সন্মুখত নিৰ্বাচন : ৰাজনৈতিক দলত লাগিছে গৃহকন্দল...

টিকট লাগে সকলোকে। খেলিব বিচাৰে নিৰ্বাচন। নিৰ্বাচনী বতাহ অসমত বাৰুকৈয়ে বলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমন, সেই নিৰ্বাচনী সক্ৰিয়তাৰে প্ৰতিফলন। মহিলাৰ মাজত উদ্যোমিতা আঁচনিৰ চেক বিতৰণ কৰি সমষ্টিয়ে সমষ্টিয়ে ঘূৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-16 at 12.11.10 PM

নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ। ব্যস্ত হৈছে ৰাজনৈতিক দল। ব্যস্ততা বাঢ়িছে নেতাৰ। ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছাৰে সক্ৰিয় হৈ পৰিছে তেওঁলোক। একো একোটা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। লক্ষ্য এতিয়া সকলোৰে টিকট। নিজ দলৰ নেতাৰ সৈতে নেতাৰ প্ৰতিদ্বন্দ্বিতা চলিছে। এক কথাত ৰাজনৈতিক দলৰ ভিতৰচ’ৰাত এতিয়া অঘোষিত গৃহকন্দল চলিছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন...

টিকট লাগে সকলোকে। খেলিব বিচাৰে নিৰ্বাচন। নিৰ্বাচনী বতাহ অসমত বাৰুকৈয়ে বলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমন, সেই নিৰ্বাচনী সক্ৰিয়তাৰে প্ৰতিফলন। মহিলাৰ মাজত উদ্যোমিতা আঁচনিৰ চেক বিতৰণ কৰি সমষ্টিয়ে সমষ্টিয়ে ঘূৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। 

দুই- এটা সমষ্টিত কোনে টিকট পাব, সেই কথা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। বহুকেইটা সমষ্টিত বৰ্তমানৰ বিধায়কে বিজেপিৰ টিকট লাভ নকৰিব বুলি গুণাগাঁথাও চলিছে। পলাশবাৰীত বৰ্তমানৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপিৰ যুৱ নেতা হিমাংশু শেখৰ বৈশ্যৰ মাজত হোৱা সংঘাত ৰাইজে চকুৰে দেখিলে। 

মুখ্যমন্ত্ৰীৰ ৰঙাচকুৰ পাছতহে দুয়ো নেতাই যুযোধান স্থিতি ত্যাগ কৰিছে। চক্ৰধৰ গগৈয়ে টিকট নাপাব বুলি বহু সমৰ্থকে তেওঁৰ লগ এৰিছে। একেদৰে কোনো ৰাজনৈতিক দলত যোগদান নকৰিলেও নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাই। 

এনেদৰে প্ৰতিটো সমষ্টিতে এতিয়া দেখা পোৱা গৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাৰ প্ৰতিযোগিতা চলিছে। গোৰেশ্বৰত মৃদুল প্ৰতীম ডেকা আশাবাদী পাব এইবাৰ টিকট। হাজোত ডা০ বেদব্ৰত পাঠকেও চেষ্টা চলাইছে টিকটৰ বাবে। শাসকীয় বিজেপি দলৰ ভিতৰতে নিজ নেতাৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী যুঁজ।

হাজোত আছে আছুৰ প্ৰাক্তন নেতা প্ৰকাশ দাস। তেওঁকো লাগে বিজেপিৰ টিকট। কংগ্ৰেছৰ নেতৃত্বৰ মাজতে এতিয়া লবীকেন্দ্ৰিক বিসম্বাদ। আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিমে লগাই গৈছে সংঘাত। দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুত বৰদলৈক বিজেপিৰ এজেণ্ট আখ্যা দি দুদিনতে কংগ্ৰেছ এৰিলে কৰিমে। 

সংখ্যালঘু ভোটাৰৰ ভোট আশা কৰা কংগ্ৰেছৰ বাবে কৰিম হৈ পৰিছে নিৰ্বাচনী বোমা ! গৌৰৱ গগৈয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিলেও তেওঁক সংগ দিয়া নাই বহু জ্যেষ্ঠ নেতাই। ৰঙানদী সমষ্টিত নিজকে ব্যস্ত কৰি ৰাখিছে প্ৰাক্তন অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

