/asomiyapratidin/media/media_files/2025/08/30/ap-bikhekh-pratibedon-2-2025-08-30-16-10-35.jpg)
কাৰোবাৰ বাবে জীৱনটো বৰ সহজ। আন কাৰোবাৰ বাবে জীৱন বৰ কঠিন। ব্যক্তি বিশেষে জীৱনৰ সংজ্ঞা ভিন্ন। দৃষ্টিভংগী অনুসৰি পোৱা যায় জীৱনৰ সংজ্ঞা। পিছে এই জীৱন চলাই নি জীয়াই ৰখাটো খাটিখোৱা বহুতৰ বাবে দুঃসাধ্য কাম। জীৱনটোত কেৱল আৰু কেৱল কষ্ট আৰু যন্ত্ৰণা। কিমান কষ্ট পালে এজন শ্ৰমিকে ৰাস্তাৰ কাষত ৰৈ থকা বাইকত শুই পৰিব পাৰে, সেই সম্পৰ্কতে অসমীয়া প্ৰতিদিন ডিজিটেলত ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন...
ঘৰ এখন চলোৱাটো বৰ এটা সহজ কাৰবাৰ নহয়। পত্নী- সন্তান, পিতৃ-মাতৃৰে ভৰা পৰিয়াল এটা পোহপাল দিয়াটো বৰ কঠিন। দিনৰ দিনটো হাড় ভগা শ্ৰম কৰি হাতৰ মুঠিত পোৱা টকাকেইটাৰে জীৱন চলাই নিয়াটো আজিৰ সময়ত মুখৰ কথা নহয়।
আজিকালি প্ৰায়বোৰ বস্তুৰে জুই- ছাঁই দাম। কোনো এপদ বস্তু সস্তাত কিনিবলৈ যোৱাটো পৰ্বতত কাছ কণী বিচাৰি যোৱাৰ দৰে কথা।
আজিকালি সকলো থাকিও নথকাৰ দৰেই হৈ পৰিছে বহু দৰিদ্ৰ পৰিয়ালৰ বাবে। দাৰিদ্ৰতাই মানুহকৈ কেতিয়াবা লৈ গৈছে অমানুহৰ শাৰীলৈ। কেতিয়াবা বাধ্য কৰাইছে নকৰিবলগীয়া কাম কৰিবলৈ।
মুঠৰ ওপৰত একাংশ খাটিখোৱা লোকৰ মনত আজিও এই ভাব জাগ্ৰত যে দুখীয়াৰ দুখ যেন কেতিয়াও নুগুচে। তথাপি মলিন কাপোৰসাজ পিন্ধি ওলাই যায় দিনটোৰ বাবে কামলৈ।
আটাইতকৈ কঠিন কঠিন কামবোৰ যেন তেওঁলোকৰ বাবেহে ৰৈ থাকে। গৰাকীয়েও কৰিব নোৱাৰা দুঃসাধ্য কামটো হাজিৰা কৰা মানুজনৰ বাবেই থৈ দিয়ে। হয়তো বহুতৰ মনত আবেগ বোলা বস্তুটোও নাইকিয়া হৈ যোৱাৰ দৰেই হৈছে আজিৰ এই কঠিন সময়ত।
কিয়নো তেওঁলোক দিন হাজিৰা কৰা শ্ৰমিক। তেওঁলোকে নকৰিলে কোনে কৰিব এইবোৰ কাম ! এয়া যেন প্ৰেকটিকেল কথা হৈ পৰিছে সমাজৰ একাংশ আঢ্যৱন্ত লোকৰ বাবে।
আমি সকলোৱে মানুহ। আমাৰ আছে বিবেক- আবেগ, বিচাৰ- বুদ্ধি, সুখ- দুখ অনুভৱ কৰিব পৰা এটা মন। কিন্তু সকলো জানি- বুজিও আমি মানুহক মানুহৰ দৰে ব্যৱহাৰ কৰিবলৈ অপৰাগ হওঁ।
