/asomiyapratidin/media/media_files/2025/09/03/bikhekh-protibedon-2025-09-03-13-20-50.jpg)
অসমৰ প্ৰাকৃতিক সম্পদেৰে ধনী হৈছে অ এন জি চি। কিন্তু অসমৰ প্ৰতিয়েই নাই এই প্ৰতিষ্ঠানটোৰ কোনো দায়বদ্ধতা। বছৰ বছৰ ধৰি অ এন জি চিয়ে আমাক লুণ্ঠন কৰি আহিছে। অ এন জি চিয়ে কি কৰি আছে ভিতৰি ভিতৰি। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই প্ৰতিবেদন...
অসমৰ প্ৰাকৃতিক সম্পদেৰে ব্যৱসায় কৰি বছৰি হাজাৰ হাজাৰ কোটি টকা লাভৰ মুখ দেখা তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিৰ ৰাজ্যখনৰ প্ৰতি নাই কোনো দায়ৱদ্ধতা। খোজে খোজে এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে অসমৰ সম্পদ লুণ্ঠন কৰি আহিছে যদিও ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত সম্পূৰ্ণ উদাসীন নীতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে।
১৯৫৬ চনৰ ১৪ আগষ্টত গঠন কৰা হৈছিল অ’ এন জি চি। ২০১০ চনত চেন্ট্ৰেল পাব্লিক ছেক্টৰৰ আণ্ডাৰটেকিং অ’ এন জি চিক ভাৰত চৰকাৰে মহাৰত্নৰ মৰ্যাদা দিছিল। ২০১৯-২০ বৰ্ষত দেশৰ আটাইতকৈ বেছি লাভৰ মুখ দেখা প্ৰতিষ্ঠান আছিল অ’ এন জি চি।
শক্তি আৰু তেল উৎপাদনৰ সৈতে জড়িত বিশ্বৰ কোম্পানীবোৰৰ ভিতৰত অ’ এন জি চিয়ে বিশ্বৰ শীৰ্ষৰ ৫ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ১৯৬৩ চনৰ পৰাই শিৱসাগৰত তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ কাম আৰম্ভ কৰিছিল অ’ এন জি চিয়ে।
শিৱসাগৰতে অ’ এন জি চিৰ আছে লাকুৱা, গেলেকী আৰু ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ। সেই তেল আৰু প্ৰাকৃতিক সম্পদেৰে ধনী হোৱা অ’ এন জি চিয়ে শিৱসাগৰ জিলাতে কোনো উল্লেখযোগ্য উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা আজিলৈকে পৰিলক্ষিত নহ’ল।
শিৱসাগৰৰ পৰা আন স্থানলৈকে তেল আৰু প্ৰাকৃতিক গেছ আহৰণ কৰি ইয়াৰ বিস্তাৰ ঘটালে যদিও শিৱসাগৰ তথা আন তৈলখাদবোৰ থকা অঞ্চলসমূহত বাট-পথ বা আন সামাজিক উন্নয়নমূলক কাম কৰাৰ বিপৰীতে দেশৰ আন স্থানতহে এই প্ৰতিষ্ঠানটোৱে কোটি কোটি টকা বিনিয়োগেৰে চি এছ আৰ ফাণ্ড ব্যয় কৰা দেখিবলৈ পোৱা যায়।
অসমৰ প্ৰাকৃতিক সম্পদকে মূলধন হিচাপে লৈ আজি এই অৱস্থা পোৱা অ’ এন জি চিয়ে এতিয়া অসমৰ তৈল আৰু প্ৰাকৃতিক গেছৰ খাদসমূহত নিজাকৈ তেল বা গেছ উৎপাদন কৰাৰ বিপৰীতে সেইবোৰ একাংশ কোম্পানী বা পূঁজিপতিক লীজত দি আন ব্যৱসায়ত মনোনিবেশ কৰিছে। ইয়াৰ জৰিয়তে স্থানীয় যিসকল লোক অ’ এন জি চিত নিয়োজিত হৈ আছিল, তেওঁলোকক কৰ্মহীন কৰি একাংশ উচ্চ পদস্থ বিষয়াই বাধ্যতামূলক অৱসৰ ল’বলৈ বাধ্য কৰাইছে।
উল্লেখযোগ্য যে, অ’ এন জি চিৰ অধীনত এতিয়া ২৩০টাৰো অধিক তৈলখাদ আছে। এই খাদবোৰৰ অসমৰ গৰিষ্ঠসংখ্যক খাদেই লীজত দি থৈছে আন প্ৰতিষ্ঠানক। কোনো অভিজ্ঞতা নথকা কোম্পানীকো অ এন জি চিয়ে ৰহস্যজনক কাৰণত তৈলখাদসমূহ লীজতক দিয়া দেখিবলৈ পোৱা গৈছে।
তেল আৰু প্ৰাকৃতিক গেছ খনন আৰু অন্বেষণৰ সৈতে জড়িত অ এন জি চিয়ে চি এছ আৰ ফাণ্ডৰ পৰা ২০২৪ বৰ্ষতে ব্যয় কৰিছে ৬৩৪ কোটি টকা। আনকি কাশ্মীৰতো অ এন জি চিয়ে ইয়াৰ চি এছ আৰ অধীনৰ ধন ব্যাপক হাৰত ব্যয় কৰা বুলি দেখুৱাইছে।
