আমেৰিকাৰ বিকল্প হ’ব পাৰিবনে চীন?

'অবকি বাৰ ট্ৰাম্প চৰকাৰ' শ্লোগানেৰে আমেৰিকাৰ নিৰ্বাচনতো জপিয়াই পৰা নৰেন্দ্ৰ মোডীয়ে হয়তো কল্পনাও কৰা নাছিল ড’নাল্ড ট্ৰাম্পৰে তেওঁৰ ঘনিষ্ঠ সম্পৰ্কই আজিৰ ৰূপ ধাৰণ কৰিব বুলি।

author-image
Asomiya Pratidin
New Update
আমেৰিকাৰ বিকল্প হ’ব পাৰিবনে চীন?

আমেৰিকাৰ নতুন শুল্ক নীতি আৰু ৰাছিয়াৰে ভাৰতৰ ঘনিষ্ঠ সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰে সম্পৰ্ক অৱনতি ঘটিছে ভাৰতৰ। এনে পৰিস্থিতিত আমেৰিকাৰ পৰা আঁতৰি ভাৰত কাষ চাপিছে চীনৰ। কেইটামান দিনৰ আগলৈকে পাকিস্তানৰ দৰেই শত্ৰু ৰাষ্ট্ৰ হিচাপে পৰিচিত চীনৰ সৈতে ভাৰতৰ এই ঘনিষ্ঠতা কিমান লাভজনক? চীন হ’ব পাৰিবনে আমেৰিকাৰ বিকল্প? ভাৰতক চীনে ইমান গুৰুত্ব দিয়াৰ আঁৰত আছে কি? এই সকলো বিষয় সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।  

একালৰ পৰম মিত্ৰ, অঘোষিত শত্ৰুলৈ ৰূপান্তৰিত হৈ পৰাৰ পিছত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যে অসহায় হৈ পৰিছে সেই কথা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি, কূটনীতিক অধ্যয়ন কৰাসকলে বুজি নোপোৱাকৈ যে থকা নাই সেয়া স্পষ্ট হৈছে। আনকি প্ৰধানমন্ত্ৰী মোডীয়েও এই কথা ইংগিতেৰে বুজাই দিছে।

ড’নাল্ড ট্ৰাম্পৰে মোডীৰ ঘনিষ্ঠ সম্পৰ্কই আজিৰ ৰূপ ধাৰণ কৰিব বুলি হয়তো কল্পনাও কৰা নাছিল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ‘’অবকি বাৰ ট্ৰাম্প চৰকাৰ’’ৰ দৰে শ্লোগানেৰে আমেৰিকাৰ নিৰ্বাচনতো ট্ৰাম্পৰ হৈ জপিয়াই পৰা মোডীয়ে আশা কৰা নাছিল ট্ৰাম্পৰ এই ৰূপ। 

এনে পৰিস্থিতিত এতিয়া মোডীৰ সন্মুখত এফালে যিদৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ ভাৱমূৰ্তি উজ্জ্বল কৰি ৰখাৰ প্ৰত্যাহ্বানে থিয় দিছে, সেইদৰেই আনফালে আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ক্ষেত্ৰতো যথেষ্ট দুৰ্বল হৈ পৰিছে ভাৰত। এই মুহূৰ্তত নৰেন্দ্ৰ মোডীৰ হাতত এনে কোনো শক্তিও নাই যাৰ জৰিয়তে তেওঁ একালৰ পৰম মিত্ৰ ড’নাল্ড ট্ৰাম্পৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক হেঁচা প্ৰয়োগ কৰিব পাৰে। 

আমেৰিকাৰে সম্পৰ্ক অৱনতি ঘটাত আজিৰ পৰা কেইটামান দিনৰ আগলৈকে শত্ৰু ৰাষ্ট্ৰ হিচাপেই জ্ঞান কৰি অহা চীনৰ সৈতে ঘনিষ্ঠতা বৃদ্ধিৰ বাবে খোজ দিছে ভাৰতে। অথচ চীনৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক উন্নত কৰিবলৈ মুকলিকৈ আগবাঢ়িও বেইজিঙক সম্পূৰ্ণকৈ বিশ্বাসত ল’ব পৰা নাই নতুন দিল্লীয়ে। 

