য়ে দোস্তি হম ন্যেহি ত'ড়েংগে...

দুই ৰাষ্ট্ৰৰ দুজন নেতা, সম্পৰ্কত দুয়ো নলেগলে লগা বন্ধু। কোনো কোনোৱে এই দুই বন্ধুৰ মাজৰ সম্পৰ্ক দেখি কৈছিল তেওঁলোকৰ সম্পৰ্ক ‘জয়’ আৰু ‘বীৰু’ৰ দৰে।

author-image
Tushar Pratim
New Update
মোডী ট্ৰাম্প

দুখন ৰাষ্ট্ৰৰ দুজন নেতা, দুয়ো ভাল বন্ধু। এজনে আনজনৰ বাবে আয়োজন কৰে বিশাল অনুষ্ঠান। দুয়োজনেই আশা কৰে নিৰ্বাচনত বিজয়ী হওঁক দুয়ো। এনে বন্ধুত্বৰ সম্পৰ্কই এতিয়া পৰিণত হৈছে শত্ৰুতালৈ। সলনি হৈছে দুয়োৰে কথা আৰু কাম। ভাৰত-আমেৰিতাৰ শেহতীয়া শুল্ক যুদ্ধ আৰু মোডী ট্ৰাম্পৰ বন্ধুত্বৰ সম্পৰ্কৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

দুই ৰাষ্ট্ৰৰ দুজন নেতা, সম্পৰ্কত দুয়ো নলেগলে লগা বন্ধু। কোনো কোনোৱে এই দুই বন্ধুৰ মাজৰ সম্পৰ্ক দেখি কৈছিল তেওঁলোকৰ সম্পৰ্ক ‘জয়’ আৰু ‘বীৰু’ৰ দৰে। শ্ব’লে চিনেমাৰ অমিতাভ বচ্চন আৰু ধৰ্মেন্দৰ ‘জয়’ আৰু ‘বীৰু’ৰ সেই দুই চৰিত্ৰই বাস্তৱত ড’নাল্ড ট্ৰাম্প আৰু মোডীৰ গাত দেখিছিল বিশ্বই।

পিছে বৰ বেছি দীঘলীয়া নহ’ল বাস্তৱৰ এই দুই জয়-বীৰুৰ বন্ধুত্বৰ সম্পৰ্ক। দুয়োৰে মাজৰ সম্পৰ্ক এতিয়া ভীষণ তিক্ততাপূৰ্ণ। দুই বন্ধুৰ এই ৰূপ দেখি স্তম্ভিত বিশ্ব। 

২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে মুকলিকৈ নৰেন্দ্ৰ মোডীলৈ সমৰ্থন আগবঢ়াই ঘোষণা কৰিছিল- ‘মোৰ বন্ধু মোডী পুনৰ ক্ষমতালৈ আহিব’। একেদৰে প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকাত দিছিল ‘অবকি বাৰ ট্ৰাম্প চৰকাৰ’ শ্লোগান।

পৰৱৰ্তী সময়ত ট্ৰাম্পে কোৱাৰ দৰেই মোডী তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হয় আৰু মোডীৰ শ্লোগানৰ দৰেই ড’নাল্ড ট্ৰাম্পো আমেৰিকাত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। 

ভাৰত-আমেৰিকাত দুই ৰাষ্ট্ৰনেতাৰ বাবে বিশেষ অনুষ্ঠান

২০১৯ চনৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত টেক্সাছৰ হিউষ্টনত অনুষ্ঠিত হৈছিল 'হাউডী মোডী' ৰেলী। এই ৰেলীত একত্ৰিত হৈছিল প্ৰায় ৫০ হাজাৰ প্ৰবাসী ভাৰতীয়। এই প্ৰবাসী ভাৰতীয়ৰ মাজতে মোডীয়ে 'অৱ কি বাৰ ট্ৰাম্প চৰকাৰ' শ্লোগান আওৰাইছিল। 

ইয়াৰ ঠিক ছমাহৰ পিছত ড'নাল্ড ট্ৰাম্প সপত্নীক ভাৰত ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণৰ সময়তে আহমেদাবাদ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এক বৰ্ণাঢ্য অনুষ্ঠান। মটেৰাৰ এই ষ্টেডিয়ামখন 'চৰ্দাৰ পেটেল ক্ৰীড়া প্ৰকল্প' হিচাপে উদ্বোধন কৰা হৈছিল।

এই অনুষ্ঠানত ড'নাল্ড ট্ৰাম্পক আদৰণি জনাবলৈ উপস্থিত আছিল এক লাখৰো অধিক ভাৰতীয়। অনুষ্ঠানটোৰ নাম দিয়া হৈছিল 'নমস্তে ট্ৰাম্প'। আমেৰিকাৰ 'হাউডী মোডী' আৰু আহমেদাবাদৰ 'নমস্তে ট্ৰাম্প' অনুষ্ঠানৰ জৰিয়তে দুই বন্ধুৱে দুই ৰাষ্ট্ৰৰ সম্পৰ্কক এক নতুন উচ্চতালৈ লৈ যাব বুলি ধাৰণা কৰা হৈছিল। 

শান্তিৰ দূত মোডী-ট্ৰাম্প !

