দেৰগাঁও, শিৱসাগৰ, তেজপুৰ, ঢেকিয়াজুলি আৰু বৰচলা সমষ্টিত টিকটৰ দৌৰত কোন কোন...

উজনি অসমৰ প্ৰায়বোৰ সমষ্টিতে তুংগত উঠিছে নিৰ্বাচনী বতাহ। থমকি ৰোৱা নাই মধ্য অসমৰ তেজপুৰ, ঢেকিয়াজুলি, বৰচলা আদি সমষ্টিয়ো। আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্বৰ দৌৰত আছে ভালেকেইগৰাকী শক্তিশালী প্ৰাৰ্থী।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-31 at 5.33.52 PM

সমষ্টিয়ে সমষ্টিয়ে চৰ্চাত আছে কিছু নাম। কোনে পাব টিকট, তাক লৈ উৎকণ্ঠা প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু সাধাৰণ জনতাৰ। “কাক, কাক লাগে টিকট” শীৰ্ষক এই লানি বিশেষ প্ৰতিবেদনত সমষ্টিসমূহত চৰ্চিত তেনে প্ৰাৰ্থীক লৈ যুগুত কৰা হৈছে। দেৰগাঁও, শিৱসাগৰ, তেজপুৰ, ঢেকিয়াজুলি আৰু বৰচলা সমষ্টিক লৈ তৃতীয়খন প্ৰতিবেদন...

উজনি অসমৰ প্ৰায়বোৰ সমষ্টিতে তুংগত উঠিছে নিৰ্বাচনী বতাহ। থমকি ৰোৱা নাই মধ্য অসমৰ তেজপুৰ, ঢেকিয়াজুলি, বৰচলা আদি সমষ্টিয়ো। আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্বৰ দৌৰত আছে ভালেকেইগৰাকী শক্তিশালী প্ৰাৰ্থী। বিজেপি- কংগ্ৰেছৰ লগতে আন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত আছে একেটা দলৰে ভালেকেইগৰাকী প্ৰাৰ্থী। বিশেষকৈ দেৰগাঁও সমষ্টিত চৰ্চাত থকা মূল প্ৰাৰ্থীসকল হ’ল -


সমষ্টি : দেৰগাঁও

  • ভবেন ভৰালী(অগপ)
  • নুৰুল চুলতান (অগপ)
  • কৃষ্ণ দাস (অগপ)
  • চানক্য চাংমাই (কংগ্ৰেছ)

আনহাতে শিৱসাগৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এইবাৰো শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চলিছে চৰ্চা। তেওঁৰ বিপৰীতে থকা সাম্ভাৱ্য প্ৰাৰ্থীগৰাকী হৈছে বিজেপিৰ কুশল দুৱৰী। 

  • সমষ্টি : শিৱসাগৰ
  • অখিল গগৈ(ৰাইজৰ দল)
  • কুশল দুৱৰী(বিজেপি)

একেদৰে তেজপুৰ সমষ্টিৰ পিনে চালে দেখা যাই যে, এই সমষ্টিটো বৰ্তমান অগপৰ দখলত আছে। সমষ্টিটোৰ বিধায়ক হৈছে পৃথ্বীৰাজ ৰাভা। কিন্তু এইবাৰ তেজপুৰত যদিহে বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাই, তাত আচৰিত হ’ব লগা নাই। কিয়নো বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পৰা কেইবাগৰাকীয়ো নেতা সমষ্টিটোত মজুত আছে।  

সমষ্টি : তেজপুৰ

  • পৃথ্বীৰাজ ৰাভা (অগপ)
  • অভিজিত কলিতা ( বিজেপি) 
  • হিৰণ্য ভূঞা (বিজেপি) 
  • দিপক শইকীয়া (বিজেপি) 
  • ঋতুবৰণ শৰ্মা (বিজেপি) 
  • মধুস্মিতা ডেকা হাজৰিকা (বিজেপি)
  • পল্লৱী শইকীয়া (কংগ্ৰেছ) 
  • ধৃতিমান শইকীয়া (কংগ্ৰেছ) 
  • ডা° অনুজ মেছ (কংগ্ৰেছ) 
  • পৰমানন্দ কাকতি (কংগ্ৰেছ) 
  • তৃষ্ণা কাকতি (কংগ্ৰেছ) 
  • অভিজিত হাজৰিকা (কংগ্ৰেছ) 
  • অনুপম চৌধুৰী (কংগ্ৰেছ)

ইফালে চৰ্চাত থকা আন এটা সমষ্টি হৈছে ঢেকিয়াজুলি সমষ্টি। এই সমষ্টিটোত আছে বিজেপিৰ শক্তিশালী নেতা- মন্ত্ৰী তথা আগন্তুক নিৰ্বাচনৰ টিকটৰ অন্যতম দাবীদাৰ অশোক সিংঘাল। এইবাৰো তেওঁকে বিজেপিয়ে টিকট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে ইয়াৰ ইংগিত বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছে।

সমষ্টি : ঢেকিয়াজুলি

  • অশোক সিংঘাল (বিজেপি)
  • বেনু নাথ (কংগ্ৰেছ)
  • প্ৰানেশ্বৰ বসুমতাৰী (কংগ্ৰেছ)
  • অঞ্জন উপাধ্যায় (কংগ্ৰেছ) 
  • বাটাচ ওৰাং (কংগ্ৰেছ) 
  • মেলকাচ তপ্ন (কংগ্ৰেছ) 
  • মিনা তেলী (কংগ্ৰেছ)

ইফালে বৰচলা সমষ্টিত প্ৰাৰ্থিত্বৰ দৌৰত থকা প্ৰাৰ্থীসকল হৈছে-

সমষ্টি : বৰচলা 

  • গনেশ কুমাৰ লিম্বু (বিজেপি) 
  • কিশোৰ উপাধ্যায় বিজেপি) 
  • অশোক ভট্টৰায় (বিজেপি) 
  • গীতুমনি বৰা (বিজেপি) 
  • ত্ৰিদীপ কলিতা (বিজেপি)
  • অলক নাথ (ৰাইজৰ দল)
  • অপূৰ্ব কুমাৰ ভট্টাচাৰ্য (অগপ)
  • টংক বাহাদুৰ ৰায় ((কংগ্ৰেছ) 
  • ৰিপুন বৰা (কংগ্ৰেছ) 
  • হেমন্ত অধিকাৰী (কংগ্ৰেছ) 
  • পংকজ বৰা (কংগ্ৰেছ) 
  • অভিজিত হাজৰিকা (কংগ্ৰেছ) 
  • দক্ষিণা গুজৰেল (কংগ্ৰেছ) 
  • জলী বৈশ্য (কংগ্ৰেছ)
  • মোহন ছেত্ৰী (কংগ্ৰেছ)

পৰৱৰ্তী প্ৰতিবেদনত ৰাজ্যৰ আন ৫টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত থকা প্ৰাৰ্থীসকলৰ বিষয়ে আলোকপাত কৰা হ’ব।

নিৰ্বাচন দেৰগাঁও