/asomiyapratidin/media/media_files/2025/03/19/aIK77nKajq0XL7jvQR4t.png)
সাম্প্ৰতিক সময়ৰ সমাজত প্ৰায়ে দেখি থকা ছবিবোৰৰ আঁৰতো থাকে বহু ছবি। যি ছবিয়ে সমাজ এখনৰ আচল স্বৰূপ উদঙাই দিব পৰা ক্ষমতা থাকে। হয়তো আপুনি, মই বিভিন্ন মাধ্যমৰ জৰিয়তে দেখি থকা ছবিবোৰত লুকাই আছে বহু অব্যক্ত কাহিনী আৰু কল্পনা কৰিব নোৱাৰা ৰহস্য ! দৰিদ্ৰতা আৰু নিৰক্ষৰতা এই দুই কাৰক বহু ক্ষেত্ৰতে এটা পৰিয়াল অথবা এখন সমাজৰ বাবে হ’ব পাৰে হেঙাৰ ! এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
আজিকালি সংঘটিত হৈ থকা ঘটনাবোৰৰ ভিতৰত প্ৰায়বোৰ ঘটনাৰ প্ৰধান কাৰকবোৰ হৈছে দৰিদ্ৰতা, অভাৱ, আৰ্থিক অনাটন ইত্যাদি। দৰিদ্ৰতাই হওক নাইবা আৰ্থিক দীনতাই হওক, এইবোৰ কাৰকে যেন মানুহৰ মাজৰ পৰা ‘মানুহ’ চৰিত্ৰটোৰ দূৰত্ব ক্ৰমান্বয়ে বাঢ়ি গৈছে।
লাহে লাহে যেন মানুহৰ মাজৰ পৰা হেৰাই গৈছে মানৱতা, মায়া আৰু মোহ। আদৰ্শ, সততাও যেন কেতিয়াবাই লুপ্ত হৈ গৈছে ! কাৰো প্ৰতি যেন দয়া, মমতা এইবোৰ নাইকীয়া হৈ গৈছে। এক কথাত অৰ্থই যেন এতিয়া এখন সমাজক আৰু এটা পৰিয়ালক লাহে লাহে কোঙা কৰিবলৈ লৈছে এনে বোধ হয় !
অৰ্থৰ বাবে মানুহে কৰি গৈছে নকৰিবলগীয়া বহু কাম। কৰি গৈছে মানৱতাহীন কাম- কাজ। লিপ্ত হৈছে অপৰাধ কিম্বা অনৈতিক কাৰ্যকলাপত।
তাৰোপৰি এচাম দৰিদ্ৰ আৰু নিৰক্ষৰ লোকক এটা মধ্যস্থতাকাৰী চক্ৰই দেখুওৱা অৰ্থলোভে তেওঁলোকৰ বিবেক, আদৰ্শ আৰু সততাক এন্ধাৰৰ মাজত ৰাখি; কৰি গৈছে উদ্দেশ্যপ্ৰণোদিত নীতি বিৰুদ্ধ কাম-কাজ। পৰিৱেশ ইমানেই ভয়াৱহ হৈ পৰিছে যে ১০ মাহ ১০ দিন গৰ্ভত ৰখা মাকেও বাধ্য হৈছে দেৱশিশু বিক্ৰী কৰাৰ দৰে কামত।
আপাত দৃষ্টিত এইবোৰ বেয়া কাম। এইবোৰ অন্যায়। কিন্তু অলপ গভীৰভাৱে বিশ্লেষণ কৰিলে অথবা চিন্তা কৰিলে গম পোৱা যায়, ইয়াৰ কাৰণ কি, ইয়াৰ কাৰক কি, কিহৰ তাড়নাত পেটৰ সন্তান বিক্ৰী কৰিবলৈ বাধ্য হয় এহাল পিতৃ-মাতৃ ? সকলো জানি, বুজিও যেন নিমাত বহু লোক !
