অসমত মোডীৰ কি ভ্ৰমণসূচী : পঢ়ক সবিশেষ

১৭ জানুৱাৰী ২০২৬। বিয়লি ৫-২০ বজাত অৱতৰণ কৰিবহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঢ়িয়াই অনা বিশেষ বিমান। বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হ’ব মোডীক। সাজু কৰি থোৱা বিশেষ বাহনত উঠি বিমান বন্দৰৰ পৰা মোডী আহিব

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-16 at 12.53.16 PM

প্ৰায় এমাহৰ ব্যৱধানত এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো অসম ভ্ৰমণ কাৰ্যসূচী। মোডীৰ এই দুদিনীয়া ভ্ৰমণসূচীত কি কি আছে কাৰ্যসূচী। এই সন্দৰ্ভত সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন...

১৭ জানুৱাৰী ২০২৬। বিয়লি ৫-২০ বজাত অৱতৰণ কৰিবহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঢ়িয়াই অনা বিশেষ বিমান। বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হ’ব মোডীক। সাজু কৰি থোৱা বিশেষ বাহনত উঠি বিমান বন্দৰৰ পৰা মোডী আহিব সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলীলৈ। 

সন্ধিয়া ৬-০০ বজাত সেই স্থানত আয়োজন কৰা বাগুৰুম্বা নৃত্য প্ৰদৰ্শনৰ বিশেষ অনুষ্ঠানত মুখ্য অতিথি হ’বহি প্ৰধানমন্ত্ৰী মোডী। প্ৰায় ১০,০০০ শিল্পীয়ে প্ৰদৰ্শন কৰিব এই নৃত্য। বিহু, ঝুমুইৰৰ পাছত এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

অনুষ্ঠান শেষ কৰি প্ৰধানমন্ত্ৰীগৰাকী যাব খানাপাৰাৰ কইনাধৰাত থকা ৰাজ্যিক অতিথিশালালৈ। তাতেই নিশাটো কটাব প্ৰধানমন্ত্ৰী মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে অতিথিশালাতে সাজু কৰা হ’ব নৈশ আহাৰ। 

১৮ জানুৱাৰী ২০২৬ৰ পুৱা ৯-৩০ বজাত প্ৰধানমন্ত্ৰী মোডী আহিব অতিথিশালাৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰলৈ। তাতেই সাজু কৰি থোৱা হেলিকপ্টাৰত উঠি মোডী ৰাওনা হ’ব কলিয়াবৰলৈ। কলিয়াবৰৰ মৌচন্দা পথাৰত আয়োজিত বিশাল সমাবেশত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

দিনৰ ১১-০০ বজাত আছে এই কাৰ্যসূচী। উক্ত অনুষ্ঠানতে মোডীয়ে কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ ৭হাজাৰ কোটিটকীয়া প্ৰকল্পৰ শিলান্যাস কৰিব। সভা সামৰি হেলিকপ্টাৰেৰে দুপৰীয়া ১২-১৫ বজাত মোডী উভতি আহিব কলিয়াবৰৰ পৰা গুৱাহাটী বিমান বন্দৰলৈ। 

দুপৰীয়া ১-০০ বজাত প্ৰধানমন্ত্ৰী মোডী বৰঝাৰ বিমান বন্দৰৰ পৰা বিশেষ বিমানেৰে উভতিব নতুন দিল্লীলৈ। এয়া মোডীৰ ১৭ আৰু ১৮ জানুৱাৰী ২০২৬ৰ দুদিনীয়া অসম ভ্ৰমণৰসূচী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নৰেন্দ্ৰ মোডী