/asomiyapratidin/media/media_files/2025/08/25/bangladeshi-2025-08-25-17-14-36.jpeg)
এফালে অসমত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান, তাৰ মাজতেই চলিছে মিঞা খেদাৰ আন্দোলন। এই পৰিস্থিতিৰ মাজতে গা কৰি উঠিছে সামাজিক, ৰাজনৈতিক পৰিবেশক উত্তাল কৰিব পৰা অপশক্তিয়ে। এই সকলো পৰিস্থিতিত অতি বেছি ক্ষতিগ্ৰস্ত হৈছে থলুৱা খিলঞ্জীয়া মুছলমানসকল। অথচ এইসকলৰ হৈ মাত মাতিবলৈয়ো আহৰি নাই কাৰো। কিয় এই পৰিবেশ, কিয় এই অৱস্থা? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
অসম চৰকাৰে অব্যাহত ৰখা উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি ৰাজ্যখনৰ সামাজিক, ৰাজনৈতিক পৰিস্থিতিক জটিল কৰি তোলাৰ ব্লুপ্ৰীণ্ট কোনোবাই ৰচনা কৰিছে নেকি? উজনি অসমৰ মিঞা খেদা আন্দোলনৰ পৰা আৰম্ভ কৰি নাগৰিক সন্মিলনৰ সভাত অংশ লৈ বুদ্ধিজীৱিয়ে বাংলাদেশীৰ পৃষ্ঠপোষকতা কৰালৈকে এই গোটেই পৰিস্থিতিয়ে বহু কথাৰেই ইংগিত দিছে।
তাৰ মাজতেই আকৌ ‘মিঞা’ৰ সন্দৰ্ভত আৰম্ভ হৈছে এক আশ্চৰ্যজনক ট্ৰেণ্ড। সাৰ পাইছে জমিয়ত-উলেমা-ঈ-হিন্দো। বাংলাদেশৰ সীমান্ত ৰাজ্য হিচাপে অসম অতি সংবেদেনশীল। অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাই অসমৰ সমাজ জীৱনক কিমান জটিল কৰি তুলিছে তাৰ নতুন ব্যাখ্যাৰ প্ৰয়োজন নাই।
অসমৰ জন গাঁথনি সলনি কৰি তোলা এই অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাৰণৰ দাবী দীৰ্ঘদিনীয়া। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিও অৱশ্যে তেনে কোনো বাস্তৱিক কাৰ্যপন্থা গ্ৰহণ কৰাৰ বিপৰীতে বিষয়টোক লৈ ৰাজনীতিহে হৈ আহিছে।
অবৈধ বেদখল আৰু উচ্ছেদো তেনে ৰাজনীতিৰ পৰা মুক্ত নহয়। এই কথাত অসমৰ কাৰো দ্বিমত নাই যে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিব লাগে। কিন্তু সেই উচ্ছেদৰ সময়ত ধৰ্মীয় পৰিচয় মুখ্য হোৱা অনুচিত। আইনৰ সঠিক প্ৰয়োগ আৰু মানৱীয় দিশসমূহকো ইয়াত প্ৰাধান্য দিয়া উচিত।
নামৰ আগত ‘সন্দেহজনক’ শব্দ প্ৰয়োগ কৰি অবৈধ দেখলকাৰীক বিদেশী আখ্যাৰে চলা এই উচ্ছেদ অভিযানৰ আঁৰৰ ৰাজনীতি কিমান গ্ৰহণযোগ্য সেয়াও বিশ্চাৰ্যৰ বিষয়। এফালে উচ্ছেদিতক বিদেশী আখ্যা দিয়া হৈছে, আনফালে আকৌ তেওঁলোকক চৰকাৰী ভাৱেই সংস্থাপিতও কৰা হৈছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো বেদখলকৃত ভূমিত উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰৰ ভাষ্য স্পষ্ট কৰাৰ প্ৰয়োজন আছে। অবৈধ বিদেশীক উচ্ছেদ কৰিছে নে স্বদেশী বেদখলকাৰীক উচ্ছেদ কৰিছে? যদিহে তেওঁলোক বিদেশী তেন্তে তেওঁলোকক বিতাৰণ ব্যৱস্থা কিয় কৰা হোৱা নাই, কিয় মুকলিকৈ এৰি থৈছে সেয়া এক ডাঙৰ প্ৰশ্ন। যদিহে বিদেশী নহয় তেন্তে বিদেশী আখ্যা দিয়া হৈছে কিয়?
