ভাৰত-চীনৰ পথ বাণিজ্যত বাধা নেপালৰ....

ভাৰত আৰু চীনৰ মাজত লিপুলেখ পথৰ জৰিয়তে বাণিজ্য পুনৰ আৰম্ভ কৰাৰ বাবে একমত হোৱাৰ এদিন পিছতে ভাৰত-নেপালৰ মাজত ভূমি বিবাদ তীব্ৰতৰ হৈছে। নেপালৰ দাবী লিপুলেখ তেওঁলোকৰহে অংশ।

author-image
Tushar Pratim
New Update
ভাৰত-চীনৰ পথ বাণিজ্যত বাধা নেপালৰ....

আমেৰিকাৰে শুল্ক যুদ্ধৰ পৰিপ্ৰেক্ষিতত চীন-ভাৰতৰ বাণিজ্যিক সম্পৰ্ক উন্নত হোৱাৰ দিশে আগবাঢ়িছে। মঙলবাৰে নতুন দিল্লীত আলোচনাৰ পিছত দুয়োখন দেশেই পথ বাণিজ্যৰ বাবে আগ্ৰহী হৈছে। লিপুলেখ পাছৰ জৰিয়তে পুনৰ ভাৰত-চীনৰ মাজত আৰম্ভ হোৱাৰ দিশে বাণিজ্য। কিন্তু এই বাণিজ্যত এতিয়া বাধা দিবলৈ উঠিপৰি লাগিছে চুবুৰীয়া নেপাল। কিয় নেপালৰ এই তৎপৰতা এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

ভাৰত আৰু চীনৰ মাজত লিপুলেখ পথৰ জৰিয়তে বাণিজ্য পুনৰ আৰম্ভ কৰাৰ বাবে একমত হোৱাৰ এদিন পিছতে ভাৰত-নেপালৰ মাজত ভূমি বিবাদ তীব্ৰতৰ হৈ উঠিছে। নেপালে বুধবাৰে দাবী কৰে এই বৃহৎ অঞ্চল তেওঁলোকৰ অখণ্ড অংশ। এই অঞ্চলক নেপালে আনুষ্ঠানিক মানচিত্ৰতো অন্তৰ্ভুক্ত কৰিছে।

অৱশ্যে নেপালৰ এনে দাবীৰ বিপৰীতে ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে নেপালৰ সেই দাবীক অগ্ৰাহ্য কৰাৰ লগতে এয়া ঐতিহাসিক তথ্যৰ ওপৰত আধাৰিত নহয় বুলি স্পষ্ট কৰিছে। কিন্তু চীনৰ সৈতে লিপুলেখ পথৰ জৰিয়তে ভাৰতে বাণিজ্য পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱাৰ সময়তে নেপালৰ এনে স্থিতিয়ে দেশখনৰ সৈতে ভাৰতৰ দ্বিপাক্ষীক সম্পৰ্কক লৈ পুনৰ প্ৰশ্ন উত্থাপিত হৈছে। 

নেপালৰ বিদেশ মন্ত্ৰণালয়ৰ দাবী-লিম্পিয়াধুৰা, লিপুলেখ আৰু কালাপানী তেওঁলোকৰ

নেপালৰ বিদেশ মন্ত্ৰণালয়ে দাবী কৰি কয় যে, “নেপাল চৰকাৰে স্পষ্ট কৰিব বিচাৰে মহাকালী নদীৰ পূবত অৱস্থিত লিম্পিয়াধুৰা, লিপুলেখ আৰু কালাপানী নেপালৰ অখণ্ড অংশ। এই অঞ্চলসমূহক নেপালৰ মানচিত্ৰত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই কথা সংবিধানতো লিপিবদ্ধ কৰা হৈছে।” 

এই অঞ্চল কেইটাৰ ক্ষেত্ৰত ভাৰতৰ স্থায়ী স্থিতি হৈছে- লিপুলেখ, কালাপানী আৰু লিম্পিয়াধুৰা ভাৰতৰ ভূখণ্ডৰ অংশ। এই অঞ্চল কেইটাক লৈ চলা বিবাদ নতুন কথা নহয়। পূৰ্বেও এই অঞ্চলক লৈ বিবাদ চলিছিল। ২০২০ চনত এই ভূমি বিবাদক লৈয়ে  হিংসাত্মক প্ৰতিবাদো হৈছিল।

