অতি ভয়ংকৰ ৰাহুলৰ অভিযোগ...

দিল্লীত এক সংবাদ মেল সম্বোধন কৰি ৰাহুলে নিৰ্বাচন আয়োগ আৰু বিজেপিৰ গোপন বুজাবুজিৰ মাধ্যমেৰে কিদৰে ব্যাপক হাৰত ভোটৰ ৰিগিং হৈছিল সেই বিষয়ে বিতং তথ্য ফাদিল কৰে।

author-image
Tushar Pratim
New Update
অতি ভয়ংকৰ ৰাহুলৰ অভিযোগ...

দীৰ্ঘদিনে উত্থাপন কৰি অহা অভিযোগৰ এইবাৰ তথ্যসহকাৰে বিশ্লেষণ ৰাহুল গান্ধীৰ। দেশৰ নিৰ্বাচনত হৈছে ভোট চোৰ!ৰাহুলৰ সংবাদ মেলৰ পিছতে সন্দেহত নিৰ্বাচন আয়োগ। মানুহৰ মনত প্ৰশ্ন সঁচাকৈয়ে হয় নেকি ভোট চোৰ? কিদৰে হয় ভোট চোৰ? ৰাহুল গান্ধীৰ ভোট চোৰৰ এই অভিযোগৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

 

বৃহস্পতিবাৰে দেশৰ ৰাজনীতিত একপ্ৰকাৰে ধুমুহাৰ সৃষ্টি কৰি ৰাহুল গান্ধীয়ে যোৱা নিৰ্বাচনত কিদৰে ভোট চোৰ হৈছিল তাৰ তথ্য ফাদিল কৰি দেশৰ নিৰ্বাচনী ব্যৱস্থাৰ প্ৰতি সন্দেহ অধিক ঘনিভূত কৰি তুলিলে। যোৱা কেইবা মাহৰ পৰা দেশৰ নিৰ্বাচনত ভোট চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰি অহা ৰাহুলে প্ৰথম অৱস্থাত এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য ফাদিল কৰিব পৰা নাছিল যদিও বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে প্ৰদান কৰা তথ্যৰেই তেওঁ কিদৰে ভোট চোৰ হৈছে তাক তথ্যসহকাৰে বিশ্লেষণ কৰি দেখুৱালে।

দিল্লীত এক সংবাদ মেল সম্বোধন কৰি ৰাহুলে নিৰ্বাচন আয়োগ আৰু বিজেপিৰ গোপন বুজাবুজিৰ মাধ্যমেৰে কিদৰে ব্যাপক হাৰত ভোটৰ ৰিগিং হৈছিল সেই বিষয়ে বিতং তথ্য ফাদিল কৰে। তেওঁ অভিযোগ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ক্ষমতাত থাকিবলৈ ২৫ খন আসনত ভোট চুৰি কৰিছিল।

সেই সকলো আসনতে নিকটতম প্ৰাৰ্থীগৰাকীৰ পৰাজয়ৰ ব্যৱধান আছিল ৩৩ হাজাৰ ভোটতকৈ কম। তেওঁৰ অভিযোগ ২০২৩ চনৰ পৰা নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ কংগ্ৰেছৰ ভিতৰত সন্দেহৰ সৃষ্টি হৈছিল যদিও তেওঁলোকৰ হাতত এই সন্দৰ্ভত কোনো তথ্য প্ৰমাণ নাছিল।

ৰিগিং হৈছিল বুলি আমি নিশ্চিত আছিলো, নাছিল তথ্য- ৰাহুল গান্ধী

ৰাহুল গান্ধীয়ে কয়, আমি জানো ৰিগিং হৈছিল। কিন্তু আমি কোনো প্ৰমাণ পোৱা নাছিলো। সেয়ে আমি ভোট চুৰিৰ প্ৰক্ৰিয়াটোৰ সন্ধান কৰিবলৈ এটা দল গঠন কৰিলো।

