/asomiyapratidin/media/media_files/2025/07/02/new-bikhekh-protibedon-1-2-2025-07-02-21-31-38.jpg)
ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা কেৱল গৰু চোৰৰ প্ৰসংগ। মন্ত্ৰী পত্নীয়েও গৰু পালনৰ নামত লয় ৰাজ সাহায্য। কিন্তু গো-পালনৰ বাবে আগ্ৰহী নহয় নেকি যুৱ প্ৰজন্ম? চৰকাৰী চাকৰিৰ আশাত থকা বহুতেই গো-পালনৰ জৰিয়তেও হ’ব পাৰে স্বাৱলম্বী। ৰাজ্যত আছে গাখীৰ আৰু গাখীৰৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ এখন বৃহৎ বজাৰ। এই বজাৰখনেই মুকলি কৰিব পাৰে স্বাৱলম্বী হোৱাৰ দুৱাৰ। এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
ৰাজ্যত এতিয়া কেৱল গৰুৰ চৰ্চা। ৰাজ্যৰ হাজাৰ হাজাৰ প্ৰকৃত গো-পালকক লৈ এই সময়ত চৰ্চাৰ বহু অৱকাশ আছিল যদিও দুৰ্ভাগ্যজনকভাৱে চৰ্চালৈ আহিছে ভি আই পি গো-পালকৰহে গোপন কাহিনী।
নতুনকৈ আবিৰ্ভাৱ হোৱা এই ভি আই পি গো-পালকৰ দৌৰাত্ম্যত প্ৰকৃত আৰু সাধাৰণ গো-পালকৰ অস্তিত্বই বিপদাপন্ন হৈ পৰিছে। গাখীৰৰ মূল্য বৃদ্ধিতেই গো-পালকৰ খবৰ সীমাবদ্ধ হৈ থকা ৰাজ্যত গো-পালনো যে এক লাভজনক ব্যৱসায়, গো-পালনৰ জৰিয়তেও যে স্বাৱলম্বী হোৱাৰ পূৰ্ণ সুযোগ আছে সেই কথা কিমানে খবৰ ৰাখিছে?
গো-পালন কিমান লাভজনক ব্যৱসায় সেয়া মন্ত্ৰী পত্নী, বিধায়ক আদিয়ে গো-পালনৰ বাবে দেখুওৱা আগ্ৰহেই প্ৰমাণ কৰে। ৰাজ্যৰ শেহতীয়া গৰু কেন্দ্ৰিক বিতৰ্ক এই প্ৰতিবেদনৰ মূল বিষয় নহয়। কিন্তু প্ৰাসংগিকভাৱেই এই প্ৰতিবেদনত সেই বিতৰ্কৰ কিছু প্ৰভাৱ নিশ্চিতভাৱে থাকিব।
গো-পালন কেৱল অসমৰ দৰে ৰাজ্যৰ বাবেই নহয়, সমগ্ৰ দেশৰ ক্ষেত্ৰতে কিমান লাভজনক এক ব্যৱসায় সেয়া এটা উদাহৰণেই যথেষ্ট। এই উদাহৰণৰ নায়ক এগৰাকী আই আই টিৰ স্নাতকোত্তৰ। আই আই টিৰ দৰে প্ৰতিষ্ঠানত অধ্যয়ন কৰি তেওঁ চাকৰি সূত্ৰে আছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। তাতেই তেওঁ হৈছিল সু-প্ৰতিষ্ঠিত।
কিন্তু বিদেশৰ মাটিত চাকৰি কৰি তেওঁ মানসিক শান্তি লাভ কৰা নাছিল। তেওঁৰ ইচ্ছা আছিল ঘৰতেই থাকি কিবা এটা কৰাৰ। সেয়ে চাকৰি এৰি ঘৰৰ ল’ৰা ঘূৰি আহিল ঘৰলৈ। তাৰ মাজতে কিছুদিন তেওঁ ভ্ৰমণ কৰিলে কেইবাখনো দেশ। এই দেখ কেইখন ভ্ৰমণ কৰাৰ সময়তেই শেষ হ'ল সাঁচতীয়া প্ৰায়খিনি ধন।
স্বদেশলৈ ঘূৰি অহাৰ পিছত মাৰ্কিন যুক্তৰাষ্ট্ৰত সুদীৰ্ঘ কাল চাকৰি কৰাৰ অভিজ্ঞতাৰে বাবেই আন এটা চাকৰি সহজেই বিচাৰি লোৱাৰ সুযোগ আৰু সুবিধা তেওঁৰ দুয়োটাই আছিল। তেওঁ অৱশ্যে কোনো চৰকাৰী অথবা বেচৰকাৰী চাকৰিত যোগদান নকৰিলে। উপাৰ্জনৰ মাধ্যম হিচাপে তেওঁ বাচি ল’লে গো-পালন।
