শ্ৰীলংকা, বাংলাদেশৰ পাছত নেপালঃ গণ অভ্যুত্থানৰ আঁৰত আছে কি?

সোমবাৰে দেশখনৰ গৃহমন্ত্ৰীগৰাকীয়ে আৰু মঙলবাৰে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি, ৰাষ্ট্ৰপতি ৰাম চন্দ্ৰ পৌড়েলৰ পদত্যাগেও শান্ত কৰিব পৰা নাই নেপালৰ প্ৰতিবাদীসকলক।

author-image
Tushar Pratim
New Update
শ্ৰীলংকা, বাংলাদেশৰ পাছত নেপালঃ গণ অভ্যুত্থানৰ আঁৰত আছে কি?

সামাজিক মাধ্যম নিশেধাজ্ঞা কৰাৰ বিৰুদ্ধে 'GEN Z'-এ সাব্যস্ত কৰা সাধাৰণ প্ৰতিবাদে ল’লে গণ অভ্যুত্থাপনৰ ৰূপ। পদত্যাগ কৰিলে নেপালৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিয়ে। তাৰ পিছতো জ্বলি আছে নেপাল। নেপালৰ এই হিংসাত্মক গণ অভ্যুত্থানৰ আঁৰৰ প্ৰকৃত কাৰণ কি? কিয় হঠাৎ প্ৰতিবাদে ল’লে এই ৰূপ? আছে নেকি কোনো তৃতীয় শক্তিৰ প্ৰভাৱ? এই সকলো বিষয় সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

এটা সাধাৰণ প্ৰতিবাদৰ পৰাই সলনি হৈ পৰিল নেপালৰ সামাজিক, ৰাজনৈতিক প্ৰতিবাদ। ২৬ টাকৈ সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতেই GEN Z ৰ প্ৰতিবাদে এইদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰাত এতিয়া স্তম্ভিত হৈ পৰিছে সমগ্ৰ বিশ্ববাসী। 

এটা সাধাৰণ প্ৰতিবাদেই নেপালৰ ৰাজনীতি সলনি কৰি পেলোৱাই নহয়, নেপালক অগ্নিকুণ্ডলৈ পৰিণত কৰিছে। এফালে যদি জ্বলিছে কোনো নেতা, মন্ত্ৰীৰ বাসগৃহ আনফালে জ্বলিছে দেশখনৰ সংসদ ভৱন। অগ্নি সংযোগ কৰি দিয়া হৈছে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ কাৰ্যালয়তো। 

সোমবাৰে দেশখনৰ গৃহমন্ত্ৰীগৰাকীয়ে আৰু মঙলবাৰে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি, ৰাষ্ট্ৰপতি ৰাম চন্দ্ৰ পৌড়েলৰ পদত্যাগেও শান্ত কৰিব পৰা নাই নেপালৰ প্ৰতিবাদীসকলক। দেশখনৰ এই সমগ্ৰ পৰিবেশে এতিয়া পুনৰ সজীৱ কৰি তুলিছে  ২০২২ চনৰ চুবুৰীয়া শ্ৰীলংকাৰ গৃহ যুদ্ধ সদৃশ পৰিবেশ আৰু ২০২৪ ৰ বাংলাদেশৰ অস্থিৰ ৰাজনৈতিক পৰিবেশক। 

ছাত্ৰ, যুৱক-যুৱতীৰ সাধাৰণ প্ৰতিবাদৰ পৰাই এই দুয়োখন দেশত জনতাৰ মাজত শাসকৰ বিৰুদ্ধে পুঞ্জীভূত হৈ থকা ক্ষোভৰ বিস্ফোৰণ হৈছিল। জনতাৰ উগ্ৰ, হিংসাত্মক প্ৰতিবাদৰ মাজতে প্ৰাণলৈ পলাবলৈ বাধ্য হৈছিল শ্ৰীলংকাৰ তেতিয়াৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষে। পদত্যাগ কৰিছিল প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষেয়ে। জ্বলাই দিয়া হৈছিল তেওঁলোকৰ বাসগৃহ।

অনুৰূপ ধৰণে ২০২৪ ৰ আগষ্টত বাংলাদেশত সংৰক্ষণৰ বিৰুদ্ধে ছাত্ৰই আৰম্ভ কৰা প্ৰতিবাদে পৰৱৰ্তী সময়ত গণ অভ্যুত্থানৰ ৰূপ ধাৰণ কৰিছিল। ছাত্ৰৰ এই হিংসাত্মক প্ৰতিবাদৰ মাজতেই দেশ এৰি পলাবলৈ বাধ্য হৈছিল তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা। পতন হৈছিল আৱামী লীগৰ নিৰ্বাচিত চৰকাৰৰ।

