/asomiyapratidin/media/media_files/2025/09/09/new-bikhekh-protibedon-2-5-2025-09-09-20-56-48.jpg)
অজি সম্পন্ন হৈ যোৱা দেশৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ অন্তত পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে চি পি ৰাধাকৃষ্ণন। তাৰ পাছতেই এতিয়া তেওঁক লৈ নানান চৰ্চা। আশা কৰাতকৈয়ো অধিক লাভ কৰা চি পি ৰাধাকৃষ্ণনক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। কিন্তু কিয় এই চৰ্চা? কোন এই চি পি ৰাধাকৃষ্ণন? এই সকলো বিষয় সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল চি পি ৰাধাকৃষ্ণন। বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে ৩০০ টা ভোট লাভ কৰাৰ বিপৰীতে চি পি ৰাধাকৃষ্ণনে লাভ কৰিলে ৪৫২ টা ভোট।
১৫ টা ভোট অবৈধ বুলি ঘোষণা কৰাৰ পাছত তামিলনাডুৰ চি পি ৰাধাকৃষ্ণন উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা এই প্ৰক্ৰিয়াটোৱে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যবোধত নতুন আশাৰ সঞ্চাৰ কৰিছে। আকৌ এবাৰ উচ্চাৰিত হৈছে আন এজন ৰাধাকৃষ্ণনৰ নাম।
আমাৰ দেশৰ ইতিহাসত সামাজিক আৰু ৰাজনৈতিক তথা আধ্যাত্মিক দিশত তিনিজন লোকৰ নাম বিশেষভাৱে চৰ্চিত হয়। স্বাধীনতা আন্দোলনক নেতৃত্ব দিয়া মহাত্মা গান্ধী কোনো দিনেই ক্ষমতা বা পদবীত নাথাকিলেও তেওঁ জাতিৰ পিতা হৈয়ে ৰৈ গ’ল। বিশ্বজুৰি বন্দিত হয় আজিও মহাত্মা গান্ধী। তেওঁৰ অহিংসা নীতি, মানৱতাবাদী দৰ্শন আৰু ত্যাগী মনোভাৱে এনেদৰে তেওঁক প্ৰতিষ্ঠা কৰিলে যে, গান্ধী এতিয়া বিশ্বৰ নেতা হৈয়ে ৰৈ গ’ল।
আধ্যাত্মিক জগতখনত ভাৰতক নেতৃত্ব দিছিল স্বামী বিবেকানন্দই। ধৰ্ম আৰু প্ৰগতিশীল চিন্তা, চেতনাৰে বিজ্ঞানসন্মতভাৱে হিন্দুত্বক প্ৰতিষ্ঠা কৰিছিল বিবেকানন্দই। সৰ্বেপল্লী ৰাধাকৃষ্ণন আছিল এজন পণ্ডিত আৰু শিক্ষাবিদ। দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি। দেশৰ শৈক্ষিক বুনিয়াদ ৰাধাকৃষ্ণনৰ দৰে পণ্ডিতৰ আদৰ্শৰে প্ৰতিষ্ঠা হৈছিল।
তাৰ পাছত এতিয়া আন এজন ৰাধাকৃষ্ণন। এই উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত শাসক পক্ষৰ হিচাপ মতে মুঠ ভোটৰ ৭৬৯ ৰ ভিতৰত ৪২২ টা ভোটেই আছিল তেওঁলোকৰ পক্ষত। বিৰোধীয়ে হিচাপ কৰি থৈছিল ৩১২ টা ভোট। ৪৮ টা আছিল নিৰপেক্ষ ভোট।
বিৰোধী প্ৰাৰ্থীয়ে হিচাপ কৰাতকৈ ১৫ টা ভোট কম পালে। আনহাতে জয়ী চি পি ৰাধাকৃষ্ণনে এন ডি এয়ে হিচাপ কৰাতকৈ ৩০ টা ভোট অধিক পালে। ৰাধাকৃষ্ণনৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল ৰাষ্ট্ৰীয় স্বয়ং সেৱকৰ জৰিয়তে।
চি পি ৰাধাকৃষ্ণন হিচাপে পৰিচিত চন্দ্ৰপুৰম পন্নুস্বামী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল ১৯৫৭ চনৰ ২০ অক্টোবৰত তামিলনাডুৰ টিৰুপপুৰত। ব্যৱসায় প্ৰশাসনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা ৰাধাকৃষ্ণনে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱক হিচাপে সেৱা আগবঢ়ায় ১৯৭৪ চনত ভাৰতীয় জনসংঘৰ ৰাজ্যিক কাৰ্যবাহী সদস্য পদ গ্ৰহণ কৰে।