নিৰ্বাচন আয়োগে দিয়া ভোটাৰ তালিকাৰ প্ৰিণ্টআউট উলিয়াই ভুৱা ভোটাৰ বিচাৰিবলৈ চেষ্টা কৰিলো। ইয়াৰ বাবে আমাক সাতমাহৰ প্ৰয়োজন হল। আমাক যদি আয়োগে ভোটাৰ তালিকাৰ ছফ্ট কপি দিলেহয় তেন্তে এটা ছেকেণ্ডতে এই ভুৱা ভোটাৰ বিচাৰি উলিয়াব পৰা গল হেতেন।

যেতিয়া আমি এইবোৰ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিলো তেতিয়া বুজিলো তেওঁলোকে কিয় আমাক ভোটাৰ তালিকাৰ ছফ্ট কপি নিদিলে।

'নিৰ্বাচন আয়োগৰ বিজেপিৰে আছে গোপন বুজাবুজি'

লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে কয়, আমাক নিৰ্বাচন আয়োগে যিসমূহ ভোটাৰ তালিকা দিলে সেয়া মেচিনেৰে স্কেন কৰিব নোৱাৰি। তেওঁলোকে সাত ফুট উচ্চতাৰ ব্লেক এণ্ড হোৱাইট পেপাৰৰ ভোটাৰ তালিকা দিলে। 

যদি ভোটাৰ তালিকাৰ ছফ্ট কপি দিলেহেতেন তেন্তে এক ছেকেণ্ডতে সকলো তথ্য উলাই পৰিল হেতেন। তেওঁলোকে ছফ্ট কপি নিদিয়াৰ কাৰণ আমি বুজি পাইছো। ইয়েই প্ৰমাণ কৰে নিৰ্বাচন আয়োগে বিজেপিৰ সৈতে গোপন বুজাবুজি কৰি মহাৰাষ্ট্ৰৰ নিৰ্বাচনত ভোট চুৰি কৰিছে।

মাত্ৰ এটা সমষ্টিতে ১ লাখৰো অধিক ভোট চুৰি!

ৰাহুল গান্ধীয়ে কয়, সকলো সমষ্টিৰ ভোটাৰ তালিকা আমি চকুৰে চাই চাই পৰীক্ষা কৰাটো সম্ভৱ নাছিল। কাৰণ এজন ভোটাৰৰ ফটো, ঠিকনাকে ধৰি সকলো আনজন ভোটাৰৰ  লগত পৰীক্ষা কৰিবলগীয়া হৈছিল। সেয়ে আমি কৰ্ণাটকৰ মহাদেৱপুৰা বিধানসভা সমষ্টিকে পৰীক্ষাৰ বাবে বাচি ললো। আৰু এই এটা সমষ্টিৰ ভোটাৰ তালিকা পৰীক্ষাতেই আমাক প্ৰয়োজন হ'ল সাত মাহৰ। 

তেওঁ এই সমষ্টিটোৰ ভোটাৰ তালিকা পৰীক্ষাৰ অন্তত ১ লাখতকৈ অধিক ভোট চুৰি হোৱাৰ অভিযোগ কৰিছে। তেওঁ কয়, এই এটা সমষ্টিতে ১ লাখৰো অধিক ভোট চুৰি কৰা হৈছে। ইয়াৰ ভিতৰত ১১,৯৬৫ জন ডুপ্লিকেট ভোটাৰ, ৪০,০০৯ জন ভুৱা ভোটাৰ, ১০,৪৫২ গৰাকীৰ একে ঠিকনাত একাধিক ভোটাৰ, ৪,১৩২ গৰাকীৰ ফটো ভুৱা, ৩৩,৬৯২ গৰাকী ভোটাৰে ফৰ্ম-৬ ৰ ভুৱা ব্যৱহাৰ কৰিছে।

 

কৰ্ণাটকেই নহয়, মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনটো ভোট চুৰিৰ অভিযোগ

 ভোটাৰ তালিকা সন্দৰ্ভত ৰাহুল গান্ধীয়ে যিসমূহ অভিযোগ কৰিছে সেই অভিযোগ অতি গুৰুতৰ। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত তেওঁ কয়,

             মহাৰাষ্ট্ৰত আমি নিৰ্বাচন আয়োগক ৰাজহুৱাভাৱে জনাইছিলোঁ যে পাঁচ মাহত সংযোজন হোৱা নতুন ভোটাৰৰ সংখ্যা যোৱা পাঁচ বছৰত সংযোজন হোৱা মুঠ ভোটাৰৰ সংখ্যাতকৈ অধিক। যাৰ বাবে আমাৰ সন্দেহৰ সৃষ্টি হৈছিল।

             নতুন ভোটাৰৰ সংখ্যা মহাৰাষ্ট্ৰৰ মুঠ জনসংখ্যাতকৈ অধিক হৈ পৰিল। এয়া আছিল অতি আচৰিত কথা। ৰাজ্যৰ নাগৰিকতকৈ ভোটাৰৰ সংখ্যা অধিক!

