অসহায় শিশুৱে ভিক্ষা খুজিলেই হাতত গুজি নিদিব ধন...

‘আজিৰ শিশু কাইলৈৰ ভৱিষ্যত’ কথাষাৰৰ যথাৰ্থতা বিচাৰিবলৈ যাওঁতে বিভিন্ন কথাই মনলৈ আহে। আজিকালি বহু শিশুৱে পুষ্টিহীনতা, দাৰিদ্ৰতা ইত্যাদি বিভিন্ন কাৰণৰ বাবে শৈশৱতে বিভিন্ন নকৰিবলগীয়া কামত লিপ্ত হয়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-08 at 4.42.09 PM

পদপথত বৃদ্ধি পাইছে ভিক্ষা বৃত্তিত জড়িত শিশু! প্ৰতিখন নগৰ, চহৰৰ ট্ৰেফিক পইণ্টত এতিয়া ভিক্ষা বিচাৰি থকা শিশুৰ দৃশ্য তেনেই সুলভ। এই শিশুসকল আহিছে ক’ৰ পৰা? কেনেকৈ তেওঁলোক হৈ পৰিছে ভিক্ষাৰী? কোন অসাধু চক্ৰ জড়িত আছে ইয়াৰ আঁৰত? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।  


‘আজিৰ শিশু কাইলৈৰ ভৱিষ্যত’ কথাষাৰৰ যথাৰ্থতা বিচাৰিবলৈ যাওঁতে বিভিন্ন কথাই মনলৈ আহে। আজিকালি বহু শিশুৱে পুষ্টিহীনতা, দাৰিদ্ৰতা ইত্যাদি বিভিন্ন কাৰণৰ বাবে শৈশৱতে বিভিন্ন নকৰিবলগীয়া কামত লিপ্ত হয়। 

বহু শিশু আজিও বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈ থকা হেতুকে এই নকৰিবলগীয়া কামবোৰ কৰিব লগাত পৰে। সাধাৰণতে, চহৰবোৰৰ ব্যস্ত পথত প্ৰায় সংখ্যক শিশুৱে মানুহৰ পৰা সহায় বিচাৰি হাত আগবঢ়াই থকা দেখা যায়। 

এই অসহায় শিশুবোৰৰ মুখমণ্ডল ভৰি থাকে ধূলিৰে, ভোকত দুচকুৰে নিগৰি আহে চকুলো। তাৰোপৰি হাত-ভৰি ভঙা, কোলাত কেচুৱা লৈ সহায় বিচৰা মাকগৰাকীয়ে, হুইলচেয়াৰত বহি থকাজনক মাক বা দেউতা বুলি পৰিচয় দি সাধাৰণ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব খোজে। এনে দৃশ্য প্ৰত্যক্ষ কৰা বহু সহৃদয় লোকে তেওঁলোকৰ দুখ-দুৰ্দশা সহিব নোৱাৰি দুপইচা দিয়েও।

কিন্তু এই হৃদয়স্পৰ্শী দৃশ্যৰ আঁৰত থকা সত্যক হয়তো বহু লোকে অনুধাৱন কৰিব নোৱাৰে। কিয়নো দুখীয়া-দৰিদ্ৰৰ ভেশ ধৰি এচামে জীৱন চলোৱাৰ লগতে বহু অনৈতিক কাম-কাজতো লিপ্ত হোৱাৰ ঘটনা প্ৰায়েই শুনিবলৈ পোৱাৰ বহু উদাহৰণ আছে।

অসমৰ বিভিন্ন চহৰত বিশেষকৈ গুৱাহাটী, যোৰহাট, শিলচৰ আদি ঠাইত, শিশুৱে ভিক্ষা খুজি থকা দৃশ্যই এতিয়া সামাজিক সমস্যাৰ ৰূপ লৈছে। বহু ক্ষেত্ৰত দুখ-দুৰ্দশাই শিশুসকলক ভিক্ষা খুজিবলৈ ঠেলি দিলেও বিগত কিছু বছৰৰ পৰা একাংশ স্বেচ্চাসেৱী সংগঠনসমূহে এনে কাৰ্যত জড়িত অধিকাংশ শিশুক “ভুৱা ভিক্ষাৰী” বুলি চিনাক্ত কৰিছে।