কোন কোন জড়িত আছে ইয়াৰ অন্তৰালত ? সেয়াও এক নুবুজা সাঁথৰ যেনেই লাগে। আজিকালি চাৰিওফালে শুনা যায় মানৱ সৰবৰাহৰ কথা, দেৱশিশু বিক্ৰীৰ কথা। কি সামাজিক মাধ্যম, কি সংবাদ মাধ্যম; এই সকলোবোৰতে বাতৰিৰ শিৰোণাম হয় এই মানৱ সৰবৰাহৰ খবৰ।
এইখিনিতে এটা উল্লেখ কৰিব পাৰি যে, আঁৰত থাকিয়েই এটা চক্ৰই ৰাজ্যৰ ভিন্ন প্ৰান্তত নেটৱৰ্ক স্থাপন কৰি চলাই গৈছে এনে কাম- কাজ। এই কথা কোনোপধ্যেই নুই কৰিব নোৱাৰি।
হয়তো ক’ৰবাত ভুল চৰকাৰৰো আছে। ভুল আছে সজাগতা সৃষ্টিৰ ক্ষেত্ৰতো। চৰকাৰৰ উদ্যোগত যদি ভিতৰুৱা অঞ্চলসমূহত দৰিদ্ৰ আৰু নিৰক্ষৰ লোকসকলৰ মাজত তেওঁলোকে বুজি পোৱাকৈ সজাগতা সৃষ্টি কৰে; তেন্তে বহু অনাকাঙ্খিত ঘটনাৰ পৰা হাত সাৰি থকাৰ উপায় পাব পাৰি। আশা কৰিব পাৰি এখন সুস্থ আৰু সৰ্বাংগ সমাজৰ।
এইবোৰ কৰাৰ ক্ষেত্ৰত জনপ্ৰতিনিধি, মন্ত্ৰী, বিধায়কসকলোৰো যথেষ্ট কৰণীয় থাকে। তেওঁলোকৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ। খাতিখোৱা লোকসকলৰ মাজত যথোপযুক্ত সজাগতা সৃষ্টি নকৰিলে, নাইবা চৰকাৰে ঘোষণা কৰা আঁচনিয়ে প্ৰকৃতাৰ্থত ঢুকি নাপালে এইধৰণৰ ঘটনা সংঘটিত হোৱাৰ অৱকাশ থাকে।
অন্ন, বস্ত্ৰ আৰু বাসস্থান। এই তিনিওটা হৈছে দেশৰ সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰ। এই অধিকাৰসমূহক প্ৰাধন্য দি চৰকাৰে আঁচনি প্ৰস্তুত কৰে যদিও প্ৰকৃতাৰ্থত বহু দৰিদ্ৰ আৰু নিৰক্ষৰ লোকক এনেবোৰ আঁচনিয়ে ঢুকি নাপায়। তাৰ কাৰণো আছে বহু।
যেতিয়া চৰকাৰী আঁচনিয়েও এনে লোকসকলক ঢুকি নাপাব, তেতিয়া তেওঁলোকে বিবেকৰ বিৰুদ্ধে হৈ বহু নকৰিবলগীয়া কাম কৰিবলৈ বাধ্য হয়। কোলাৰ শিশুটিকো আনৰ হাতত তুলি দিবলৈ বাধ্য হয়।
অতি শেহতীয়াকৈ তেনে ঘটনা সংঘটিত হৈছে এইখন অসমৰে ওদালগুৰি জিলাৰ অন্তৰ্গত পূৱ পানেৰীত। জানিব পৰা মতে দৰিদ্ৰতাৰ বাবেই হেনো এহাল পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে দেৱশিশুক। কেৱল ইমানেই নহয়, আজি পৰা প্ৰায় দুবছৰ আগেয়ে একেই পিতৃ-মাতৃহালে বিক্ৰী কৰিছিল আন এটি সন্তানক।
অৰ্থাৎ দুটা বছৰত এটা এটাকৈ দুটা দেৱশিশু বিক্ৰী কৰিলে পিতৃ মাতৃহালে। এই দুৰ্ভগীয়া পিতৃ-মাতৃহাল হৈছে ক্ৰমে কাউলুং মূৰাৰী আৰু মাতৃ ৰীমা মূৰাৰী। তেওঁলোকক ঘৰ বান্ধি দিয়াৰ প্ৰলোভন দি জন্মৰ দিনাই লৈ গ'ল কন্যা সন্তান।
অঞ্চলটোৰ ভি ডি পি সম্পাদক লাটাং বড়োৰ সহযোগত দেৱশিশুটি বিক্ৰী কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে পিতৃ-মাতৃয়ে। উল্লেখ্য যে, যোৱা ৰবিবাৰে জন্ম হৈছিল কন্যা শিশুটিৰ।
আনহাতে এটা বছৰ পূৰ্বে দৰিদ্ৰতাৰ সুযোগ লৈ হাৱা বড়ো নামৰ দালালজনে এক লাখ টকা দিয়াৰ প্ৰলোভন দি ওদালগুৰি জিলাৰ মাজবাটত বিক্ৰী কৰি দিছিল আন এটি কন্যা সন্তান। পৰৱৰ্তী পৰ্যায়ত দালাল হাৱা বড়োৱে ১ লাখৰ পৰিৱৰ্তে পিতৃ- মাতৃক ১০ হাজাৰ টকা দি ৰাম-ঠগন দিয়াৰ কথা সদৰী কৰে দুৰ্ভগীয়া পিতৃ-মাতৃহালে।
এয়াই হৈছে আজিৰ সময়ত সংঘটিত হোৱা এক অবাঞ্চিত ঘটনাৰ জীয়া ছবি। যি ছবি পোহৰলৈ অহাৰ পাছতহে সকলোৱে জানিব পাৰিছে। এনে বহু ঘটনা আজিও ঘটিয়েই আছে। হয়তো পোহৰলৈ অহা নাই বাবে কোনেও একো গম পোৱা নাই !