             বিধানসভা নিৰ্বাচনত আমাৰ মিত্ৰজোঁট সম্পূৰ্ণৰূপে নিঃশেষ হৈ পৰিল। অথচ কেইমাহমানৰ পূৰ্বে অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনচত আমাৰ সেই একেই মিত্ৰজোঁটে জয়লাভ কৰিছিল। এইটো বৰ সন্দেহজনক।

             মহাৰাষ্ট্ৰৰ ৰাজ্যিক পৰ্যায়ত আমি দেখিলোঁ যে লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ মাজত এক কোটি নতুন ভোটাৰ সংযোজন হল। এই সন্দৰ্ভত নিৰ্বাচন আয়োগকো অভিযোগ উত্থাপন কৰিছিলো।

             মহাৰাষ্ট্ৰত আমি ৪০ লাখ ভুৱা ভোটাৰৰ তথ্য লাভ কৰিছো।

 

কৰ্ণাটক ভোটাৰ তালিকাক লৈ ৰাহুল গান্ধীৰ অভিযোগ-

 

             কৰ্ণাটক লোকসভা নিৰ্বাচনত আভ্যন্তৰীণ সমীক্ষাত ১৬খন আসনৰ জয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছিল যদিও কংগ্ৰেছে মাত্ৰ ৯খন আসনহে লাভ কৰিছিল।

             কংগ্ৰেছৰ তদন্তত দেখা গৈছে যে কৰ্ণাটকৰ মহাদেৱপুৰা আসনত এক লাখৰো অধিক ডুপ্লিকেট ভোটাৰ, ভুৱা ঠিকনা আৰু ভুৱা ফটো ব্যৱহাৰ কৰা ভোটাৰ আছে।

             কৰ্ণাটকৰ বেংগালুৰুৰ মহাদেৱপুৰা বিধানসভা আসনত ৬.৫ লাখ ভোটৰ ভিতৰত ১ লাখতকৈ অধিক ভোট চুৰিহৈছে।

             কৰ্ণাটকত প্ৰায় ১১ হাজাৰ ভোটাৰ এনে আছে যিয়ে বিভিন্ন বুথত আৰু বেলেগ বেলেগ ৰাজ্যত ভোটদান কৰিছে।

             এই ভোটাৰসকলৰ নাম, বুথ নম্বৰ আৰু ঠিকনাৰ তালিকা আমাৰ হাতত আছে।

 

'ভুৱা ভোটাৰ' সন্দৰ্ভত ৰাহুল গান্ধীৰ অভিযোগ

 

             এনে হাজাৰ হাজাৰ ভোটাৰ আছে যাৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন বুথৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে।

             এনে ভোটাৰো পোৱা হৈছে যাৰ নাম মুম্বাইৰ পূব যোগেশ্বৰী সমষ্টি, পূব লক্ষ্ণৌ, বেংগালুৰুৰ মহাদেৱপুৰা সমষ্টিৰ ভোটাৰ হিচাপে পঞ্জীয়ন কৰা হৈছে।

             ৰাহুল গান্ধীয়ে দাবী কৰিছে তেওঁৰ দলটোৱে ৪০ হাজাৰৰো অধিক ভুৱা ভোটাৰক চিনাক্ত কৰিছে। এইসকলৰ ঠিকনা ভুলকৈ দিয়া আছেবা কোনো সঠিক ঠিকনা নাই। তেওঁলোকে দিয়া ঠিকনাত বিচাৰি যাওঁতে তেওঁলোকক পোৱা নগল।