এনেধৰণৰ উচ্ছেদৰ অভিযানৰ মাজতে উজনি অসমত কাম কৰিবলৈ যোৱা নামনি অসমৰ সংখ্যালঘু লোকৰ ওপৰত চলিছে শাৰীৰিক, মানসিক নিৰ্যাতন। এইসকলক উজনি অসমৰ পৰা খেদিবলৈ চলিছে মিঞা খেদাৰ আন্দোলন।
অসমৰ জনগাঁথনিক লৈ সম্যক ধাৰণা নথকা একাংশ তথাকথিত নেতাৰ বাবে ধুবুৰী, গোৱোলপাৰ আদি জিলাৰ নাগৰিক মানেই বাংলাদেশী। এইসকলে নাজানে অসমৰ জাতি, জনগোষ্ঠীৰ ইতিহাস। নাজানে সংখ্যালঘুসকলৰ মাজত থকা খিলঞ্জীয়া অসমীয়া মুছলমান হিচাপে স্বীকৃত গৰিয়া, মৰিয়া, জুলহা, দেশী সম্প্ৰদায়ৰ বিষয়ে।
দেশৰ ৰাজনীতিত কঠোৰ হিন্দুত্ববাদী নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰা ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেই যে, গৰিয়া, মৰিয়া, জুলহা, দেশী আৰু চৈয়দক খিলঞ্জীয়া অসমীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰিছে সেই বিষয়েও হয়তো তেওঁলোকৰ জ্ঞান শূন্য।
একেদৰেই মাজে মধ্যে অসমলৈ আহি একাংশই সংখ্যালঘুৰ তুষ্টিকৰণৰ নামত, নিৰ্দিষ্ট ধৰ্মীয় লোকৰ তৈলমৰ্দন কৰিবলৈ অসমীয়া ৰাইজৰ সমস্যা, আন্দোলন, ত্যাগ, অসমৰ সমাজ, সংস্কৃতি, ভাষাক ভেঙুচালি কৰিবলৈ লোৱা কাৰ্যও কোনো কাৰণতে সহ্যৰ বিষয় নহয়। ইয়াত হাত উজান দিয়া ৰাজ্যৰ তথাকথিত বুদ্ধিজীৱি কেইজনেও সীমাৰ অতিক্ৰম কৰাৰ পৰা আঁতৰি থকাৰ প্ৰয়োজন।
অসম নাগৰিক সন্মিলন নাম দি ইয়াৰ লগত জড়িত নিৰ্দিষ্ট বুদ্ধিজীৱি বিভূষণেৰে বিভূষিত ব্যক্তি কেইজনে আয়োজন কৰা এখন সভাত দেওবাৰে অংশগ্ৰহণ কৰিছিল ছৈয়দা হামীদ নামৰ মহিলাগৰাকীয়ে। এই সভাতেই সকলোৰে সন্মুখত তেওঁ অসম আন্দোলন, আন্দোলনৰ ছহিদক চূড়ান্ত উপহাস কৰিলে।
‘অসমত বাংলাদেশী থাকিলেও আপত্তি ক’ত’ বুলি মুকলি প্ৰশ্ন কৰাৰ সাহস কৰিবলৈ এই মহিলাগৰাকীক অসম নাগৰিক সন্মিলনেই সুবিধা কৰি দিলে। তেওঁ অভিযোগ কৰিছে অসমত বিজেপি চৰকাৰে উচ্ছেদ অভিযানৰ জৰিয়তে মুছলমানক লক্ষ্য কৰি লৈছে¬।
অসমৰ বেদখলকাৰীক উচ্ছেদ চলোৱা অভিযান দেখি দিল্লীত বহি থকা তেওঁলোকৰ হৃদয় কঁপি উঠিছে বুলি উল্লেখ কৰি আৰু কৈছে অসমত উচ্ছদ অভিযানত নিৰ্যাতিত মুছলমানসকলৰ দুৰৱস্থা দেখি আমি মনোকষ্ট পাইছো। তেওঁৰ প্ৰশ্ন উচ্ছেদিতসকলক কিয় বাংলাদেশী বুলি কোৱা হৈছে?
