/asomiyapratidin/media/media_files/2025/07/03/new-bikhekh-protibedon-1-3-2025-07-03-18-08-33.jpg)
ৰয়েল ব্ৰিটিছ আৰ্মীয়ে নিৰ্মাণ কৰা এটা বিমান ঘাটি। স্বাধীনতাৰ পিছত আহিছিল ভাৰতীয় বায়ু সেনাৰ অধীনলৈ। সেই বিমান ঘাটিৰেই ভূমি বিক্ৰী হৈ গ'ল বায়ু সেনাৰ অজ্ঞাতে। কোটি কোটি টকাত ১৯৯৭ চনতে বিক্ৰী হোৱা সেই ভূমিৰ বিষয়ে পোহৰলৈ আহিল ২০২১ত। গোচৰ ৰুজু হ'ল ২০২৫ ত। এই সমগ্ৰ ঘটনা সমন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
আপুনি যেতিয়া কোনো এটা বিমান বন্দৰৰ ভূমিলৈ লক্ষ্য কৰে তেতিয়া বাৰু ধাৰণা কৰেনে, এই বিমান বন্দৰৰ ভূমিও কোনোবাই, কেতিয়াবা বায়ু সেনাই নজনাকৈয়ে বিক্ৰী কৰি দিব পাৰিব? কোনোবাই যে সেই ভূমি কোটি কোটি টকাত ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিব সেনাই ধাৰণাও আহেনে?
সাধাৰণ অৰ্থৎ এই ধাৰণা অমূলক হলেও বা অসম্ভৱ যেন লাগিলেও কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে তেনে এক ভূমি কেলেংকাৰীৰ তথ্য। ভাৰতীয় বায়ু সেনাই ব্যৱহাৰ কৰা এটা বিমান ঘাটিৰ ভূমি এটা চক্ৰই বায়ু সেনাৰ অজ্ঞাতে বিক্ৰী কৰিলে কোটি কোটি টকাত।
বায়ু সেনাৰ ভূমি বিক্ৰী কৰি পোৱা কোটি কোটি টকাৰেই আকৌ এটা চক্ৰই ৰাজধানী দিল্লীলৈ আহি আৰম্ভ কৰিলে স্থায়ী বসতি। শেহতীয়াকৈ পোহৰলৈ অহা এই ঘটনা এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।
তাৰোপৰি যি বিমান ঘাটিত এই ঘটনা সংঘটিত হৈছে সেই বিমান ঘাটিৰো আছে বহু ইতিহাস। দেশৰ গৌৰৱ বহন কৰিছে এই বিমান ঘাটিয়ে।
ক’ত সংঘটিত হৈছে এই ঘটনা?
এই ঘটনা পঞ্জাৱৰ। চিনেমাত সংঘটিত হোৱা অপৰাধৰ দৃশ্যৰ দৰেই কাহিনী। পঞ্জাৱৰ ভাৰত-পাকিস্তান সীমান্তৰ কাষৰ ফিৰোজপুৰত আছে এই বিমান ঘাটি। কেইবা কোটি টকাত ইয়াৰে প্ৰায় ১৫ একৰ ভূমি বিক্ৰীৰ ঘটনা ১৯৯৭ চনতে সংঘটিত হৈছিল যদিও এতিয়াহে চৰ্চাৰ মাজলৈ আহিছে।
এতিয়াহে ৰুজু হৈছে ইয়াৰ ভূমি বিক্ৰীৰ সৈতে জড়িত মাতৃ-পুত্ৰৰ বিৰুদ্ধে গোচৰ। আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া। পঞ্জাৱত বায়ু সেনাৰ মাটি বিক্ৰী কৰি তেওঁলোক এতিয়া দিল্লীৰ বাসিন্দা। চৰ্চালৈ অহা এই বিমান ঘাটি-হালৱাৰা বায়ুসেনা ষ্টেচন।
এই বিমান ঘাটিৰ আছে ইতিহাস
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৩৯ চনত ব্ৰিটিছ চৰকাৰে অবিভক্ত ভাৰতৰ পঞ্জাৱত ৯৮২ একৰ মাটি ৰয়েল এয়াৰ ফ’ৰ্চে ব্যৱহাৰৰ বাবে অধিগ্ৰহণ কৰিছিল। তাৰ পাছতেই নিৰ্মাণ কৰিছিল এটা বিমান পথ।
