শিক্ষকতা- এক পবিত্ৰ বৃত্তি

জীৱনটো চলাই নিয়া আৰু পেটৰ ভাতমুঠিৰ বাবে এই বাস্তৱ সমাজত বহুটো বৃত্তি আছে। তাৰোপৰি আছে সেৱা। এনে বহুবোৰ বৃত্তি আৰু সেৱাৰ মাজত সদায়ে কোহিনুৰৰ দৰে জিলিকি থকা বৃত্তিটোৱেই হৈছে শিক্ষকতা। শিক্ষকতা এক পবিত্ৰ বৃত্তি। এই বৃত্তিৰে জড়িসকল সমাজত সদায়ে শ্ৰদ্ধাৰ পাত্ৰ হৈ আহিছে।

author-image
Asomiya Pratidin
New Update
web ap new format 2024 vsavd

জীৱনটো চলাই নিয়া আৰু পেটৰ ভাতমুঠিৰ বাবে এই বাস্তৱ সমাজত বহুটো বৃত্তি আছে। তাৰোপৰি আছে সেৱা। এনে বহুবোৰ বৃত্তি আৰু সেৱাৰ মাজত সদায়ে কোহিনুৰৰ দৰে জিলিকি থকা বৃত্তিটোৱেই হৈছে শিক্ষকতা। শিক্ষকতা এক পবিত্ৰ বৃত্তি। এই বৃত্তিৰে জড়িসকল সমাজত সদায়ে শ্ৰদ্ধাৰ পাত্ৰ হৈ আহিছে। কিন্তু তাৰ মাজতো শিক্ষকৰ আছে বহু ব্যাথা। তাৰোপৰি আজিৰ সমাজত একাংশ শিক্ষকৰ বাবে এই সমগ্ৰ বৃত্তিটোতে দাগ নলগা কথাটো নতুন নহয়। এই সকলো সামৰিয়েই আজিৰ এই পবিত্ৰ শিক্ষক দিৱসৰ দিনটোত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন শিতানত ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন... 

শিক্ষকতা। যেতিয়া কোনোবাই সোধে- আপুনি কি বৃত্তিৰ সৈতে জড়িত ? আৰু প্ৰতি উত্তৰত যেতিয়া আপুনি কয়- মই শিক্ষকতা কৰো। তেতিয়া প্ৰশ্নকৰ্তাজনৰ আপোনা আপুনি এই পবিত্ৰ বৃত্তিটোৰ বাবে আপোনাৰ প্ৰতি শ্ৰদ্ধাত মূৰ দো খাই যায়। 

এয়াই হৈছে শিক্ষকতাৰে জড়িতসকলৰ বাবে এক ঐশ্বৰিক শক্তি। ভাৰতীয় সভ্যতাই যিদৰে নাৰীক এক শ্ৰদ্ধা আৰু সন্মানৰ প্ৰতীক হিচাপে জ্ঞান কৰি আহিছে। তদ্ৰুপ শিক্ষকতা বা শিক্ষাগুৰু এই বৃত্তিটোক অতীতৰে পৰাই শ্ৰদ্ধা আৰু অতি সন্মানীয় বৃত্তি হিচাপে জ্ঞান কৰি আহিছে। 

গুৰু দ্ৰোণাচাৰ্যৰ পৰা আৰম্ভ কৰি আজিৰ এই বাস্তৱিক সময়ৰ সমাজ ব্যৱস্থাত শৃংখলিতভাৱে জীৱন- যাপন কৰা সকলো শ্ৰেণীৰ লোকে শিক্ষকতা বৃত্তিক অতি পবিত্ৰ বৃত্তি হিচাপে মান প্ৰদান কৰি আহিছে। শিক্ষকজনৰ ব্যক্তিত্বতকৈও যেন এই বৃত্তিটোৰ সৈতে জড়িত হোৱা কাৰণটো অতি গুৰত্বপূৰ্ণতা বহন কৰে তাৰেই উমান পোৱা যায় সমাজে তেওঁলোকৰ প্ৰতি দেখুওৱা আচৰণ আৰু মান- সন্মানবোৰত।

জন্মৰ পাছতে মাকৰ বুকুৰ পৰা এৰা খোৱাৰ পাছৰে পৰা এগৰাকী শিশু শিক্ষকৰ তত্বাৱনাত আখৰ চিনিবলৈ শিকে। আৰু এনেদৰে একলা – দুকলাকৈ শিশুৱে বাস্তৱ পৃথিৱীৰ সৈতে চিনাকী হ’বলৈ লয়। আদিগুৰুৱে শিকোৱা প্ৰতিটো শব্দ- বাক্যক সৰোগত কৰি এদিন শিশুৰ পৰা প্ৰাপ্তবয়স্কত ভৰি দিয়া শিকাৰুজনে সমাজক প্ৰতিনিধিত্ব কৰিবলৈ লয়। 