‘নেপালৰ দাবী ঐতিহাসিক তথ্য আৰু প্ৰমাণৰ ওপৰত আধাৰিত নহয়’

যোৱা মঙ্গলবাৰে নতুন দিল্লীত ভাৰত আৰু চীনৰ মাজত অনুষ্ঠিত হোৱা বিস্তৃত আলোচনাৰ অন্তত জাৰি কৰা যুটীয়া বিবৃতিত লিপুলেখ পথৰ জৰিয়তে দুয়ো দেশৰ মাজত বাণিজ্য পুনৰ আৰম্ভ কৰাৰ ওপৰত একমত হোৱা বুলি উল্লেখ কৰা হৈছিল। তাৰ পিছতে নেপালে লিপুলেখ, লিম্পিয়াধুৰা আৰু কালাপানী নেপালৰ অভিন্ন অংশ বুলি দাবী কৰিছে।

নেপাল চৰকাৰৰ এনে বক্তব্যৰ প্ৰতিক্ৰিয়াত ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ক’লে যে এনে দাবী সঠিক নহয় আৰু ঐতিহাসিক তথ্য আৰু প্ৰমাণৰ ওপৰত আধাৰিত নহয়। তেওঁ আৰু কয়, ভাৰত আৰু চীনৰ মাজত লিপুলেখ পাছৰ জৰিয়তে সীমান্ত বাণিজ্য ১৯৫৪ চনত আৰম্ভ হৈছিল আৰু কেইবা দশক ধৰি চলি আছে। শেহতীয়া বছৰবোৰত এই বাণিজ্য কোভিড আৰু অন্যান্য কাৰণত ব্যাহত হৈছিল।কিন্তু এতিয়া ভাৰত আৰু চীনে পুনৰ আৰম্ভ কৰাৰ বাবে একমত হৈছে।”

ভাৰত আৰু চীনৰ মাজৰ বৈঠক আৰু চুক্তিৰ পিছতে তৎপৰ নেপাল

মঙলবাৰে নতুন দিল্লীত চীনৰ বিদেশ মন্ত্ৰী ৱাং য়ীয়ে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সৈতে সাক্ষাৎ কৰে। তাৰ পাছত ভাৰত-চীনৰ দ্বিপাক্ষীক বৈঠকৰ অন্তত এক যুটীয়া বিবৃতি জাৰি কৰে। 

এই বিবৃতিত কয় যে, দুয়োখন দেশে সীমান্ত বাণিজ্য পুনৰ আৰম্ভ কৰাৰ বাবে একমত হৈছে। এই বাণিজ্য তিনিটা নিৰ্ধাৰিত পথৰ জৰিয়তে হ’ব – লিপুলেখ পাছ, ছিপকী লা পাছ আৰু নাথু লা পাছ।

ভাৰত আৰু চীনৰ মাজত লিপুলেখৰ জৰিয়তে সীমান্ত বাণিজ্য পুনৰ আৰম্ভ কৰাৰ ঘোষণাৰ পিছতে নেপালৰ সংবাদ মাধ্যমে প্ৰশ্ন উত্থাপন কৰে। তাৰ পিছতে নেপালৰ বিদেশ মন্ত্ৰণালয়ে আনুষ্ঠানিকভাৱে বক্তব্য জাৰি কৰে।

নেপালৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ লোক বাহাদুৰ ছেত্ৰীয়ে ক’লে, “সকলোৱে জানে যে নেপাল চৰকাৰে ভাৰত চৰকাৰক কৈ আহিছে যে এই অঞ্চলত পথ নিৰ্মাণ বা সম্প্ৰসাৰণ কৰা নহ’ব আৰু সীমান্ত বাণিজ্যৰ দৰে কোনো কাৰ্যকলাপও চলোৱা নহ’ব।”

তেওঁ আৰু কয়, “এইটোও স্পষ্ট যে নেপাল চৰকাৰে চীন চৰকাৰক আগতেই জনাই দিছিল যে এই অঞ্চল নেপালৰ অঞ্চল। ছেত্ৰীয়ে কয়, “ভাৰত আৰু নেপালৰ মাজত সীমান্ত বিবাদৰ সমাধান দুয়োখন দেশৰ সম্পৰ্কৰ চেতনা অনুসৰি, ঐতিহাসিক চুক্তি, তথ্য, মানচিত্ৰ আৰু অন্যান্য প্ৰমাণৰ ভিত্তিত কূটনৈতিক মাধ্যমেৰে কৰা হ’ব।”

কেতিয়া আৰম্ভ হৈছিল এই বিবাদ?

