/asomiyapratidin/media/media_files/2025/11/27/new-bikhekh-protibedon-ghref-2025-11-27-14-45-07.jpg)
২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৫টা মাহ। এতিয়াও ৰাজ্যত বলা নাই নিৰ্বাচনী বতাহ। বিৰোধী ঐক্য দ্বিধাগ্ৰস্ত। তথাপিও আশ্বস্ত হ’ব পৰা নাই বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰু মিত্ৰগোষ্ঠী। কিন্তু কিয়? সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...
নিৰ্বাচনক লৈ কুছকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে। বিৰোধী দলসমূহে সংগঠিত আৰু সুস্পষ্টভাৱে শাসকপক্ষক নিৰ্বাচনত প্ৰতিহত কৰিব পৰাকৈ এতিয়ালৈকে সাজু হৈ উঠা নাই যদিও সৰ্বাসাধাৰণ ৰাইজৰ মাজত কিছুমান বিশেষ বিশেষ ইচ্ছ্যু লৈ বিক্ষিপ্ত প্ৰতিবাদ ইতিমধ্যে আৰম্ভ হৈছে।
কেইদিনমান আগলৈকে মূলত জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগক লৈ বিৰোধী দল আৰু আন আন সংগঠনৰ লোকসকলো ৰাইজৰ লগতে অতি সক্ৰিয়তাৰে প্ৰতিবাদমুখৰ হৈ আছিল। কিন্তু জুবিনৰ ন্যায়ক লৈ ৰাজনীতি হোৱাতো ৰাইজে নাকচ কৰাৰ বাবে কোনো দলে ইয়াক ৰাজনৈতিক ইচ্ছ্যু বনাব নোৱাৰিলে।
শেহতীয়া এক শক্তিশালী ইচ্ছ্যু হ’ল ছয় জনগোষ্ঠীৰ জনজাতিকৰণ। এই সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ মতে মন্ত্ৰীসভাৰ গোটে বুধবাৰে চৰকাৰৰ প্ৰতিবেদন দাখিল কৰাৰ পাছতেই চৰকাৰেও কেবিনেট বৈঠক অনুষ্ঠিত কৰি বৃহস্পতিবাৰে বিধানসভাত ইয়াক উত্থাপন কৰে।
এয়া ৰাজ্যৰ ইচ্ছ্যু হ’লেও বিষয়টোৰ অধিকাংশ কৰ্তৃত্ব কেন্দ্ৰীয় চৰকাৰৰ। যাৰ সুযোগ চৰকাৰে বাৰুকৈয়ে গ্ৰহণ কৰি বিষয়টো সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি ইয়াক কেন্দ্ৰীয় চৰকাৰলৈ যে প্ৰেৰণ কৰিব, সেয়া নিশ্চিত।
এনে পৰিপ্ৰেক্ষিততে জনজাতিকৰণৰ প্ৰসংগক লৈ ৰাজ্যত ৰাজনৈতিক দলে চৰকাৰৰ বিৰুদ্ধে এক সংগঠিত প্ৰতিবাদী আন্দোলন গ্ৰহণ কৰি চৰকাৰবিৰোধী এক বতাঁহ বলোৱাৰ সুযোগ তেনেই সীমিত। আনহে নালাগে খোদ জনজাতীয় সংগঠনসমূহে বিষয়টোক লৈ সমৰ্থন বা বিৰোধিতাৰ ক্ষেত্ৰত স্পষ্ট আৰু দৃঢ় স্থিতি গ্ৰহণ কৰিব পৰা এক অৱস্থাত নাই।
আনহাতে, পুৰণি এক বৃহৎ ইচ্ছ্যু আছিল ৮৩ৰ ৰক্তাক্ত সংঘৰ্ষৰ সন্দৰ্ভত গঠন কৰা তিৱাৰী আৰু মেহতা আয়োগৰ প্ৰতিবেদনৰ প্ৰসংগ। কৌশলপূৰ্ণভাৱে চৰকাৰে ৪০বছৰীয়া এই পুৰণি প্ৰতিবেদন দুখন বিধানসভাৰ মজিয়া পোৱালেহি।
প্ৰতিবেদনখনে এনেকুৱা কিছু বস্তু তুলি ধৰিলে যাৰ দায়িত্ব কংগ্ৰেছ, গণ সংগ্ৰাম পৰিষদ, ছাত্ৰ সন্থা আদিয়ে ল’ব লাগিব। সেইবাবেই বিধানসভাৰ বাহিৰে, ভিতৰে চৰকাৰৰ এই কৌশলী পদক্ষেপক লৈ বিশেষ হৈ চৈ বা সংগঠিত প্ৰতিবাদ এতিয়ালৈকে গঢ় লৈ উঠা নাই বা উঠাৰ সম্ভাৱনাও নাই।