দুখীজনৰ দুখ বুজিলে যেন আমাৰ ষ্টেটাছত প্ৰভাৱ পৰিব; এই বুলি ভাবো। আমি বুজিও নুবুজো শ্ৰমৰ দাম। আমি নিদিও প্ৰতিটো কামৰ বাবে প্ৰতিজন শ্ৰমিকক সন্মান। আমাৰ এই ‘মই বৰ ভাব’টোৱে বহুটো শিক্ষিত, তথা তথাকথিত ষ্টেটাছ মানি চলা লোকসকলক এইবোৰ কথাই কেতিয়াও অন্তৰ চুই নাযায়।
দৰকাৰ হ’লে কোনো দুখীয়া লোকক সহায় কৰাৰ নামত সামাজিক মাধ্যমত জাহিৰ কৰিব নিজৰ কামৰ দস্তাবেজ। আৰু লাইক, কমেণ্ট, শ্বেয়াৰৰ সংখ্যাৰে জুখিব নিজৰ কৰ্মৰ মূল্য। সামাজিক মাধ্যমত তেওঁলোকে ধৰা দিব একো একোজন মানৱতাবাদী মানুহ বুলি। এয়াইটো চলি আছে আজিৰ এই সময়ত...।
ঘটনাৰ সময় বৰ বেছি আগৰ নহয়। ৩০ আগষ্ট ২০২৫ৰ দিনৰ ভাগতে প্ৰত্যক্ষ কৰা এটা দৃশ্য চকুত পৰিল। এজন মানুহ। পিন্ধনত মলিন টি-চাৰ্ট আৰু ফটা- ছিটা পেণ্ট আৰু এযোৰ চিগো চিগো হাৱাই চেণ্ডেল। দিনৰ দিনটো কাম কৰি কৰি এটা সময়ত অৱস হৈ ৰাস্তাৰ ওচৰতে থকা বাইক এখন খন্তেকৰ বাবে জিৰণি লৈছে।
তেতিয়ালৈকে সকলো ঠিকেই আছিল। কিন্তু কিছু সময় পাছতে তেওঁ ক’ব নোৱাৰাকৈ টোপনিত লালকাল দিলে বাইকখনতে। এবাৰ- দুবাৰকৈ বাইকখনতে বাগৰ সলালে।
তেতিয়াও তেওঁ ভাগৰুৱা দেহাটো অলসভাৱে এৰি দিছে বাইখনৰ চিটত। গভীৰ নিদ্ৰাত পৰা মানুহজনে গমেই পোৱা নাই যে তেওঁক চাই চাই কিমান মানুহে অহা- যোৱা কৰি আছে তেওঁৰ কাষেৰে। এইবোৰলৈ তেওঁৰ ভ্ৰূক্ষেপ নাই।
তেওঁ শুই আছে নিজানে- নিতালে। উৰি থকা মাখিবোৰেই হৈছে তেওঁৰ বাবে খন্তেকৰ সাঁৰথি। নাকত পৰা মাখিটোৱে বৰকৈ আমনি কৰাত অকাস্মাতে সাৰ পোৱা যেন হৈ পুনৰ শুই পৰিলে।
হয়তো আজি তেওঁ বৰকৈ ভাগৰি পৰিছে। কান্ধত অনবৰতে লৈ ফুৰিছে পৰিয়ালৰ গধুৰ দায়িত্ব। খাল হেন হৈ যোৱা দুচকুত অভাৱৰ স্পষ্ট চিন। কিন্তু আজিৰ এই ব্যস্ততাৰে ভৰা সময়ত কোনেনো অনুভৱ কৰিব তেওঁৰ দুখৰ এই বিৰামহীন গাঁথা ! জীৱন এনেকৈয়ে চলে, চলি আছে আৰু চলি যাব...অসীমলৈ।