২০২৪-২৫ বিত্তীয় বৰ্ষত চতুৰ্থ ত্ৰৈমাসিকত অ এন জি চিয়ে দেখুৱাইছে ৬,৪৪৮ কোটি টকা। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ৩মাহত ৮ হাজাৰ ২৪ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে।
সেই লাভ্যাংশৰ পৰা চি এছ আৰ ফাণ্ডৰ জৰিয়তে অসমত বহু উন্নয়নমূলক কাম-কাজ কৰাৰ অৱকাশ থকাৰ পাছতো ৰাজ্যখনত তেল উৎপাদন হ্ৰাস কৰি অ এন জি চিয়ে লাভৰ ধন আন স্থানত বিনিয়োগ কৰিছে। শিৱসাগৰৰ তৈলক্ষেত্ৰসমূহতো নিতৌ বহু পৰিমাণৰ প্ৰাকৃতিক গেছ জ্বলাই আহিছে অ এন জি চিয়ে। অথচ সেই প্ৰাকৃতিক গেছেৰে ৰাজ্যখনত তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ কৰিব পাৰিলেহেঁতেন।
অ এন জি চিয়ে ২০০৮ ছেপ্তেম্বৰৰ ত্ৰিপুৰাত এনে প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল। ৰাজ্যখনৰ পালাতানা নামৰ অঞ্চলত ৭২৬.৬ মেগাৱাটৰ চি চি জি টি থাৰ্মেল পাৱাৰ প্ৰকল্প স্থাপন কৰিছে অ এন জি চিয়ে। যিটো অতি লাভজনক হিচাপে বিবেচিত হৈছে।
৯০ দশকৰ পৰাই অ এন জি চিৰ ওচৰত দাবী জনোৱা হৈছিল যে শিৱসাগৰ জিলাত এখন ভাল চিকিৎসালয় স্থাপন কৰিব লাগে। তেতিয়া প্ৰমোদ গগৈৰ নেতৃত্বত সবলভাৱে এই দাবী উত্থাপন কৰা হৈছিল।
দাবী উত্থাপন কৰাৰ কেইবা দশকৰ পাছত শিৱসাগৰত অ এন জি চিয়ে ২০১৯ৰ মাৰ্চত চাওলুং চুকাফা মাল্টি স্পেচিয়েলিটি হাস্পতাল আৰম্ভ কৰিছিল। ৪৮৩ কোটি টকা ব্যয়েৰে অ এন জি চিয়ে এই চিকিৎসালয়খন সাধাৰণ লোকৰ বাবে স্থাপন কৰিছিল বুলি ভবা হৈছিল যদিও সেই চিকিৎসালয়ত সাধাৰণ ৰোগীয়ে চিকিৎসা কৰাৰ কথা ভাবিবই নোৱাৰে।
চি এছ আৰ ফাণ্ডৰ পৰা এই চিকিৎসালয় স্থাপন কৰা দেখুৱালেও ইয়াৰ চোৱা-চিতাৰ দায়িত্ব ঔৰংগাবাদৰ বি এ ভি পি নামৰ এক প্ৰতিষ্ঠানক দিয়াত সেই প্ৰতিষ্ঠানটোৱে চিকিৎসালয়খনক ব্যক্তিগত নাৰ্চিংহোমতকৈ অধিক লুণ্ঠনৰ উৎস কৰি পেলাইছে। সাধাৰণ আৰু দৰিদ্ৰ লোকে এই চিকিৎসালয়খনত দিব লগা ধন, ভৰিব নোৱাৰাৰ বাবেই চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগে আহিছে।
চি এছ আৰৰ নামত কোনো আলোচনীত এটা সৰু বিজ্ঞাপন, বিহু পাতিবলৈ কেইটামান টকা, জাতীয়তাবাদী সংগঠনক মেনেজ কৰিবলৈ বাৰ্ষিক হাৰত কিছু ধন আৰু একাংশ সাংবাদিকক মেনেজ কৰি দায়ৱদ্ধতাৰ মুখনি মাৰিছে অ এন জি চিয়ে।
শিৱসাগৰৰ পৰা ইতিমধ্যে বহু গুৰুত্বপূৰ্ণ কাৰ্যালয় আৰু বিষয়াক বদলি কৰি নি নামতহে অ এন জি চি কাৰ্যালয়টো ৰখাইছে এই প্ৰতিষ্ঠানটোৱে। অ এন জি চিৰ এই লুণ্ঠনৰাজৰ বিৰুদ্ধে লক্ষ্যণীয়ভাৱে মাত মতা নাই ৰাজ্যৰ দল- সংগঠনে।
একাংশ নেতৃস্থানীয় লোকক গাড়ীৰ ভাড়া বা আন ঠিকাদাৰী কাম কৰিবলৈ সুবিধা কৰি দি মেনেজ কৰি ৰাখিছে অ এন জি চি কৰ্তৃপক্ষই। পাৰিপাৰ্শ্বিক দিশতো তেল আৰু প্ৰাকৃতিক গেছ খনন তথা অন্বেষণৰ সময়ত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয় শিৱসাগৰৰ স্থানীয় লোকসকল। ইয়াৰ কু-প্ৰভাৱ বছৰ বছৰ ধৰি পৰি আহিছে অঞ্চলটোত। তাৰ প্ৰতিও অ এন জি চিৰ নাই কোনো দায়িত্ব।