প্ৰতিবাদকাৰীয়ে দখল কৰিছিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়। ধ্বংস কৰি পেলাইছিল শ্বেইখ হাছিনাৰ বাসগৃহ। এফালৰ পৰা গণৰোষৰ সন্মুখীন হৈছিল দেশখনৰ শাসক পক্ষৰ নেতা, পালিনেতা। প্ৰাণ হেৰুৱাইছিল বহুজনে। 

WhatsApp Image 2025-09-09 at 18.18.41

এইবাৰ নেপালতো সেই একেই পৰিস্থিতি। কিন্তু প্ৰশ্ন হয়, সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ বাবেই নেপালৰ এই পৰিস্থিতি নে?  দেশখনত সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ বাবেই GEN Z ৰ প্ৰতিবাদ আৰম্ভ হৈছিল যদিও এই পৰিস্থিতিৰ আঁৰত আছে বহু কেইটা কাৰণ। 

তাৎক্ষণিকভাৱে সেই গোটেই কাৰক পুংখানুপুংখভাৱে বিচাৰ-বিশ্লেষণ কৰা সম্ভৱ নহয় যদিও শেহতীয়া কিছু ঘটনাৰাজিৰ পৰাই এই বিষয়ে কিছু আভাস ল’ব পাৰি। নেপালৰ ৰাজপথত হোৱা বিশাল বিশাল আন্দোলনৰ গতিবিধি আৰু প্ৰতিবাদকাৰীৰ হাতত দেখা বিভিন্ন বেনাৰ, পোষ্টাৰৰত অংক কৰা ছবি, শ্লোগান আদিয়ে বহু কথাৰেই ইংগিত দিছে।

প্ৰতিবাদকাৰীৰ হাতত থকা পোষ্টাৰত দেখা গৈছে দুৰ্নীতি আৰু স্বজন তোষণৰ কথা। দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক পৰিবেশৰ সন্দৰ্ভত খবৰ ৰখাসকলে হয়তো পাহৰা নাই  যোৱা এপ্ৰিল মাহৰ কথা।এপ্ৰিল মাহত নেপালত গণতন্ত্ৰৰ বিৰুদ্ধে ওলাই আহিছিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। তেওঁলোকৰ দাবী আছিল নেপালত পুনৰ প্ৰতিষ্ঠা হওঁক ৰাজতন্ত্ৰ।

WhatsApp Image 2025-09-09 at 18.15.55

নেপালৰ সেই প্ৰতিবাদেও বিশ্ববাসীৰ দৃষ্টি কাঢ়িছিল। কিয়নো বিশ্বৰ ভিন্ন প্ৰান্তত যিসময়ত গণতন্ত্ৰৰ সপক্ষে প্ৰতিবাদ হৈছে, সংগ্ৰাম হৈছে আনকি গৃহযুদ্ধৰো সূচনা হৈছে সেই সময়তে নেপালত গণতন্ত্ৰৰ পৰা ৰাজতন্ত্ৰলৈ উভতি যোৱাৰ বাবে ওলাই আহিছিল হাজাৰ হাজাৰ জনতা। কপি উঠিছিল কাঠমাণ্ডু চহৰ। দেশখনৰ ৰাজধানীৰ পৰা এই প্ৰতিবাদ শিপাইছিল অন্য প্ৰান্তলৈয়ো।

নেপালত গণতন্ত্ৰৰ বয়স মাত্ৰ ১৭ বছৰ। দেশখনে সংবিধান গ্ৰহণ আৰু কাৰ্যকৰী হোৱাও এটা দশকহে হৈছে। তাৰ পূৰ্বে দেশখনত আছিল ৰাজতন্ত্ৰ। অৱশ্যে দেশখনত ৰাজতন্ত্ৰৰ মাজেই মাজেই বহুকেইবাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। 

১৮৪৬ চনৰ পৰা ১৯৫১ চনলৈ দেশখন শাসন কৰিছিল ৰাণা পৰিয়ালৰ প্ৰধানমন্ত্ৰীসকলে। সেই সময়ছোৱাত ৰাজপৰিয়ালৰ ভূমিকা প্ৰতীকি হৈ পৰিছিল। ১৯৫১ ত ৰজা ত্ৰিভূৱনৰ নেতৃত্বত হোৱা আন্দোলনৰ মাজেৰেই প্ৰধানমন্ত্ৰী হিচাপে ক্ষমতা ধৰি ৰখা ৰাণা পৰিয়ালৰ ক্ষমতাৰ অৱসান ঘটিছিল।

