/asomiyapratidin/media/media_files/2026/01/30/new-bikhekh-2026-01-30-12-55-24.jpeg)
সমষ্টিয়ে সমষ্টিয়ে চৰ্চাত আছে কিছু নাম। কোনে পাব টিকট, তাক লৈ উৎকণ্ঠা প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু সাধাৰণ জনতাৰ। “কাক, কাক লাগে টিকট” শীৰ্ষক এই লানি বিশেষ প্ৰতিবেদনত সমষ্টিসমূহত চৰ্চিত তেনে প্ৰাৰ্থীক লৈ যুগুত কৰা হৈছে। তিতাবৰ, টিয়ক, মৰিয়নি, যোৰহাট আৰু মাজুলী সমষ্টিক লৈ দ্বিতীয়খন প্ৰতিবেদন...
উজনি অসমৰ প্ৰায়বোৰ সমষ্টিতে তুংগত উঠিছে নিৰ্বাচনী বতাহ। তিতাবৰত ভাস্কৰ বৰুৱা বৰ্তমানৰ বিধায়ক যদিও তেওঁৰ স্থিতিক লৈ সন্দেহ সৃষ্টি হৈ আহিছে। এইবাৰ কংগ্ৰেছৰ পৰা তেওঁৱেই প্ৰাৰ্থিত্বৰ দৌৰত আগত আছে। সমষ্টিটোত চৰ্চাত থকা মূল প্ৰাৰ্থীসকল হ’ল -
সমষ্টি : তিতাবৰ
- ভাস্কৰ বৰুৱা (কংগ্ৰেছ)
- ধীৰাজ গোৱালা ( বিজেপি)
- কুমুদ কছাৰী ( বিজেপি)
- হেমন্ত কলিতা ( বিজেপি)
আনহাতে সদ্যহতে অগপৰ দখলত থকা টিয়ক সমষ্টিত এইবাৰ বৰ্তমানৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই স্বাস্থ্যজনিত কাৰণত এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰে। সেই সুযোগ লৈ মিত্ৰ দল বিজেপিৰ কেইবাজনো প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে।
তেওঁলোকৰ ভিতৰত কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগদান কৰা ৰাণা গোস্বামীয়ো আছে। সমষ্টিটোত চৰ্চাত থকা আন প্ৰাৰ্থীসকল ক্ৰমে-
সমষ্টি : টিয়ক
- ৰাণা গোস্বামী (বিজেপি)
- ঈশ্বৰ প্ৰসন্ন বৰদলৈ (বিজেপি)
- জিতু হাজৰিকা (বিজেপি)
- শান্তনু পূজাৰী (বিজেপি)
- সৌৰভ প্ৰাণ বৰা (অগপ)
- বিকাশ শইকীয়া (অগপ)
- প্ৰদীপ হাজৰিকা (অগপ)
- পল্লৱী গগৈ (কংগ্ৰেছ)
ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিৰ বৰ্তমানৰ বিধায়ক। এইবাৰো ৰূপজ্যোতি কুৰ্মীয়ে টিকট পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এনে খবৰো ৰাজহুৱা হৈছে যে, অখিল গগৈয়ে এই সমষ্টিটোত শেষ মুহূৰ্তত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। সেয়েহে সমষ্টিটোৰ নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হৈ পৰিব।
এই সমষ্টিটোত বিজেপিৰ পৰাও কেইবাজনো প্ৰাৰ্থিত্বৰ দাবীদাৰ আছে। সমষ্টিটোৰ আন প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল হ’ল-
সমষ্টি : মৰিয়নি
- ৰূপজ্যোতি কুৰ্মী(বিজেপি)
- সঞ্জয়কৃষ্ণ তাঁতী(বিজেপি)
- দুলাল নায়ক(বিজেপি)
- ডা০ যদুমণি বুঢ়াগোহাঁই(কংগ্ৰেছ)
- অখিল গগৈ(ৰাইজৰ দল)
মাজুলী সমষ্টিত এইবাৰ বৰ্তমানৰ বিধায়ক ভুবন গামে টিকট লাভ কৰাৰ আশা ক্ষীণ। সমষ্টিটোত শেষ মুহূৰ্তত বৰ্তমানৰ শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে প্ৰতিদ্বন্দ্বিতা কৰিলেও আচৰিত হ’ব লগা নাই। সমষ্টিটোত কংগ্ৰেছৰো একাধিক শক্তিশালী প্ৰাৰ্থী আছে।
মাজুলী সমষ্টিৰ বাবে বিজেপিকে ধৰি আন দলৰ নাম উচ্চাৰিত সাম্ভাৱ্য প্ৰাৰ্থীসকল হ’ল -
সমষ্টি : মাজুলী
- বিতোপন দলে (বিজেপি)
- ভুৱন গাম (বিজেপি)
- হেমচন্দ্ৰ দলে( বিজেপি)
- বিষ্ণুকমল পায়েং (কংগ্ৰেছ)
- ড০ ইন্দ্ৰনীল পেগু(কংগ্ৰেছ)
- ৰাজীৱ লোচন পেগু (কংগ্ৰেছ)
- কমল লাম্ফী পগাম(কংগ্ৰেছ)
- বিকি পেগু(ৰাইজৰ দল)
- শিশুধৰ দলে আৰু ব্ৰজেন গাম (অগপ)
যোৰহাট সমষ্টিত ২০২১ চনত বিজেপিৰ প্ৰাৰ্থী হিতেন গোস্বামী জয়ী হৈছিল। এইবাৰো গোস্বামীৰ নামে বিজেপিৰ প্ৰাৰ্থীৰূপে উচ্চাৰিত হৈছে। কংগ্ৰেছৰো কেইবাগৰাকী নেতাই সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। প্ৰাৰ্থিত্বৰ দৌৰত থকা যোৰহাট সমষ্টিৰ প্ৰাৰ্থীসকল হ’ল-
সমষ্টি : যোৰহাট
- হিতেন গোস্বামী (বিজেপি)
- সিদ্ধানকু অংকুৰ বৰুৱা( বিজেপি)
- পুতুল বৰগোহাঁই (কংগ্ৰেছ)
- প্ৰশান্ত বৰা(কংগ্ৰেছ)
- কিষাণু বৰুৱা (কংগ্ৰেছ)
- গীতাৰ্থ বৰুৱা(কংগ্ৰেছ)
- দিব্যজ্যোতি( কংগ্ৰেছ)
পৰৱৰ্তী প্ৰতিবেদনত ৰাজ্যৰ আন ৫টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত থকা প্ৰাৰ্থীসকলৰ বিষয়ে আলোকপাত কৰা হ’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us