/asomiyapratidin/media/media_files/2025/05/21/AWoGYW3sOdEIcCfovRNB.png)
ছিকিম, ছিকিম, ছিকিম। উফ ! কি যে ভাল লগা এটা শব্দ। শুনিলেই দেহা শাত পৰি যোৱা এটি মিঠা শব্দ। চকুৰ পতাত ভাহি অহা তুষাৰ শুভ্ৰ চাদৰৰ আচলত কি যে মায়াসনা আৱেশ। সৃষ্টিত প্ৰকৃতিয়ে অকণো কৃপণালি নকৰাকৈ ঢালি- বাকী দিছে কেৱল আৰু কেৱল সৌন্দৰ্য। সৌন্দৰ্যৰ আকৰ ছিকিম। এই ছিকিমৰ আছে বহু গাঁথা, আছে বহু কাহিনী। ১৬মে’ত ছিকিমে সম্পূৰ্ণ কৰিলে ভাৰতৰ অংগ ৰাজ্য হোৱাৰ গৌৰৱোজ্জল ৫০বছৰ। সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদনত শিতানত ভাস্কৰ শৰ্মাৰ লেখা-
ছিকিম। দেশৰে এখন অংগ ৰাজ্য। এই ৰাজ্যখনক প্ৰকৃতিয়ে কি দিয়া নাই। যেনিয়ে চকু ফুৰোৱা যায় তেনিয়েই কেৱল অপৰূপ সৌন্দৰ্য্যৰ মেটমৰা সম্ভাৰ। ৰাস্তা- পদূলি, পৰ্বত- পাহাৰ, সংস্কৃতি, কৃষ্টি- সভ্যতা, লোকাচাৰ আদি সকলোৱে বাউল দি মাতে সকলোকে। চালে চকু ৰৈ যোৱা সৌন্দৰ্যই মোহিত কৰে বহু লোকক। বিভোৰ হৈ চাই ৰয় ছিকিমৰ ৰূপ- লাৱাণ্য।
ছিকিম কেতিয়াবা গহীন, কেতিয়াবা চঞ্চলা। ছিকিমৰো আছে সুখ আৰু দুখ। দিনে- নিশাই নয়নাভিৰাম ৰূপ লৈ থকা ছিকিমৰ অন্তৰত আছে বহু বেথা। হঠাতে ছিকিমে পোৱা নাই ভাৰতৰ অংগ ৰাজ্য হোৱাৰ মৰ্যাদা।
সেয়া আছিল ১৯৭৫ চনৰ কথা। দেশত তেতিয়া ইন্দিৰা গান্ধী নেতৃত্বাধীন চৰকাৰ। সেই বছৰৰে ১৬ মে’ৰ দিনা ছিকিমক ভাৰতৰ অংগ ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।
ইয়াৰ আগেয়ে ছিকিম আছিল ভাৰতৰ পৰা পৃথক এটা বিস্তৃত এলেকা। ৰজাৰ অনুশাসনত চলা এখন প্ৰদেশ। ছিকিম ৰাজ্য প্ৰতিষ্ঠা হৈছিল ১৬৪২ চনত। হিমালয়ৰ পাদদেশৰ তিব্বতী লামাই ফুণ্টং নামগ্যালক আছিল প্ৰথম জন শাসক। ১৯৭৫ চনলকৈ নামগ্যাল বংশই ছিকিমক শাসক কৰিছিল।
সেই সময়ছোৱাত ছিকিমত আজিৰ দৰে শান্তিময় পৰিৱেশ নাছিল। বহু সংঘাত আৰু ধুমুহাৰ মাজেৰে পাৰ হৈছিল ছিকিমৰ দিন- ৰাতি। কিয়নো ভাৰত- চীনৰ মাজত এদাল ছেদকৰূপে আছিল ছিকিম। যাৰ বাবে কেতিয়াবা ভূটান, কেতিয়াবা নেপালে ছিকিমৰ ভূমিকলৈ সংঘাতৰ সৃষ্টি কৰিছিল। প্ৰায়েই অশান্ত হৈ আছিল ছিকিম।
ইয়াৰ পাছত বৃটীছ ঔপনিৱেশৰ সময়ত ভাৰত আৰু ভূটানৰ সম্পৰ্ক কিছু মধুৰ হ’বলৈ ধৰে। যাৰ বাবে ছিকিমত এক অস্থিৰ পৰিৱেশৰ মাজতো চেগা- চেৰাকৈ এটা সুস্থিৰ পৰিৱেশৰ আশা জীয়াই আছিল।
এনেদৰে সময় বাগৰি গৈ আছিল। ১৮৬১ চনত টুমলং সন্ধি স্বাক্ষৰিত হয়। ইয়াৰ জৰিয়তে ছিকিমে লাভ কৰে আনুষ্ঠানিক সুৰক্ষা ৰাজ্যৰ মৰ্যাদা। অৰ্থাৎ ছিকিমৰ ওপৰত বৃটীছৰ নিয়ন্ত্ৰণ আহিল। অৱশ্যে সম্পূৰ্ণূৰপে বৃটীছে ছিকিমক শাসন কৰিব পৰা নাছিল, কিয়নো সেই কৰ্তৃত্ব কেৱল চোগ্যালসকলৰ হাততহে আছিল।
