Advertisment

বগা চাউলৰ ৬৯ হাজাৰ কোটিটকীয়া ক’লা বজাৰ

১৪ ছেপ্তেম্বৰ ২০২২। এটা ছাত্ৰ সংগঠনৰ সহযোগত আৰক্ষীয়ে জব্দ কৰিছিল কেইবাশ কুইণ্টল চাউল। অনুসন্ধানত পোহৰলৈ আহিছিল সেই চাউলখিনি আছিল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত হিতাধিকাৰীক বিলাবলৈ দিয়া চৰকাৰী চাউল।

author-image
Asomiya Pratidin
New Update
report

সমগ্ৰ দেশজুৰি এতিয়া গঢ় লৈ উঠিছে বগা চাউলৰ এখন ক’লা বজাৰ। অসমতো চলি আছে সেই বজাৰ। কোনে, কেনেকৈ সেই বজাৰ চলাই আছে- এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই প্ৰতিবেদন

Advertisment

 

১৪ ছেপ্তেম্বৰ ২০২২। এটা ছাত্ৰ সংগঠনৰ সহযোগত আৰক্ষীয়ে জব্দ কৰিছিল কেইবাশ কুইণ্টল চাউল। অনুসন্ধানত পোহৰলৈ আহিছিল সেই চাউলখিনি আছিল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত হিতাধিকাৰীক বিলাবলৈ দিয়া চৰকাৰী চাউল।

এনেবোৰ খবৰ প্ৰায়েই পোহৰলৈ আহে। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা আৰক্ষীয়ে অভিযান চলাইছিল এম এছ লাৰুৱা কো-অপাৰেটিভ ছ’চাইটিত। সেইদিনাও জব্দ হৈছিল ৬,৪১৫ কুইণ্টল চাউল। পিছত গম পোৱা গৈছিল সেই চাউলখিনিও আছিল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত আৱণ্টিত চাউল।

৩০ জুন ২০২৩। ঢেকিয়াজুলি আৰক্ষীয়ে তদন্ত কৰি ৭জন লোকক গ্ৰেপ্তাৰ কৰিছিল। এই লোককেইজনে চৰকাৰী চাউলৰ এখন বহুকোটিটকীয়া ক’লা বজাৰ গঢ়ি তুলিছিল। 

৯ অক্টোবৰ ২০২৪। নিশা চাংসাৰি থানাৰ অন্তৰ্গত মদনপুৰ টোলগেটত স্পেচিয়েল টাস্ক ফ’ৰ্চে এখন ট্ৰাক জব্দ কৰিছিল। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ আছিল এ এছ ১৯ এ চি ৫০৭৮। ট্ৰাকখনত আছিল ৩০ টন চাউল। বৰপেটাৰ পৰা মেঘালয়লৈ ট্ৰাকখনে এই চাউলখিনি লৈ গৈ আছিল। সেই চাউলখিনিও আছিল হিতাধিকাৰীক দিবলৈ চৰকাৰে আৱণ্টন কৰা চাউল।

এই ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে ৬শ টন চাউল জব্দ কৰিবলৈ সক্ষম হৈছিল। ৮ আগষ্ট ২০২৩ত বকো বজাৰত আৰক্ষীয়ে জব্দ কৰিছিল এ এছ ২৫ ই চি ২৪২৮ নম্বৰৰ ট্ৰাকখন। এই ট্ৰাকখনত আছিল ২০০ বেগ চাউল। পুৱতি নিশা ট্ৰাকখনে হাহিম হৈ চাউলখিনি মেঘালয়লৈ নিয়াৰ পৰিকল্পনা কৰিছিল। 

এইবোৰ উদাহৰণ। ৰাজহুৱা বিতৰণ ব্যৱস্থা অৰ্থাৎ পি ডি এছৰ জৰিয়তে বিনামূলীয়াকৈ বিলাবলৈ দিয়া বিভিন্ন আঁচনিৰ চাউলৰ ক’লা বজাৰ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। কেৱল চাউলেই নহয়, ঘেঁহুৰো এনে এখন ক’লা বজাৰ গঢ়লৈ উঠিছে। 