ব্ৰিটিছে ভাৰত এৰাৰ পিছত সেই বিমান পথটো আৰু ইয়াৰ সকলো ভূমি আহে ভাৰতৰ বায়ু সেনাৰ হাতলৈ। স্বাধীনতাৰ পিছত কেইবাখনো যুদ্ধত এই বিমান পথটোৰ ভূমিকা আছিল অপৰিসীম।
১৯৬২, ১৯৬৫ আৰু ১৯৭১ ৰ যুদ্ধৰ সময়ত এই বিমান পথটো ব্যৱহাৰ কৰিয়েই শত্ৰুৰ সৈতে যুঁজিছিল ভাৰতীয় বায়ু সেনাই। ১৯৬৪ চনত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে শস্য উতপাদন বৃদ্ধিৰ বাবে প্ৰতিৰক্ষা বিভাগৰ অব্যৱহৃত আৰু খালী ভূমি কৃষিৰ বাবে ব্যৱহাৰৰ বাবে এক আঁচনি গ্ৰহণ কৰিছিল।
সেই আঁচনিৰ অধীনতে এই বিমান বন্দৰৰ ভূমি মদন মোহন লাল আৰু তেওঁৰ ভাতৃ টেক চান্দেও লাভ কৰিছিল। অৱশ্যে এই ভূমি খেতিৰ বাবেহে দিয়া হৈছিল। কিন্তু তাৰেই সুযোগ গ্ৰহণ কৰি মদন মোহনৰ মৃত্যুৰ পিছত তেওঁৰ নামত পাৱাৰ অৱ এটৰ্নীৰ ভিত্তিত মাটিখিনি বিক্ৰী কৰা হয়।
মাটিখিনি বিক্ৰী কৰাত সহায় কৰে ৰাজহ বিভাগৰ একাংশ দুৰ্নীতি পৰায়ণ বিষয়াই।পিছত এই বিষয়টো পোহৰলৈ অহাত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত তদন্ত কৰে ভিজিলেন্স ব্যুৰোৱে।ভিজিলেন্সৰ প্ৰতিবেদনৰ পিছতে পঞ্জাৱ আৰক্ষীয়েও আৰম্ভ কৰে তদন্ত।
কেনেকৈ পোহৰলৈ আহিল এই ঘটনা
উচ্চ ন্যায়ালয়ত এই বিষয়টো উত্থাপন কৰিছে নিশান সিং নামৰ এগৰাকী ৰাজহ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়াই।বি বি চিৰ এক প্ৰতিবেদনত দিয়া তেওঁৰ ভাষ্য অনুসৰি এই মাটিখিনি লাভ কৰা মদন মোহন লালৰ ১৯৯১ চনত মৃত্যু হৈছিল।
তেওঁৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে ১৯৯৭ চনত ভুৱা পঞ্জীয়নৰ জৰিয়তে দাৰা সিং, মুখতিয়াৰ সিং, জাগীৰ সিং, সুৰজিত কৌৰ আৰু মনজিৎ কৌৰক মাটিখিনি বিক্ৰী কৰে। নিশান সিঙে উচ্চ ন্যায়ালয়ত দাখিল কৰা আৱেদন অনুসৰি ২০২১ চনত হালৱাৰা বায়ুসেনা ষ্টেচনৰ কমাণ্ডেণ্টে এই জালিয়াতি পোহৰলৈ আনি ফিৰোজপুৰৰ উপ আয়ুক্তক তদন্তৰ দাবী জনাইছিল।
কিন্তু তেওঁ সেই সময়ত কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। ইয়াৰ পিছত ২০২৩ চনৰ ডিচেম্বৰ মাহত নিশান সিঙে গোটেই বিষয়টোৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে।তেওঁ কয় যে ১৯৯১ চনত মাটিৰ প্ৰকৃত মালিক মদন মোহন লালৰ মৃত্যু হৈছিল যদিও ১৯৯৭ চনত এই মাটি ভুৱা পঞ্জীয়নৰ জৰিয়তে বিক্ৰী কৰা হয়।