ভাষাৰ সৈতে চিনাকি হোৱা সেই কালছোৱাকে মূল ভেঁটি হিচাপে লৈ শিকাৰু আগবাঢ়ে উচ্চৰ পৰা উচ্চতৰ শিক্ষালৈ। এনেদৰে জীৱনচৰ্যাত এগৰাকী শিক্ষকৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ভূমিকা অহৰহ প্ৰবাহিত হৈ থাকে আমাৰ ৰন্ধ্ৰে- ৰন্ধ্ৰে।

আমি কিদৰে জীৱন- যাপন কৰো, কেনেকৈ সমাজৰ সুখ- দুখৰ সৈতে মোকাবিলা কৰো এই সকলোবোৰৰ আদিতেই হৈছে শিক্ষা আৰু শিক্ষকে দিয়া জ্ঞান। জ্ঞান আৰু শিক্ষাৰ ভেঁটি যিমানেই সুদৃঢ় হ’ব, সিমানেই ভৱিষ্যতৰ পোহৰ আৰু উজ্বল হ’ব। 

এয়াই হৈছে আমাৰ সমাজত চলি অহা অলিখিত নিয়ম। আৰু এই নিয়মকেই সৰোগত কৰি আমি সুস্থ চিন্তা আৰু ভাল ভাল কামৰ দিশে অগ্ৰসৰ হওঁ। ঘৰখন আৰু প্ৰাথমিক বিদ্যালয়ত শিক্ষকসকলে আঙুলিত ধৰি ধৰি শিকোৱা কথাবোৰেই পাছলৈ বাস্তৱ সময়ত আমাৰ বাবে হয় জীৱন জীয়াৰ সমল। 

অৱশ্যে তাৰ মাজতো সকলো জানি বুজিও আমি পৰিস্থিতিক দোষ জাপি দি নিজক বচাই কৰি যাওঁ অসংখ্য ভুল। সৰু সৰু কথাবোৰক গুৰুত্ব নিদিয়াৰ ফলশ্ৰুতিতে সংঘটিত হৈ থাকে এইবোৰ ভুল। 

আমাৰ দেশত প্ৰতিবছৰে ৫ চেপ্তেম্বৰৰ দিনটো ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি সন্মান জনাই পালন কৰি অহা হৈছে শিক্ষক দিৱস হিচাপে। এই পবিত্ৰ দিনটো শিক্ষকসকলৰ বাবে এটি বিশেষ দিন। 

বহু মান আৰু সন্মানে সিমানখিনি প্ৰশান্তি দিব নোৱাৰে, যিমানখিনি সন্মান শিক্ষক দিৱসত এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে ছাত্ৰ- ছাত্ৰীৰ পৰা পোৱা কলমটোত পায়। মমডালৰ দৰে গলি গলি যোৱা এগৰাকী শিক্ষকে কাৰো পৰা একো নিবিচাৰিলেও এই শিক্ষক দিৱসত তেওঁলোকৰ মৰমৰ ছাত্ৰ- ছাত্ৰীখিনিৰ পৰা মৰমত দিয়া কলমটোত থাকে বহু আবেগ। যি মৰম সহিব নোৱাৰো শিক্ষকগৰাকীৰ আনন্দতে নিগৰি আহিব খোজে সুখৰ চকুলো।

অৱশ্যে আজিকালি একাংশ শিক্ষক-শিক্ষাৰ্থীৰ এই মৰমৰ এনাজৰীডালত বিভিন্ন কাৰণৰ বাবে ঘূণে ধৰিব ধৰা কথাটো বৰ দুখ লগা কথা। যাৰ বাবে এচাম শিক্ষাকৰ্মৰে জড়িত লোকৰ বাবে এই পবিত্ৰ বৃত্তিটো কেতিয়াবা কেতিয়াবা কলংকিত হ’ব লগাত পৰে। 

অৱশ্যে সময়ে সময়ে অহা এইধৰণৰ নেতিবাচক প্ৰভাৱে কুলষিত কৰিব নোৱাৰে এই পবিত্ৰ বৃত্তিটোক। আজিও বহু ছাত্ৰ- ছাত্ৰীয়ে দূৰৈৰ পৰা দেখা পোৱা শিক্ষকগৰাকীৰ প্ৰতি যি সন্মান দেখুৱাই, সেইবোৰ দৃশ্য দেখিলে পুনৰ স্বাভাৱিক হোৱা যায়। আৰু মনতে প্ৰশান্তি লভা যায় যে আজিও অটুট আছে গুৰু- শিষ্যৰ এই পবিত্ৰ বান্ধোন।

শিক্ষক দিৱস