/asomiyapratidin/media/media_files/2025/09/08/wha-2025-09-08-14-55-30.jpeg)
কিয় বন্ধ কৰিব ফেচবুক ? মানি নলও আমি চৰকাৰৰ সিদ্ধান্ত। নেপালৰ ৰাজপথত সামাজিক মাধ্যম ব্যৱহাৰ কৰা যুৱক- যুৱতীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হ’ল এজনৰ। কি পৰিস্থিতি চুবুৰীয়া দেশখনত ! অসমীয়া প্ৰতিদিন ডিজিটেলৰ প্ৰতিবেদন
কিয় বন্ধ কৰিব ফেচবুক। আমাক লাগিবই ফেচবুক। সলনি কৰক সিদ্ধান্ত। নহ’লে ক্ষান্ত নহঁও আমি। এই শ্ল’গানেৰে সোমবাৰে উত্তাল হ’ল নেপালৰ ৰাজধানী কাঠমাণ্ডু। কিছুদিনৰ পূৰ্বে নেপাল চৰকাৰে নিষিদ্ধ কৰিছিল দেশখনত ফেচবুককে ধৰি কিছু সামাজিক মাধ্যম।
চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দেশৰ ৰাজধানী চহৰৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীক ৰুধিবলৈ নিয়োগ কৰা হৈছিল সেনা বাহিনী। কিন্তু এই প্ৰতিবাদী মিছিল থমকি ৰোৱা নাছিল। পুৱাৰ ভাগত শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছিল নেপালত ছ’ছিয়েল মিডিয়া নিষিদ্ধকৰণৰ বিৰুদ্ধে প্ৰতিবাদ।
আৰক্ষী- আৰু সেনাই বেৰিকেড দি প্ৰতিবাদকাৰীক বাধা দিয়াৰ চেষ্টা কৰোতেই উত্তপ্ত হৈ পৰে প্ৰতিবাদকাৰীসকল। গছৰ ডাল, শিল, পানী বটল নিক্ষেপ কৰি প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্লগান দিয়ে। আৰক্ষী আৰু সেনাই প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ শূণ্যলৈ গুলী আৰু কন্দুৱা গেছ নিক্ষেপ কৰে। এই সংঘৰ্ষত নিহত হয় এজন প্ৰতিবাদকাৰী।
তাৰ পাছতে উত্তেজিত হৈ পৰা প্ৰতিবাদকাৰীয়ে বেৰিকেড ভাঙি নেপালৰ সংসদ ভৱনত প্ৰৱেশ কৰাৰ চেষ্টা চলায়। কিছু সংখ্যক প্ৰতিবাদকাৰীয়ে সংসদ ভৱনৰ চৌহদত প্ৰৱেশ কৰাৰ পাছতেই কাঠমাণ্ডু জিলা প্ৰশাসনে সান্ধ্য আইন জাৰি কৰে।
ৰাষ্ট্ৰপতিৰ বাসগৃহ, উপ ৰাষ্ট্ৰপতিৰ বাসগৃ, প্ৰধানমন্ত্ৰীৰ বাসগৃহ আদিতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে। উল্লেখযোগ্য যে, নেপাল চৰকাৰে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউব, স্নেপচাট আদিকে ধৰি ২৬টা ছ’ছিয়েল মিডিয়া নিষিদ্ধ কৰিছে। তাৰ পাছতে যুৱ প্ৰজন্মৰ প্ৰতিবাদকাৰীসকলে এইদৰে সমবেত হৈ প্ৰতিবাদ সাৱ্যস্ত কৰে।
আৰক্ষীৰ গুলীত এজন প্ৰতিবাদকাৰী মৃত্যু হোৱাৰ লগতে দুজন প্ৰতিবাদকাৰী আহত হয়। এই বিক্ষোভৰ খবৰ প্ৰচাৰ কৰি থকাৰ সময়ত এজন টেলিভিশ্বন সাংবাদিক আহত হোৱাৰো খবৰ পোৱা গৈছে। সাংবাদিকজনৰ গাত ৰবৰৰ বুলেট লগাত তেওঁক এখন হাস্পতালত ভৰ্তি কৰা হয়। এতিয়াও দেশখনত পৰিৱেশ- পৰিস্থিতি উত্তপ্ত হৈ আছে।
ঠায়ে ঠায়ে কাঠমাণ্ডুৰ ৰাজপথত সৰু সৰু গোটত প্ৰতিবাদকাৰীসকলৰ উপস্থিতি দেখা পোৱা গৈছে। নেপাল চৰকাৰে প্ৰতিবাদকাৰীসকলক কঠোৰ হাতেৰে দমনৰ চেষ্টা চলাইছে। প্ৰতিবাদকাৰীসকলৰ অভিযোগ- দেশখনত সংঘটিত দুৰ্নীতি যাতে মুক্তভাৱে প্ৰচাৰ আৰু প্ৰকাশ নহয়, তাৰ বাবেহে চৰকাৰে এইসমূহ সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে।
সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ নকৰিলে ইয়াতকৈ অধিক বিক্ষোভ আৰু প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি প্ৰতিবাদকাৰীসকলে চৰকাৰক সকিয়াই দিছে।