২০০৯-১০ চনত সুৰজিত কৌৰ, মনজিত কৌৰ, মুখতিয়াৰ সিং, জাগীৰ সিং, দাৰা সিং, ৰমেশ কান্ত আৰু ৰাকেশ কান্তক এই মাটিৰ মালিক হিচাপে দেখুওৱা হৈছিল। কিন্তু বায়ু সেনাই কেতিয়াও এই মাটি কাকো হস্তান্তৰ কৰা নাছিল।
উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশত পঞ্জাৱ ভিজিলেন্স ব্যুৰোৰ মুৰব্বীক বিষয়টোৰ তদন্ত কৰি ৪ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিল। ইয়াৰ পূৰ্বে ভাৰতীয় বায়ুসেনাইও পঞ্জাৱৰ ৰাজ্যপালক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ কৈছিল।
ইফালে এই মাটি ক্ৰয় কৰা লোকসকলেও মাটিখিনি নিজৰ নামত ৰাখিবলৈ ন্যায়ালয়ৰ কাষ চাপিছে। এইসকল ক্ৰেতাই জিলা আদালতত দখলৰ গোচৰত জয়ী হৈছে যদিও ভাৰতীয় বায়ুসেনাই এই সিদ্ধান্তক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে।
কেনেকৈ সম্ভৱ হ’ল এই কাণ্ড
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৩৯ চনত ৯৮২ একৰ মাটি ৰয়েল এয়াৰ ফ’ৰ্চৰ ব্যৱহাৰৰ বাবে অধিগ্ৰহণ কৰাৰ সময়ত কৃষকসকলক ইয়াৰ ক্ষতিপূৰণ দিয়া হৈছিল। ভিজিলেন্সৰ ব্যুৰোৰ প্ৰতিবেদন অনুসৰি স্বাধীনতাৰ পূৰ্বে ফাট্টুৱালা আৰু ইয়াৰ আশে-পাশে থকা চাৰিখন গাঁৱৰ মাটি বায়ুসেনাই অধিগ্ৰহণ কৰিছিল। ইয়াৰ পিছত ইয়াত নিৰ্মাণ কৰা হৈছিল লেণ্ডিং গ্ৰাউণ্ড।
কিন্তু সেই সময়ত কিবা কাৰণত ইয়াৰে কিছু ভূমি বায়ুসেনালৈ হস্তান্তৰ কৰা হোৱা নাছিল। ৰৈ গৈছিল পূৰ্বৰ গৰাকীৰ নামতে। ৰাজহ বিভাগৰ ৰেকৰ্ডত বায়ু সেনাই অধিগ্ৰহণ কৰা সেই ভূমি একাংশ লোকৰ নামত পঞ্জীয়ন হৈ থকাৰ বাবেই তাৰ সুযোগ গ্ৰহণ কৰিলে এই চক্ৰটোৱে।
গোচৰটোত উচ্চ ন্যায়ালয়ে কি ক’লে
এই গোটেই জালিয়াতিৰ সন্দৰ্ভত ২০২৩ চনত ৰাজহ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নিশান সিঙেপঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। ২০২৫ চনৰ ৩০ এপ্ৰিলত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে পঞ্জাৱ ভিজিলেন্স ব্যুৰোৰ সঞ্চালকক চাৰি সপ্তাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল।
সেই মতেই যোৱা ২০ জুনত ব্যুৰোৱে তদন্তৰ প্ৰতিবেদন দাখিল কৰিছে। সেই প্ৰতিবেদনৰ ভিত্তিতে পৰৱৰ্তী সময়ত যোৱা ২৮ জুনত এফ আই আৰ ৰুজু কৰা হৈছে। পঞ্জাৱ আৰক্ষীয়ে ফিৰোজপুৰ জিলাৰ কুলগড়ী থানাত উষা আনছাল আৰু তেওঁৰ পুত্ৰ নবীন আনছালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
পঞ্জাৱ আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪১৯, ৪২০, ৪৬৫, ৪৬৭, ৪৭১ আৰু ১২০বি ধাৰাত গোচৰ ৰুজু কৰিছে।