/asomiyapratidin/media/media_files/2026/02/07/whatsapp-image-2026-02-07-18-12-02.jpeg)
ইমান মানুহ ! কি এক আধ্যাত্মিক পৰিৱেশ ! বিশ্বতে বিৰল এনে দৃশ্য। এয়া আমাৰ সৌভাগ্য। শংকৰদেৱ আমাৰ গুৰু। তেওঁৰেই আদৰ্শৰে পৰিচালিত শ্ৰীমন্ত শংকৰদেৱ সংঘ। দায়িত্ব আছে এই মহান অনুষ্ঠানটোৰ। কৰ্মমুখী চেতনাৰে জাতিক আগুৱাই নিয়াৰ মহান দায়িত্ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন..
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনত লাখ লাখ ভক্তৰ আগমণ ঘটিছে। এক আধ্যাত্মিক পৰিৱেশ ৰচনা হোৱাৰ লগতে জামুগুৰিহাটত পুনৰবাৰ শক্তিশালী জাতীয় বুনিয়াদৰ পৰিকাঠামো গঢ়ি তোলাৰ সুযোগ আনি দিছে।
ইয়াৰ আধাৰতে শ্ৰীমন্ত শংকৰদেৱ সংঘই বহু কাম কৰ্মসূচী তৈয়াৰ কৰি কৰিব পাৰে। উৎপাদনশীলতাৰ সৈতে আধ্যাত্মিকতাক এক কৰি কৰ্মমুখী জাতীয়তাবাদক সম্প্ৰদায়ীহীন আৰু শ্ৰেণীমুক্ত সমাজ গঢ়াৰ বাবে সংঘই উদ্যোগ লোৱাটো এতিয়া প্ৰয়োজন হৈ পৰিছে।
সংঘৰ অধীনত থকা সহস্ৰাধিক প্ৰাথমিকৰ নামঘৰবোৰ সাংস্কৃতিক আখৰাৰ এক পীঠস্থান হ’ব পাৰে। এই বাৰ্ষিক অধিৱেশনত সমবেত হোৱা ৮০ লাখ মানুহৰ কৰ্মমুখী চেতনাই জাতিটোক অধিক গতিশীল কৰি তুলিব পৰাকৈ সেই কৰ্মসূচীসমূহ তৈয়াৰ হ’ব লাগে।
মহিলা, শিশু, যুৱক- যুৱতী সকলোৰে উত্তৰণৰ বাবে সংঘত সুযোগ দিয়াৰ যি পৰম্পৰা আছে, সেই পৰম্পৰাই কৰ্ম দক্ষ এক বাহিনী তৈয়াৰ কৰি স্ব-নিয়োজনৰ বাট কৰ্ষণ কৰিলে, ই হ’ব আধ্যাত্মিকতাৰ লগতে এক আৰ্থিক বিল্পৱ। এনে পৰিৱৰ্তনৰ আশা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা আমি কৰো। সেই ৰূপৰেখা নিৰ্ণয়ৰ বাবে প্ৰয়োজনত অভিজ্ঞ লোকসকলৰ সৈতে সংঘৰ নেতৃত্বৰ মত- বিনিময় হ’ব লাগে।
কেৱল মেলামুখীতাৰে আধ্যাত্মিক চেতনাত ডুব গৈ ৩/৪ দিনৰ বাবে হৰিনামৰ ৰসত বুৰ গৈ কোটি কোটি টকা ব্যয় কৰিলে গুৰুজনাই দি যোৱা আদৰ্শ প্ৰসাৰ আৰু প্ৰতিষ্ঠা নহ’ব। ইয়াৰ বাবে গুৰুজনাই কোৱাৰ দৰে প্ৰথমে চাউল কথা, তাৰ পাছতহে হৰিকথা নীতিৰে সংঘ আগবাঢ়িব লাগিব।
আন অনুষ্ঠানবোৰৰ দৰে প্ৰদৰ্শনধৰ্মিতাৰ বিপৰীতে অৱস্থান লোৱা বুলি সংঘৰ এক সুনাম আছে। সেই সুনামক অধিক ত্বৰান্বিত কৰি জাতীয় জীৱনক শক্তিশালীৰূপত পৰিশিলিতভাৱে তুলি ধৰাত শংকৰদেৱ সংঘৰ দায়িত্ব অনেক।
জনপ্ৰিয় আৰু ক্ষমতাত লোকসকলক আমন্ত্ৰণ কৰি মঞ্চত বহুৱাই গামোচা পিন্ধালে গুৰুজনাৰ ভক্তিবাদক কৰ্ষণ কৰা নহ’ব। যি মহৎ লক্ষ্যৰে শংকৰদেৱ সংঘ প্ৰতিষ্ঠা কৰা হৈছিল, সেই লক্ষ্যত উপনীত হ’বলৈ সংঘৰ লাখ লাখ ভকত- বৈষ্ণৱক সময়ৰ পৰিৱৰ্তিত ধাৰাৰে আগুৱাই নিওতে কৰ্মমুখী চেতনাক প্ৰাধান্য দিব লাগিব।
