নাম কটা চিপাহী হ’ল নেকি APCC ৰ প্ৰাক্তন সভাপতি?

প্ৰাক্তন সভাপতিজনক নামত কিছু দায়িত্ব দিয়া হৈছে যদিও এতিয়া তেওঁ কংগ্ৰেছত এক প্ৰকাৰৰ নচলা টকা। তেওঁৰ লগতে তেওঁৰ বিশ্বস্ত সংগীসকলৰো একেই অৱস্থা। 

author-image
Asomiya Pratidin
New Update
নাম কটা চিপাহী হ’ল নেকি APCC ৰ প্ৰাক্তন সভাপতি?

ৰাজ্যৰ ৰাজনীতিৰ পৰা যেন হঠাৎ নোহোৱা হৈ গল তেওঁ! কেইদিনমানৰ আগলৈকে অত্যন্ত চৰ্চিত, ব্যস্ত নেতাগৰাকীৰ এতিয়া খবৰ নাই। সভাপতিৰ দায়িত্বৰ পৰা তেওঁক আতৰোৱাৰ পিছতে আশ্চৰ্যজনকভাৱে একপ্ৰকাৰে তেওঁ হেৰায়েই গল ৰাজ্যৰ ৰাজনীতিৰ পৰা। APCC ৰ প্ৰাক্তন সভাপতি ভূপেন বৰা এতিয়া কিহত ব্যস্ত? ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত কিয় হৈ পৰিল সন্ধানহীন? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

ত হেৰাল মানুহজন। এসময়ত দিনে-নিশাই ব্যস্ত হৈ থকা মানুহজনৰ এতিয়া ছাঁটোকে দেখিবলৈ পাবলৈ নাই। কেমেৰাৰ সন্মুখত প্ৰায়ে ওলাই থকা এই ৰাজনৈতিক ব্যক্তিগৰাকীৰ খবৰো এতিয়া মানুহে নাৰাখে।

চৰকাৰক কঠোৰ ভাষাৰে গৰিহণা দিয়া, ৰাজ্যখনত প্ৰধান বিৰোধী দল কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দিয়া মানুহজননো এতিয়া কিহত ব্যস্ত? পূৰ্বতে ৰাজনৈতিক ব্যস্ততাৰ মাজতে চৰ্চিত কবিতা লেখা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ ব্যস্ততাৰ বিষয়ে খবৰ লবলৈ আমি যোগাযোগ কৰিছিলো বিভিন্নজনৰ সৈতে।

পদবী এৰাৰ পাছত কেতিয়াবাহে ৰাজীৱ ভৱনলৈ আহে ভূপেন বৰা। আগৰ দৰে নাই ভূপেন বৰাৰ ৰাজীৱ ভৱনত দপদপনী। তেওঁৰ সভাপতিৰ কোঠা ইতিমধ্যে লৈছে নতুন সভাপতি গৌৰৱ গগৈয়ে। 

প্ৰাক্তন সভাপতিজনক নামত কিছু দায়িত্ব দিয়া হৈছে যদিও এতিয়া তেওঁ কংগ্ৰেছত এক প্ৰকাৰৰ নচলা টকা। তেওঁৰ লগতে তেওঁৰ বিশ্বস্ত সংগীসকলৰো একেই অৱস্থা। 

এতিয়া ভূপেন বৰাই বেছি সময় কটাই ৰঙানদী সমষ্টিত। ৬ ছেপ্টেম্বৰৰ খবৰ অনুসৰি পুনৰ ৪ দিনৰ বাবে গৈ ৰঙানদীত আছেগৈ ভূপেন বৰা। দলৰ কাম-কাজ এতিয়া তেওঁৰ বাবে গুৰুত্বপূৰ্ণ নহয়। 

