ডুবিব আই পি এল, দৰিদ্ৰ হ’ব ক্ৰিকেটাৰ !

ক্ৰিকেটাৰৰ জৰিয়তে বিজ্ঞাপন দিয়াতেই এই এপবোৰে সৰ্বাধিক টকা ব্যয় কৰে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ এই নতুন বিলখনে যে ক্ৰিকেটাৰসকলকে সৰ্বাধিক ক্ষতি কৰিব সেয়া স্পষ্ট হৈছে। 

author-image
Asomiya Pratidin
New Update
ডুবিব আই পি এল, দৰিদ্ৰ হ’ব ক্ৰিকেটাৰ !

অনলাইন গেমিং বিল-২০২৫ প্ৰচাৰ আৰু নিয়ন্ত্ৰণ আইন সংসদত গৃহীত হোৱাৰ পিছতেই ভাৰতীয় ক্ৰিকেট জগতখনত আলোড়ণৰ সৃষ্টি হৈছে। এই বিলখনৰ বাবেই ডুবিব আই পি এল! বিজ্ঞাপনৰ জৰিয়তে কোটি কোটি টকা উপাৰ্জন কৰা ক্ৰিকেটাৰৰ সপোন ভাঙি শেষ হ'ব। এই বিলখন আইনত পৰিণত হোৱাৰ লগে লগে কিদৰে লোকচানৰ সন্মোখীন হ'ব ভাৰতৰ ক্ৰিকেট উদ্যোগ? কিমান লোকচান হ'ব ক্ৰিকেটাৰসকলৰ? এই সন্দৰ্ভতে এক প্ৰতিবেদন। 

Advertisment

শেহতীয়াকৈ সংসদত গৃহীত হোৱা অনলাইন গেমিং বিলখনৰ ফলশ্ৰুতিত কেন্দ্ৰীয় চৰকাৰে হেৰুৱাব ২০ হাজাৰ কোটি টকা। এই অনলাইন গেমিং বিলখনৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব ভাৰতীয় ক্ৰিকেট উদ্যোগ।

এই বিলখনৰ বাবেই ভাৰতৰ মহেন্দ্ৰ সিং ধোনি, বিৰাট কোহলিৰ দৰে তাৰকা ক্ৰিকেটাৰে হেৰুৱাব শ শ কোটি টকা। কিয়নো এই বিলখনে 'ড্ৰীম-১১' কে ধৰি সকলোধৰণৰ ফেণ্টাচি স্প’ৰ্টছ এপ বা ৰিয়েল গেমিং এপ নিষিদ্ধ কৰিছে। এই বিলখনৰ বাবেই ভাৰতীয় ক্ৰিকেট দলটোৰ জাৰ্ছীৰ পৰা আঁতৰিল 'ড্ৰীম-১১'। 

চৰকাৰৰ এই সিদ্ধান্তৰ ফলত আই পি এলৰ দৰে লীগৰো যথেষ্ট ক্ষতি হ’ব। এক অৰ্থৎ ভাৰতৰ গোটেই ক্ৰিকেট উদ্যোগটোকে এই বিলখনে যে ধ্বংস কৰি পেলাব সেয়াও প্ৰায় স্পষ্ট। কিয়নো আই পি এলকে ধৰি অন্যান্য বহু ক্ৰিকেট লীগৰ অক্সিজেন স্বৰূপ 'ড্ৰীম-১১' ৰ দৰে গেমিং এপ তথা ফেণ্টাচি এপবোৰ। 

মাত্ৰ দুটা কোম্পানীৰ পৰাই বি চি চি আই-এ হেৰুৱাব ৯৮৩ কোটি টকা


ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সৈতে 'বাইজু’ছ'ৰ চুক্তি অন্ত পৰাৰ পিছতে 'ড্ৰীম-১১' নামৰ অনলাইন ফেণ্টাচি স্প’ৰ্টছ এপটো চুক্তিবদ্ধ হয়। বি চি চি আইৰ সৈতে ;ড্ৰীম-১১; ৰ চুক্তিৰ ম্যাদ আছিল ৩ বছৰ। ২০২৩ ত চুক্তিবদ্ধ হোৱা 'ড্ৰীম-১১' ৰ চুক্তিৰ ম্যাদ আছিল ২০২৬ পৰ্যন্ত। ইয়াৰ বাবে বি চি চি আইক তেওঁলোকে ৩৫৮ কোটি টকা দিয়াৰ কথা আছিল। 

একেদৰে আন এটা ফেণ্টাচি স্প’ৰ্টছ এপ 'মাই-১১ চাৰ্কল'ৰ সৈতেও পাঁচবছৰীয়া এক চুক্তিত চুক্তিবদ্ধ হৈছিল বি চি চি আই। এই এপটোৱে ইয়াৰ বাবে বি চি চি আইক দিয়াৰ কথা আছিল ৬২৫ কোটি টকা। 'মাই-১১ চাৰ্কল' আছিল আই পি এলৰ মুখ্য পৃষ্ঠপোষক। 