আই আই টিৰ স্নাতক হৈয়ো, বিদেশৰ আগশাৰীৰ কোম্পানীৰ চাকৰি কৰা অভিজ্ঞতা থকাৰ পিছতো তেওঁ আৰম্ভ কৰিলে গাখীৰৰ ব্যৱসায়। সেই গাখীৰৰ ব্যৱসায় কৰিয়েই তেওঁ এতিয়া এজন কোটিপতি গাখীৰ বেপাৰী। তেওঁৰ ফাৰ্মত উৎপাদিত গাখীৰ হৈ পৰিছে এটা ব্ৰেণ্ড।
এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা এই কোটিপতি গাখীৰ বেপাৰীজনৰ কাহিনী চিনেমাৰ দৰেই। ছাত্ৰ অৱস্থাত তেওঁ আছিল অতি মেধাৱী। আমেৰিকাৰ পৰা ঘূৰি আহি প্ৰথমে তেওঁ ক্ৰয় কৰিছিল কেইজনীমান গৰু। এই গৰু কেইজনীৰ গাখীৰ বিক্ৰী কৰিয়েই তেওঁ প্ৰথমে নিজৰ আৰু গৰু কেইজনীৰ বাবে দানা আদিৰ খৰছ যোগাৰ কৰাৰ বাট মুকলি কৰি কৰিছিল।
ব্যয় হ্ৰাস কৰিবলৈকে তেওঁ প্ৰথমে আন কোনো কৰ্মচাৰী নিয়োগ কৰাতকৈ নিজেই সেই গৰুৰ লালন-পালন, পৰিস্কাৰ আদি সকলো কাম কৰিলে। গাখীৰৰ মানদণ্ডৰ ক্ষেত্ৰত তেওঁ কোনো কৃপনালী নকৰিলে। তেওঁ বিক্ৰী কৰা গাখীৰৰ মানদণ্ড আনে বিক্ৰী কৰা গাখীৰতকৈ বহু উন্নত। লাহে লাহে তেওঁৰ ওচৰলৈ গাখীৰ বিচাৰি অহা গ্ৰাহকৰ সংখ্যাও বাঢ়িল।
সমান্তৰালকৈ বাঢ়ি আহিল গৰুৰ সংখ্যাও। ফলত তেওঁ নিজৰ ফাৰ্মত উৎপাদিত গাখীৰৰ এটা ব্ৰেণ্ড তৈয়াৰ কৰিলে। নাম দিলে Sid's Farm। বৰ্তমান গাখীৰ বিক্ৰী কৰি তেওঁ প্ৰতি দিনে লাভ কৰে প্ৰায় ২০ লাখ টকা। বাৰ্ষিক আয় ৬৫ কোটিৰো অধিক।
তেওঁৰ ফাৰ্মত এতিয়া গৰু প্ৰতিপালন কৰিবলৈ আছে ১২০ জনকৈ কৰ্মী। এই কোটি পতি গাখীৰ বেপাৰীজনৰ নাম কিশোৰ ইন্দুকৰী। এতিয়া সমগ্ৰ হায়দৰাবাদত তেওঁ এটি চিনাকী নাম। হায়দৰাবাদত তেওঁৰ পৰা প্ৰেৰণা লৈ বহুকেইজন যুৱকে আৰম্ভ কৰিছে নিজাকৈ গাখীৰৰ ব্যৱসায়।
কিশোৰ ইন্দুকৰীৰ দৰেই অসমতো বহু যুৱক-যুৱতীৰ স্বাৱলম্বী হোৱাই নহয়, গো-পালনৰ জৰিয়তে কোটিপতি হোৱাৰ সুযোগ নিশ্চয় আছে। সেই সুযোগ অসমৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতীয়ে ল’বলৈ আগবাঢ়ি অহাৰ সময় এয়া। গাখীৰ ব্যৱসায় যে লাভজনক ব্যৱসায় সেই কথা বুজিয়েই মন্ত্ৰী পত্নী, বিধায়কেও গৰু ফাৰ্ম খুলিবলৈ আগবাঢ়ি আহিছে।
আজিৰ তাৰিখত প্ৰতিদিনে অসমত ৪২ লাখ লিটাৰৰো অধিক গাখীৰৰ প্ৰয়োজন। কিন্তু প্ৰয়োজন অনুসৰি অসমত দৈনিক ১০ শতাংশও গাখীৰ উৎপাদন সম্ভৱ হৈ উঠা নাই। অথচ গুজৰাটে আজিৰ তাৰিখত ২ কোটি লিটাৰতকৈ অধিক গাখীৰ উৎপাদন কনৰে। কৰ্ণাটকৰ দৰে ৰাজ্যই ৮০ লাখ লিটাৰতকৈ অধিক গাখীৰ উৎপাদন কৰে।