লিপুলেখ অঞ্চল নেপালৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত। এই অঞ্চল ভাৰত, নেপাল আৰু চীনৰ সীমান্তৰ সৈতে সংযুক্ত। ভাৰতে এই অঞ্চলক উত্তৰাখণ্ডৰ অংশ বুলি গণ্য কৰে, আনহাতে নেপালে ইয়াক নিজৰ অঞ্চল বুলি দাবী কৰে।

২০১৯ চনৰ নৱেম্বৰত ভাৰতে জম্মু-কাশ্মীৰক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰি নতুন মানচিত্ৰ প্ৰকাশ কৰে। এই মানচিত্ৰত এই অঞ্চলসমূহ অন্তৰ্ভুক্ত আছিল।

সেই সময়ত নেপালে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি কৈছিল যে ভাৰতে নিজৰ মানচিত্ৰ সলনি কৰক। কাৰণ কালাপানী তেওঁলোকৰ অঞ্চল। ইয়াৰ পাঁচ মাহ পিছত, ২০২০ চনৰ মে’ মাহত লিপুলেখক লৈ দুয়োখন দেশৰ মাজত পুনৰ উত্তেজনা বাঢ়িছিল।

ইয়াৰ পিছত ২০২০ চনৰ ১8 জুনত নেপালে সংবিধান সংশোধন কৰি দেশৰ ৰাজনৈতিক মানচিত্ৰও আপডেট কৰে। সংশোধিচ নেপালৰ নতুন মানচিত্ৰত তিনিটা কৌশলগতভাৱে গুৰুৎপূৰ্ণ অঞ্চল – লিপুলেখ, কালাপানী আৰু লিম্পিয়াধুৰা দেখুওৱা হৈছিল।

ভাৰতে ইয়াক “একপক্ষীয় পদক্ষেপ” বুলি অভিহিত কৰি নেপালৰ সেই দাবীক “কৃত্ৰিম সম্প্ৰসাৰণ” বুলি উল্লেখ কৰি ইয়াৰ বিৰোধিতা কৰে। আৰু স্পষ্টকৈ তিনিওটা অঞ্চল ঐতিহাসিকভাৱে ভাৰতৰ বুলি দাবী কৰে।

স্মৰ্তব্য, ভাৰত আৰু নেপালৰ মাজত ১,৮৫০ কিলোমিটাৰ দীঘল সীমান্ত আছে। এই সীমান্ত চিকিম, পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ সৈতে সংলগ্ন হৈ আছে।

ভাৰত আৰু চীনৰ মাজৰ চুক্তি

২০২০ চনত পূব লাডাখৰ গালৱানত ভাৰত আৰু চীনৰ মাজত হোৱা সংঘৰ্ষৰ পিছত সীমান্ত বাণিজ্য বন্ধ হৈছিল। কিন্তু যোৱা বছৰৰ ডিচেম্বৰত দুয়োখন দেশে এই সীমান্ত পথৰ জৰিয়তে কৈলাশ মানসৰোৱৰ যাত্ৰা আৰম্ভ কৰাৰ বাবে একমত হয়।

মঙলবাৰৰ বৈঠকৰ পিছত এতিয়া ভাৰতে চীনৰ বিদেশ মন্ত্ৰী ৱাং য়ীৰ সৈতে আলোচনাত লিপুলেখকে ধৰি তিনিটা পৰম্পৰাগত সীমান্ত চকী পুনৰ মুকলি কৰাৰ বাবে একমত হৈছে। বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ জয়ছোৱালে মঙ্গলবাৰে ক’লে, “আমি সকলো সীমান্ত পইণ্টত বাণিজ্য সহজ কৰাৰ বাবে একমত হৈছো।”

তেওঁ জনোৱা মতে, ইয়াৰ ভিতৰত উত্তৰাখণ্ডৰ লিপুলেখ পাছ, হিমাচল প্ৰদেশৰ ছিপকী লা পাছ আৰু চিকিমৰ নাথু লা পাছ অন্তৰ্ভুক্ত। ভাৰতীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং য়ীৰ মাজত হোৱা চুক্তিত লিপুলেখ পাছৰ বাণিজ্যিক ব্যৱহাৰৰ কথা উল্লেখ আছে।

নেপাল চীন-ভাৰত সম্পৰ্ক