প্ৰাথমিকত থকা নামঘৰসমূহক সাংস্কৃতিক চৰ্চাৰ প্ৰাণ কেন্দ্ৰ আৰু সুস্থ সমাজ ব্যৱস্থাৰ এক আধাৰৰূপে তৈয়াৰ কৰিবলৈ যাওঁতে নিৰ্দিষ্ট কৰ্মসূচীৰ প্ৰয়োজন হ’ব। সেই কথা অনুধাৱন কৰিব পাৰিব লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেতৃত্বই।
জগত গুৰু শংকৰদেৱ অসমীয়া জাতিৰ প্ৰতিষ্ঠাৰ বাটকটীয়া। শংকৰদেৱৰ মূল্যায়ন তাত্বিকভাৱে যথেষ্ট হৈছে। গুৰুজনাৰ সৃষ্টিৰাজিক লৈ আলোচনা চলে। কিন্তু ব্যৱহাৰিকভাৱে শংকৰদেৱৰ কৰ্মৰাজিক আমি কিমানজনে অনুকৰণ কৰো ? তেওঁৰ দৰ্শনৰ মূল্যবোধে ব্যক্তিগত জীৱনত প্ৰতিটো মুহূৰ্ততে আমাক কেনেদৰে প্ৰেৰণা দিব পাৰে, তাৰো চৰ্চা হ’ব লাগে।
আধ্যাত্মিকতাৰ পৰা বিজ্ঞান মনস্কতালৈকে শংকৰদেৱৰ সৃষ্টিত সকলোখিনি আছে। তাৰোপৰি গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল আৰু স্বাৱলম্বী কৰাৰ দিশত শংকৰদেৱৰ চিন্তা-চেতনা সেই তেতিয়াই সমাজক কৰ্মমুখী কৰিবলৈ উদঙণি দি আহিছে।
গুৰুজনাৰ বৰগীতসমূহত অন্তৰ্নিহিত আধ্যাত্মিকতাই এফালে জীৱনক তুলি ধৰে, আনফালে সেই জীৱনৰ সৈতে সংসাৰৰ মায়াৰ মাজত অন্ধ হৈ পৰা ধন-সম্পত্তি সৰ্বস্ব জীৱনক ভ্ৰুকৃটি কৰে। গুৰুজনাই সেয়েহে লিখিছিল-
।। ৰাগঃ কেদাৰ।।/ ধ্ৰুং।। পাৱে পৰি হৰি কৰোহোঁ কাতৰি/ প্ৰাণ ৰাখবি মোৰ।/ বিষয় বিষধৰ বিষে জৰজৰ/ জীৱন নাৰহে থোৰ।।/ পদ।। অথিৰ ধনজন জীৱন যৌৱন/ অথিৰ এহু সংসাৰ।/ পুত্ৰ পৰিৱাৰ সবহি অসাৰ/ কৰবো কাহেৰি সাৰ।।...
শংকৰদেৱৰ আদৰ্শক আগুৱাই নিবৰ বাবে সুস্পষ্ট গৱেষণা এতিয়াও হোৱা নাই। নামঘৰসমূহ স্থাপন কৰাতো শংকৰদেৱৰ আছিল সাম্যবাদৰ অন্যতম উদাহৰণ। সেই নামঘৰতে নাম-কীৰ্তন, শুভ কামৰ আৰম্ভণি, ৰাজহুৱা মঞ্চ, বিচাৰ, সংস্কৃতিৰ চৰ্চা আদি সকলো হৈছিল। গ্ৰাম্য অৰ্থনীতিৰ পৰিকাঠামো তেওঁ নিৰ্মাণ কৰিব খুজিছিল অসমীয়া সমাজত। কৰ্মমুখী কৰিব বিচাৰিছিল অসমৰ যুৱক-যুৱতীসকলক। সকলো বস্তু থলুৱাভাৱে নিৰ্মাণ কৰাৰ পোষকতা কৰিছিল শংকৰদেৱে।
সত্ৰসমূহ এতিয়া সংস্কৃতিৰ পীঠস্থান বুলি কোৱা হয়। ভাল লগা কথাতো হ'ল- এক স্বাৱলম্বী জাতিৰ সপোন দেখা শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ লগতে আন সকলো দিশক গুৰুত্ব দিছিল। বৰ্তমান নতুন প্ৰজন্মই শংকৰদেৱৰ সৃষ্টি সত্ৰীয়া নৃত্যক কেৰিয়াৰ ৰূপে গ্ৰহণ কৰা দেখা গৈছে। বিশ্বৰ আন গুৰু সংগীতৰ সৈতে শংকৰদেৱে বৰগীতক এনে এক পৰ্যায়ত স্থাপন কৰি গৈছে যে তাৰ তুলনা কিছু কিছু দিশত সেই গুৰুসংগীতৰ উচ্চপৰ্যায়ৰ। এইবোৰ সাধাৰণ লোকৰ মন্তব্য নহয়। মাটি আখৰা গুৰুজনাই সুস্থ-সবল মনৰ বাবে প্ৰয়োজনীয় বুলি তেতিয়াই বিশ্বাস কৰিছিল। যিটো সত্ৰীয়া নৃত্যৰ বাবে আছিল অতিকৈ প্ৰয়োজনীয়। ইয়াৰ দ্বাৰাই শৰীৰটোক নাচৰ উপযোগী কৰি শুদ্ধভাৱে গঢ়ি তোলাত সহায়ক হয়।