জো বাইডেনক পৰাস্ত কৰি ড'নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰাৰ সময়খিনি বিশ্বৰ ভূ-ৰাজনৈতিক, কূটনৈতিক দিশৰ ক্ষেত্ৰত আছিল অতি সংবেদনশীল। বিশেষকৈ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই বিশ্বত ব্যাপক প্ৰভাৱ পেলাই আহিছিল। 

সেই সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুয়োখন দেশৰ যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকাতো অৱতীৰ্ণ হৈছিল। ২০২৪ ৰ ৯ জুলাইত তেওঁ প্ৰথমে ৰাছিয়া আৰু ১৯ আগষ্টত উইক্ৰেইন ভ্ৰমণ কৰিছিল।

এই ভ্ৰমণৰ জৰিয়তে তেওঁ দুয়োখন ৰাষ্ট্ৰৰ মাজত শান্তি স্থাপনৰ চেষ্টা চলাইছিল। বিশ্ববাসীয়ে আশা কৰিছিল মোডীৰ অধ্যস্থতাত এই যুদ্ধৰ অৱসান ঘটিব। অৱশ্যে মোডীৰ সেই চেষ্টা ব্যৰ্থ হয়।

ইয়াৰ পিছতে ২০২৫ ত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ দায়িত্ব গ্ৰহণ কৰে ড'নাল্ড ট্ৰাম্পে। তাৰ পিছতে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ অৱসান ঘটাবলৈ উঠিপৰি লাগে তেওঁ। অৱশ্যে তেওঁৰো সেই প্ৰচেষ্টা ব্যৰ্থ হয়। 

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অৱসান ঘটাবলৈ নোৱাৰিলেও এই সময়ছোৱাত ড'নাল্ড ট্ৰাম্পে কেইবাখনো যুদ্ধৰ অৱসান ঘটোৱাৰ দাবী কৰি আহিছে। তাৰ মাজত ভাৰত-পাকিস্তানৰ সংঘাতো অন্যতম।

প্ৰায় ৩০ বাৰ তেওঁ দাবী কৰিছে ভাৰত-পাকিস্তানৰ যুদ্ধৰ অৱসান ঘটোৱা বুলি। অৱশ্যে ভাৰত চৰকাৰে এই যুদ্ধ বিৰতিত কোনেও মধ্যস্থতা কৰা নাছিল বুলিহে দাবী কৰিছে। লক্ষ্যণীয়ভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্পষ্টকৈ ড'নাল্ড ট্ৰাম্পৰ নাম উল্লেখ কৰি তেওঁৰ দাবীক নস্যাৎ কৰা নাই। 

নতুন শুল্ক নীতি আৰু অপাৰেচন সিন্দূৰৰ পিছতে সলনি হ'ল ট্ৰাম্প-মোডীৰ সম্পৰ্ক!

দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পিছতে ট্ৰাম্পে নতুন শুল্ক নীতি ঘোষণা কৰে। সেই ঘোষণা মতেই ভাৰতৰ বিৰুদ্ধে প্ৰথমে ২৫ শতাংশ আৰু তাৰ পিছত জৰিমণা হিচাপে অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে।

ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ আঁৰৰ কাৰণ হিচাপে ভাৰতে ৰাছিয়াৰ সৈতে ৰক্ষা কৰা সম্পৰ্কৰ কথা উল্লেখ কৰিছে। ট্ৰাম্পে দাবী কৰিছে ভাৰতে ৰাছিয়াৰ পৰা খাৰুলা তেল ক্ৰয় কৰি আহিছে। সেয়ে ৰাছইয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিব পাৰিছে। তেওঁ দাবী কৰিছে ভাৰতে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত সাৰ-পানী যোগান ধৰিছে। 

ট্ৰাম্পৰ এই দাবীৰ পৰিবৰ্তে ভাৰতে স্পষ্টকৈ কয়, ভাৰতে আন্তঃৰাষ্ট্ৰীয় বজাৰ পৰিস্থিতি আৰু দেশৰ ১৪ বিলিয়ন জনসাধাৰণৰ শক্তিৰ প্ৰয়োজনীয়তাক মনত ৰাখি তেল আমদানি কৰে। 

শুল্ক নীতি কাৰ্যকৰী কৰাৰ পূৰ্বে আমেৰিকাৰ পৰা ড’নাল্ড ট্ৰাম্পে খেদিবলৈ আৰম্ভ কৰিছিল অবৈধ প্ৰবজনকাৰীক। ভাৰতৰ পৰাও বহু হাজাৰ লোকে অবৈধভাৱে আমেৰিকাত বাস কৰি থকাৰ অভিযোগ উত্থাপন হৈছিল। 