এই কেইদিন চৰ্চাৰ শীৰ্ষত থকা গীৰ গাইয়ে দৈনিক ৪০ লিটাৰ পৰ্যন্ত গাখীৰ দিবলৈ সক্ষম। গৰুখুঁটিলৈ গুজৰাটৰ পৰা অনা গীৰ গাইয়ে যদিও আশা কৰা ধৰণে গাখীৰ নিদিলে তথাপিও কিন্তু কন্যাকা বহুমুখী কৃষি পামত থকা গীৰ গাই কেইজনীয়ে ঠিকেই গাখীৰ দি আহিছে।
ভাল জাতৰ গীৰ গাইৰ পৰা দৈনিক ৪০ লিটাৰ নহলেও ৩০ লিটাৰ গাখীৰ উৎপাদন এতিয়াও সম্ভৱ। অৱশ্যে এই কথাও সত্য যে, গীৰ গাই প্ৰতিপালন আন গৰুতকৈ যথেষ্ট ব্যয়বহুল। কিন্তু কম খৰচত আন জাতৰ তেনে বহু গাই পালন কৰাৰ সুযোগ আছে, যিয়ে দৈনিক ১৫ ৰ পৰা ২০ লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে।
তথ্য অনুসৰিল ২০২২-২৩ বৰ্ষত অসমৰ পূৰবী ডেইৰীয়ে ২০০ কোটি টকাৰ ব্যৱসায় অতিক্ৰম কৰিছিল। পূৰবী ডেইৰীৰ ৰাজহ বৃদ্ধিৰ কাৰণ কেৱল গাখীৰ বিক্ৰীয়েই নাছিল, আছিল গাখীৰৰ পৰা উৎপাদন কৰা আন কেতবোৰ সামগ্ৰীৰ বৰ্ধিত চাহিদা। গাখীৰৰ উপৰিও পূৰবীয়ে দৈ, ক্ৰীম, পনীৰৰ উপৰিও পশুখাদ্যও বিক্ৰী কৰে।
আজিৰ তাৰিখত অসমত পশু খাদ্যৰো আছে এখন বৃহৎ বজাৰ। এই বজাৰখনো বহু উদীয়মান উদ্যোগীৰ লক্ষ্য হ’ব পাৰে। আজিও অসম চৰকাৰৰ পশু খাদ্য উৎপাদনৰ ক্ষেত্ৰত নাই কোনো বিশেষ নীতি।
সেয়ে পশুধনৰ বাবে উৎকৃষ্ট খাদ্য নাটনি এক সমস্যা হিচাপেই পৰিলক্ষিত হৈ আহিছে। বহিৰাগত ব্যৱসায়ীয়েই এই পশুখাদ্যৰ বজাৰখন দখল কৰি আছে যদিও এই বজাৰখন দখল কৰাৰ পূৰ্ণ সুযোগ আছে।
ৰাজ্যৰ শেহতীয়া গৰু বিতৰ্কই এই কথা সকলোকে বুজি পোৱাত নিশ্চয় সহায় কৰিছে যে, গো-পালনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰি আহিছে। গতিকে চৰকাৰী নীতি-নিয়ম অনুসৰিয়েই গো-পালনৰ বাবে তেনে ৰাজ সাহায্যৰ প্ৰতি আবেদন কৰাৰো সুযোগ আছে।
কিন্তু লক্ষ্যণীয় কথাটো হ’ল অসমৰ গ্ৰামাঞ্চলত আজিৰ তাৰিখত পূৰ্বৰ দৰে দেখিবলৈ নাই গৰু, ম’হৰ জাক। সেয়ে গ্ৰামাঞ্চলতো এতিয়া গৰিষ্ঠ সংখ্যক মানুহৰ বাবে আমুল বা তেনেধৰণৰ পেকেট গাখীৰেই গৰু, মহ’ৰ গাখীৰৰ অভাৱ দূৰ কৰিছে।
কৃষিপ্ৰধান ৰাজ্য অসমত এতিয়া গ্ৰামাঞ্চলৰে বহু পথাৰত দেখিবলৈ পোৱা নাযায় গৰু। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ২৭ লাখ কৃষকৰ পৰিয়ালে খেতি কৰিছিল। কিন্তু এতিয়া সেই পৰিমাণ হ্ৰাস পাই ১১ লাখলৈ কমিছে।
