স্বাধীন ভাৰতত ১৭৬ জনক দিয়া হৈছে ফাঁচীঃ মৃত্যুদণ্ডৰে দণ্ডিত হৈ কাৰাৰুদ্ধ ৫৬০ ৰো অধিক অপৰাধী

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে আনুষ্ঠানিকভাৱে স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ এমাহ নহওঁতেই পৰৱৰ্তী ছেপ্তেম্বৰ মাহৰ ৯ তাৰিখে কাৰ্যকৰী কৰিছিল প্ৰথমটো মৃত্যুদণ্ডৰ ৰায়।

author-image
Tushar Pratim
New Update
স্বাধীন ভাৰতত ১৭৬ জনক দিয়া হৈছে ফাঁচীঃ মৃত্যুদণ্ডৰে দণ্ডিত হৈ কাৰাৰুদ্ধ ৫৬০ ৰো অধিক অপৰাধী

ভাৰতত অপৰাধীৰ চূড়ান্ত শাস্তি মৃত্যুদণ্ড। স্বাধীনতা লাভৰ এমাহ নহওঁতেই ভাৰতে কাৰ্যকৰী কৰিছিল প্ৰথমটো মৃত্যুদণ্ডৰ ৰায়। অন্তিমটো মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী কৰিছিল ২০২০ চনত। এতিয়াও মৃত্যুদণ্ডৰে দণ্ডিত হৈ কাৰাবন্দী হৈ আছে ৫৬০ ৰো অধিক অপৰাধী। ভাৰতৰ এনে মৃত্যুদণ্ডৰ ৰায় আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

২১ আগষ্ট, ২০২১ ত ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক ৰাজপথতে দাৰে আক্ৰমণ কৰি হত্যা কৰিছিল একেখন মহাবিদ্যালয়ৰ সহকাৰী লাইব্ৰেৰীয়ান ৰিণ্টু শৰ্মাই। তাৰ পিছতেই দাবী উত্থাপন হৈছিল ৰিণ্টু শৰ্মাকো দিয়ক মৃত্যুদণ্ড।

৪১ গৰাকী সাক্ষীৰ সাক্ষ গ্ৰহণেৰে সুদীৰ্ঘ চাৰি বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদলতে অপৰাধী ৰিণ্টুক মৃত্যুদণ্ড দিলে। অনুৰূপ ধৰণে ২০২৪ ৰ আগষ্ট মাহতে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হৈছিল এগৰাকী যুৱতী চিকিৎসক। 

এই ঘটনাৰ পিছতো সমগ্ৰ দেশজুৰি ধৰ্ষণকাৰী, হত্যাকাৰীৰ মৃত্যুদণ্ডৰ দাবীৰে প্ৰতিবাদ হৈছিল। আনকি পশ্চিমবংগ চৰকাৰেও এই ঘটনাৰ আলমতে অপৰাজিতা মহিলা আৰু শিশু (পশ্চিমবংগ অপৰাধী আইন সংশোধন) বিধেয়ক পাছ কৰিছিল। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ অপেক্ষাত থকা এই বিধেয়ক আইনত পৰিণত হ’লে ধৰ্ষণৰ ফলত ভুক্তভোগীৰ মৃত্যু হ’লে বাধ্যতামূলক মৃত্যুদণ্ডৰ ব্যৱস্থা কৰা হৈছিল। 

কিন্তু এনে বাধ্যতামূলক দণ্ড বা শাস্তি ভাৰতত ইমান সহজো নহয়। সেয়ে ২০২৪ ৰ ২ ছেপ্তেম্বৰত বিধানসভাত গৃহীত হোৱাৰ পিছত ৬ ছেপ্তেম্বৰত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰাৰ পিছতো এতিও ৰাষ্ট্ৰপতিৰ টেবুলতে সেই বিল পৰি আছে। 

স্বাধীনতা প্ৰাপ্তিৰ পৰবৰ্তী মাহৰ পৰা ২০২০ লৈ ১৭৬ জনক দিয়া হৈছে ফাঁচী

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে আনুষ্ঠানিকভাৱে স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ এমাহ নহওঁতেই পৰৱৰ্তী ছেপ্তেম্বৰ মাহৰ ৯ তাৰিখে কাৰ্যকৰী কৰিছিল প্ৰথমটো মৃত্যুদণ্ডৰ ৰায়। হত্যাৰ অপৰাধত অপৰাধী ৰঘুৰাজ সিং নামৰ ২৭ বছৰীয়া যুৱকজন আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী অপৰাধী যাক যৱলপুৰ চেণ্ট্ৰেল জেলত ফাঁচী দিয়া হৈছিল।

একেটা বছৰৰ ৩০ ডিচেম্বৰত বম্বেৰ বেলগাম চেণ্ট্ৰেল জেলত ৰোহিত ঋষভ নামৰ ৩০ বছৰীয়া যুৱকজনক ফাঁচী দিয়া হৈছিল। সেইদৰে তাৰ পৰৱৰ্তী বছৰত অৰ্থাৎ ১৯৪৮ চনত মুঠ ৫ জনক ফাঁচী দিয়া হৈছিল। ১৯৪৯ ত ১০ জনক দিয়া হৈছিল ফাঁচী।

১৯৫০ ৰ পৰা ১৯৫৫ চনলৈ ভাৰতত ১২ জনৰ মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী কৰা হৈছিল। ১৯৫৬ চনৰ পৰা ১৯৬০ চনলৈ ৩২ জনকৈ অপৰাধীৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছিল। সেইদৰে ১৯৬১ ৰ পৰা ১৯৭০ লৈ ৪৮ গৰাকীক, ১৯৭১ ৰ পৰা ১৯৮০ লৈ ২২ জনক, ১৯৮১ ৰ পৰা ১৯৯০ লৈ ২৫ জনক, ১৯৯১ ৰ পৰা ২০০০ চনলৈ ১৫ জনক, ২০০১ চনৰ পৰা ২০১০ চনলৈ এজন, ২০১১ চনৰ পৰা ২০২০ লৈ ৭ জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছে। 

