰাজ্য জোকাৰি যোৱা নলবাৰীৰ লোমহৰ্ষক ডকাইতি কাণ্ডৰ ৰহস্যৰ ওৰ পৰিল। কাষৰ ঘৰৰ চিনাকি যুৱক ভাস্কৰজ্যোতি ডেকা আছিল এই হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিল কি কি তথ্য ? অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন...
ৰাজ্য কঁপাই গৈছিল এটা ডকাইতি কাণ্ডই। নলবাৰী জিলাৰ ম’হখুলিত সংঘটিত হৈছিল এই লোমহৰ্ষক ডকাইতিৰ ঘটনা। নিশা ঘৰত প্ৰৱেশ কৰা ডকাইতৰ দলে কেৱল ঘৰৰ সা-সম্পত্তিয়েই লুটি নিয়া নাছিল, হত্যা কৰি গৈছিল ঘৰৰ মূল মানুহ প্ৰমোড চন্দ্ৰ বৰ্মনক।
২৯ আগষ্টৰ নিশা ৯-৩০ বজাত প্ৰমোদ চন্দ্ৰ বৰ্মন আৰু তেওঁৰ পত্নী মীৰা তালুকদাৰে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ লওতেই প্ৰৱেশ কৰিছিল মুখত কাপোৰ বান্ধি ডকাইতৰ দলটো। দুয়োকে হাত- ভৰি বান্ধি সা- সম্পত্তি লুট কৰাই নহয়, ডকাইতৰ দলটোৱে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী প্ৰমোদ চন্দ্ৰ বৰ্মনক মৰিয়াই মৰিয়াই হত্যা কৰি থৈ গৈছিল।
আৰক্ষীয়ে ১০ দিনৰ অন্তত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই ডকাইতি কাণ্ডৰ দুই মাষ্টাৰ মাইণ্ডক। তাৰে এটা ডকাইতৰ নাম মৃণ্ময় বেজবৰুৱা আৰু আনটোৰ নাম ভাস্কৰজ্যোতি ডেকা। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ যাওঁতে ভাস্কৰজ্যোতি ডেকাক চিনি পাইছিল প্ৰমোদ চন্দ্ৰ বৰ্মনে।
প্ৰমোদ চন্দ্ৰ বৰ্মনৰ কাষৰ ঘৰটোৱেই আছিল ভাস্কৰজ্যোতি ডেকাৰ ঘৰ। সুলভ মূল্যৰ দোকান আছে ভাস্কৰজ্যোতিহঁতৰ। ওচৰ- চুবুৰীয়াই ভাস্কৰজ্যোতিক মাতে ধন বুলি। সেয়েহে প্ৰমোদ চন্দ্ৰ বৰ্মনে তেওঁক চিনি পাই প্ৰশ্ন কৰিছিল- ”ধন তয়ো” বুলি।
সেই দুটা শব্দই কাল হ’ল প্ৰমোদ চন্দ্ৰ বৰ্মনৰ। ধৰা পৰাৰ ভয়ত হত্যা কৰি গৈছিল ভাস্কৰজ্যোতিহঁতে এই লোকজনক। তাৰ পাছত চুবুৰীয়া হিচাপে সুন্দৰ অভিনয় কৰি গৈছিল ভাস্কৰে। মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰমোদ চন্দ্ৰ বৰ্মনৰ নশ্বৰদেহ নিয়াৰ সময়ত পৰিলটোক সংগ দিছিল ভাস্কৰে।
আনকি অচিৰেই দোষীক কৰায়ত্ব কৰিবলৈ দাবী তুলিছিল এই ভাস্কৰজ্যোতি ডেকাই। আৰক্ষীয়ে তেওঁক সোধা- পোচা কৰিছিল যদিও বিশেষ প্ৰমাণ নোপোৱাত গ্ৰেপ্তাৰ কৰা নাছিল। শনিবাৰৰ নিশা প্ৰথমে নিজ বাঁহজানীৰ পৰা আৰক্ষীয়ে মৃণ্ময় বেজবৰুৱাক আটক কৰাৰ পাছত সকলো কথা ওলাই পৰে।
প্ৰমোদ চন্দ্ৰ বৰ্মনৰ ঘৰৰ পৰা লুটি নিয়া মোবাইল ফোনটো মৃণ্ময়ে উপহাৰ দিছিল গুৱাহাটীত থকা প্ৰেয়সীক। আৰক্ষীয়ে মৃণ্ময় বেজবৰুৱাৰ প্ৰেয়সী আৰু প্ৰেয়সীৰ মাকক আটক কৰি উদ্ধাৰ কৰিছে প্ৰমোদ চন্দ্ৰ বৰ্মনৰ পত্নীৰ মোবাইলটো। উল্লেখযোগ্য যে, ভাস্কৰজ্যোতি ডেকা বিজেপি যুৱ মৰ্চাৰ পশ্চিম নলবাৰীৰ এজন সক্ৰিয় সদস্য।