ডিপাৰ্টমেন্ট এফ এনিমেল হাচবেন্দেৰী, ডায়েৰিং এণ্ড ফিছ বিভাগে প্ৰতি বছৰে ৫ বছৰৰ মূৰে মূৰে চলাই পোহনীয়া জীৱ-জন্তুৰ পিয়ল। সেই পিয়লৰ ২০১৯ ৰ তথ্য অনুসৰি অসমৰ পশু ধনৰ ভিতৰত ৬০ শতাংশই গৰু। বাকী ২৪ শতাংশ ছাগলী, ১২ শতাংশ গাহৰি, ২ শতাংশ ম'হ, ২ শতাংশ ভেড়া।
ৰাজ্যত যিদৰে যোৱা সময়ছোৱাত গো-মাতাৰ ভক্তৰ সংখ্যা বৃদ্ধি পালে সেইদৰে গো-মাতাৰ সংখ্যা বৃদ্ধি নাপালে। বৰঞ্চ গো-মাতাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা, সংঘাতৰ সংখ্যাহে বৃদ্ধি পাইছে।
গো-হত্যাৰ বিৰুদ্ধে এক প্ৰকাৰে যুদ্ধ ঘোষণা কৰি গো-মাতাক সৰ্বোচ্চ জ্ঞান কৰা ৰাজ্যৰ চৰকাৰে গো-সুৰক্ষা আইন আনিলে যদিও আজিও কিন্তু গো-মাতাৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰে আন্তঃগাঁথনি বিকাশ কৰিব নোৱাৰিলে। যিখিনি আছিলে সেয়াও ধ্বংসৰ দিশলৈহে গতি কৰিলে।
নিয়ম অনুসৰি প্ৰতি ৫ হাজাৰ পশুধনৰ বিপৰীতে এজনকৈ পশু চিকিৎসক থাকিব লাগে। সেই হিচাপত ৰাজ্যত প্ৰায় ২৫০০ পশু চিকিৎসক থাকিব লাগিছিল। কিন্তু এতিয়া ৰাজ্যত আছে ৭০৩ টাহে পশু চিকিৎসকৰ পদ। তাৰো আকৌ ৫৩৮ টাত পশু চিকিৎসক পদত চিকিৎসকে কাৰ্যনিৰ্বাহ কৰি আছে।
কাগজে-পত্ৰয়ে ৰাজ্যত ৪৪২ খন পশু চিকিৎসালয়, ৭৬ খন উপ পশু চিকিৎসালয় আছে যদিও তাৰ অধিকাংশই এতিয়া অস্বিত্বহীন। জহি-খহি হৈছে তেনে বহু পশু চিকিৎসালয়। গো-সুৰক্ষাৰ বাবে দিনে, নিশাই বচন আওৰাই থকা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এইসমূহ বিষয়ত দৃষ্টি ৰখাৰো প্ৰয়োজন আছে।
পশুপালন বিভাগ এটা আছে যদিও সেই বিভাগৰ কাম-কাজ সম্পৰ্কে সাধাৰণ ৰাইজৰ বহু সংখ্যকেই আজিও অজ্ঞ। গৰুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা শেহতীয়া বিতৰ্কৰ মাজতেই ৰাজ্য চৰকাৰে ৰাজনৈতিক উদ্দেশ্যক একাশৰীয়া কৰি সদ ইচ্ছাৰে যদি দুগ্ধ বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত আগভাগ লয় তেন্তে ৰাজ্যৰ বহু নিবনুৱা যুৱক-যুৱতী উপকৃত হোৱাৰ সুযোগ আহিব।
তথাপিও উদ্যোগী মানসিকতাৰ যুৱক-যুৱতীয়ে অৱশ্যে চৰকাৰৰ এই সুযোগ, সুবিধালৈ আশা নকৰি যদি নিজাকৈয়ো গো-পালনৰ বাবে আগবাঢ়ি আহে তেন্তে তথাপিও যে তেওঁলোক লাভাম্বিত হোৱাৰ পূৰ্ণ সুযোগ আছে তাত কোনো সন্দেহ নাই। হায়দৰাবাদৰ কিশোৰ ইন্দুকৰীৰ দৰে দৈনিক ২০ লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব নোৱাৰিলেও দৈনিক অন্ততঃ ২০ লিটাৰেকৈয়ে গাখীৰ উৎপাদন কৰিব পৰা এক ব্যৱস্থা কৰি ল'লেও যে স্বাৱলম্বীতাৰ পথ সোনকালেই মুকলি হ'ব সেয়া কিন্তু নিশ্চিত।