ভূপেন বৰাই জোৰ দিছে ৰঙানদী সমষ্টিৰ পৰা যিকোনো প্ৰকাৰে জয়ী হৈ আহি ২০২৬ ৰ অসম বিধানসভাত প্ৰৱেশ কৰিবলৈ। বুথে বুথে ঘূৰিছে ভূপেন বৰা। সমষ্টিটোত কাৰোবাৰ ঘৰত হঠাৎ প্ৰৱেশ কৰিছে তেওঁ। 

নতুনকৈ গঠন কৰা এই সমষ্টিটোত আছে ১৯৩ খন কংগ্ৰেছৰ বুথ কমিটী। সেই বুথবোৰলৈ গৈছে বৰা। লগত পিছে কোনো বিশেষ সংগী নাই। ৰঙানদী সমষ্টিৰ অন্তৰ্গত চিলনীবাৰীৰ বালিটিঙত আছিল তেওঁৰ ঘৰ। 

সেয়ে বোলে তেওঁৰ হেনো ৰঙানদী লোকেল ঠাই। ৰঙানদীত দুৱাৰে দুৱাৰে টোকৰ দি ফুৰিছে ভূপেন বৰাই। জিকক বা হাৰক পানী ঘোলা কৰিব হেনো ভূপেন বৰাই। 

৫ ছেপ্তেম্বৰ ২০২৫ ত ৰঙানদী সমষ্টিৰ ১ নং মিৰিগাঁৱলৈ গৈছিল বৰা। নামঘৰ এটা নিৰ্মাণ কৰি আছে, চাই আহিলেগৈ। প্ৰতিশ্ৰুতি দিলে কিবা এটা কৰিব।

তাৰ দুদিনৰ আগত কৰম পূজাত ব্যস্ত আছিল ভূপেন বৰা। ৰঙানদীৰ সমষ্টিৰ অন্তৰ্গত হাৰমতী আঞ্চলিক কৰমপূজাত অতিথি হল বৰা। ২৮ আগষ্টত অৱশ্যে গুৱাহাটীতেই আছিল ভূপেন বৰা।

সেইদিনা গুৱাহাটীত হৈছিল ধাৰাসাৰ বৰষুণ। বেহাৰবাৰী ফ্লাই অভাৰৰ তলত মহানগৰীৰ কৃত্ৰিম বানত আৱদ্ধ হৈ ভিডিঅবনালে ভূপেন বৰাই। কৰবাৰ পৰা গাড়ীৰে আহি থাকোতে দেখা দৃশ্য বন্দী কৰিলে হাতত মোবাইল লৈ।

এইবোৰেই এতিয়া ভূপেন বৰাৰ ব্যস্ততাৰ নমুনা। ২৭ আগষ্টত ৰাইজৰ সৈতে কথা পাতিলে বৰাই। অনানুষ্ঠানিক বাৰ্তালাপ আছিল এয়া। ২ নং মৰিসুঁতি বিলতীয়া গাঁৱত কথা হল গাওঁবাসীৰ সৈতে।

সময়ে সময়ে এতিয়া ভূপেন বৰাৰ। আগৰ সেই দৰ্শনাৰ্থীৰো ভিৰো নাই তেওঁৰ ঘৰত। মানুহে মাতিলেই এতিয়া ভূপেন বৰা যাব পাৰে। জিন্তু হাজৰিকাৰ ঘৰত ভাগৱত পাঠ আছিল। গুৰু গৃহও স্থাপন কৰিছিল সেইদিনা। আলহী হৈ সেই ভাগৱত পাঠত উপস্থিত থাকিল বৰা এজন ভকত হৈ। 

৯ আগষ্টত অৱশ্যে অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটীৰ এখন বৈঠক আছিল। সেইখনত অধ্যক্ষতা কৰিলে বৰাই। ১৬ আগষ্টত লখিমপুৰতেই আছিল বৰা। লগ কৰিলে সেইদিনা লখিমপুৰ জিলা গোৰ্খা সন্মিলনৰ ১৬ সংখ্যক অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াক। 

