ৰাষ্ট্ৰীয় ঘাইপথত থাকিবলগীয়া সামান্য সুবিধাখিনিও নাই অসমত...

ৰাষ্ট্ৰীয় ঘাইপথসমূহত যিসমূহ সুবিধা থাকিব লাগে সেই সুবিধাখিনি আজিও উপলব্ধ নহয়। অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান মুঠ ৯ খন টোল প্লাজা সক্ৰিয় হৈ আছে। 

author-image
Tushar Pratim
New Update
ৰাষ্ট্ৰীয় ঘাইপথত থাকিবলগীয়া সামান্য সুবিধাখিনিও নাই অসমত...

ৰাষ্ট্ৰীয় ঘাইপথ, এক্সপ্ৰেছ ৱে’ত সাধাৰণ নাগৰিকৰ বাবে থাকিবলাগে সুৰক্ষা, স্বাস্থ্য, জৰুৰীকালীন সেৱাকে ধৰি বিভিন্ন ধৰণৰ সুবিধা। সেই সুবিধাৰ বাবেই সাধাৰণ জনতাৰ পৰা আদায় কৰা হয় টোল টেক্স। কিন্তু অসমত সেই সুবিধা আছেনে? টোল প্লাজাৰ উপৰিও নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে থাকিবলগীয়া সুবিধা লাভ কৰিছেনে সাধাৰণ জনতাই? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

সূচল যাতায়তৰ বাবে চৰকাৰে পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ, এক্সপ্ৰেছ হাইৱে’ আদি উন্নত মানদণ্ডৰ কৰি তোলাৰ লগতে ইয়াৰ পথৰ কাষত নানান ধৰণৰ সুবিধা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। এইসমূহ সুবিধা তথা পথ মেৰামতিৰ আদি বিভিন্ন কাৰণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ, এক্সপ্ৰেছ হাইৱে’ ব্যৱহাৰকাৰীৰ পৰা টেক্স সংগ্ৰহৰ বাবে নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে নিৰ্মাণ কৰিছে টোল প্লাজাসমূহ। 

এই টোল প্লাজাসমূহত বাহনৰ আঁকাৰৰ অনুপাতে দিব লাগে টেক্স। পূৰ্বে নগদ ধন লোৱাৰ ব্যৱস্থা আছিল যদিও পৰৱৰ্তী সময়ত ফাষ্টটেগৰ ৰিছাৰ্জ আৰু এতিয়া ফাষ্টটেগৰ বাৰ্ষিক ৰিছাৰ্জৰ ব্যৱস্থা কৰা হৈছে। এখন বাহনৰ ফাষ্টটেগ এবছৰলৈ ৰিছাৰ্জ কৰাৰ পিছত সেই ৰিছাৰ্জেৰেই দেশৰ সকলো টোল প্লাজা অতিক্ৰম কৰিব পাৰি। কোনো টোল প্লাজাতে পৃথকে টোল টেক্স দিয়াৰ প্ৰয়োজন নাই। 

ৰাষ্ট্ৰীয় ঘাইপথ, এক্সপ্ৰেছ হাইৱে’ আদি ব্যৱহাৰৰ বাবে এইদৰে টোল টেক্স দিয়াৰ উপৰিও বাহন ক্ৰয় কৰাৰ সময়তো ৰোড টেক্স আদায় দিয়া হয়। চৰকাৰে এইদৰেই বিভিন্ন ধৰণে টেক্স সংগ্ৰহ কৰিছে যদিও সাধাৰণ নাগৰিকে এই টেক্সৰ বিনিময়ত যিসমূহ সুবিধাৰ প্ৰয়োজন সেই সুবিধা পাইছেনে? 