মাত্ৰ কেইটামান দিনৰ আগতে ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত এই চীনেই ভাৰতৰ বিৰুদ্ধে পাকিস্তানক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। দুয়োখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ নিবিচাৰো বুলি কোৱা চীনেই যুদ্ধৰ সময়ছোৱাত যুদ্ধ সামগ্ৰীৰে সহায় কৰিছিল পাকিস্তানক। 

সেই চীনেই এতিয়া ভাৰতৰ পৰম মিত্ৰ! এনে এক পৰিবেশ ৰচনা কৰা হৈছে চীন-ভাৰত আৰু ৰাছিয়াৰ মাজৰ বন্ধুত্বক এনে এদাল শিকলীৰে বন্ধা হৈছে যাক কোনো শক্তিয়েই চিঙিব অথবা ভাঙিব নোৱাৰে। কিন্তু এই কথা পাহৰি যোৱা হৈছে ৰাছিয়া আৰু ভাৰতৰ যি সম্পৰ্ক সেই সম্পৰ্কৰ সৈতে জড়িত হৈ আছে চীনৰ সংযোগো।  



সঁচাকৈয়ে চীন হ’ব নে ভাৰতৰ প্ৰকৃত বন্ধু?



চীন-ভাৰতৰ মাজত আছে ঐতিহাসিক সম্পৰ্ক। ৰেচম পথৰ যুগ আৰু ভাৰতৰ পৰা চীনলৈ বৌদ্ধ ধৰ্মৰ প্ৰসাৰৰ পৰাই ভাৰত-চীনৰ মাজত সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক গঢ়ি উঠিছিল। 

কিন্তু তাৰ মাজতো এই দুয়োখন ৰাষ্ট্ৰৰ মাজত আছে একাধিক সংঘাতপূৰ্ণ ইতিহাস। সেয়া লাগে ১৯৬১ চনৰ আক্ৰমণেই হওঁক অথবা ২০১৩ ৰ ডেপচাং, ২০১৪ ৰ চুমাৰ, ২০১৭ ৰ ডোকলাম আৰু ২০২০ ৰ গালৱান ঘাটিৰ সংঘাতেই নহওঁক কিয়। 

ভাৰতৰ অভিন্ন অংগ আকচাই চীন আৰু অৰুণাচল প্ৰদেশক এতিয়াও চীনে তেওঁলোকৰ অংশ বুলি মুকলিকৈ দাবী কৰি আহিছে। নিজাকৈ অৰুণাচল প্ৰদেশৰ সলনি কৰিছে নাম। 

আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ জৰিয়তেও ভাৰতৰ বিৰুদ্ধে নানান ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে এই দেশখন। তাৰ পাছতো অৱশ্যে দুয়ো দেশৰ মাজত বিৰাজমান হৈ আছে বাণিজ্যিক সম্পৰ্ক। ব্ৰিকছ, ছাংহাই সহযোগিতা সংস্থাৰে ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈ পৰিছিল চীন। 

২২ এপ্ৰিল ২০২৫ ত কাশ্মীৰৰ পেহেলগামৰ বৈছাৰণ ভেলী পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত ৰাঙলী হোৱাৰ পিছত ৭ মে’ত ভাৰতে আৰম্ভ কৰিছিল ‘অপাৰেচন সিন্দূৰ’। এই অভিযানৰ পূৰ্বে দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা যুদ্ধ উত্তেজনাৰ সময়ত চীনে মুকলিকৈ যুদ্ধৰ পৰিবৰ্তে দিছিল শান্তিৰ বাৰ্তা।

চীনে ভাৰত-পাকিস্তানৰ মাজৰ সংঘাতক যুদ্ধৰ পৰিবৰ্তে আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ প্ৰস্তাৱ দি পিছত পাকিস্তানলৈ আগবঢ়াইছিল ৰিয়েল টাইম ৰাডাৰ, চেটেলাইট ডাটা আদি। পৰৱৰ্তী সময়ত এই চীনেই মুকলিকৈ পাকিস্তানৰ পক্ষত থিয় দিছিল। এয়া মাত্ৰ প্ৰায় ৩ মাহৰ আগৰ কথা।

উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচলক যিদৰে চীনে তেওঁলোকৰ অংশ হিচাপে দাবী কৰি নিজাকৈ নাম সলনি কৰিছে, মেপ প্ৰকাশ কৰিছে সেই দৰেই তিব্বতত ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলতে নিৰ্মাণ আৰম্ভ কৰিছে বিশ্বৰ আটাইতকৈ বৃহৎ নদীবান্ধ। এই নদীবান্ধ যে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ আৰু নিৰাপত্তাৰ বাবে চৰম ভাবুকি সেই কথাও নতুনকৈ বুজাই কোৱাৰ প্ৰয়োজন নাই। 




ভাৰতৰ প্ৰতি চীনৰ বাঢ়ি অহা গুৰুত্বৰ আঁৰত আছে কি?