সংসদত নতুনকৈ গৃহীত হোৱা এই বিলখনৰ বাবে এতিয়া বি চি চি আইয়ে দুয়োটা কোম্পানীৰ পৰা মুঠ ৯৮৩ কোটি টকা হেৰুৱাব। 

বৰ্তমানৰ তাৰকাৰ পৰা  প্ৰাক্তন ক্ৰিকেটাৰলৈ সকলো জড়িত হৈ আছে এই এপৰ সৈতে

ফেণ্টাচি স্প’ৰ্টছ এপসমূহৰ সৈতে বহু খেলুৱৈয়ো জড়িত হৈ আছে। ইয়াৰ বিজ্ঞাপনত দেখা যায় তাৰকা ক্ৰিকেটাৰসকলক। ক্ৰিকেটৰ সৈতে জড়িত 'মাই-১১ চাৰ্কল', 'ড্ৰীম-১১' আদিৰ দৰে এপৰ বিজ্ঞাপনত প্ৰাক্তন ক্ৰিকেটাৰৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বহু তাৰকা ক্ৰিকেটাৰক দেখা পোৱা যায়। 

এইসকল ক্ৰিকেটাৰৰ জৰিয়তে বিজ্ঞাপন দিয়াতেই এই এপবোৰে সৰ্বাধিক টকা ব্যয় কৰে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ এই নতুন বিলখনে যে ক্ৰিকেটাৰসকলকে সৰ্বাধিক ক্ষতি কৰিব সেয়া স্পষ্ট হৈছে। 

আই পি এলত অংশগ্ৰহণ কৰা প্ৰায়সমূহ ক্ৰিকেটাৰেই কোনোবাটো নহয় কোনোবাটো ফেণ্টাচি এপৰ সৈতে জড়িত। এই তালিকাত বিৰাট কোহলি, ৰোহিত শৰ্মা, শুভমণ গীল, শ্ৰেয়াছ আয়াৰ, যশস্বী জয়ছোৱাল, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, সূৰ্যকুমাৰ যাদৱ, কে এল ৰাহুল, সঞ্জু ছেমছন, ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, কুলদ্বীপ যাদৱ আদিৰ তৰে বৰ্তমানৰ তাৰকা ক্ৰিকেটাৰৰ পৰা আৰম্ভ কৰি মহেন্দ্ৰ সিং ধোনী, হৰভজন সিং, সৌৰভ গাংগুলী, ভি ভি এছ লক্ষ্মণৰ পৰা আৰম্ভ কৰি প্ৰায়সমূহ ক্ৰিকেটাৰৰ নাম আছে।

'এম পি এল'ৰ সৈতে বিৰাট, 'ড্ৰীম-১১' ৰ সৈতে ৰোহিত, 'উইনজো'ৰ সৈতে জড়িত হৈ আছে ধোনী

ভাৰতীয় এদিনীয়া ক্ৰিকেট দলটোৰ অধিনায়ক ৰোহিত শৰ্মা, বেগী বলাৰ যশপ্ৰীত বুমৰাহ, কে এল ৰাহুল, ঋষভ পণ্ট, হাৰ্দিক পাণ্ডিয়া, ক্ৰুনাল পাণ্ডিয়াৰ দৰে তাৰকা ক্ৰিকেটাৰ চুক্তিবদ্ধ হৈ আছে 'ড্ৰীম১১'ৰ সৈতে। টেষ্ট দলটোৰ অধিনায়ক শুভমণ গীল, বেগী বলাৰ মহম্মদ ছিৰাজ, যশস্বী জয়ছোৱাল, ৰুতুৰাজ গায়েকোৱাদ, ৰিংকু সিং আৰু প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ দৰে তাৰকা ‘মাই-১১চাৰ্কল’ৰ সৈতে চুক্তিবদ্ধ হৈ আছে। 

বিৰাট কোহলী চুক্তিবদ্ধ হৈ আছে ‘এম পি এল’ৰ সৈতে। মহেন্দ্ৰ সিং ধোনীক দেখা যায় ‘উইনজো’ৰ বিজ্ঞাপনত। সেইদৰেই আন বহু তাৰকা ক্ৰিকেটাৰক এইসমূহ এপৰ বিজ্ঞাপনত দেখা যায়। 

কোন ক্ৰিকেটাৰে কিমান টকা হেৰুৱাব ?

তথ্য অনুসৰি এনে বিজ্ঞাপনত অংশগ্ৰহণ কৰা প্ৰতিজন ক্ৰিকেটাৰক পৃথক পৃথক পৰিমাণৰ ধন দিয়ে এই এপসমূহে। বিৰাট কোহলীয়ে 'এম পি এল'ৰ পৰা বছৰি ১০ ৰ পৰা ১২ কোটি টকা লাভ কৰে। 

মহেন্দ্ৰ সিং ধোনীয়ে এনে বিজ্ঞাপনৰ পৰা বছৰি লাভ কৰে ৬ ৰ পৰা ৭ কোটি টকা। এইসকল তাৰকা ক্ৰিকেটাৰৰ তুলনাত অৱশ্যে যুৱ ক্ৰিকেটাৰসকলে এনে বিজ্ঞাপনৰ বাবে কিছু কমকৈ ধন লাভ কৰে। অৱশ্যে সেই ধনৰ পৰিমান যে কোটি টকাৰ তলত নহয় সেয়াও স্পষ্ট।