সমষ্টিটোত অগপ আৰু বিজেপিৰ দুই নেতাই হৰ্ডিং আঁৰি নিজৰ অস্তিত্ব জাহিৰ কৰিছে। বিজেপিৰ প্ৰণৱজ্যোতি ডেকাও আছে টিকটৰ দৌৰত। দিশপুৰৰ বৰ্তমানৰ বিধায়ক অতুল বৰা(জ্যেষ্ঠ)ৰ ৰাজনৈতিক ভৱিষ্যত এতিয়াও অনিশ্চিত। কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত দিশপুৰ সমষ্টি বিলুপ্ত হৈ সমষ্টিৰ জনবিন্যাসে সলনি হৈছে। 

বঢ়মপুৰত মণিমাধৱ মহন্তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা। ৰাজহুৱা সভাতে সেই কথা ঘোষণা কৰিছে মহন্তই। অসম গণ পৰিষদে বিচাৰিছে ২০টাৰো অধিক সমষ্টি। চিচিবৰগাঁৱত টিকট পাম বুলিয়েই দিনে- ৰাতি খাটিছে অগপৰ যুৱ নেত্ৰী কস্তুৰী চুতীয়াই। 

নলবাৰী সমষ্টিতো দাবীদাৰ হৈছে অগপৰ দিলীপ দাস। অৱশ্যে তাত আছে বিজেপিৰ জয়ন্ত মল্লবৰুৱা। অশোক শৰ্মায়ো এই সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ শক্তিশালী দাবীদাৰ। তাৰ মাজতে অৱশ্যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা এৰিছে পূৰ্বৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। 

সমষ্টিয়ে সমষ্টিয়ে নেতাসকলৰ এই ৰাজনৈতিক যুঁজ আকৰ্ষণীয় হৈ পৰিছে। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটাত কংগ্ৰেছৰ পৰা কোনে টিকট পাব, সেয়া ৰকিবুল হুছেইনে নিৰ্ধাৰণ কৰিব বুলি ইতিমধ্যে চৰ্চা চলিছে। চামগুৰিত টিকটৰ দৌৰত আগবাঢ়ি আছে ৰকিবুলৰ পুত্ৰ তানজিল হুছেইন।

টিংখংত নিৰ্বাচন খেলিবলৈ সাজু হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘনিষ্ঠ বিপুল গগৈ। নাহৰকটীয়া আৰু দুলীয়াজানত কংগ্ৰেছৰ সমৰ্থনত এইবাৰ দিশপুৰলৈ আহিব পাৰিম বুলি আশা পালিছে অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে। 

আনহাতে ছিপাঝাৰত বিজেপিৰ বনমালী শৰ্মাক লাগে টিকট। তেওঁ টিকট পালে বঞ্চিত হ’ব বৰ্তমানৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এইবাৰ বহু নতুন মুখৰ আৱিৰ্ভাব ঘটিব বিজেপিত। এনেকৈয়ে চলিছে নিৰ্বাচনৰ প্ৰথমখন যুঁজ। এই যুঁজৰ লক্ষ্য টিকট।

অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ লগতে বহুকেইটা সংখ্যালঘু ভোটাৰে ভাগ্য নিৰ্ণয় কৰা সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে ইতিমধ্যে ৰাইজৰ দলত যোগদান কৰাৰ কথা ঘোষণা কৰিছে। মৰিয়নি সমষ্টিতো অখিল গগৈ শেষ মুহূৰ্তত ৰাইজৰ দলৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে।

আৰু এক- দুই সপ্তাহৰ ভিতৰত স্পষ্ট হ’ব ছবিখন। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰিছে- ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত হ’ব। কংগ্ৰেছেও ৰাজীৱ ভৱনত প্ৰাৰ্থিত্ব বিচৰা প্ৰাৰ্থীৰ পৰা গ্ৰহণ কৰিছে আবেদন। তাৰ মাজতে চলি আছে এই নিৰ্বাচনী ৰণ...

অসম বিধানসভা