/asomiyapratidin/media/media_files/2026/01/24/new-bikhekh-pr-2026-01-24-14-43-37.jpeg)
পদূলিত ফাগুন ! এই ফাগুনৰো আছে যে কত কথা। এই ফাগুনৰো আছে কত বেথা। কোনোবাই বলিয়া ফাগুন আখ্যা দিলেও ফাগুনে কঢ়িয়াই আনে ব’হাগৰ বতৰা। চঞ্চল মন হেৰাই যাই উদাসীন পৃথিৱীত। সেই ফাগুনক লৈয়ে অসমীয়া প্ৰতিদিন ডিজিটেলত আজিৰ এই বিশেষ প্ৰতিবেদন…
সৰা পাতে পাতে আৰু কিছুদিনৰ পাছতে নামি আহিব ফাগুন। লঠঙা ডালবোৰত নতুন পাতৰ আগমনৰ বাবে এই ফাগুনে মেলি দিব দলিচা। ব্যাকুল হৈ উৰিব ফাগুনৰ বতাহ। ধূলিয়ৰি আকাশত উৰিব কোনোবা কবিৰ কল্পিত প্ৰেমিকাৰ অবাধ্য চুলি।
সেয়ে হয়তো ফাগুন মানেই বহুতৰ বাবে এলাৰ্জি হ’লেও এয়া এক পৰিৱৰ্তনৰ সময়। চৌদিশে সেই পৰিৱৰ্তনৰ পটভূমি ৰচনা কৰে প্ৰকৃতিয়ে। সৃষ্টি হয় এক আধ্যাত্মিক পৰিৱেশৰ। ফুলে ৰঙা ফুলবোৰ। পলাশৰ তেজীৰঙাত বৈ আহে চঞ্চল পৃথিৱীক অবাধ্য কৰা কামনাৰ নৈ...।
ৰঙা শিমলুবোৰ ফুলি তুলা হয়। অশান্ত মনবোৰৰ দৰে সেই তুলাবোৰ তুলা হৈ উৰে চৌদিশে। মদাৰ- এজাৰৰ কত যে বিষাদৰ গাঁঠা সামৰি থয় এই ফাগুনে। সন্মুখত ৰৈ থাকে বসন্ত। ফাগুনে বাট এৰি দিলে সেউজীয়া হৈ ধৰালৈ নামে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ।
এই ফাগুন, হেঁপাহৰ ফাগুন। এই ফাগুন কামনাৰ ফাগুন। এই ফাগুন বলিয়া ফাগুন। কবিৰ কলমেৰে নিগৰে ফাগুনৰ কথা - মোকতো পোৱাই চিনি,মই যে ফাগুন/ অঁকৰা কবিৰ স'তে চুপতি মৰাৰ বাবে/ মোৰতো বহুত বদনাম/ চাদৰৰ আঁচলেৰে নিচান উৰুওৱা আৰু/ ধূলিৰে দুচকু ঢাকি/ অচিনাকী বান্ধৱীৰ প্ৰথম দেখাৰ মূহূৰ্ততো/ খেলিমেলি কৰি দিয়া মোৰ অতি জঘন্য অভ্যাস…
এয়াই জানো নহয় ফাগুন ! শীতৰ সেমেকা পুৱাৰ অন্তত ফাগুনৰ সময়। ডাঠ কুৱলীৰ আৱৰণ আঁতৰ হয়। নিয়ৰসৰা নিশাবোৰৰ অন্ত পৰে। নিৰ্জন নীৰৱ দুপৰবোৰে ক্ৰমশ: শিপাই মৌনতা হৈ। বলি থাকে চিনাকি ফাগুনৰ বতাহ। নাথাকে শীতৰ শীতলতা।
ফাগুনক লৈ কবিসকলৰ কত যে দুৰ্বলতা। এই ফাগুনৰ ধুসৰতাতে ডুব যায় কতজন অকঁৰা কবি। এয়াও এক অনাবিল অনুভৱ, ফাগুনৰ অনুভৱ। উতলা ফাগুনে পলাশ, মদাৰ, শিমলুক ৰঙাবেশত সজায়। ফাগুনৰ এই ৰঙেই সৌন্দৰ্যৰ ৰং। আচলতে ফাগুন মানেই ৰঙা। এফালে প্ৰকৃতিৰ সপোন যেন লগা অতুলনীয় তথা বৈচিত্ৰ্যময় নাচোন আনফালে ৰঙৰ উৎসৱ ফাকুৱা। এই সকলোবোৰ ৰঙৰ সমাহাৰৰ মাজতে নামি আহে ফাগুন।
ফাগুন মাহৰ পূর্ণিমা তিথিতে ভগৱান শ্রীকৃষ্ণৰ দৌলযাত্রা আৰম্ভ হয়৷ এই উৎসৱত শ্রীকৃষ্ণক পূজা কৰা হয় আৰু ইজনে সিজনক ফাকু সানি কৰে ৰঙৰ খেলা। এই উপলক্ষে বৰপেটাৰ কীর্তনঘৰত এক ডাঙৰ উৎসৱ পালন কৰা হয়৷ ভক্তসকলৰ আৰাধ্য দেৱতা শিৱ মহাদেৱৰ পূজা ভাগ এই মাহতে উদযাপন কৰা হয়৷ তাতেই ফাগুনৰ লুকাই থাকে আধ্যাত্মিকতা।
নৱপ্ৰজন্মৰ মাজতো ফাগুনক লৈ এতিয়া হয় বিশেষ চৰ্চা। সকলোৱে নিজস্বভাৱে ফাগুনক উপভোগ কৰে। মায়াবী ফাগুনক শব্দৰ মায়াজালেৰে ধৰি ৰখাটো যে কঠিন। তথাপিও ফাগুন সকলোৰে প্ৰিয় সৃষ্টিত নিমজ্জিত সকলৰ বাবে।
ফাগুনক লৈ কিছু লোকৰ আছে অদ্ভুত যুক্তি। কিছুলোকে যুক্তি দৰ্শাই যে ফাগুন মানেই ধূলি, ধূলি মানেই শুকান। আৰু এই শুকান ফাগুনে নানে কোনো আশাৰ বতৰা । এয়াই ফাগুনৰ নিজস্ব স্বভাৱ।
সেই ফাগুনৰ বতৰতে ৰঙা মদাৰ দেখি মদাৰ ফুলক লৈ সুধাকন্ঠই গাইছিল-
মদাৰৰে ফুল হেনো পূজাতো নেলাগে
মদাৰৰে ফুল হেনো সবাহত নেলাগে
লাগে পিচে ব'হাগতে ৰং সানিবলেʼ
লাগে পিচে আকাশতে জুই জ্বলাবলেʼ।
কোনোবাই মোক হেনো মদাৰৰে ৰিজালে
আমাৰ দৰে লোক হেনো কামে-কাজে নেলাগে
লাগে পিচে সমাজতে ৰং সানিবলেʼ
লাগে পিচে আকাশতে জুই জ্বলাবলেʼ।
সকলোবোৰ সামৰি ফাগুনে বতাহত কঢ়িয়াই আনে ব’হাগৰ বতৰা। বিহুগানতো ফাগুনে গীতিকাৰক আমনি কৰে। সঁচাকৈয়ে ফাগুন অনন্য। ফাগুন প্ৰকৃতিৰ হে, পিছে এনে লাগে যেন ফাগুন আহে হৃদয়ৰ বাবে গান হৈ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us