১৯৯৬ চনত তেওঁক তামিলনাডু বিজেপিৰ সম্পাদকৰ দায়িত্ব দিয়া হয়। তাৰ দুবছৰৰ পিছত ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে ৰাধাকৃষ্ণনে কইম্বাটুৰৰ পৰা লোকসভালৈ বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয়। ১৯৯৯ চনত তেওঁ পুনৰ একেটা লোকসভাৰ পৰা নিৰ্বাচিত হৈ সংসদলৈ আহে।
বৰ্তমান তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্বত আছে। ২০২৪ চনৰ ৩১ জুলাইত তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল। তাৰ পূৰ্বে তেওঁ প্ৰায় ডেৰ বছৰ সময় ধৰি আছিল ঝাৰখণ্ডৰ ৰাজ্যপালৰ দায়িত্বত।
ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে ৰাধাকৃষ্ণন দায়িত্বত থকাৰ সময়তে দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁক তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ অতিৰিক্ত দায়িত্বও প্ৰদান কৰিছিল। সাংসদ হিচাপে থকা সময়ছোৱাত তেওঁ বস্ত্ৰশিল্পৰ সংসদীয় স্থায়ী সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ৰাজহুৱা খণ্ডৰ উদ্যোগৰ সংসদীয় সমিতি আৰু বিত্তৰ পৰামৰ্শদাতা সমিতিৰ সদস্যও আছিল ৰাধাকৃষ্ণন। ষ্টক এক্সচেঞ্জ কেলেংকাৰীৰ তদন্ত কৰা সংসদীয় বিশেষ সমিতিৰ সদস্যও আছিল তেওঁ।
২০০৪ চনত ৰাধাকৃষ্ণনে সংসদীয় প্ৰতিনিধি দলৰ সদস্য হিচাপে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত সম্বোধন কৰিছিল। টাইৱানলৈ যোৱা প্ৰথম সংসদীয় প্ৰতিনিধি দলৰ সদস্যও আছিল তেওঁ।
২০০৪ চনৰ পৰা ২০০৭ চনলৈ ৰাধাকৃষ্ণন আছিল তামিলনাডু বিজেপিৰ ৰাজ্যিক সভাপতি। এই পদত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত তেওঁ ১৯ হাজাৰ কিলোমিটাৰৰ ৯৩ দিনীয়া এক ‘ৰথ যাত্ৰা’ কাৰ্যসূচী গ্ৰহণ কৰিছিল।
ভাৰতৰ সকলো নদীক সংযোগ কৰা, সন্ত্ৰাসবাদ নিৰ্মূল, ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ, অস্পৃশ্যতা নিৰ্মূল আৰু ড্ৰাগছৰ ভয়াবহতাৰ সৈতে মোকাবিলা আদি দাবীৰে তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল। এই যাত্ৰাৰে তেওঁ সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
২০১৬ চনত ৰাধাকৃষ্ণনে কোচিস্থিত কয়লা ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰি চাৰি বছৰ ধৰি এই পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ নেতৃত্বতে ভাৰতৰ পৰা কয়লাৰ ৰপ্তানি সৰ্বকালৰ সৰ্বোচ্চ ২৫৩২ কোটি টকাত উপনীত হৈছিল।
২০২০ চনৰ পৰা ২০২২ চনলৈ তেওঁ কেৰালাত বিজেপিৰ সৰ্বভাৰতীয় প্ৰভাৰী হিচাপে দলীয় দায়িত্ব পালন কৰিছিল। তাৰ পাছত ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীত তেওঁ ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰে। এই দায়িত্ব গ্ৰহণ কৰিয়েই প্ৰথম চাৰি মাহতে ঝাৰখণ্ডৰ ২৪ খন জিলাৰ আটাইকেইখন ভ্ৰমণ কৰি নাগৰিক আৰু জিলা বিষয়াৰ সৈতে মত বিনিময় কৰি ৰাজ্যখনলৈ দিছিল শান্তিৰ বাৰ্তা।
এতিয়া এইজন ৰাধাকৃষ্ণনক লৈ চৰ্চা, প্ৰত্যাশা। অৱশ্যে তেওঁক মহাত্মা গান্ধী, স্বামী বিবেকানন্দ অথবা সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ শাৰীত থ’ব নোৱাৰি কিন্তু চৰ্চা চলিছে আন এজন ৰাধাকৃষ্ণনৰ আত্মপ্ৰকাশ ঘটিছে।