ভিন্ন সংস্থাৰ এগজিট প’ল : কোনে মাৰিব শেষ হাঁহি

ইফালে দিল্লীৰ বোমা বিস্ফোৰণ, আনফালে বিহাৰৰ বিধানসভা নিৰ্বাচন। তথাপিও শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে এই নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব সম্পন্ন হোৱাৰ পাছত ১১ নৱেম্বৰ ২০২৫ত অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব।

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 2024

ইফালে দিল্লীৰ বোমা বিস্ফোৰণ, আনফালে বিহাৰৰ বিধানসভা নিৰ্বাচন। তথাপিও শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে এই নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব সম্পন্ন হোৱাৰ পাছত ১১ নৱেম্বৰ ২০২৫ত অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব। ভোটগ্ৰহণ পৰ্ব সমাপ্ত হোৱাৰ পাছতে দেশৰ বিভিন্ন সংবাদ সংস্থাই প্ৰকাশ কৰিছে এগজিট প’ল। এই সম্পৰ্কতে ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন।

১১ নৱেম্বৰ ২০২৫ৰ সন্ধিয়া শান্তিপূৰ্ণভাৱে অন্ত পৰিল বিহাৰ বিধানসভা নিৰ্বাচন। এইবাৰৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছিল। ইয়াৰ ৬ নৱেম্বৰত প্ৰথম পৰ্যায়ৰ, একেদৰে ১১ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল।

দুয়োটা পৰ্যায়তে অভিলেখ সংখ্যক ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰা পৰিলক্ষিত হৈছে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্বত ৬৫.০৮ শতাংশ ভোটাৰে ভোটদান কৰিছিল। একেদৰে দ্বিতীয় পৰ্যায়তো অভিলেখ সৃষ্টি কৰি ৬৮. ৮৫ শতাংশ ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰে। 

বিহাৰৰ প্ৰথম পৰ্যায়ত ১৮খন জিলাত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। জিলা কেইখন হৈছে পাটনা, দৰভংগা, মাধেপুৰা, ছহর্ষা, মুজাফ্ফৰপুৰ, গোপালগঞ্জ, ছিৱান, ছৰণ, বৈশালী, সমষ্টিপুৰ, বেগুচৰাই, লক্ষীচৰাই, মুংগেৰ, শ্বেইখপুৰা, নালন্দা, বক্সাৰ আৰু ভোজপুৰ । প্রথম পর্যায়ত ভোটদাতাৰ সংখ্যা আছিল প্ৰায় ৩ কোটি ৭৫ লাখ। একেদৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা আছিল ১৩১৪ গৰাকী । 

প্ৰথম পৰ্যায়ত ভোটগ্ৰহণৰ সাক্ষী হৈছিল বিভিন্ন দেশৰ এটা প্ৰতিনিধি দল । য’ত উপস্থিত আছিল ফ্ৰান্স, দক্ষিণ আফ্ৰিকা, বেলজিয়াম, ইণ্ডোনেছিয়া, ফিলিপাইনছ, থাইলেণ্ড আৰু কলম্বিয়াৰ দৰে আগশাৰীৰ দেশসমূহৰ প্ৰতিনিধিসকল ৷

নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কেইবাগৰাকী হেভীৱেট প্ৰাৰ্থীয়ে আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা। মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ, তেজ প্ৰতাপ যাদৱ, আনন্দ মিশ্ৰ। তেজস্বীয়ে বিজেপিৰ সতীশ কুমাৰৰ বিৰুদ্ধে এইবাৰৰ নিৰ্বাচনত ৰাঘুপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ।

আনহাতে পিতৃ আৰু ভাতৃৰ পৰা আঁতৰি গৈ লালুৰ সৰু পুত্ৰ তেজ প্ৰতাপ যাদৱে এইবাৰ বিহাৰত নতুন দল খুলি যুঁজত নামিছিল। তেজ প্ৰতাপ নতুন দলটোৰ নাম হৈছে জনশক্তি জনতা দল। তেওঁ মহুৱা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

আনফালে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিহাৰৰ বৰ্তমানৰ বহুকেইগৰাকী মন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীয়েও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। উপ মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহা এইবাৰ লখীছৰায় সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে চতুৰ্থবাৰৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। বিহাৰৰ অতি শক্তিশালী নেতা সম্ৰাট চৌধুৰী, অৰুণ কুমাৰ শ্বাহ, মন্ত্ৰী মঙ্গল পাণ্ডে, অবধ চৌধুৰী, মহম্মদ চাহাবুদ্দিনৰ দৰে নেতায়ো প্ৰথম পৰ্যায় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

ইফালে ১১ নৱেম্বৰত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব সম্পন্ন হোৱাৰ পাছতে দেশৰ ভিন্ন সংস্থাই ৰাজহুৱা কৰিছে এগজিট প’ল। বাতৰি সংস্থা নিউজ ১৮য়ে পূৰ্বানুমান কৰি ৰাজহুৱা কৰা এগজিট প’ল হৈছে- এন ডি এ লাভ কৰিব ১৩৩খন আসনৰ পৰা ১৬৭খন আসন। একেদৰে মহাজোঁট বন্ধন চমুকৈ (এম জি বি)য়ে লাভ কৰিব  ৭০ৰ পৰা ১০১খন আসন।