আমেৰিকাৰ পৰা অবৈধ প্ৰবজিতক বিতাৰণৰ নামত ট্ৰাম্প চৰকাৰে হাত-ভৰি বান্ধি চৰম অমানৱীয়তাৰে একাংশ ভাৰতীয়ক ভাৰতত আহি এৰি থৈ গৈছিল। ভাৰতেও মৌনতাৰে সেইসকলক গ্ৰহণ কৰিছিল। 

অন্যহাতে ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ পিছত ৭ মে’ত ভাৰতে আৰম্ভ কৰিছিল ‘অপাৰেচন সিন্দূৰ’। এই অভিযানৰ পিছতেই সমুখ সমৰত লিপ্ত হৈছিল ভাৰত-পাকিস্তান। 

তাৰ মাজতেই ১১ মে’ত এক্স হেণ্ডেলৰ জৰিয়তে ট্ৰাম্পে প্ৰথমে ঘোষণা কৰে যুদ্ধ বিৰতিৰ বাবে সাজু হৈছে ভাৰত-পাকিস্তান। ইয়াৰ পুৰস্কাৰ হিচাপে দুয়োখন দেশৰ সৈতে বাণিজ্যিক চুক্তিৰো প্ৰতিশ্ৰুতি দিয়ে।

ট্ৰাম্পৰ এনে ঘোষণাৰ বিৰুদ্ধে ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। এই পৰ্যন্ত ট্ৰাম্পে প্ৰায় ৩০ বাৰ যুদ্ধ বিৰতিৰ মধ্যস্থতা তেওঁ কৰা বুলিয়েই দাবী কৰি আহিছে।

ভাৰতে কোনো তৃতীয় পক্ষই মধ্যস্থতা কৰা নাই বুলি কৈছে যদিও স্পষ্টকৈ ড’নাল্ড ট্ৰাম্পৰ নাম উল্লেখ কৰি তেওঁ যে যুদ্ধ বিৰতিত মধ্যস্থতা কৰা নাছিল সেই কথা কোৱা নাই। কেৱল তৃতীয় পক্ষ আৰু বিশ্বৰ কোনো দেশেই মধ্যস্থতা কৰা নাই বুলিহে দাবী কৰিছে।

মোডীয়ে দিলে বন্ধুত্বৰ অৱসানৰ বাৰ্তা!

বুধবাৰে জৰিমণা হিচাপে ২৫ শতাংশ শুল্কৰে ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত আমেৰিকাই ৰাজহুৱা কৰাৰ পিছতে, ভাৰতে ইয়াৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰ মাজতেই নৰেন্দ্ৰ মোডীয়েও তেওঁৰ একালৰ পৰম মিত্ৰ ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মুখ খুলিছে। 

দিল্লীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মোডীয়ে কয়, কৃষকৰ স্বাৰ্থই আমাৰ প্ৰথম অগ্ৰাধিকাৰ। ভাৰতে কেতিয়াও নিজৰ কৃষক, মাছমৰীয়া আদিৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে। মই জানো ইয়াৰ বাবে মই ব্যক্তিগতভাৱে বৃহৎ মূল্য ভৰিব লাগিব। ইয়াৰ বাবে মই সাজু। 

মোডীয়ে এই মন্তব্যৰ জৰিয়তে যে ট্ৰাম্পৰে থকা তেওঁৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথাই উল্লেখ কৰিছে সেয়া বুজিবলৈ কাৰো বাকী নাই। যিহেতু ভাৰতে আমেৰিকালৈ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰি আহিছ গতিকে ৫০ শতাংশ শুল্ক আৰোপে এই ক্ষেত্ৰখনক যথেষ্ট প্ৰভাৱ পেলাব। সেই অৰ্থতে কৃষকৰ সপক্ষে থাকি মোডীয়ে এই মন্তব্য কৰিছে। 

মোডীৰ এনে মন্তব্যত স্পষ্ট হৈ পৰিছে একালৰ এই দুই বন্ধু এতিয়া বন্ধু হৈ থকা নাই। দুয়ো যেন এতিয়া এজন আনজনৰ পৰম শত্ৰু। শত্ৰুৰ বিৰুদ্ধে কৰা আচৰণৰ দৰেই ট্ৰাম্পৰ ভাৰতৰ প্ৰতি আচৰণ। ইয়াৰ বিপৰীতে ভাৰতৰ শত্ৰু পাকিস্তানৰ সৈতে বাঢ়িছে তেওঁৰ ঘনিষ্ঠতা।   

নৰেন্দ্ৰ মোডী আমেৰিকা ড'নাল্ড ট্ৰাম্প