             এটা এটা ঘৰৰ ঠিকনাত পঞ্জীয়ন হৈ আছে ৮০ আৰু ৪৬ জন ভোটাৰ। এটা ঘৰতে বৃহৎ সংখ্যক পঞ্জীয়ন হোৱা ভোটাৰৰ সংখ্যা ১০ হাজাৰৰো অধিক।

             নতুন ভোটাৰ হিচাপে পঞ্জীয়ন কৰিবলৈ ব্যৱহাৰ কৰা ৬ নং ফৰ্মৰ বৃহৎ পৰিসৰত অপব্যৱহাৰ কৰা হৈছিল। ৩৩,৬৯২ টা এনে ভোটাৰ ধৰা পৰিছে।

হাৰিয়ানা বিধানসভা নিৰ্বাচনক লৈ ৰাহুলৰ অভিযোগ

             হাৰিয়ানাত আঠখন আসনত মুঠ দুই কোটি ভোটাৰৰ মাজত জয়-পৰাজয়ৰ ব্যৱধান আছিল মাত্ৰ ২২,৭৭৯।

             ৰাজ্যখনত এটা বিধানসভা সমষ্টিত এক লাখ ভোট চুৰি হৈছিল।

             এগজিট পলত কেৱল কংগ্ৰেছৰ জয়লাভ হোৱাই নহয়, ৯০ আসনৰ হাৰিয়ানা বিধানসভাত কংগ্ৰেছে প্ৰায় ৬০খন আসন লাভ কৰিব বুলিও দাবী কৰিছিল।

             বিজেপিয়ে প্ৰায় সকলো এগজিট পল ভুল বুলি প্ৰমাণ কৰি আৰামত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰি ৪৮খন আসন লাভ কৰিলে।

 

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ

ৰাহুল গান্ধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৩৩ হাজাৰকৈ কম ভোটত ২৫ খন আসন বিজেপিয়ে লাভ কৰাৰ কথা উল্লেখ কৰি এই আসন কেইখনৰ বলতেই নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হৈ আছে বুলি দাবী কৰিছে। 

তেওঁ নিৰ্বাচন আয়োগক উদ্দেশ্য কৰি কয়, "আমি নিৰ্বাচন আয়োগক কৈছো আপোনালোক ভাৰতীয় গণতন্ত্ৰক ধ্বংস কৰিবলৈ নহয়, ভাৰতীয় গণতন্ত্ৰ ৰক্ষাৰ বাবেহে কাম কৰিব লাগে। আপোনালোকৰ সন্মুখত এয়া সকলোবোৰ তথ্য প্ৰমাণ। কেৱল কৰ্ণাটকৰ তথ্যই নহয়, দেশৰ প্ৰতিখন ভোটাৰ তালিকা এতিয়া প্ৰমাণ হৈ পৰিছে।"

ৰাহুল গান্ধীয়ে দাবী কৰি কয় যে, "নিৰ্বাচন আয়োগে আমাক তথ্য নিদিলে। তেওঁলোকে নিজেই কৈছে যে তেওঁলোকে চিচিটিভিৰ ফুটেজ ধ্বংস কৰিবলৈ ওলাইছে। ৰাহুলৰ মতে ভোট চুৰিৰ তথ্য নষ্ট কৰিবলৈকে চিচিটিভি ফুটেজ ধ্বংস কৰিব বিচাৰিছে।

 নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে সংবাদ মেলৰ জৰিয়তে এইদৰে যিবোৰ অভিযোগ উত্থাপন কৰিলে সেই অভিযোগৰ প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে। কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াই এই অভিযোগৰ প্ৰতি সঁহাৰি জনাই এক বিবৃতিও প্ৰকাশ কৰিছে।

তেওঁ বিবৃতিত কয় যে, "কৰ্ণাটক কংগ্ৰেছে মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰিবলৈ সময় বিচাৰিছিল। ইয়াৰ পিছত ৮ আগষ্টৰ দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৩ বজালৈ সময় নিশ্চিত কৰা হৈছে।"