দেশৰ বাকী অংশৰ কথা বাদ দি কেৱল অসমৰ প্ৰেক্ষাপটলৈ যদি চোৱা হয় ৰাষ্ট্ৰীয় ঘাইপথসমূহত যিসমূহ সুবিধা থাকিব লাগে সেই সুবিধাখিনি আজিও উপলব্ধ নহয়। অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান মুঠ ৯ খন টোল প্লাজা সক্ৰিয় হৈ আছে। 

লোক নিৰ্মাণ বিভাগৰ তথ্য অনুসৰিয়েই এই ৰাষ্ট্ৰীয় ঘাইপথসমূহত আৰু ১৮ খন টোল প্লাজা নিৰ্মাণৰ লক্ষ্য আছে চৰকাৰৰ। ইতিমধ্যে কেইবাখনো টোল প্লাজা নিৰ্মাণৰত অৱস্থাত আছে। সকলো মিলাই অসমত মুঠ টোল প্লাজা ২৭ খনলৈ বৃদ্ধি পোৱাটো নিশ্চিত। 

এইদৰে জিলাই জিলাই টোল প্লাজা নিৰ্মাণেৰে টেক্স সংগ্ৰহৰ পৰিকল্পনা সঠিকভাৱেই চৰকাৰে কৰি আছে যদিও যিকেইখন টোল প্লাজা আছে সেই টোল প্লাজাত থাকিবলগীয়া সামান্য সুবিধাখিনিও তেওঁলোকে দিয়া নাই। তথ্য অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথসমূহত থকা টোল প্লাজাৰ উপৰিও নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে পেট্ৰল, ডিজেল, ইলেক্ট্ৰিক বাহনৰ ছাৰ্জিং ষ্টেচন, পৰিষ্কাৰ টয়লেট, খোৱা পানী, বাহনৰ পাৰ্কিঙৰ সু-ব্যৱস্থা আৰু জৰুৰীকালীন সেৱাৰ বাবে এম্বুলেঞ্চ, প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা আৰু ক্ৰেণ আদিৰ সৈতে উদ্ধাৰকাৰীৰ ব্যৱস্থা থাকিব লাগে। 

ট্ৰাক চালকসমূহৰ বাবে থাকিব লাগে নিৰ্দিষ্ট পাৰ্কিঙৰ উপৰিও তেওঁলোকৰ জিৰণিৰ বাবে, খাদ্য ৰান্ধিবৰ বাবে সঠিক ব্যৱস্থা। কিন্তু এইসমূহ সুবিধা অসমৰ টোল প্লাজাসমূহত আছেনে? টোল প্লাজাসমূহৰ কাষত যদিও শৌচাগাৰ নিৰ্মাণ কৰা হৈছে তাৰ প্ৰায় সংখ্যকেই এতিয়া ব্যৱহাৰৰ উপযোগী হৈ থকা নাই। 

নাকে,মুখে ৰুমাল ন’ললে তাত সোমাব নোৱাৰা অৱস্থা। এইসমূহ শৌচাগাৰ পৰিষ্কাৰ কৰি ৰখাৰ লগতে ব্যৱহাৰৰ উপযোগী কৰি ৰখাৰ দায়িত্ব টোল প্লাজাসমূহ। যদিহে তেওঁলোকে সেই দায়িত্ব পালন নকৰে তেন্তে তেওঁলোকৰ ওপৰত ১ লাখ টকা পৰ্যন্ত জৰিমণা বিহাৰ নিয়ম আছে। 

কিন্তু অসমৰ টোল প্লাজাসমূহ যিসকল এজেঞ্চিয়ে চলাই আছে তেওঁলোকে এইসমূহ দিশৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিবৰ্তে ৰাজপথেৰে যাত্ৰা কৰা যাত্ৰীৰ ওপৰত দাদাগিৰি কৰাতহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। সামান্য কথাতে দলবদ্ধভাৱে মাৰপিটত লিপ্ত হোৱাৰ দৃশ্য সঘনে দেখিবলৈ পোৱা গৈছে।

টোল প্লাজাৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৪০ ৰ পৰা ৬০ কিলোমিটাৰৰ আঁতৰে আঁতৰে শৌচাগাৰ নিৰ্মাণ কৰিব লাগে যদিও অসমত কিন্তু সেয়া দেখিবলৈ পোৱা নাযায়। টোল প্লাজাৰ কাষত থাকিব লাগে জৰুৰীকালীন সেৱাৰ বাবে এম্বুলেঞ্চকে ধৰে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা। 