বাংলাদেশী হোৱাত তেওঁলোকৰ অপৰাধ কি? বাংলাদেশী সকলো মানুহ। পৃথিৱীখন ইমান ডাঙৰ যে বাংদেশী লোকো অসমত থাকিব পাৰে। তেওঁলোকে কাৰো অধিকাৰ খৰ্ব কৰি ইয়াত থকা নাই। বাংলাদেশীৰ ক্ষেত্ৰত অসমত হোৱা পৰিস্থিতি কেতিয়াও গ্ৰহণযোগ্য নহয়। আল্লাই এই ভূমি মানৱতাৰ বাবে বনাইছে। তেনেক্ষেত্ৰত বাংলাদেশীক উচ্ছেদ কিয় কৰা হৈছে?
এইসকল তথাকথিত বুদ্ধিজীৱি, সামাজিক কৰ্মীয়েই এইধৰণৰ মন্তব্যৰে কি বুজাব বিচাৰিছে? ৰাজনৈতিক নেতাই নিৰ্বাচনী অংকত চলাই থকা ধৰ্মীয় মেৰুকৰণৰ খেলখনক এইসকলেই অধিক উত্তেজিত কৰি তোলা নাইনে?
অবৈধ অনুপ্ৰৱেশকাৰী, হিন্দু-মুছলমান নিৰ্বিশেষে বাংলাদেশীৰ আগ্ৰাসনে অসমৰ জনগাঁথনিত কি প্ৰভাৱ পেলাইছে সেয়া আজিৰ তাৰিখত নতুনকৈ ব্যাখ্যাৰ প্ৰয়োজন নাই। তাৰ পিছতো দিল্লীৰ পৰা আহি অসমত বাংলাদেশীৰ আগ্ৰাসনত উশাহ ল’ব নোৱাৰা অসমীয়াৰ সন্মুখতে বাংলাদেশীৰ সপক্ষে যুক্তি দিয়া এইসকল নেতাৰ আঁৰৰ উদ্দেশ্য কি?
অসমৰ ৰাজনীতিত অপ্ৰাসংগিক হৈ পৰা বদৰুদ্দিন আজমলৰ অনুপস্থিতিত এতিয়া সক্ৰিয় হৈ উঠিছে জমিয়ত-উলেমা-ঈ-হিন্দো। অসমৰ সৈতে কোনো সম্পৰ্ক নথকা মেহমুদ মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱাৰ দাবী তুলি কি বাৰ্তা প্ৰেৰণ কৰিছে সেয়া বুজি পাবলৈ কাৰো বাকী নাই।
সামাজিক মাধ্যমত প্ৰথমগৰাকী ‘মিঞা’ বেৰিষ্টাৰ, প্ৰথমগৰাকী ‘মিঞা ডাক্তৰ’, ইঞ্জিনীয়াৰ আদিৰ দৰে পোষ্ট ভাইৰেল কৰাসকলৰো তেনে কাৰ্যৰ আঁৰৰ কাৰণ কি? কেইদিনমানৰ আগলৈকেতো অসমত নাছিল এইধৰণ ট্ৰেণ্ড? এই নতুন ট্ৰেণ্ডৰ লক্ষ্য, উদ্দেশ্য কি?