দিল্লীৰ নিৰ্ভয়া কাণ্ডৰে জড়িত চাৰিটাকৈ অপৰাধী মুকেশ সিং, অক্ষয় ঠাকুৰ, বিনয় শৰ্মা আৰু পৱন গুপ্তাক ২০২০ চনৰ ২০ মাৰ্চত ফাঁচী দিছিলি। তাৰ পিছত ভাৰতত কোনো মৃত্যুদণ্ড কাৰ্যকৰী হোৱা নাই। কিন্তু মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিয়েই আছে।  

২০২৪ ৰ শেষলৈ বন্দী হৈ আছে মৃত্যুদণ্ডৰে দণ্ডিত ৫৬৪ গৰাকী অপৰাধী

তথ্য অনুসৰি ২০২৪ চনৰ শেষলৈকে ভাৰতত মৃত্যুদণ্ডৰে দণ্ডিত মুঠ ৫৬৪ জন অপৰাধী কাৰাগাৰত বন্দী হৈ আছিল। ‘প্ৰজেক্ট ৩৯-এ’ৰ দ্বাৰা প্ৰকাশিত ‘ভাৰতত মৃত্যুদণ্ডঃ বাৰ্ষিক পৰিসংখ্যা’ প্ৰতিবেদনৰ তথ্য অনুসৰি ২০২৪ ত ভাৰতৰ ছেছন আদালতসমূহে ১৩৯ মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল। 

২০১৬ৰ পৰা ২০২৪ চনলৈকে ছেছন আদালতসমূহে প্ৰতি বছৰে গড়ে ১৩১ জন অপৰাধীক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল।এয়া  ২০০০ৰ পৰা ২০১৫ চনৰ সময়ছোৱাত প্ৰতি বছৰে মৃত্যুদণ্ডৰে দণ্ডিত অপৰাধীৰ সংখ্যাতকৈ ৩২টা বেছি। ২০১৭ চনৰ পৰা ২০২৪ চনলৈকে ৯ বছৰত দেশৰ ছেছন আদালতসমূহে মুঠ ১১৮০ টা মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল। ২০০০ চনৰ পৰা ২০১৫ চনলৈ এই সংখ্যা আছিল ১৪৮৬ টা।

মৃত্যদণ্ডৰ ৰায়ৰ ক্ষেত্ৰত শীৰ্ষত উত্তৰ প্ৰদেশ

২০২৪ চনত কেৱল উত্তৰ প্ৰদেশতে ১৩০ জন অপৰাধীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। উত্তৰ প্ৰদেশ দেশৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হোৱাৰ লগতে এই ৰাজ্যখনতে সৰ্বাধিক অপৰাধী বন্দী হৈ আছে। প্ৰতি চাৰিটা মৃত্যুদণ্ডৰ ৰায়ৰ এটা আছিল উত্তৰ প্ৰদেশৰ। উত্তৰ প্ৰদেশৰ পিছতে সৰ্বাধিক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা ৰাজ্যৰ তালিকাত সেইবছৰ আছিল গুজৰাট (৭১), মহাৰাষ্ট্ৰ (৪২) আৰু পশ্চিমবংগ (৩৭)।

নতুন আইন আৰু মৃত্যুদণ্ডৰ পৰিসৰ

২০১৫ চনৰ ল কমিছনৰ প্ৰতিবেদনে সন্ত্ৰাসবাদ-সম্পৰ্কীয় অপৰাধ আৰু যুদ্ধৰ বাহিৰে মৃত্যুদণ্ড বিলুপ্তিৰ পৰামৰ্শ দিছিল। কিন্তু ভাৰত এতিয়াও বিশ্বৰ সেই ৫৫খন দেশৰ ভিতৰত অন্যতম যিয়ে সন্ত্ৰাসবাদ সম্পৰ্কীয় অপৰাধ, যুদ্ধৰ বাহিৰেও অন্যান্য অপৰাধৰ বাবেও মৃত্যুদণ্ডৰ শাস্তি বজাই ৰাখিছে। 

বিশ্বৰ ১৪৪ খন দেশে আইনগতভাৱে বা ব্যৱহাৰিকভাৱে মৃত্যুদণ্ড বিলুপ্ত কৰিছে। ২০২৪ চনৰ ডিচেম্বৰত জিম্বাবুৱে মৃত্যুদণ্ড বিলুপ্ত কৰি মৃত্যুদণ্ডৰ শাস্তি বিলুপ্তিকাৰী দেশৰ সংখ্যা ১১২ৰ পৰা ১১৩লৈ বৃদ্ধি কৰিলে। প্রতিবেশী দেশসমূহৰ ভিতৰত নেপাল, শ্ৰীলংকেও মৃত্যুদণ্ড বিলুপ্তি কৰিছে।

২০২৪ চনৰ জুলাইত ভাৰতত নতুন অপৰাধ আইন প্ৰৱৰ্তন কৰা হৈছে। এই আইনে মৃত্যুদণ্ডৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰিলে। ভাৰতীয় ন্যায় সংহিতাই হত্যা, দলবদ্ধ আক্ৰমণৰ ফলত মৃত্যু আৰু সন্ত্ৰাসবাদী কাৰ্যৰ ফলত মৃত্যুৰ বাবে চূড়ান্ত শাস্তি হিচাপে মৃত্যুদণ্ডৰ ব্যৱস্থা কৰিছে। 

অপৰাধ মৃত্যুদণ্ড