চীনে শেহতীয়াকৈ বাৰে বাৰে ভাৰতক হাতী আৰু নিজকে অজগৰ আখ্যাৰে বিশ্ব অৰ্থনীতি, ৰাজনীতি আৰু কূটনীতিত একেলগে খোজ দিয়াৰ কথা কৈ আহিছে। এই বাৰ্তাৰেই দুয়ো দেশৰ মাজত সম্পন্ন হৈ গৈছে বহু কেইখন বৈঠক। 

চীনে বাৰে বাৰে ভাৰতক বন্ধুত্বৰ প্ৰস্তাৱ দিয়াৰ আঁৰত আছে বহু কেইটা উদ্দেশ্য। বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি চীন। এই মুহূৰ্তত বিশ্বত আমেৰিকাৰ প্ৰতিদ্বন্দি কেৱল চীন। 

চীন আমেৰিকাৰ মূৰৰ কামোৰণি। সেই আমেৰিকাৰ সৈতেই ভাৰতৰ আছিল মধুৰ সম্পৰ্ক। যি সম্পৰ্কৰ বাবে এছিয়াত চীন মহাশক্তিশালী হৈয়ো কোনোবাখিনিত ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ বাবেই থমকি ৰ’বলগীয়া হৈছিল। 

ভাৰতৰ সৈতে চীনে মিত্ৰতাৰ বাবে উদ্বাউল হৈ থকাৰ আঁৰত আছে আন কেইটামান অৰ্থনৈতিক কাৰণো। ভাৰতৰ শত্ৰু পাকিস্তানৰ সৈতে চীনৰ কূটনৈতিক সম্পৰ্ক আৰম্ভ হৈছিল ১৯৫১ত। দুয়োখন দেশৰ মাজত আছে বাণিজ্যিক, অৰ্থনৈতিক, প্ৰতিৰক্ষামূলক সম্পৰ্ক। চীনৰ ওপৰত বহুলাংক্ষে নিৰ্ভৰশীল পাকিস্তান।

২০০৫ ৰ পৰা ২০২৪ চনৰ ভিতৰত চীনে পাকিস্তানত ব্যয় কৰিছে ৬৮ বিলিয়ন মাৰ্কিন ডলাৰ। তাৰোপৰি ‘চীন-পাকিস্তান ইকনমিক কৰিড’ৰ আৰু ‘বেল্ট এণ্ড ৰোড’ৰ অধীনত পাকিস্তানত চীনে বৃহৎ বিনিয়োগ কৰিছে। এই প্ৰকল্পৰ জৰিয়তে চীনে মধ্য এছিয়াক পথ যোগাযোগেৰে সংযোগ কৰাৰ সপোন দেখিছে।

চীনৰ লক্ষ্য হৈছে পাকিস্তান আৰু ভাৰতৰ সীমান্তৱৰ্তী জিনঝিয়াং প্ৰদেশৰ উন্নয়ন। এই প্ৰদেশৰ উন্নয়ন হ’লেহে ‘চীন-পাকিস্তান ইকনমিক কৰিডৰ প্ৰকল্প আৰু বেল্ট এণ্ড ৰোড প্ৰকল্প’’ সফল হৈ উঠিব। কিন্তু ভাৰতে এই প্ৰকল্পৰ বিৰোধিতা কৰি আহিছে। ভাৰতৰে সম্পৰ্ক উন্নত হ’লে এই প্ৰকল্পই নতুন গতি লাভ কৰাৰ আশাত আছে চীন।