আজিৰ এই উল্লেখিত ঘটনাৰ আঁত ধৰিয়েই এটা কথা ক’ব পাৰি যে, যোৱাবাৰ এই দুৰ্ভগীয়া পৰিয়ালটোৱে অৰ্থৰ অভাৱতে বিক্ৰী কৰিছিল প্ৰথমটো সন্তান। সেই কথা হয়তো সংগ্ৰামৰ মাজেৰে আহি আজি নেতা হোৱা প্ৰমোদ বড়োৱে নজনা বা নুশুনাকৈ থকা নাই !
একেদৰে আন এগৰাকী নেতা তথা বিৰোধী দলৰ নেতা দুৰ্গা দাস বড়োৰ ঘৰৰ পৰা মাত্ৰ কেইকিলোমিটাৰ নিলগৰ পানেৰীত সংঘটিত এই ঘটনাৰ বিষয়ে হয়তো তেঁৱো অৱগত আছিল। এই দুয়োগৰাকী নেতাই সেই দৰিদ্ৰ পৰিয়ালটিৰ ঘৰখনলৈ চাই পৰিস্থিতিৰ বুজ ল’ব পাৰিলেহেঁতেন !
তাৰোপৰি চৰকাৰী আঁচনিসমূহ পৰিয়ালটোৱে লাভ কৰিছে নে নাই নাইবা কিয় তেওঁলোকে শিশু বিক্ৰী কৰাৰ দৰে কাম কৰিব লগা হৈছে সেই বিষয়েও বুজ লোৱাৰ অৱকাশ আছিল। কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকে এই কাম কৰিছেনে ?
আৰ্থিক দীনতাই মানুহক ক’ৰ পৰা ক’লৈ লৈ যাব পাৰে; সেই কথা অনুভৱ কৰোতাজনেহে কৰিব পাৰিব। এটা ত্ৰিভুজসদৃশ ত্ৰিকোণ কাহিনীৰ দৰে হৈ পৰিছে এইধৰণৰ ঘটনা পৰিঘটনাবোৰ।
প্ৰথমে এটা পৰিয়ালৰ অভাৱ, দ্বিতীয়তে সেই অভাৱ দূৰ কৰাৰ প্ৰলোভন দিয়াৰ নামত এটা চৰিত্ৰ হৈ আহে এজন মধ্যস্থতাকাৰী আৰু তাৰ পাছত তৃতীয়জন গ্ৰাহক অথবা মানৱ সৰবৰাহেৰে জড়িত কোনো লোক। এনেকৈ আগবাঢ়ি গৈ আছে এইধৰণৰ কাৰবাৰবোৰ।
এতিয়া কথা হ’ল এইবোৰৰ পৰা পৰিত্ৰাণৰ উপায় কি ? এইবোৰ নিৰ্মূল কৰিবলৈ দায়িত্ব কাৰ ? কেৱল বাতৰি প্ৰকাশ হ’লেই জানো ওৰ পৰিব এইবোৰ সমস্যাৰ ? নে সমস্যাবোৰ সমস্যা হৈয়েই থাকিব ? নে সমস্যাৰ সমাধান উলিওৱাটোৱেই দায়িত্ব হ’ব ?
আচলতে সকলো সময়তে সমস্যাৰ তাৎক্ষণিক সমাধান উলিয়াই দায়সৰাটোৱেই কাম নহয়। সমস্যাৰ উৎস কি, তাক কেনেকৈ নিৰ্মূল কৰিব পৰা যাব তাৰ বাবেহে কৰিব লাগিব চিন্তা-চৰ্চা। ইয়াৰ বাবে লাগিব সঠিক দৃষ্টিকোণ, লাগিব উপযুক্ত পৰিকাঠামো।
এইক্ষেত্ৰত আগভাগ ল’ব লাগিব চৰকাৰে। চৰকাৰে পৰ্যায় অনুসৰি জনপ্ৰতিনিধি, বিধায়ক, বিভাগীয় মন্ত্ৰী তথা বিষয়া-কৰ্মচাৰীক দিব লাগিব দায়িত্ব। সময়ে সময়ে এই দায়িত্ববোৰ পৰ্যালোচনা কৰিব লাগিব।
ঠায়ে ঠায়ে উপযুক্ত সজাগতা সভা আহ্বান কৰি গঠন কৰিব লাগিব জনমত। এনেবোৰ কাৰ্যপন্থা তথা ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িলে নিশ্চয়কৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব পৰা থল থাকিব। তেতিয়াহে এইধৰণৰ ঘটনাবোৰ দুনাই সংঘটিত হোৱাৰ অৱকাশ নাথাকিব।