মাটি আখৰা শিকিলেহে ধ্ৰুপদী নৃত্যৰ অধিকাংশ কথা শিকিব পাৰি। এই আখৰা শিকিবলৈ আজিও মাজুলীলৈ দৌৰি আহে বহু দেশ-বিদেশৰ লোক। তাৰ ভিতৰত থাকে বিশ্বৰ নামি-দামী নৃত্য শিল্পীসকলো। এই আখৰাৰ আৰম্ভণিতে শিকা জনে তললৈ পেট পেলাই সোফালে গল ঘূৰাই বাহুৰ সমানে হাতখন মেলি দি ভৰি দুখন সমানে সম্প্ৰসাৰিত কৰিব লাগে। আঁঠুৰ তলচোৱা আনি তাৰপাছত গুৰুহাত লগাব লাগিব। গুৰুৱে সোঁভৰিৰে বাহুৰ পৰা ক্ৰমে তপিনালৈকে গচকি দিলে গাতো শিথিল কৰি দিয়ে। এই আখৰা সম্পূৰ্ণ কৰাৰ পাছতহে প্ৰথম নৃত্য শিকাৰুক নৃত্যৰ সৰলভংগী কৰিবলৈ দিয়া হয়। প্ৰত্যেক সত্ৰৰে আছে নিজা নিজা মাটি আখৰা। সেই সংখ্যা ভিন্ন। ইয়াৰ ভিতৰত কেইটামান উল্লেখযোগ্য মাটি আখৰা হ'ল- বহি মূৰুকা, থিয় মূৰুকা, মতা ওৰা, মাইকী ওৰা, ওৰাত বহা, ওৰা-চটা, খৰ, লুটি-খৰ, টমান-মুচৰা, ভাৰ-ভগা, হাত-পকোৱা, ম'ৰাই পানী খোৱা, বাঘ জাপ আদি ৷ নাৰায়ন চন্দ্ৰ গোস্বামীয়ে 'সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা' নামৰ গ্ৰন্থত ৭০টা মাটি আখৰাৰ বৰ্ণনা দিছে৷ তেনে কেইটামান আখৰা হ'ল- ওৰা, ওৰাত বহা, ওৰাত গেৰুৱা লগোৱা, ওৰা চটা, ওৰাত জাপ, খৰ, লুটি খৰ, চিত খৰ, চিতা পাক, গোৰ পাক, চেৰেকী পাক, উঘা পাক, কাতি পাক, উৰ পাক, টুকুৰা পাক, আকল পাক, শাৰী পাক, মাইকী পাক, ভেকোলা জাপ, বাঘ জাপ আদি৷
গুৰুজনাই উদাৰ মনোভাৱেৰে অসমীয়া সমাজখন গঢ়িছিল। ইয়াত কোনো ভেদ-ভাব ৰাখিব বিচৰা নাছিল। ধৰ্মীয় এই সংস্কাৰ আৰু প্ৰগতিবাদী চিন্তা-ধাৰাক আমি কেতিয়াবা ধৰি ৰাখিব পৰা নাই। সেই উদাৰতাৰ মাজতেই বিভিন্ন শক্তিয়ে আমাক ধৰ্মীয় আৰু জাত-ভেদৰ মেৰুবিভাজনেৰে বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
অসমীয়া জাতীয় সত্তাক বুজিবলৈ শংকৰদেৱৰ কৰ্মৰাজি আৰু দৰ্শনক অতি সুক্ষ্মভাৱে অধ্যয়ন কৰিব লাগিব। কেৱল জন্মজয়ন্তীত নাম-কীৰ্তন পাতিলেই গুৰুজনাৰ আদৰ্শৰ সমাজত প্ৰতিষ্ঠা নহয়। এই দিশত গুৰুজনাৰ আদৰ্শক আগুৱাই নিব খোজা বৃহৎ অনুষ্ঠানসমূহৰো দায়িত্ব আছে। তেনে অনুষ্ঠানসমূহে গুৰুজনাক সৰ্বগ্ৰহণযোগ্য কৰিব পৰাকৈ তেওঁৰ চিন্তা-চেতনাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটাব লাগিব। কেৱল এক নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত নিজাকৈ প্ৰস্তুত কৰা কিছু নীতি নিয়মেৰে গুৰুজনাক মানুহৰ মাজলৈ নিব নোৱাৰে। ইয়াৰ বাবে সেইসকল ব্যক্তি তথা অনুষ্ঠানৰ মানসিকতাৰ কিছু কিছু দিশত সলনি কৰাৰো প্ৰয়োজন নথকা নহয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us