এই সমস্যাৰ এটা স্পষ্ট উদাহৰণ, গুৱাহাটী মহানগৰৰ গণেশগুৰি ট্রেফিক পইণ্টত প্ৰায় প্ৰতিদিনে এটি ৯ বছৰীয়া শিশুক ভিক্ষা খুজি থকা দৃশ্য দেখা পোৱা যায়। তেওঁৰ হাত এখনত সদায় বেণ্ডেজ মৰা থাকে। পথচাৰীয়ে দুখত সহানুভূতি প্ৰকাশ কৰি টকাও দিয়ে। 

পিছত এটা স্বেচ্ছাসেৱী সংগঠনৰ সংগঠনৰ অনুসন্ধানত পোহৰলৈ আহে ইয়াৰ আৰৰ ৰহস্য। তেওঁলোকে জানিব পাৰিলে এই শিশুটি দৰাচলতে কোনো আঘাতৰ সন্মুখীন হোৱা নাই। দৰাচলতে শিশুটিক এই ভিক্ষা কাৰ্যৰ বাবে এটা চক্ৰই বাধ্যতামূলকভাৱে নিয়োগ কৰিছিল। 

স্বেচ্ছাসেৱী সংগঠনটোৰ অনুসন্ধানত পোহৰলৈ আহে, এই চক্ৰটোৱে ভিক্ষা খুজিবলৈ এইদৰে শিশুসকলক অট’ৰ জৰিয়তে প্ৰতিদিনে পুৱা লৈ আহে আৰু দিনৰ শেষত তেওঁলোকক তেনে স্থানৰ পৰা লৈ যোৱাৰ লগতে সংগৃহীত টকাখিনিও সেই চক্ৰটোৰ নেতৃত্বত থকাসকলে লৈ যায়। এয়া মাত্ৰ এটা উদাহৰণহে। গুৱাহাটীৰ প্ৰায় প্ৰতিটো ট্ৰেফিক পইণ্টতে এনে দৃশ্য এতিয়া তেনেই সুলভ।

আনহাতে, পাঞ্জাবত শেহতীয়াকৈ ভিক্ষা বৃত্তিৰ পৰা শিশুসকলক আঁতৰাই ৰখাৰ বাবে আৰম্ভ কৰা ‘প্ৰকল্প জীৱন জ্যোত’ৰ সময়ত এই বিষয়টোৰ সন্দৰ্ভত বহু উদ্বেগজনক তথ্য উন্মোচিত হৈছে। এই আঁচনিৰ জৰিয়তে ৭০০ শিশুক পথৰ পৰা লৈ অনা হৈছিল।

এই শিশুসকলক লৈ অহাৰ সময়তে কিছু প্ৰাপ্ত বয়স্ক লোকে বহু কেইটা শিশুৰ অভিভাৱক বুলি দাবী কৰিছিল। এই দাবী পৰীক্ষা কৰিবলৈকে সম্পন্ন কৰা হৈছিল ডি এন এ পৰীক্ষা। এই পৰীক্ষাতে স্পষ্ট হয় শিশুকেইটাৰ অভিভাৱক বুলি দাবী কৰাসকলৰ সৈতে দৰাচলতে তেওঁলোকৰ তেনে কোনো সম্পৰ্ক নাই। 

তেওঁলোকে ভুৱাকৈ শিশুকেইটাৰ অভিভাৱকৰ পৰিচয় দি শিশু কেইটাক ভিক্ষা বৃত্তিত নিয়োগ কৰিছিল। এইদৰেই এচাম লোকে অসহায়, দৰিদ্ৰ শিশুক ভিক্ষাৰ লগতে বিভিন্ন অসামাজিক, বেআইনী কাৰ্যত লিপ্ত হ’বলৈ বাধ্য কৰাই তেওঁলোকৰ সোণালী শৈশৱ ধ্বংস কৰাৰ লগতে জীৱনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।  