এনেকৈও কিছু বছৰ পাৰ হৈ গ’ল। ১৮১৭ খৃষ্টাব্দত আন এক চৰকাৰী সন্ধি স্বাক্ষৰিত হ’ল। এই সন্ধিৰ নাম আছিল তিতালীয়া সন্ধি। ইয়াৰ ফলত ব্ৰিটিছ কৰ্তৃপক্ষই ছিকিমত কেইবাটাও বাণিজ্যিক আৰু ৰাজনৈতিক সুবিধা লাভ কৰে।
একেদৰে ১৮৯০ চনৰ কলিকতা সন্ধিৰ জৰিয়তে ছিকিম আৰু তিব্বতৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হয়। এই চুক্তিত স্বাক্ষৰ প্ৰদান কৰিছিল ভাইচৰয় লৰ্ড লেন্সডাউন আৰু তিব্বতত থকা কিং চীনৰ ইম্পেৰিয়েল এছ’চিয়েট ৰেচিডেণ্টে। তাৰ পাছত পুনৰ ১৯০৪ চনত এক সন্ধি স্বাক্ষৰিত হয়। এই সন্ধিৰ নাম আছিল লাছা সন্ধিয। ইয়াৰ দ্বাৰা কলিকতা সন্ধিয়ে এক মান্যতা লাভ কৰিছিল।
উল্লেখযোগ্য যে, ভেংকটাৰঘৱন সুভা শ্ৰীনিবাসনে ‘ভাৰত ৰাষ্ট্ৰৰ উৎপত্তি’ নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। তাত তেওঁ ৰাজকীয় ৰাষ্ট্ৰৰ সংহতিৰ দায়িত্ব দিয়া চৰ্দাৰ বল্লভাই পেটেলৰ বিষয়ে কেতবোৰ কথা উল্লেখ কৰিছিল।
১৯৪৭ চনৰ ১৫ আগষ্টৰ পূৰ্বে ৫৫০খনতকৈও অধিক ৰাজ্যৰ মুৰব্বীৰ সৈতে সাক্ষাৎ কৰিছিল চৰ্দাৰ বল্লভাই পেটেলে। পেটেল আৰু সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা বি এন ৰাউৱে ছিকিমক একত্ৰিত কৰিব বিচাৰিছিল তেতিয়াৰ চোগ্যাল তাছি নামগ্যালক যোগদানৰ যন্ত্ৰত স্বাক্ষৰ কৰি ভাৰতৰ সৈতে। ছিকিমৰ অনন্য পৰিস্থিতিৰ বিষয়েও নেহৰুৱে সচেতন আছিল।
ভাৰতে বিশ্বাস কৰিছিল যে ছিকিমৰ বাবে প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা আৰু যোগাযোগ বিষয়ৰ নিয়ন্ত্ৰণ ল’ব লাগে। এইটো চূড়ান্ত নোহোৱালৈকে ছিকিমে যথাৰ্থ অৱস্থা বজাই ৰাখিবলৈ ষ্টেণ্ডষ্টিল এগ্ৰিমেণ্টত স্বাক্ষৰ কৰিব লাগিছিল।
ইফালে ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ বাবে ছিকিমৰ ভিতৰত অন্ততঃ কিছু চাহিদা আছিল। শ্ৰীনিবাসনৰ গ্ৰন্থত কোৱা হৈছে যে, জাতিগতভাৱে ছিকিম তিনিটা সম্প্ৰদায়ৰ দ্বাৰা গঠিত আছিল। সেইকেইটা হৈছে- ভুটীয়া, লেপচা আৰু নেপালী। ইয়াৰে ভিতৰত নেপালী সম্প্ৰদায়ৰ লোক আছিল সৰ্বাধিক।
ভুটীয়া লোকৰ নেতৃত্বত ছিকিম ৰাজ্যিক কংগ্ৰেছ নামৰ তিনিটা ৰাজনৈতিক দলে লেপচা নেতৃত্ব থকা প্ৰজা মণ্ডল আৰু এজন নেপালীৰ নেতৃত্বত থকা প্ৰজা সুধাৰক সমাজে ১৯৪৭ চনৰ ডিচেম্বৰত জনপ্ৰিয় চৰকাৰ, ভূস্বত্ববাদ বিলুপ্ত আৰু ভাৰতত যোগদানৰ দাবীত প্ৰস্তাৱ গৃহীত কৰে।