চীনৰ শুল্ক বিভাগৰ তথ্য অনুসৰি ২০২৪ চনত চীন আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক বাণিজ্য হৈছে ২৩.১ বিলিয়ন মাৰ্কিন ডলাৰ। পাকিস্তানলৈ চীনৰ ৰপ্তানি ২০২৩ ৰ তুলনাত ২০২৪ ত ১৭ শতাংশ বৃদ্ধি হৈ ২০.২ বিলিয়ন মাৰ্কিন ডলাৰ আৰু আমদানি ২.৮ বিলিয়ন ডলাৰত উপনীত হৈছে। যোৱা ৫ বছৰত পাকিস্তানে আমদানি কৰা ৮১ শতাংশ অস্ত্ৰই চীনৰ পৰা আহিছে।

পাকিস্তানৰ দৰে ভাৰত এতিয়াও চীনৰ বাণিজ্যৰ দ্বিতীয় বৃহৎ অংশীদাৰ। চীনৰ সৈতে বৈদেশিক সম্পৰ্কৰ অৱনতি ঘটাৰ পিছতো যোৱা বছৰত চীনৰ সৈতে ভাৰতৰ দ্বিপাক্ষীক বাণিজ্য আছিল প্ৰায় ১২৭.৭ বিলিয়ন ডলাৰ। ২০২৪ ত চীনৰ পৰা ভাৰতে ৪৮ বিলিয়ন ডলাৰৰ ইলেক্টনিকছ আৰু বৈদ্যুতিক সঁজুলি আমদানি কৰিছে। 



মোডীৰ চীন ভ্ৰমণে শক্তিশালী কৰিবনে দুয়ো দেশৰ সম্পৰ্ক?



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চীনত উপস্থিত হোৱাৰ পিছতেই অন্যান্য দেশৰ ৰাষ্ট্ৰনেতাক আদৰণি জনোৱাৰ দৰেই তেওঁকো আদৰণি জনাইছে। আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক পৰিস্থিতিৰ বাবেই স্বাভাৱিকতে নৰেন্দ্ৰ মোডী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে সংবাদ মাধ্যমৰ অধিক দৃষ্টি কাঢ়িছে। 

ছাংহাই সহযোগিতা সংস্থাৰ এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ গৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰিফো। কিন্তু প্ৰশ্ন উঠিছে শ্বি জিনপিঙৰ সৈতে মোডীৰ আলোচনাই দুয়োখন দেশৰ মাজৰ সম্পৰ্কক সঁচাকৈয়ে উন্নত কৰিবনে? 

যদিও এই ভ্ৰমণৰ সময়ত দুয়ো দেশৰ নেতাৰ মাজত বৈঠক অনুষ্ঠিত হৈছে এই বৈঠকত এল অ’ চিৰ প্ৰসংগ, সীমাবিবাদ, তিব্বত প্ৰসংগত কোনো আলোচনা হোৱা নাই। আলোচনাত ঠাই পোৱা নাই অৰুণাচল, বৃহৎ নদীবান্ধৰ প্ৰসংগয়েও।

চীনেও ভাৰতৰ শত্ৰু পাকিস্তানৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি কেনে হ’ব সেই সন্দৰ্ভত কোনো কথা মুকলিকৈ উল্লেখ কৰা নাই। দুয়োগৰাকী নেতাৰ ভাষ্যত কেৱল স্থান পাইছে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰিবলৈ এই পৰ্যন্ত কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেইবোৰহে।

এই কথা স্পষ্ট যে, ভাৰতৰ বাবে আমেৰিকাৰ বিকল্প চীন হ’ব নোৱাৰে। কিন্তু চীনৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰাৰ বাহিৰে আন বিকল্পও এই মুহূৰ্তত নৰেন্দ্ৰ মোডীৰ সন্মুখত বেলেগ একো নাই। সেয়ে চুবুৰীয়া চীনৰ সৈতে এই মুহূৰ্তত বন্ধুত্বক শক্তিশালী কৰি ড’নাল্ড ট্ৰাম্পক এক বাৰ্তা দিব বিচাৰিছে মোডীয়ে।এই পদক্ষেপে তেওঁৰ ভাৱমূৰ্তিও অৱশ্যে বিশ্বত ম্লান পৰাৰ পৰিবৰ্তে উজ্জ্বল কৰি তুলিব। সেয়ে এতিয়া চীন হৈ পৰিছে ভাৰতৰ পৰম বন্ধু। 

চীন-ভাৰত সম্পৰ্ক ড'নাল্ড ট্ৰাম্প আমেৰিকা নৰেন্দ্ৰ মোডী