১৯৫৯ ত দেশখনত অনুষ্ঠিত হৈছিল প্ৰথম নিৰ্বাচন। সেইবাৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় বি পি কৈৰালা। কিন্তু গণতন্ত্ৰৰ এই পৰীক্ষা বেছিদিনলৈ স্থায়ী নহ’ল। ১৯৬০ চনত ৰজা মহেন্দ্ৰ বীৰ বিক্ৰম শ্বাহে পুনৰ ক্ষমতা দখল কৰি গণতন্ত্ৰক সমাধিস্থ কৰে।

১৯৬০ ৰ পৰা ১৯৯০ চনলৈ দেশখনত চলে ৰজাৰ প্ৰত্যক্ষ শাসন। নিষিদ্ধ হৈ আছিল ৰাজনৈতিক দলসমূহ। ১৯৯০ চনত দেশখনত পুনৰ আৰম্ভ হয় গণ আন্দোলন। এই আন্দোলনৰ জৰিয়তে ৰাজতন্ত্ৰক সাংবিধানিক ৰূপ দিয়া হয়। 

তাৰ মাজতেই ১৯৯০ চনৰ পৰা ২০০৬ চনলৈ দেশখনত মাওবাদী আন্দোলনে গৃহ যুদ্ধৰ সূচনা কৰে। এই আন্দোলনত প্ৰাণ হেৰুৱাই বহু হাজাৰ নেপালী লোকে। মাওবাদী আন্দোলনৰ মাজতেই হত্যা কৰা হয় ৰজা বীৰেন্দ্ৰ বীৰ বিক্ৰম শ্বাহক। তেওঁৰ স্থানত ৰজা হয় জ্ঞানেন্দ্ৰ শ্বাহ। 

২০০৬ চনত দেশখনত গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ বাবে পুনৰ গণ আন্দোলনৰ সূচনা হয়। সেই আন্দোলনৰ পৰিণতিতেই ২০০৮ চনত ৰজাক ক্ষমতাৰ পৰা আঁতৰাই দেশখনত প্ৰতিষ্ঠা কৰা হয় গণতন্ত্ৰ। ২০১৫ ত দেশখনে ধৰ্ম নিৰপেক্ষ সংবিধান গ্ৰহণ কৰি প্ৰৱৰ্তন কৰে সংঘীয় ব্যৱস্থা।

২০০৮ চনৰ পৰা  ২০২৫লৈ এই ১৭ বছৰত দেশখনত সলনি হৈছে মুঠ ১৪ বাৰকৈ চৰকাৰ। এই সময়ছোৱাত দেশখনত এখনো নিৰ্বাচিত চৰকাৰে কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাই।

WhatsApp Image 2025-09-09 at 18.26.04

নেপালৰ জনতাৰ অভিযোগ এনে অস্থিৰ চৰকাৰৰ বাবেই নেপালৰ উন্নয়নত বাধাৰ সৃষ্টি হৈছে। অৰ্থনৈতিক সংকটৰ মাজেৰে অতিক্ৰম কৰিছে পৰ্যটন প্ৰধান এই ৰাষ্ট্ৰখনে। এনে অৰ্থনৈতিক সংকটৰ মাজতেই যিসকল ক্ষমতালৈ আহিছে, মন্ত্ৰীত্বৰ আসন দখল কৰিছে, তেওঁলোকে কেৱল ধন, সম্পত্তি আহৰণৰ ওপৰতহে গুৰুত্ব দিছে। দুৰ্নীতিৰে ধন আহৰণ কৰি সম্পত্তিৰ পাহাৰ গঢ়াত মনোনিবেশ কৰিছে। 

এনে পৰিস্থিতিত দেশখনৰ যুৱ-প্ৰজন্ম হতাশ হৈ পৰিছে। সংস্থাপনৰ অভাৱত দেশ এৰি তেওঁলোকে বিদেশত আশ্ৰয় লৈছে। তাৰ বাবেই দেশখনত বাঢ়িছে বিদেশী ভাষা প্ৰশিক্ষণ কেন্দ্ৰৰ সংখ্যা। দেশখনৰ জিডিপিৰ প্ৰায় এক চতুৰ্থাংশই বিদেশত বাস কৰা নেপালীৰ পৰাই আহে।

