/asomiyapratidin/media/media_files/2025/08/26/bikhek-2025-08-26-15-22-57.jpg)
নিৰ্বাচনৰ দিন ঘোষণা নৌহওঁতেই গৰম হৈছে বি টি আৰৰ ৰাজনীতি। মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিজেপিৰ বিধায়কৰ পৰা আদি কৰি শক্তি প্ৰদৰ্শন কৰিছে ইউ পি পি এল আৰু বি পি এফেও। মিত্ৰতাত থাকিলেও এইবাৰ বিজেপি- ইউ পি পি এলৰ মাজত ৰাইজে প্ৰত্যক্ষ কৰি ব্যৱধান। মুখ্যমন্ত্ৰীৰ সন্মুখত শক্তি প্ৰদৰ্শনত কৃপনালি কৰা নাই প্ৰমোদ বড়োৱেও। শেহতীয়া বি টি আৰৰ নিৰ্বাচনী পৰিৱেশক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন
সন্মুখত বি টি আৰৰ নিৰ্বাচন। এতিয়াও অৱশ্যে ঘোষণা হোৱা নাই নিৰ্বাচনৰ দিন। তাৰ পূৰ্বেই বড়ো ভূমিত শাসক-বিৰোধী নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। বি টি আৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজেই নিৰ্বাচনী ৰণ হুংকাৰ দিছে।
শৰ্মাৰ মন্ত্ৰীসভাৰ সতীৰ্থ মন্ত্ৰী আৰু শাসকীয় দলৰ বিজেপি বিধায়কক বি টি আৰৰ নিৰ্বাচনৰ প্ৰচাৰৰ দায়িত্ব দিয়া হৈছে। ২৫আগষ্ট, ২০২৫ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত বিজয় সংকল্প সমাৰোহত অংশ লয়।
এই সমাৰোহত অংশ লৈ ড০ হিমন্ত বিশ্ব শৰ্মাই তাতপৰ্যপূৰ্ণভাৱে মন্তব্য কৰে যে, বি টি চিত বিজেপিৰ চৰকাৰ নহ’লে, ইচ্ছা থাকিলেও আমি সহায় কৰিব নোৱাৰো। কোকৰাঝাৰ জিলাত দুখনকৈ বিজয় সংকল্প সভাত অংশ লৈছিল মুখ্যমন্ত্ৰীয়ে।
মিত্ৰদল ইউ পি পি এলৰ সৈতে বি টি আৰত ক্ষমতাত থকাৰ পাছতো এই নিৰ্বাচনী যুঁজৰ বাবে ইউ পি পি এলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা কথাই বিজেপি আৰু মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ প্ৰতি বড়োভূমিৰ বহু ৰাইজে তেওঁলোকৰ দুমুখীয়া নীতিক উপলদ্ধি কৰিব পাৰিছে।
তেনে ততপৰতা অব্যাহত ৰাখিছে বি পি এফেও। বিজেপিয়ে বড়োভূমি অকলে দখল কৰিব নোৱাৰিব বুলি জানিও এই নিৰ্বাচনত যি সুযোগ আহে, তাকে গ্ৰহণ কৰিবলৈ এক পৰিকল্পিত নীতিৰে আগবাঢ়িছে।
মূলতঃ এই যুঁজ তিনিকোণীয়া হ’ব বুলি ধাৰণা কৰা হৈছে যদিও সোমবাৰে বিজেপিৰ সেই নিৰ্বাচনী সভাৰ বিপৰীতে নিজৰ শক্তি প্ৰদৰ্শন কৰিলে ইউ পি পি এলে। মুখ্যমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ দিনাই ইউ পি পি এলৰ সমৰ্থনত আকাশ-বতাহ কপাঁই ওলাই আহিল হাজাৰ হাজাৰ ৰাইজ।
মিত্ৰদল ইউ পি পি এল আৰু প্ৰমোদ বড়োক একাষৰীয়া কৰাৰ উত্তৰ যেন এই সমাৱেশৰ জৰিয়তে দিলে ইউ পি পি এলে। বড়ো ৰাজনীতিৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰত ইউ পি পি এলে বিশাল সমন্বয় সমদল বাহিৰ কৰিলে।
এই সমদলত অংশ ল’লে ৫০হাজাৰতকৈ অধিক লোকে। কোকৰাঝাৰৰ মাজমজিয়াত থকা চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা জি ডি ৰোড হৈ উলিওৱা এই সমদলৰ নেতৃত্ব লৈ প্ৰমোদ বড়োৱে ঘোষণা কৰিলে- এই সমন্বয় এদিনৰ বাবে নহয়, ৫০বছৰৰ বাবে।
হাজাৰ হাজাৰ ট্ৰেক্টৰ আৰু হাতে হাতে ইউ পি পি এলৰ দলীয় পতাকা লৈ সমদলত অংশ লোৱা সকলে দিলে প্ৰমোদ বড়ো আৰু ইউ পি পি এল জিন্দাবাদ ধ্বনি। মুখ্যমন্ত্ৰীক ইউ পি পি এলৰ প্ৰমোদ বড়োৱেও দেখুৱাই দিলে তেওঁ ভৱাৰ দৰে সহজ নহব ইউ পি পি এলক ক্ষমতাৰ পৰা আঁতৰ কৰা।
বড়োভূমিৰ ৰাজনীতিত বিজেপিয়ে ইউ পি পি এলক গ্ৰাস কৰিব খোজা এই নীতিৰ বিৰুদ্ধে বড়ো ৰাইজে দিলে যোগ্য প্ৰত্যুত্তৰ। ইউ পি পি এলৰ প্ৰায় সংখ্যক নেতাই অংশ লৈছিল এই সম্প্ৰীতিৰ সমদলত।
এতিয়া বড়োভূমিত ইউ পি পি এলৰ প্ৰভাৱ সৰ্বত্ৰে। অৱশ্যে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতহে সেই যুঁজখনৰ আৰু স্পষ্ট ছবি দেখিবলৈ পোৱা যাব। কিন্তু ফন্টফুটত থাকি বি টি আৰৰ নিৰ্বাচনৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই প্ৰমোদ বড়োৱে দেখুৱাইছে খেল...