বিধানসভাত উত্থাপিত হোৱা এটা গুৰুত্বপূৰ্ণ বিষয় আছিল চৰকাৰে বিভিন্ন হিতাধিকাৰীৰ বিপৰীতে নগদ ধন বিতৰণ কৰাৰ বিপৰীতে সূদলৈ ধাৰ লোৱা ১.৩৪লাখ কোটিটকীয়া ঋণৰ প্ৰসংগও। এই বিষয়টোক বিৰোধী দলে চৰকাৰৰ বৃহত ব্যৰ্থতা আৰু জনসাধাৰণৰ মূৰত মাধমাৰ হিচাপে প্ৰতিষ্ঠা কৰাত সফল নোহোৱাৰ প্ৰাথমিক কাৰণটোৱেই হ’ল অসমৰ চৰকাৰে হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰাই এই পৰম্পৰা চলি আহিছে।
আনহাতে দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অৱদমন, বলপূৰ্বক উচ্ছেদ আদিৰ বিৰুদ্ধে বিক্ষিপ্ত ৰূপত চলি থকা সমগ্ৰ ৰাজ্যৰ প্ৰতিবাদী আন্দোলনবোৰকো কোনো বিৰোধী দল বা সংগঠনে এতিয়ালৈকে একত্ৰিত কৰিব পৰা নাই। সেয়েহে আজিৰ তাৰিখত হিচাপ কৰিলে বিৰোধী দলৰ ৰাজনৈতিক বা সাংগাঠনিক কৰ্মসূচী একপ্ৰকাৰৰ শূণ্য বুলিয়েই ক’ব লাগিব।
ইয়াৰ বিপৰীতে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ পৰা আদি কৰি বিজেপিৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক বি এল সন্তোষৰ নেতৃত্বত শাসকীয় শক্তিৰ সাংগাঠনিক ভেটিঁ তৃণমূল পৰ্যায়ৰ লৈকে সু সংগঠিত কৰাৰ বাবে অতি বিজ্ঞানসন্মত আৰু পৰিকল্পিত পদ্ধতিৰে শাসক শক্তিয়ে অভিযান ক্ষিপ্ৰতৰ কৰি তুলিছে। কিয়নো বিৰোধী দুৰ্বল হ’লেও শাসক দলটোৰ শীৰ্ষ নেতৃত্বই এই কথা উপলদ্ধি কৰিছে যে, উপভোক্তা আঁচনিৰে খন্তেকীয়া সকাহ দিয়াত কৃপনালি নকৰিলেও ইয়াৰ বিতৰণৰ ক্ষেত্ৰত গ্ৰামাঞ্চলত থকা দলীয় কৰ্মীবিলাকৰ একাংশৰ দালালি আৰু আধিপত্যবাদী মানসিকতাই সৰ্বসাধাৰণ ৰাইজৰ মাজত ইতিমধ্যে প্ৰচণ্ড ক্ষোভৰ সৃষ্টি কৰিছে।
এই ক্ষোভক বিৰোধীয়ে সংগঠিত ৰূপ দিয়াৰ সফল হ’লে সমাগত নিৰ্বাচনত শাসক দল ক্ষতিগ্ৰস্ত হ’ব পাৰে। ইয়াৰ বাহিৰেও আন কেইটামান বিষয়ে দলটোৰ নেতৃত্বক উদ্বিগ্ন কৰিছে।
তাৰ ভিতৰত প্ৰথম বিষয়টোৱেই হ’ল এন ডি এৰ অংশীদাৰ দল ইউ পি পি এলক এৰি বি টি চিত পূৰ্বৰ কংগ্ৰেছৰ মিত্ৰ শক্তিক বি পি এফক আঁদৰি ল’ব লগা এক পৰিস্থিতিৰ সৃষ্টি হোৱাতো। ইয়াৰ সুযোগত সমাগত নিৰ্বাচনত যে, বি পি এফ যে ১৫খনতকৈ অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ দাবী উত্থাপন কৰিব পাৰে, সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে।
অৱশ্যে হাগ্ৰামাৰ প্ৰভাৱাধীন বি টি চি এলেকাৰ বাহিৰেও ৰাজ্যৰ প্ৰায় ২২টা মান সমষ্টিত এইগৰাকী নেতাৰ অনুগামী ভোটাৰে এক নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে। সেয়া বিজেপিৰ সপক্ষে ৰাখিব পাৰিলে লাভজনক আৰু বিপৰীতে যাব লগা পৰিস্থিতিৰ সৃষ্টি হ’লে বিপদজনক যে হ’ব পাৰে সেই কথা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই উপলদ্ধি কৰিয়েই মিত্ৰ দল ইউ পি পি এলক বুজাই বহাই সৈমান কৰি শেহতীয়াকৈ বি পি এফ সৈতে মিত্ৰতা স্থাপন কৰিলে। ইয়াক ভেঁটা দিয়াত ব্যৰ্থ হ’ল কংগ্ৰেছ বা বিৰোধী শক্তি।