একেদৰে কাৰ্ণাটকৰো  কল্যাণ নামৰ এটা অঞ্চলত চাৰি বছৰত ৩৪০ টাৰো অধিক শিশুক ভিক্ষা খোজা অৱস্থাৰ পৰা উদ্ধাৰ কৰিছে। এয়া মাত্ৰ কেইটামান উহাৰণহে। বিভিন্ন নগৰ, মহানগৰত এতিয়া এইদৰেই অসহায় শিশুক ভিক্ষা বৃত্তিত জড়িত কৰি একাংশই ধন উপাৰ্জনৰ অপচেষ্টাত লিপ্ত হৈছে। 

সেয়ে পথত কোনো শিশুৱে ভিক্ষা বিচাৰিলেই ধন দি দিয়াৰ পূৰ্বে বহু কথা বিচাৰ-বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা থাকে। আপুনি অসাহয় অৱস্থাত প্ৰত্যক্ষ কৰা শিশুটিৰ হাতত গুজি দিয়া টকা কেইটা প্ৰকৃততে সিহঁতৰ হাতত থাকেনে? 

সেই ধন সঠিক কামত ব্যৱহাৰ হয়নে? পথত ভিক্ষা খুজিবলৈ শিশুক বাধ্য কৰোৱা চক্ৰটোৰ কোনোবাই আপোনাৰ সেই ধনেৰে ড্ৰাগছ, মদ, ভাং আদি খোৱাত ব্যৱহাৰ কৰিছেনেকি?  এইবোৰ কথাও বিবেচনা কৰাৰ প্ৰয়োজন আহি পৰিছে।

সাধাৰণ লোকৰ উদাৰতাও এতিয়া অসাধু চক্ৰৰ সহজ ধন ঘটাৰ উৎস হৈ পৰিছে। এনে পৰিস্থিতিত শিশু সুৰক্ষাৰ সৈতে জড়িত সংগঠন, স্বেচ্ছাসেৱী সংগঠন তথা চৰকাৰী অনুষ্ঠানসমূহ অধিক সক্ৰিয় হৈ পৰাৰ লগতে সাধাৰণ লোকেও এই সংস্থাসমূহক সহযোগিতা কৰাৰ প্ৰয়োজনীয়তা আছে। 

পদপথত বিভিন্ন ভেশ ধৰি ভিক্ষা খোজা শিশু দেখিলেই পকেটৰ ধন উলিয়াই দিয়াৰ পৰিবৰ্তে কোনো শিশুৰ পুনৰ সংস্থাপিত কোনো স্বেচ্ছাসেৱী সংস্থা অথবা চৰকাৰী সংস্থাৰ দৃষ্টি গোচৰ কৰাৰহে প্ৰয়োজনীয়তা আছে।শিশুৰ অসহায় অৱস্থাৰ সুযোগ গ্ৰহণ কৰি দুষ্ট চক্ৰই এইদৰে ধন আহৰণ কৰিছে যদিও মন কৰিলে দেখা যায় সেইসকল পদপথৰ ভিক্ষা খোজা শিশু পুষ্টিহীনতাত ভোগাৰ উপৰিও তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে। 

কোনো কোনো শিশুৱে এই চক্ৰৰ কৱলত পৰিয়েই নিচাসক্তও হৈ পৰিছে। আজিৰ তাৰিখত পদপথৰ শিশুৰ সমস্যা দেশৰ ভিতৰতে এক অন্যতম গুৰুতৰ সমস্যা হিচাপে পৰিগণিত হৈছে। 

এই সমস্যাৰ সমাধানৰ বাবে প্ৰয়োজন চৰকাৰী পক্ষৰ সঠিক কাৰ্যপন্থা। সাধাৰণ নাগৰিক, দল, সংগঠন, স্বেচ্ছাসেৱী সংগঠনৰ সহযোগিতাত এনে পদপথৰ শিশুক পুনৰুদ্ধাৰ কৰাই নহয় সোণালী শৈশৱ আৰু সুন্দৰ ভৱিষ্যত গঢ় দিয়াতো কেৱল দায়িত্বই নহয়, এয়া তেওঁলোকৰ সাংবিধানিক অধিকাৰো।

child assam guwahati