যোৱা মাত্ৰ এটা বছৰতেই প্ৰায় ৫ লাখতকৈ অধিক যুৱক-যুৱতীয়ে নেপাল এৰিছে। দেশখনৰ বিমান বন্দৰত সদায়েই সংস্থাপনৰ আশাত বিদেশমুখী যুৱক-যুৱতীয়ে ভিৰ কৰে। এই যুৱক-যুৱতীসকল দেশখনৰ নেতৃত্বক লৈ, ক্ষমতাৰ বাবে চলা যুঁজক লৈ অসন্তুষ্ট। 

WhatsApp Image 2025-09-09 at 18.15.56

সেয়ে তেওঁলোকৰ একাংশৰ বিশ্বাস গণতন্ত্ৰই দেশখনৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে। ৰজাৰ শাসনত মাত্ৰ এজনে দেশ লুণ্ঠন কৰে, গণতান্ত্ৰিক শাসনত সকলো নেতা-মন্ত্ৰীয়েই সমানেই দেশ লুণ্ঠন কৰে। অনেক নেতা-মন্ত্ৰীয়ে লুণ্ঠন কৰাতকৈ এজন ৰজাৰ শাসনেই ভাল বুলি যোৱা এপ্ৰিলত প্ৰতিবাদৰ জৰিয়তে ৰজাৰ শাসন বিচাৰি ৰাজপথলৈ ওলাই আহিছিল জনতা।

নেতা, মন্ত্ৰীয়ে দেশখনক লুণ্ঠন কৰাৰ বিৰুদ্ধে জনতাৰ মনত যি ক্ষোভ পুঞ্জীভূত হৈ আছিল, তাৰেই এতিয়া বিস্ফোৰণ হৈছে। সামাজিক মাধ্যমৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বাবে চলা আন্দোলনত সুৰক্ষা বাহিনীৰ গুলীত প্ৰাণ হেৰুৱালে ১৯ জনে। আহত হ’ল ৩০০ ৰো অধিক প্ৰতিবাদকাৰী। 

এই ঘটনাই জ্বলা জুইত যেন ঘিঁউহে ঢালিলে। যাৰ বাবেই পুনৰ সামাজিক মাধ্যম সক্ৰিয় কৰিও ৰক্ষা নাপালে কে পি শৰ্মা অলিয়ে। পদত্যাগ কৰাৰ পাছতেই পলম নকৰি হেলিকপ্টাৰত উঠি দেশ এৰিবলৈ বাধ্য হ’ল। 

যিকেইজন প্ৰাক্তন প্ৰধানমন্ত্ৰী দেশখনত এতিয়াও আছে তেওঁলোকৰ প্ৰায় আটাইকেইজনেই প্ৰহৃত হৈছে।প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাৰ ফলতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝলানাথ খানালৰ পত্নী ৰাজ্যলক্ষ্মী চিত্ৰকাৰৰ।

এইদৰে দেশখনৰ পৰিস্থিতি উগ্ৰ হৈ পৰাৰ আন এটা কাৰণ হ’ল নেপালৰ এই প্ৰতিবাদত কোনো নেতা নাই। প্ৰতিবাদকাৰীয়ে যি ইচ্ছা তাকেই কৰি গৈছে। কিন্তু ক’ৰবাত যে এক তৃতীয় শক্তিয়ে শক্তিশালী ভূমিকা পালন কৰিছে তাৰো কিন্তু সম্ভাৱনা প্ৰৱল হৈ পৰিছে। 

যাৰ বাবে কে পি শৰ্মা অলিৰ পদত্যাগ আৰু দেশত্যাগৰ পাছতেই কাঠমাণ্ডুৰ মেয়ৰ ৩৫ বছৰীয়া বালেন্দ্ৰৰ নাম প্ৰধানমন্ত্ৰী হিচাপে চৰ্চালৈ আহিছে। দেশখনৰ সেনাৰ সুৰক্ষাৰ মাজেৰে তেওঁ ৰাজপথলৈ বিশেষ বাহনত ওলাই অহাৰ দৃশ্য ভাইৰেল হৈ পৰিছে। এই কথা পাহৰি গ’লেও নহ’ব শ্ৰীলংকা আৰু বাংলাদেশত সাধাৰণ প্ৰতিবাদে গণ অভ্যুত্থানৰ ৰূপ ধাৰণ কৰাতো কিন্তু আছিল তৃতীয় পক্ষৰ সম্পূৰ্ণ সহযোগিতা।

শ্ৰীলংকা বাংলাদেশ প্ৰতিবাদ নেপাল