আনহাতে, নিউজ নেচনে ৰাজহুৱা কৰা এগজিট প’ল অনুসৰি এন ডি এ দলে লাভ কৰিব ১৩৭ৰ পৰা ১৫২খন আসন। একেদৰে ইণ্ডিয়া মৰ্চাই লাভ কৰিব ৮৩ৰ পৰা ৯৮খন আসন। জে এছ পি দলে ০২খনৰ পৰা ০৪খন আসন লাভ কৰিব আৰু অন্যান্য দলে ০৪ৰ পৰা ০৮ খন আসন পাব। 

ইফালে টাইমছ নাও নামৰ সংবাদ সংস্থাৰ পূৰ্বানুমান অনুসৰি এন ডি এ দলে পাব ১৩৫ৰ পৰা ১৫০খন আসন পাব পাৰে। এম জি বি দলে পাব ৮৮ৰ পৰা ১০৩খন আসন আৰু অন্যান্য দলে লাভ কৰিব পাৰে ০৩ৰ পৰা ০৭খন আসন।

পিপ’লছ পালছৰ সমীক্ষা মতে, এন ডি এম দলে পাব ১৩৩ৰ পৰা ১৫৯খন আসন। এম জি বি দলে পাব পাৰে ৭৫ৰ পৰা ১০১ খন আসন। সংস্থাটোৱে জে এছ পি দলে ০ৰ পৰা ৫খন আসন পাব পাৰে বুলি অনুমান কৰিছে। অন্যান্য দলে ০২ৰ পৰা ০৮খন আসন পাব পাৰে বুলি পিপ’লছ পালছে এগজিট প’লত উল্লেখ কৰিছে।

বিহাৰৰ নিৰ্বাচনক লৈ পিপ’লছ ইনচাইডে ৰাজহুৱা কৰা এগজিট প’ল অনুসৰি এন ডি এ দলে পাব ১৩৩ৰ পৰা ১৪৮খন আসন। ইণ্ডিয়া মৰ্চাই লাভ কৰিব পাৰে ৮৭ৰ পৰা ১০২খন আসন। একদৰে জে এছ পি দলে ০ৰ পৰা ২খন আসন পোৱাৰ লগতে অন্যান্য দলে পাব পাৰে ০৩ৰ পৰা ০৬খন আসন।

দৈনিক ভাস্কৰৰ সমীক্ষা অনুসৰি এন ডি এ দলে পাব ১৪৫ৰ পৰা ১৬০খন আসন। ইণ্ডিয়া মৰ্চাই পাব পাৰে ৭৩ৰ পৰা ৯১খন আসন। জে এছ পিয়ে এখনো আসন লাভ নকৰে বুলি অনুমান কৰিছে। আনহাতে অন্যান্য দলে ০৫ৰ পৰা ১০খন আসন পাব পাৰে।

ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী এন ডি টি ভিৰ সমীক্ষা মতে এন ডি এ দলে পাব ১৩৩ৰ পৰা ১৫৯খন আসন। ৭৫ৰ পৰা ১০১খন আসন পাব ইণ্ডিয়া মৰ্চাই। 

একেদৰে মেট্ৰিজৰ সমীক্ষা মতে, ১৪৭খন আসনৰ পৰা ১৬৭খন আসন পাব এন ডি এ দলে। একেদৰে ইণ্ডিয়া মৰ্চাই ৭০ৰ পৰা ৯০খন আসন লাভ কৰিব। তদুপৰি অন্যান্য দলে ০২ৰ পৰা ০৬ পাব বুলি কৈছে মেট্ৰিজ নামৰ সংস্থাটিয়ে। ইফালে মেৰ্টিজে ইয়াকো উল্লেখ কৰিছে যে, জন সুৰক্ষা পাৰ্টীয়ে ০ৰ পৰা ০২খন আসন পাব। 

গুৰুত্বপূৰ্ণ কথা এই যে, বেছিভাগ এগজিট প’লে বিহাৰৰ নিৰ্বাচন সন্দৰ্ভত এন ডি এ দলে চৰকাৰ গঠন কৰিব বুলি অনুমান কৰিছে। কিন্তু এইবাৰৰ প্ৰেক্ষাপট কিছু সুকীয়া। এন ডি এক বগৰাই ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিলে তাত একো আচৰিত হ’ব লগা নাই। কিয়নো এইবাৰ অভিলেখ সংখ্য ভোটাৰে ভোটদান কৰিছে। 

বহু কেইটা নিৰ্বাচনত ইতিমধ্যে এগজিট প’লৰ সমীক্ষা বুমেৰাঙত পৰিণত হৈছে। গতিকে  ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা ভোটগণনাৰ পাছতহে গম পোৱা যাব কোনে দখল কৰে বিহাৰৰ মছনদ... 

বিহাৰ