এচামৰ বাবে সোণৰ কণী পৰা হাঁহ হৈছে অ’ এন জি চি...

অ’ এন জি চিৰ ভিতৰচৰাত সংঘটিত লুণ্ঠনৰ কাহিনী কৈ থাকিলে ওৰ নপৰে। ৰাজহুৱা এই প্ৰতিষ্ঠানটোত এতিয়া এচাম বিষয়া-কৰ্মচাৰীৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে। 

author-image
Asomiya Pratidin
New Update
এচামৰ বাবে সোণৰ কণী পৰা হাঁহ হৈছে অ’ এন জি চি...

ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অ’ এন জি চিত চলিছে এতিয়া লুণ্ঠনৰ মুকলি বজাৰ। প্ৰতিযোগিতা চলিছে ৰাজহুৱা ধন আত্মসাৎৰ প্ৰতিযোগিতা। প্ৰতিষ্ঠানটোৰ নতুন নীতিত মানসিক হেঁচাত তলতীয়া বিষয়া, কৰ্মচাৰী। নাই থলুৱাক নিযুক্তিৰো আঁচনি। অ’ এন জি চিৰ ভিতৰচৰাৰ সামগ্ৰীক অৱস্থাৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এয়া দ্বিতীয়খন প্ৰতিবেদন। 


অ’ এন জি চিৰ ভিতৰচৰাত সংঘটিত লুণ্ঠনৰ কাহিনী কৈ থাকিলে ওৰ নপৰে। ৰাজহুৱা এই প্ৰতিষ্ঠানটোত এতিয়া এচাম বিষয়া-কৰ্মচাৰীৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে। 

যি ধৰণে পাৰে অ’ এন জি চিৰ ধন আত্মসাৎ কৰাৰ তীব্ৰ প্ৰতিযোগিতা চলিছে অ’ এন জি চিত। চূড়ান্ত অনিয়মেৰে অ’ এন জি চিৰ ভিতৰচৰাত পৰিচালিত হৈ আহিছে। প্ৰতিষ্ঠানটোৰ সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা নীতিয়েও এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে। 

বৰ্তমান অতি লাভত চলি থকা অ’ এন জি চিয়ে অসমৰ থলুৱা যুৱক-যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ অবহেলাৰ নীতি গ্ৰহণ কৰিছে। প্ৰতি বছৰে যথেষ্ট সংখ্যক বিষয়া-কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰি আছে যদিও সেই অনুপাতে নিযুক্তি লাভ কৰা নাই ৰাজ্যখনৰ নিবনুৱা যুৱকে। 

ইফালে অ’ এন জি চিৰ কৰ্মচাৰীসকলে পূৰ্বতে অতিৰিক্ত সময় কাম কৰাৰ বাবে যি অতিৰিক্ত সময় কাম কৰাৰ বাবে বনাচ পাইছিল সেয়া এতিয়া বিলুপ্ত কৰা হৈছে। বিষয়াসকলে ঠিকেই অ’ এন জি চিৰ ধনেৰে বিলাস কৰিছে যদিও সাধাৰণ আৰু তলতীয়া কৰ্মচাৰী, বিষয়াসকলৰ ক্ষেত্ৰত এনে নীতি গ্ৰহণ কৰাত অ’ এন জি চিৰ বহু কৰ্মচাৰী ক্ষোভিত হৈ পৰিছে। 

ইফালে পদোন্নতিৰ ক্ষেত্ৰত অ’ এন জি চিয়ে এক নতুন নীতি গ্ৰহণ কৰাত স্থানীয় কৰ্মচাৰী, বিষয়াসকল পদোন্নতি পায়ো সেই পদত যোগদান কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। পি এল টি অৰ্থাৎ প্ৰমোচন লিংক টেন্সফ্ৰাৰ চুক্তিত চহী নকৰিলে কোনো তলতীয়া বিষয়া বা কৰ্মচাৰীয়ে পদোন্নতি লাভ কৰিব নোৱাৰে। 

এই নীতি অনুসৰি পদোন্নতি লাভ কৰা অ’ এন জি চিৰ বিষয়া, কৰ্মচাৰীসকলে ৰাজ্যৰ বাহিৰত সেই পদত যোগদান কৰিব লাগে। অথচ এইবোৰ মানৱ সম্পদ অসমতে সদ ব্যৱহাৰ কৰা বহু সুযোগ আছে। 