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা চমুকৈ পি এম জি কে ৱাইৰ অধীনত বিতৰণ কৰিবলৈ দিয়া চাউল আৰু ঘেঁহুৰ ২৮ শতাংশই হৰলুকি হয়। সমগ্ৰ দেশজুৰি ইণ্ডিয়ান কাউন্সিল ফৰ ৰিচাৰ্ছ এণ্ড ইণ্টাৰনেচনেল ইক’নমিক ৰিলেচন চমুকৈ আই চি আৰ আই ই আৰে এই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সন্দৰ্ভত এক অধ্যয়ন চলাইছিল।

সেই অধ্যয়নত পোহৰলৈ অহা তথ্য অনুসৰি বিতৰণ কৰিবলৈ দিয়া ২৮ শতাংশ খাদ্য সামগ্ৰী হিতাধিকাৰীৰ কাষ নাপাইগৈ। ২০২২ৰ আগষ্টৰ ২০২৩ৰ জুলাইলৈকে এই সময়ছোৱাত দেশৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত বিলাবলৈ দিয়া ১৭ মিলিয়ন টন চাউল হৰলুকি হৈছে। 

উক্ত সময়ছোৱাত ৩ মিলিয়ন টন ঘেঁহু হকলুকি কৰিছে ক’লা বেপাৰীয়ে। এই খাদ্য শস্যৰ বাবদ এই সময়ছোৱাত ৬৯,০০০ কোটি চৰকাৰৰ লোকচান হৈছে। অধ্যয়নমূলক এই প্ৰতিবেদনখনৰ মতে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত চৰকাৰী চাউল হৰলুকি হোৱাৰ শীৰ্ষ তালিকাত আছে গুজৰাট। তাৰ পাছতে আছে উত্তৰ- পূৰ্বাঞ্চল।

অৰুণাচল, নাগালেণ্ডৰ বাবে আৱণ্টিত চাউল মাজবাটতে হেৰাই যায়। সেই চাউল যায় চুবুৰীয়া বাংলাদেশ, নেপাল আদি দেশলৈ। সমগ্ৰ দেশতে এনেদৰে বিতৰণ কৰিবলৈ দিয়া চাউল হৰলুকি হোৱাৰ এই ঘটনাই দেশৰ বাবে এক উদ্বেগৰ বিষয় হৈ পৰিছে। 

বিহাৰ, পশ্চিমবংগ আদি ৰাজ্যই হৰলুকি হোৱা খাদ্য সামগ্ৰীৰ পৰিমাণ হ্ৰাস কৰিবলৈ সক্ষম হৈছে। কিন্তু তাৰ বিপৰীতে উত্তৰ প্ৰদেশ, তামিলনাডু আদি ৰাজ্যত হৰলুকি হোৱা খাদ্য সামগ্ৰী যেনে- চাউল, ঘেঁহু আদিৰ পৰিমাণ বৃদ্ধি পাই গৈ আছে। 

বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰা এই আঁচনি ২০২৮চনলৈকে সম্প্ৰসাৰিত কৰা হৈছে। এই আঁচনিৰ অধীনত প্ৰতিমাহে একোজন হিতাধিকাৰীক ৫ কেজিকৈ চাউল বা ঘেঁহু যোগান ধৰা হয়। এই বিনামূলীয়া প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাই দেশৰ ৮১৩ মিলিয়ন লোকক সামৰি লৈছে। ইয়াৰ বাবদ বছৰি ব্যয় হয় ২.৭২ লাখ কোটি টকা।

লক্ষ্যণীয় যে সেই ধনৰে ৬৯,০০০ কোটি টকা বগা চাউলৰ এখন ক’লা বজাৰ গঢ় লৈ উঠিছে। যাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি আই চি আৰ আই ই আৰে উদ্বেগ ব্যক্ত কৰি তথ্যগতভাৱে এই অধ্যয়নমূলক প্ৰতিবেদন প্ৰকাশ কৰিছে।

চাউল চাউল কেলেংকাৰী