কিন্তু অসমৰ কোনো এখন টোল প্লাজাৰ কাষত প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা দূৰৰে কথা দুৰ্ঘটনাজনিত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হলে হাস্পতাললৈ নিব পৰাকৈ এম্বুলেঞ্চো ৰৈ থকা দেখিবলৈ পোৱা নাযায়। পথ দুৰ্ঘটনাৰ পিছত উদ্ধাৰৰ বাবে প্ৰতিখন টোল প্লাজাই নহয়, নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে ক্ৰেণ আৰু উদ্ধাৰকাৰী থাকিব লাগে যদিও সেই ব্যৱস্থা নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে থকাটো দূৰৰে কথা টোল প্লাজাতো দেখিবলৈ পোৱা নাযায়। 

অৱশ্যে দুই,এখন টোল প্লাজাৰ কাষত জহি, খহি যোৱা ক্ৰেণ ৰৈ থকা দেখিবলৈ পোৱা গৈছে। লোকসভাত কেন্দ্ৰীয় চৰকাৰে দিয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ, এক্সপ্ৰেছ ৱে’ৰ ৪০/৬০ কিলোমিটাৰ দূৰত্বত ৰাজস্থানৰ ৫৮ টা স্থানত, হাৰিয়ানা, মধ্যপ্ৰদেশৰ ৪৮ টা স্থানত, গুজৰাটত ৪৫ টা স্থানত, উত্তৰ প্ৰদেশৰ ৪৪ টা স্থানত, পঞ্জাৱৰ ৩৫ টা স্থানত অন্ধ্ৰপ্ৰদেশৰ ৩৪ টা স্থানত এনে সু-ব্যৱস্থা আছে। কিন্তু অসমত তেনে সু-ব্যৱস্থাও অভাৱ আজিও আছে। 

অসম চৰকাৰৰ তথ্য অনু,ৰি ২০১৬ চনৰ পৰা ২০২৩ চনলৈকে ৰাজ্যখনত ২৯২ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছিল। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ অন্তত ২০১৫ চনত ৰাজ্যৰ মুঠ ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰত্ব আছিল ৩,৭৮৫ কিলোমিটাৰ। 

তাৰ পিছত সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত এই দূৰত্ব বৃদ্ধি হয় ৩,৮২১ কিলোমিটাৰলৈ। ২০২৩ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এই দূৰত্ব বৃদ্ধি হয় ৪,০৭৭ কিলোমিটাৰলৈ। এইদৰেই ৰাষ্ট্ৰীয় ঘাইপথৰ দৈঘ্য বৃদ্ধি হৈছে ঠিকেই, তাৰ সমান্তৰালকৈ বৃদ্ধি পাইছে টোল প্লাজাৰ সংখ্যাও। 

জনসাধাৰণেও বিনা প্ৰতিবাদে বাহন ক্ৰয়ৰ সময়তো পথ ব্যৱহাৰৰ বাবে ৰোড টেক্স আদায় দিছে আৰু তাৰ পিছত টোল প্লাজাসমূহতো নিৰ্ধাৰিত নিৰিখ অনুসৰিয়েই টেক্স আদায় দিছে। কিন্তু চৰকাৰে সেইমতে আজিও প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ উপলব্ধতা নিশ্চিত কৰা নাই। 

ফলত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাৰ সংখ্যাও হ্ৰাস হোৱাৰ পৰিবৰ্তে বৃদ্ধিহে হৈছে। আজিও ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা বিকল বাহনত খুন্দা মাৰি অন্য বাহন দুৰ্ঘটনাত পতিত হৈ আহিছে আৰু বহু লোকেই প্ৰাণ হেৰুৱাই আহিছে। সঠিক জৰিণি লোৱাৰ কোনো সুবিধা নথকাৰ বাবেই ভাগৰুৱা ট্ৰাক চালকে দুৰ্ঘটনা সংঘটিত কৰাৰ উদাহৰণ আছে।

উদ্ধাৰকাৰী, চিকিৎসাৰ ব্যৱস্থা নথকাৰ বাবেই দুৰ্ঘটনাস্থলী অথবা চিকিৎসালয় পোৱাৰ পূৰ্বেই দুৰ্ঘটনাত আহতৰ মৃত্যুৰ ঘটনা ঘটিয়েই আছে। টোল টেক্স সংগ্ৰহতে অধিক মনোনিবেশ কৰা চৰকাৰে এইসমূহ বিষয়ৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। 

টোল টেক্স টোল গেট ৰাষ্ট্ৰীয় ঘাইপথ