উৰ্ধতম কৰ্তৃপক্ষৰ মইমতালিৰ বাবে অ’ এন জি চিৰ তলৰ পৰ্যায়ৰ বিষয়া, কৰ্মচাৰীসকল এতিয়া মানসিক হেঁচাত পৰি কাম কৰিবলগীয়া হৈছে। ইতিমধ্যে অ’ এন জি চিৰ বহু কেইটা বিভাগৰ কাৰ্যালয় অসমৰ পৰা বৰ্হিৰাজ্যলৈ উঠাই নিছে। 

যদি সেয়াই হয়, প্ৰশ্ন উঠিছে কিহৰ বাবে অসমত ইমান বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰি কোটি কোটি টকা ব্যয় কৰা হৈছিল? অসমত খাৰুৱা তেলৰ উৎপাদন হ্ৰাস পোৱা বুলি যুক্তি দি অসমৰ পৰা আহৰণ কৰা ধনেৰে অ’ এন জি চিয়ে দেশ, বিদেশত আন কিছু ক্ষেত্ৰত বিনিয়োগ কৰি অসমৰ প্ৰাকৃতিক সম্পদৰ লুণ্ঠনৰাজ অব্যাহত ৰাখিছে। 

ইতিমধ্যে প্ৰথমখন প্ৰতিবেদনতে আমি উল্লেখ কৰিছিলো কিদৰে অ’ এন জি চিৰ চি এছ আৰ ফাণ্ডৰ নামত অবাধ দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈ আছে। পূৰ্বতে ৰাজ্যখনৰ কোনো প্ৰতিষ্ঠানত জিলা প্ৰশাসনৰ জৰিয়তে এই ধন সামাজিক আৰু উন্নয়নমূলক তথা কল্যাণমুখী কাৰ্যসূচীৰ বাবে প্ৰদান কৰা হৈছিল। 

ইয়াৰ বাবে জিলা উপায়ুক্তৰ প্ৰতিনিধি, চি এছ আৰ ফাণ্ড লাভ কৰা প্ৰতিষ্ঠানৰ প্ৰতিনিধি, ৰাইজৰ প্ৰতিনিধি আৰু অ’ এন জি চিৰ প্ৰতিনিধিৰ জৰিয়তে এখন সমন্বয় কমিটী গঠন কৰা হৈছিল। সেই কমিটীৰ জৰিয়তে ৰূপায়ণ হৈছিল চি এছ আৰ ফাণ্ডৰ দ্বাৰা কৰা আঁচনি। 

বৰ্তমান এই নিয়ম সলনি কৰি চি এছ আৰ ফাণ্ড একাংশ বাহিৰৰ কোটিপতি এন জি অ’ৰ জৰিয়তে ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰা হৈছে। গুজৰাট, মহাৰাষ্ট্ৰৰ তেনে এন জি অ’য়ে আহি এতিয়া ৰাজ্যখনত ৰূপায়ণ কৰেহি চি এছ আৰ ফাণ্ডৰ আঁচনি। 

ইয়াতো থাকে অ’ এন জি চিৰ বিষয়াৰ পাৰ্চেণ্টেজৰ অংক। আনহাতে এছ চি, এছ টি কল্যাণৰ বাবে ৰূপায়ণ কৰা আঁচনিৰ নামত অ’ এন জি চিৰ একাংশ লোকে বছৰি কোটি কোটি টকা হস্তগত কৰি আহিছে। এইবোৰ বাদেই অ’ এন জি চিৰ নামত থকা মাটিও অ’ এন জি চিত কৰ্মৰত এক চক্ৰই দখল কৰাৰ তথ্যও পোহৰলৈ আহিছে। 

নাৰ্চিং হোমত অ’ এন জি চিৰ কৰ্মচাৰীক চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ নামতো চলে কমিছনৰ অংক। ঠিকা আৰু যানবাহন ভাড়াত লোৱাৰ প্ৰক্ৰিয়াতো হয় কোটি কোটি টকাৰ লেনদেন।

এনেকৈয়ে অ’ এন জি চি আৰু কিমান দিনলৈ অসমত চলিব সেয়া এতিয়া সন্দেহৰ বিষয় হৈ পৰিছে। নিৰ্দিষ্ট কিছু জাতীয় সংগঠনক মেনেজ কৰি অ’ এন জি চিৰ ভিতৰভাগত এইবোৰ লুণ্ঠন অতি সুকলমে চলাই গৈছে প্ৰতিষ্ঠানটোৰ উৰ্ধতম কৰ্তৃপক্ষই। 

অ' এন জি চি