ছৈয়দা হামিদেই হওঁক বা মাদানীয়েও হওঁক অথবা উজনি অসমৰ সেইসকল মিঞা খেদা আন্দোলনকাৰীয়েই হওঁক তেওঁলোকে অসমৰ এনে সামাজিক, ৰাজনৈতিক পৰিবেশত এবাৰো চিন্তা কৰা নাই থলুৱা মুছলমানসকলৰ কথা। ছৈয়দা হামিদা, মাদানী, অসম নাগৰিক সন্মিলন আদিয়ে বাংলাদেশীৰ ক্ষেত্ৰত অমানৱীয় আচৰণ ঠিকেই দেখিছে, মিঞা খেদা আন্দোলনকাৰীয়েও মিঞাৰ আগ্ৰাসন ঠিকেই দেখিছে, চৰকাৰেও বেদখলকাৰীক উচ্ছেদ ঠিকেই কৰিছে কিন্তু এই পৰিবেশত থলুৱা খিলঞ্জীয়া মুখলমানসকলৰ কি অৱস্থা হৈছে সেয়া কোনে উপলব্ধি কৰিছে?
অসমৰ এই খিলঞ্জীয়া মুছলমানসকলৰ ইতিহাস আছে। সেই ইতিহাস জানিবলৈ উভতি যাব লাগিব ১২০৫-০৬ খ্রীষ্টাব্দলৈ। সেই সময়ত বংগৰ তুৰ্কী সেনাপতি বখতিয়াৰ খিলিজিৰ নেতৃত্বত মুছলমান সৈন্যসকলে কামৰূপত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।কামৰূপৰ মহা পৰাক্ৰমী ৰজা পৃথুৰ হাতত বখতিয়াৰ খিলিজিৰ শোচনীয়ভাৱে পৰাস্ত হৈছিল।
ফলশ্ৰুতিত তাৰে কিছু সৈন্য অসমত ৰৈ গৈছিল। বখতিয়াৰ খিলিজিক কামৰূপলৈ বাট দেখুৱাই আনিছিল ‘আলি মেচ’ নামৰ ইছলাম ধৰ্মলৈ ধর্মান্তৰিত এজন জনজাতীয় ৰজাই। আলি মেচৰ লগত তেওঁৰ ৰাজ্যৰ বহু প্ৰজায়ো যে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল সেয়া সেই সময়ত স্বাভাৱিক কথাই আছিল।
আন একাংশ ইতিহাসবিদৰ মতে অসমত সপ্তদশ শতিকাত তুৰস্কৰ ৰজা সৌষ্টৱ হাছানে চীন জয় কৰি ওভতাৰ পথত ৰৈ যোৱা কিছু সৈনিকৰ পৰাই অসমত ইছলাম ধৰ্মৰ সূচনা হৈছিল। সপ্তম শতিকাতে হওক বা ত্রয়োদশ শতিকাতেই হওক, অসমত এইদৰেই বিভিন্ন সময়ত আহি ৰৈ যোৱা যুদ্ধবন্দীৰ সৈতে বৈবাহিক সম্পর্ককে ধৰি, বিভিন্ন সময়ত অহা ধর্মপ্রচাৰকৰ প্ৰভাৱত বহু থলুৱা খিলঞ্জীয়া লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।
তেওঁলোকৰ ধৰ্মৰ পৰিবৰ্তন হৈছিল যদিও ভৌগলিকভাৱে আছিল এই ভূখণ্ডৰে অংশ। যি পৰিস্থিতিতেই নহওঁক কিয় ধৰ্মান্তৰিত হোৱা এই লোকসকলে নিজা সংস্কৃতিও ত্যাগ নকৰিলে। ধৰ্মান্তৰিত আৰু যুদ্ধবন্দী হিচাপে পৰিচিত মুষ্টিমেয় এই লোকসকলে নিজৰ স্বকীয়তা পৰিত্যাগ কৰি অসমৰ খিলঞ্জীয়া ভাষা, পৰম্পৰা, সংস্কৃতিৰ সৈতে জাহ যাবলৈ বাধ্য হ’ল। কালক্ৰমত এইসকলেই গৰিয়া মুছলমান বুলি পৰিচিত হ’ল।