১৫ আগষ্টত ৰঙানদী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি গৈছিল প্ৰাক্তন মন্ত্ৰী প্ৰেমধৰ বৰাৰ ঘৰলৈ। বৰ্ষীয়ান নেতাজনৰ সহধৰ্মিনী মামনি বৰাৰ মৃত্যুৰ পাছত খবৰ লবলৈ গল বৰা।

১২ আগষ্টত কৰুণাবাৰী ব্লক কংগ্ৰেছৰ নতুন কাৰ্যালয়টোৰ দুৱাৰ মুকলি কৰা হৈছিল। সেই অনুষ্ঠানত উপস্থিত থাকিল ভূপেন বৰা। ১৯ জুলাইতো ৰঙানদীতেই কটালে ভূপেন বৰাই। 

১৬ জুলাইত গুৱাহাটীত কংগ্ৰেছৰ এখন ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক হৈছিল। তাতেই অংশ ললে ভূপেন বৰাই। ১৫ জুলাইত ৰাজীৱ ভৱনত এভূমুকি মাৰিছিল তেওঁ। সেই দিনাই ৰঙানদীলৈ গৈ ভাওনা কৰ্মশালা এখনতো উপস্থিত থাকিলগৈ।

১৩ জুলাইত বিহপুৰীয়াত ফুটবল খেলৰ উদ্বোধক হল ভূপেন বৰা। এয়াই এতিয়া সভাপতিৰ চকী এৰাৰ পাছত ভূপেন বৰাৰ ব্যস্ততা। ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা আঁতৰি এতিয়া ৰঙানদীত ইটো-সিটো কৰি ব্যস্ত হৈ আছে ভূপেন বৰা। সঁচাকৈয়ে ৰাজনীতি কৰাতো কিমান জালা?

 যিগৰাকী নেতাই অতি বেয়া অৱস্থাত দলটোক সন্মুখৰ পৰা নেতৃত্ব দিলে সেই নেতাই যেন এতিয়া দলত হৈ পৰিল গুৰুত্বহীন। দলটোক সন্মুখৰ পৰা নেতৃত্ব দি, দলৰ ভেঁটিও শক্তিশালী কৰিবলৈ দিনে-নিশাই কাম কৰিলে সেই নেতাই এতিয়া দলৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাৰ দৰে এক অৱস্থা ৰাইজৰ দৃষ্টিত ধৰা পৰিছে।

সাংসদ গৌৰৱ গগৈয়ে সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত ভূপেন বৰাৰ দৰে নেতাৰ এই অৱস্থা কংগ্ৰেছ দলটোৰ বাবেই শুভ লক্ষ্যণ নহয়। এই কথাও গৌৰৱ গগৈয়ে উপলব্ধি কৰাৰ প্ৰয়োজন আছে।

ভূপেন বৰাই তেওঁৰ কাৰ্যকালত দলটোক কিমান শক্তিশালী কৰিলে সেয়া আলোচনা, বিতৰ্কৰ বিষয়। কিন্তু ৰাজ্যত কংগ্ৰেছক আগুৱাই নিয়াৰ ক্ষেত্ৰত  বৰাই যে আপ্ৰায় চেষ্টা কৰিছিল সেয়া সহজেই বুজিব পাৰি।

 তেনে এজন নেতা এতিয়া ৰাজীৱ ভৱনৰ পৰা, ৰাজ্যৰ ৰাজনীতিৰ প্ৰেক্ষাপটৰ পৰা আঁতৰি থাকিবলগীয়া বিষয়টো সাধাৰণ মানুহৰো দৃষ্টিত পৰিছে। অৱশ্যে দলে একাষৰীয়া কৰিবলৈ চেষ্টা কৰিলেও বৰাই দলটোৰ প্ৰতি থকা আনুগত্যাৰ বাবেই অন্ততঃ এটা সমষ্টিত হলেও দলক শক্তিশালী কৰি এখন আসন হলেও জয় কৰি অনাৰ বাবে দৃঢ় প্ৰতিজ্ঞ হৈছে।  

কংগ্ৰেছ ভূপেন বৰা