/asomiyapratidin/media/media_files/2025/09/08/ap-bikhekh-pratibedon-2-1-2025-09-08-13-58-24.jpg)
স্ব-অধিকাৰৰ দাবীত ৰাজনৈতিক সক্ৰিয়তাৰে আগবাঢ়িবলৈ এইবাৰ সিদ্ধান্ত ল’লে মৰাণ জনগোষ্ঠীৰ লোকসকলে। গঠন কৰিলে মৰাণসকলৰ বাবে এটা নতুন ৰাজনৈতিক দলৰ। ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত এই ৰাজনৈতিক দলে ৰাজ্যৰ ৰাজনীতিত প্ৰভাৱ পেলাব বুলি ঘোষণা কৰিলে মৰাণ জনগোষ্ঠীৰ ৬ জাতীয় সংগঠনৰ নেতৃত্বই। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন...
ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ ঘটিল আৰু এটা নতুন ৰাজনৈতিক দলৰ। কাকপথাৰত অধিকাৰ আৰু সুৰক্ষাৰ উন্নয়নৰ ধ্বনি দি মৰাণ জনগোষ্ঠীৰ লোকসকলে গঠন কৰিলে ’জাতীয় গণ মঞ্চ।’ সুদীৰ্ঘকাল মৰাণসকলে এই জনগোষ্ঠীটোক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই আহিছে।
লগতে তেওঁলোকে স্বায়ত্বশাসন প্ৰদানৰ দাবীতো আন্দোলন অৱ্যাহত ৰাখিছে। এই দাবীৰ প্ৰতি চৰকাৰৰ উদাসীনতাৰ পৰিণতিতে মৰাণসকলে অধিকাৰ, সুৰক্ষা আৰু উন্নয়ণৰ স্বাৰ্থত গঠন কৰিলে এই নতুন ৰাজনৈতিক দলৰ।
কাকপথাৰ ৰাজহুৱা খেলপথাৰত এই উপলক্ষে মৰাণ জনগোষ্ঠীৰ ৬ জাতীয় সংগঠনৰ নেতৃত্ব মিলিত হৈছিল ৭ ছেপ্তেম্বৰ ২০২৫ত। অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মৰাণ কলা- সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ জাতীয় কৰ্মচাৰী, শৈক্ষিক বিকাশ মঞ্চ আৰু মৰাণ সাহিত্য সভাৰ উদ্যোগত কাকপথাৰত অনুষ্ঠিত হোৱা মৰাণ জাতীয় অভিৱৰ্তনত এই ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত লোৱা হয়।
এই সমাবেশত মৰাণসকলক জনজাতিকৰণ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্বশাসন দাবী আৰু তীব্ৰতৰ কৰি তোলাৰ লক্ষ্যৰে এই ৰাজনৈতিক দল গঠন কৰাৰ কথা ঘোষণা কৰে সংগঠনকেইটাৰ নেতৃত্বই। চৰকাৰে সদায় মৰাণসকলক বঞ্চিত কৰি আহিছে বুলি অভিযোগ তুলি এই অভিৱৰ্তনৰ মঞ্চৰ পৰা কোৱা হয় যে, দাবীসমূহৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰী পক্ষই কেৱল আলোচনাতেই সকলো সীমাৱদ্ধ কৰি থলে।
ৰাজনৈতিক দলটোৰ নাম ঘোষণা কৰি মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াই অভিযোগ আৰু অসন্তুষ্টি ব্যক্ত কৰি কয়- এতিয়াৰ পৰা তেওঁলোকে ৰাজনৈতিকভাৱে এই সংগ্ৰাম অৱ্যাহত ৰাখিব। এই সমাবেশত তিনিচুকীয়াৰ লগতে যোৰহাট, ধেমাজি, মৰাণ, গেলেকী আদি ঠাইৰ পৰাও বহু মৰাণ লোক আহি অংশগ্ৰহণ কৰে।
নতুনকৈ গঠন কৰা মৰাণসকলৰ এই ৰাজনৈতিক দলটোৰ নেতৃত্ব ল’ব হিৰণ্য দহোটীয়া আৰু ভোলেন বৰুৱাই। দহোটীয়াক সভাপতি আৰু বৰুৱাক সম্পাদকৰ দায়িত্ব দিয়া হৈছে। ৰাজনৈতিক দলটোৰ দুই ভাতৃ সংগঠন ক্ৰমে মৰাণ যুৱ মঞ্চ আৰু মৰাণ মহিলা মঞ্চ গঠনৰ কথাও ঘোষণা কৰে এই অভিৱৰ্তনত।
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰাণসকলৰ এই নতুন ৰাজনৈতিক দলটোৱে ৰাজ্যৰ ৰাজনীতিত কেইবাটাও সমষ্টিচ প্ৰভাল পেলাব বুলি দাবী কৰে অভিৱৰ্তনত অংশ লোৱা মৰাণ জাতীয় সংগঠনৰ নেতৃত্বই। নতুন ৰাজনৈতিক দল গঠনৰ লগতে ৰাজনৈতিক দলটোৰ বাবে এটা শীৰ্ষ গীতো প্ৰস্তুত কৰি ৰাজহুৱা কৰা হয় এই অনুষ্ঠানত।