সেই বাবেই ধর্ম প্রচাৰৰ বাবে অহা মুছলমান পী-সাধকসকলেও খিলঞ্জীয়া লোকৰ মানসিকতা বুজি উঠি ধৰ্মীয় বাণীসমূহ খিলঞ্জীয়া ভাষা-সংস্কৃতি তথা হিন্দু ধৰ্মীয় শব্দৰ সৈতে সংগতি ৰাখি প্ৰচাৰ কৰিবলৈ বাধ্য হ'ল। আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰসমূহ তাৰেই উদাহৰণ।
আহোম ৰাজত্বকালত কাঁহ-পিতলৰ সৈতে জড়িত ইছলাম ধৰ্মাৱলম্বী লোকসসক মৰিয়া বুলি জনা গৈছিল। মৰিয়া লোকসকলক মূলতঃ উজনি অসমৰ কিছু অঞ্চল, মধ্য অসমৰ নগাঁও জিলা, নামনিৰ গুৱাহাটী আৰু হাজোত পোৱা গৈছিল। দেশীসকল মূলতঃ অবিভক্ত গোৱালপৰা জিলাৰ বাসিন্দা।
অবিভক্ত গোৱালপৰাৰ কোচ-ৰাজবংশী ভাষা-সংস্কৃতিসম্পন্ন ইছলাম ধৰ্মী খিলঞ্জীয়া লোকসকলক দেশী বা দেশী মুছলমান বুলি জনা যায়। দেশীসকল মূলতঃ কোচ-ৰাজবংশী, মেচ-কছাৰী আদি খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হোৱা লোক। এইসকল খিলঞ্জীয়া মুছলমানেই এতিয়া ৰাজ্যত ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো দিশৰ পৰা আটাইতকৈ ক্ষতিগ্ৰস্ত লোক।
এইসকলৰ কথা কোনে চিন্তা কৰে? লুঙি, টুপি পিন্ধিলেও মনে প্ৰাণে অসমীয়া এইসকল লোক অসমীয়া জাতিৰ অভিন্ন অংগ। অথচ এইসকলকো আজিৰ অসমীয়াই সন্দেহৰ চকুৰে চায়। গোৱালপাৰা, ধুবুৰীৰ পৰা শিৱসগাৰকে ধৰি উজনিলৈ গ’লে নিৰ্যাতনৰ সন্মুখীন হয়। নিজা ঠাইতো বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসনত সৰ্বস্ব হেৰুৱায়।
ছৈয়দা হামিদা, মাদানী, অসম নাগৰিক সন্মিলন অথবা ৰাজনৈতিক দল, নেতাই এইসকলৰ মৰ্মবেদনা উপলব্ধি কৰিব পাৰিবনে? পাৰিবনে তেওঁলোকৰ অধিকাৰৰ বিৰুদ্ধে মুকলিকৈ মাত মাতিবলৈ? অসমত কোনো বিদেশীৰ স্থান নাই। অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়। এই কথা ছৈয়দা হামিদাৰ দৰে সামাজিক কৰ্মীয়ে বুজি উঠাৰ দৰকাৰ।
অজিত ভূঞা, পৰেশ মলাকাৰৰ দৰে অসম নাগৰিক সন্মিলনৰ নেতাই বিদেশীৰ নামত স্বদেশীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰোধিতা কৰক। সেই বিৰোধিতাৰ প্ৰয়োজন আছে। কিন্তু তাকে নকৰি সংখ্যালঘুৰ তুষ্টিকৰণৰ চূড়ান্ত সীমা যাতে অতিক্ৰম নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। বিদেশীৰ আগ্ৰাসনত উশাহ ল’ব নোৱাৰা অসমীয়াক ভেঙুচালি কৰাৰ অধিকাৰ তেওঁলোকৰ নাই।