/asomiyapratidin/media/media_files/2025/09/08/whatsapp-ima-2025-09-08-15-12-01.jpeg)
ফুলনো ভুলৰ কাৰণ হ’ব পাৰেনে ! হাতত থকা ফুলেই ভুলৰ কাৰণ হ’ল মালায়লম ছবিৰ অভিনেত্ৰী নব্য নায়াৰৰ বাবে। এটকা- দুটকা নহয় এই ভুলৰ বাবে তেওঁক জৰিমনা ভৰিলে লাখ টকাৰো অধিক। কি হৈছিল ঘটনাটো। পঢ়ক এই প্ৰতিবেদন...
হয়, ভুল এপাহ ফুল। হয় এপাহ ফুলৰ বাবে ভুল হৈ গ’ল মোহময়ী অভিনেত্ৰী নব্য নায়াৰৰ। মূলতঃ মালায়লম চিনেমাৰ নায়িকা নব্য গৈছিল অষ্ট্ৰেলিয়ালৈ। এক অনুষ্ঠানত অংশ লবলৈ দেশখনলৈ গৈছিল নব্য। কিন্তু মেলব’ৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নামি তেওঁৰ অভিজ্ঞতা সুখতক নহ’ল।
তেওঁ নাজানে যে অষ্ট্ৰেলিয়ালৈ কোনো লোকে ফুলৰ থোপা বা ছিগা ফুল কঢ়িয়াই নিব নোৱাৰে। দেশখনত মালায়লম এছোছিয়েছন অৱ ভিক্তৰিয়াই আয়োজন কৰা এক অনুষ্ঠানত অংশ ল’বলৈ যোৱাৰ পূৰ্বে দেউতাকে তেওঁক কিনি দিছিল দুডাল তগৰৰ মালা।
তাৰে এডাল তগৰ কোচিৰ পৰা ছিংগাপুৰলৈ যাওঁতে চুলিত মাৰি নিছিল তেওঁ। দ্বিতীয়ডাল মালা তেওঁ ৰখাইছিল নিজৰ হেণ্ডবেগত। মেলব’ৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নমাৰ সময়ত নিৰাপত্তাৰক্ষীয়ে তেওঁৰ বেগত পাই সেই তগৰৰ মালা।
তাৰ পাছতেই নিৰাপত্তাৰক্ষীৰ বিষয়াসকলে তেওঁক জনাই যে, তেওঁ দেশখনৰ কৃষি-মীন আৰু বনবিভাগৰ ১৯৮০ চনত প্ৰণয়ন কৰা এক আইন ভংগ কৰিছে। যাৰ বাবে তেওঁ ভৰিব লাগিব ১৯৮০ অষ্ট্ৰেলিয়ান ডলাৰ। ভাৰতীয় টকাৰ হিচাপত এই জৰিমনাৰ মূল্য ১ লাখ ১৪ হাজাৰ টকা।
উক্ত জৰিমনাৰাশি ভৰি মালায়লাম অভিনেত্ৰী নব্য নায়াৰে অংশ ল’লে অষ্ট্ৰেলিয়াৰ সেই অনুষ্ঠানটোত। তাতেই তেওঁ দৰ্শকক হাঁহি হাঁহি বৰ্ণনা কৰিলে মেলব’ৰ্ণ বিমান বন্দৰত হোৱা এই অভিজ্ঞতাৰ কথা। তেওঁ ক’লে- মই যি কৰিলো সেয়া আইন বিৰুদ্ধ আছিল অষ্ট্ৰেলিয়াত। এই ভুল মোৰো অজানিতে কৰা এক ভুল।
অৱশ্যে এই অজ্ঞতাৰ বাবে মই কোনো অজুহাত দিব নোখোজো। ২৮ দিনৰ ভিতৰত তেওঁক জৰিমনাৰ ধনৰাশি দিবলৈ কোৱা হৈছে। অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে হাঁহি হাঁহি ধেমালিতে আৰু ক’লে – আচলতে কি জানে ১ লাখ টকাতকৈও অধিক মূল্য তগৰৰ মালাৰে মই মেলব’ৰ্ণত প্ৰৱেশ কৰিছো।