দ্বিতীয়টো বিষয় হ’ল, দীৰ্ঘকাল অসম গণ পৰিষদ এন ডি এৰ অংশীদাৰ হিচাপে বিজেপিৰ লগত আছে যদিও অসম আন্দোলনৰ নেতৃত্ব বহনকাৰী এই দলটোৰ সাংগাঠনিক ভেটিৰ ওপৰতে ভৰষা কৰি বিজেপিয়ে নিজৰ ভেটি শক্তিশালী কৰিছিল। বিগত নিৰ্বাচন লৈকে অগপৰ মন্ত্ৰী-বিধায়ক তথা দলীয় নেতৃত্বৰো মুৰব্বী পদত থকা সুবাদত এটা চামে বিজেপিৰে মিত্ৰতা অনাদি কাললৈ চলি থকাটোকে সমৰ্থন কৰে যদিও কা, এন আৰ চি, অসম চুক্তিৰ ৬নং দফা ৰূপায়ন আদি প্ৰসংগক লৈ তেওঁলোকৰ স্থিতি আৰু চৰকাৰৰ অৱহেলাই এই দলটোৰ কৰ্মীসকলক ক্ৰমান্বয়ে অতিষ্ঠ কৰিছে।
ইতিমধ্যে তেওঁলোকৰ মাজত এনে এক ধাৰণা প্ৰৱল হৈ উঠিছে যে, কেৱল গাদীৰ আশাতে জাতিৰ স্বাৰ্থ বৰ্তমানৰ অগপৰ নেতৃত্বই বিসৰ্জন দিছে। যাৰ পৰিণতিত ৰাজ্যৰ ৭০শতাংশ সমষ্টিত খোপনি থকা দলটোৰ ভেটিঁ নিঃশেষ হোৱাৰ উপক্ৰম ঘটিছে। এনে এক পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ সমাগত নিৰ্বাচনত অগপ দলক কম পক্ষেও ২০ৰ পৰা ২৫টা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ সুযোগ নাপালে এন ডি এৰ অংশীদাৰ হৈ থকা অনুচিত বুলিও তেওঁলোকে মতপোষণ কৰিছিল। এইসকল কৰ্মীৰ সুস্পষ্ট ব্যক্তব্য হ’ল- বিজেপিৰ লগত দীৰ্ঘদিনলৈ মিত্ৰতা বৰ্তি থাকিলে অহা ৫বছৰৰ ভিতৰতে তৃণমূল পৰ্যায়ত অগপৰ সাংগাঠনিক ভেটি উচন হ’ব।
তেনে প্ৰেক্ষাপটতে সমাগত নিৰ্বাচনত নিজৰ প্ৰভাৱ সুৰক্ষিত কৰি ৰাখিবলৈকে অগপৰ বৰ্তমানৰ নেতৃত্বই বৃহৎসংখ্যক সমষ্টিৰ প্ৰাৰ্থিত্ব দাবী কৰাতো প্ৰায় নিশ্চিত হৈ উঠিছে। ইফালে ৰণোজ পেগুক অতি প্ৰভাৱশালী মন্ত্ৰী কৰি ৰাখিলেও উত্তৰ আৰু দক্ষিণ পাৰৰ বহুকেইটা সমষ্টি নিৰ্ণায়ক স্থিতিত থকা মিচিং ছাত্ৰ সন্থাকে ধৰি আন মিচিং সংগঠনসমূহে তেওঁলোকৰ ৰাজনৈতিক দল গণশক্তিক পুণৰুজ্জীৱিত কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে।
কেৱল সেয়াই নহয়, ইয়াৰ বাবে তেওঁলোকে কমেও ১০টা সমষ্টিত গণশক্তি দলৰ প্ৰাৰ্থিত্ব আদায়ৰ বাবে বিজেপিক হেচা প্ৰয়োগ কৰিবলৈ জোৰ দিছে। বিজেপিৰ মিত্ৰগোষ্ঠীৰ অধীনষ্ঠ বিপিএফ, অগপ আৰু গণশক্তিয়ে যদিহে বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰক্ষিতত এই পৰ্যায়ত প্ৰাৰ্থিত্বৰ দাবী কৰিবলৈ হয়, তেনেহ’লে বৰ্তমান বিজেপিৰ দখলত থকা বহুকেইটা সমষ্টিও এৰি দিব লগা পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। আৰু দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিব লগা সমষ্টিৰ সংখ্যা অস্বাভাৱিক হাৰত কমি যাব।
যিটো দলটোৰ সাংগাঠনিক ভৱিষ্যতৰ বাবে বিপদজনক হ’ব পাৰে বুলিও শীৰ্ষ নেতৃত্বই গণ্য কৰিছে। তদুপৰি আছে প্ৰাৰ্থিত্বকেন্দ্ৰিক দলীয় আন্তঃসংঘাতৰ বিষয়সমূহ। সেয়েহে বিৰোধী দুৰ্বল হ’লেও এন ডি এৰ ছত্ৰছায়াত একত্ৰিত হৈ থকা এই দলসমূহৰ শক্তিৰে বিশাল সংখ্যাগৰিষ্ঠতা লৈ চৰকাৰ গঠনৰ স্বপ্নত আউল লাগিবগৈ পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us