'ৰাম' নামধাৰী ৰামলালৰ আখ্যান...

নাম তেওঁৰ ৰামলাল। ঘৰ- চণ্ডীগড়। কৰ্ম- দিন হাজিৰা। বাসস্থান- সৰু এটা জুপুৰি। দিনৰ সাঁজ খাই, ৰাতিৰ সাঁজ যোগাৰ কৰিবৰ বাবে ৰামলালে দিনৰ দিনটো লোকৰ ঘৰত কৰি ফুৰে দিন- হাজিৰা। 

author-image
Asomiya Pratidin
New Update
bikhekh protibedon web ap

যোগ্য- ভোগ্য- বসুন্ধৰা। কাৰ ভাগ্যৰ দুৱাৰ কেতিয়া খোল খাই, সেয়া কোনেও নাজানে। বিধাতাই লিখি থোৱা বিধান কেতিয়া সুপ্ৰসন্ন হয় তাকো কোনেও নিৰ্ধাৰণ কৰিব নোৱাৰে। সকলো সময়ৰ খেল। সময়ে যাক, যেতিয়া, য’লৈ নিয়ে, সি তালৈ যাবলৈ বাধ্য। দৰিদ্ৰ, নিঃকিন জনো কেতিয়াবা হৈ পৰিব পাৰে কোটিপতি। নাইবা সদাগৰ জনো কেতিয়াবা হৈ পৰে পথৰ ভিক্ষাৰী। তেনে এটা সঁচা ঘটনাই আজিৰ প্ৰতিবেদনৰ মূল বিষয়। এই সম্পৰ্কত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন- 

নাম তেওঁৰ ৰামলাল। ঘৰ- চণ্ডীগড়। কৰ্ম- দিন হাজিৰা। বাসস্থান- সৰু এটা জুপুৰি। দিনৰ সাঁজ খাই, ৰাতিৰ সাঁজ যোগাৰ কৰিবৰ বাবে ৰামলালে দিনৰ দিনটো লোকৰ ঘৰত কৰি ফুৰে দিন- হাজিৰা। 

কেতিয়াবা হাজিৰা পাই, কেতিয়াবা নাপায়। অভাৱ তেওঁৰ চিৰ লগৰী। দিনৰ দিনটো লোকৰ ঘৰত গোবাৰী খাটি সন্ধিয়া পোৱা দিন-হাজিৰাটোৰে কোনো মতে ভাতসাঁজ খাই চলি যোৱা জীৱনটো চলাই নিছে। টকাৰ বাবে কেতিয়াবা বিচৰা বস্তুপদো নোপোৱাৰ বেদনাই প্ৰায়েই দগ্ধ কৰে তেওঁ। 

তাৰোপৰি পৰিয়ালৰ অভাৱ- অভিযোগবোৰ আছেই। অনিদ্ৰা- অনাহাৰে কেতিয়াবা বৰষুণত তিতি বুৰি পৰিয়ালটোক সাৱটি জুপুৰিটোতে নিশা কটাই ৰামলালে। কিন্তু এই অভাৱ আৰু কিমান দিনলৈ সহ্য কৰিব ৰামলালে। 

টকা সকলোকে লাগে। টকা নহ’লে জীৱনত একো নাই। টকাই সকলো। টকা ঘটাৰ বিভিন্ন উপায় আছে যদিও এই টকা ঘটাৰ সহজ উপায়ো আছে দুনীয়াত- এইকেইটা কথাই ৰামলালৰ মন- মগজু চুই গ’ল। 

দিন- হাজিৰা কৰা ৰামলালৰ মূৰত খেলিলে সহজে ধন ঘটাৰ কৌশল। সকলো ঠিকেই আছিল যদিও এই দুঃচিন্তাই লাহে লাহে ৰামলালৰ মন- মগজুত ক্ৰিয়া কৰিবলৈ ধৰিলে। জুপুৰিত থাকি দিন- হাজিৰা কৰা ৰামলালে অৱশেষত ঠগ- প্ৰৱঞ্চনাৰে ধন ঘটাৰ উপায় বিচাৰিলে আৰু হাতে-কামে লাগি গ’ল ৰামলাল। 

ৰামলালাৰ বাবে দিন- হাজিৰা এতিয়া অতীত আৰু ঠগ- প্ৰৱঞ্চনা বৰ্তমান। এই কথাকে সৰোগত কৰি ৰামলালে কৰি গ’ল অনৈতিক কাৰ্যকলাপ। নিঃকিন ৰামলালে ঠগ-প্রৱঞ্চনাৰে ১৫০ কোটি টকাৰো অধিক সম্পত্তিৰ গৰাকী হৈ পৰিল। 

পৰৱৰ্তী সময়ত ৰামলাল এজন ৰিয়েল ইষ্টেত খণ্ডৰ প্রতিষ্ঠিত ব্যৱসায়ী হৈ পৰে। চণ্ডীগড়ৰ ছেক্টৰ ৪৬ ত বাস কৰা ৰামলালৰ বিৰুদ্ধে ইডিয়ে শেহতীয়াকৈ ধনৰ অবৈধ লেনদেন গোচৰ ৰুজু কৰাৰ পিচতে প্রকৃত সত্য পোহৰলৈ আহে। 

আনকি ইডিয়ে ৰামলাল আৰু তেওঁৰ পুত্র অমিত কুমাৰৰ বিৰুদ্ধে চণ্ডীগড় জিলা আদালতত অভিযোগনামা দাখিল কৰিছে। আদালতে দুই অভিযুক্তৰ বিৰুদ্ধে জাননী জাৰি কৰি অহা ৬ফেব্রুৱাৰীত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন জাৰি কৰিছে। 

চাৰি বছৰ পূর্বে ৰামলালৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ দুটা গোচৰ ৰুজু হৈছিল। এই গোচৰ দুটাৰ তদন্তৰ কালতে ৰামলালৰ অবৈধ বিত্তীয় সাম্রাজ্যৰ তথ্য লাভ কৰে ইডিয়ে। প্রায় তিনি বছৰ ধৰি ইডিয়ে তদন্ত চলাইছিল। ৰামলাল চৌধুৰীৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ডেৰশ কোটি টকা হ'বগৈ। 

তেওঁৰ বাসগৃহৰ পৰা বি এম ডব্লিউ, মার্চিডিজ আদিৰ দৰে বিলাসী গাড়ীও উদ্ধাৰ হৈছে। পাঁচ দশক পূর্বে ৰামলালে চণ্ডীগড়লৈ আহি ৰামদৰবাৰ কলনিত সাধাৰণ জুপুৰিত বাস কৰি দিন হাজিৰা কৰা ৰামলালৰ এতিয়া এই দশা...

ইডি