তথ্য অনুসৰি এই এপসমূহ বন্ধ হোৱা মানেই একোগৰাকী ক্ৰিকেটাৰে বছৰি ১০০ ৰ পৰা ১৫০, ২০০ কোটি টকা পৰ্যন্ত হেৰুওৱাৰ সম্ভাৱনা আছে। বিৰাট কোহলি, মহেন্দ্ৰ সিং ধোনীৰ দৰে তাৰকাৰ ক্ষেত্ৰত এই পদক্ষেপে বৰ বিশেষ প্ৰভাৱ নেপেলাব। কিয়নো তেওঁলোকে অন্যান্য বিজ্ঞাপনৰ পৰাও শ শ কোটি টকা লাভ কৰে। 

তাৰ বিপৰীতে আন ক্ৰিকেটাৰৰ যে বহু লোকচান হ’ব সেয়া স্পষ্ট। কোনো কোনো ক্ৰিকেটাৰে বিজ্ঞাপনৰ জৰিয়তে কৰা বাৰ্ষিক উপাৰ্জনৰ ৫০ ৰ পৰা ১০০ শতাংশ পৰ্যন্ত হেৰুওৱাব।

ডুবিব আই পি এলৰ দৰে লীগ, ইয়াৰ ফ্ৰেঞ্চাইজিসমূহ !


অনলাইন গেমিং আৰু ফেণ্টাচি এপসমূহৰ ওপৰত যি নিষেধাজ্ঞা জাৰি কৰিবলৈ আগবাঢ়িছে সেই নিষেধাজ্ঞাই সৰ্বাধিক ক্ষতি কৰিব আই পি এলৰ। কিয়নো আই পি এলৰ দৰে লীগসমূহৰ অক্সিজেন স্বৰূপ এই এপসমূহ। 

আই পি এলৰ মুখ্য পৃষ্ঠপোষক 'মাই-১১ চাৰ্কল'-এ বছৰি ব’ৰ্ডক দি আহিছে ১২৫ কোটি টকা। মুঠ ৫ বছৰৰ বাবে চুক্তিবদ্ধ হোৱা এই এপটোৱে মাত্ৰ দুটা বছৰহে সম্পূৰ্ণ কৰিব পাৰিলে। 

কলকাটা নাইট ৰাইডাৰ্ছ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ দৰে ফ্ৰেঞ্চাইজিয়ে বছৰি অতি কমেও ২০ কোটি টকা উপাৰ্জন কৰিছিল। এই ফ্ৰেঞ্চাইজিসমূহৰ সেই ধন অহাৰ পথো এতিয়া বন্ধ হ’ল। 

লিজেণ্ডছ লীগৰ উপৰিও আন আন সৰু সৰু লীগতো এই এপসমূহে যথেষ্ট পৰিমাণে ধন বিনিয়োগ কৰিছিল। সেয়ে এই লীগসমূহৰ ভৱিষ্যতক লৈয়ো এতিয়া প্ৰশ্ন উঠিছে। অনুমান কৰা মতে এই বিল আইনত পৰিণত হোৱাৰ লগে লগে বিজ্ঞাপন উদ্যোগত বছৰি ১০ হাজাৰ কোটি টকা পৰ্যন্ত লোকচান হ’ব। 

কিয় কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এনে কঠোৰ সিদ্ধান্ত?

এই মুহূৰ্তত সকলোৰে মনত হয়তো প্ৰশ্ন উত্থাপন হৈছে হঠাৎ ভাৰত চৰকাৰে কিয় এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে? কিয়নো সমগ্ৰ দেশতে বহু ফেণ্টাচি আৰু গেমিং এপ আছে। 

এই গেমবোৰ খেলি দেশৰ বহুতেই সৰ্বস্ব হেৰুৱাইছে। আনকি ন্যায়ালয়েও এই বিষয়ত কেন্দ্ৰীয় চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ মতে এই এপসমূহে লাভ কৰা ধনৰ এটা অংশই সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ দৰে অন্যান্য অনৈতিক কাম কৰি আহিছে। 

এই এপবোৰত ধন বিনিয়োগ কৰি বহুতেই সকলো হেৰুৱাইছে। ফলত বহু কেইজনে আত্মহত্যাৰ দৰে পথ বাচি লোৱাৰ খবৰো প্ৰকাশ পাইছে। এনে কাৰণতে এই এপসমূহৰ প্ৰচাৰ, প্ৰসাৰ সম্পূৰ্ণ বন্ধ কৰি নিষিদ্ধ কৰাৰ পক্ষত কেন্দ্ৰীয় চৰকাৰ। এই সিদ্ধান্তৰ বাবেই ভাৰত চৰকাৰে হেৰুৱাব ২০ হাজাৰ কোটি টকাৰ ৰাজহ। 

আই পি এল ক্ৰিকেট