"প্ৰতিনিধিত্ব আইন, ১৯৫০, ভোটাৰ পঞ্জীয়ন নিয়ম, ১৯৬০ আৰু ভাৰতৰ নিৰ্বাচন আয়োগে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি ভোটাৰ তালিকাখন স্বচ্ছ পদ্ধতিৰে প্ৰস্তুত কৰা হয়। ২০২৪ চনৰ নৱেম্বৰ মাহত আৰু ২০২৫ চনৰ জানুৱাৰী মাহত কংগ্ৰেছৰ বাবে ভোটাৰ তালিকা উপলব্ধ কৰা হৈছিল। নিৰ্বাচনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ সন্মুখত নিৰ্বাচনী আবেদনৰ জৰিয়তেহে প্ৰত্যাহ্বান জনাব পাৰি।"

বিজেপিৰ প্ৰতিক্ৰিয়া

মহাৰাষ্ট্ৰৰ নিৰ্বাচনত ভোট চুৰিৰ অভিযোগ উঠাৰ পিছতে এই অভিযোগক নস্যাৎ কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে তেওঁ কয় , "ৰাহুল গান্ধীয়ে অহৰহ মিছা কথা, মিছা বক্তব্য দি আছে।

যোৱাবাৰ তেওঁ কৈছিল মহাৰাষ্ট্ৰত ৭৫ লাখ ভোট বৃদ্ধি হৈছে আৰু এতিয়া তেওঁ কৈছে এক কোটি ভোট বৃদ্ধি হৈছে। তেওঁ মিছা কথা কৈ নিজৰ পৰাজয় লুকুৱাবলৈ চেষ্টা কৰিছে। তেওঁ জানে যে তেওঁৰ দলৰ অস্তিত্ব হেৰুৱাইছে। মই ইয়াৰ বিৰোধিতা কৰিছো। পৰৱৰ্তী নিৰ্বাচনত জনসাধাৰণে তেওঁক পাঠ শিকাব।"

 

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় , "আপুনি মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত পৰাস্ত হৈছিল। লোকসভাত আপুনি আৰু অধিক আসন হেৰুৱাইছিল। এন ডি এয়ে ভাল প্ৰদৰ্শন কৰিছিল। কৰ্ণাটক বিধানসভাৰ ফলাফল আপোনাৰ পক্ষত আহিছিল যদিও লোকসভাত নাহিল। আপুনি মহাৰাষ্ট্ৰ বিধানসভাতো জয়ী হোৱা নাছিল আৰু লোকসভাতো জয়ী হোৱা নাছিল। গতিকে আপুনি দেশ আৰু বিশ্বক কি দেখুৱাবলৈ চেষ্টা কৰিছে?"

তেওঁ ৰাহুল গান্ধীয়ে ভাৰতৰ প্ৰতিষ্ঠানসমূহক বদনাম কৰাৰ অভিযোগ তুলি কয়, "যুক্তি আৰু বুদ্ধিমত্তা গুৰুত্বপূৰ্ণ। আপুনি বিশ্ববাসীক ক'বলৈ চেষ্টা কৰিছে নেকি ভাৰতত নিৰ্বাচন সঠিকভাৱে অনুষ্ঠিত নহয়?  ৰাহুল গান্ধীয়ে বহিঃৰাষ্ট্ৰলৈ গৈ ভাৰতৰ প্ৰতিষ্ঠানসমূহক বদনাম কৰে। যদি নিৰ্বাচনত ৰিগিং হয়, তেন্তে ঝাৰখণ্ডত আপোনাৰ প্ৰাৰ্থীসকল কেনেকৈ জয়ী হ'? জম্মু-কাশ্মীৰত আপুনি কেনেকৈ জয়ী হ'?"

বিজেপিৰ সাংসদ সম্বিত পাত্ৰই কয় , "ৰাহুল গান্ধীয়ে সংবাদমেল সম্বোধন কৰি ভোটাৰ তালিকাৰ কথাও ক'লে। এইয়াই প্ৰথম নহয় যে ৰাহুল গান্ধীয়ে সাংবিধানিক প্ৰতিষ্ঠানক আক্ৰমণ কৰিছে। কিন্তু ৰাহুল গান্ধী যিবোৰ ৰাজ্যত জয়ী হয়, সেইবোৰ ৰাজ্যৰ ভোটাৰ তালিকা এইদৰে দাখিল নকৰে কিয়?"

ৰাহুল গান্ধী কংগ্ৰেছ নিৰ্বাচন আয়োগ বিজেপি