তাৰ পাছতে এছ এছ চি আৰু পি এম নেতাৰ এটা প্ৰতিনিধি দলেও নেহৰুক সাক্ষাৎ কৰে। য’ত কোৱা হৈছিল যে, ছিকিমে নিজৰ প্ৰতিভা অনুসৰি বৃদ্ধি পাব লাগে। ইয়াৰে বহু বছৰ পিছত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে এক বৈঠক অনুষ্ঠিত হয়।
উক্ত বৈঠকৰ পাছতে ১৯৪৯ চনত ছিকিমত ৰজাই এছ এছ চিৰ প্ৰতিনিধিৰে সৈতে এখন পৰামৰ্শদাতা সমিতিৰ লগতে এজন ভাৰতীয় বিষয়াক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। তাৰ এবছৰ পাছতে ১৯৫০ চনত ভাৰত-ছিকিম সন্ধি স্বাক্ষৰিত হয়।
যাৰ ফলত ছিকিম ভাৰতীয় ৰক্ষিত ৰাজ্য হিচাপে পৰিগণিত হয়। ই সাৰ্বভৌম নহ’ব, কিয়নো ভাৰতে নিজৰ প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা আৰু কৌশলগত যোগাযোগ নিয়ন্ত্ৰণ কৰিছিল। ভাৰতে আন্তঃগাঁথনি নিৰ্মাণৰ একচেটিয়া অধিকাৰো লাভ কৰিছিল।
তাৰোপৰি ছিকিমৰ লোকসকলে ভাৰতীয় পাছপ’ৰ্ট লৈ বিদেশ ভ্ৰমণ কৰিছিল। ইয়াৰ উপৰি এটা দফাত নিৰাপত্তাজনিত ভাবুকিৰ ক্ষেত্ৰত ভাৰতক অ’ভাৰ ৰাইডিং ক্ষমতা প্ৰদান কৰা হৈছিল। এনেকৈও কিছু বছৰ অতিক্ৰম কৰিলে।
তাৰ পাছতে ছিকিমৰ ৰাজ্যিক পৰিষদ বা বিধানসভাত কিছুমান সদস্য নিৰ্বাচিত হয়। ইয়াৰে আকৌ কিছুমানক ৰজাই মনোনীত কৰিছিল। প্ৰথম বছৰত ইয়াত বিভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিত্বক লৈ কিছু ৰাজনৈতিক টান দেখা গৈছিল। যাৰ বাবে চোগ্যালে নিজৰ নিয়ন্ত্ৰণ এৰি দিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল।
ইয়াৰ পাছত ১৯৬৪ চনত জৱহৰলাল নেহৰু আৰু ১৯৬৬ চনত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ লগে লগে দুয়োপক্ষৰ ৰাজনৈতিক নেতৃত্বৰ পৰিৱৰ্তন ঘটিবলৈ ধৰে। তাৰ পিছত ১৯৬৩ চনত চোগ্যাল তাছি নামগ্যালৰ মৃত্যু হয়। আৰু তেওঁৰ পিছত মহাৰাজ কুমাৰ থোণ্ডুপে এই পৰিৱৰ্তনৰ সময়ছোৱাৰ সহায় লৈ ছিকিমৰ বাবে স্বাধীন মৰ্যাদা বিচাৰি উলিওৱাৰ পৰিকল্পনা কৰে।
ইয়াৰ পাছৰছোৱা সন্দৰ্ভত প্ৰাক্তন আৰ এণ্ড এ ডব্লিউ বিষয়া সিদ্ধুৱে তেওঁৰ গ্ৰন্থ ‘চিকিম : ডন অৱ ডেম’ক্ৰেচি’ত উল্লেখ কৰিছে যে, ১৯৭৩ চনত ভাৰতীয় প্ৰতিনিধি দল এটা সৰু আৰ এণ্ড এ ডব্লিউ দলৰ মুৰব্বী হিচাপে গেংটকলৈ গৈছিল। তাত তেওঁলোক যোৱাৰ উদ্দেশ্য আছিল চীনৰ কাৰ্যকলাপৰ বিষয়ে চোগ্যালক অৱগত কৰা।
কিন্তু তেওঁলোকৰ প্ৰকৃত লক্ষ্য আছিল ছিকিম কংগ্ৰেছৰ সৈতে যোগাযোগ কৰা, তেওঁলোকক সহায় আৰু পৰামৰ্শ প্ৰদান কৰা। এয়াই আছিল ছিকিমক ভাৰতৰ সৈতে একত্ৰীকৰণৰ চূড়ান্ত লক্ষ্যৰ এক পূৰঠ প্ৰক্ৰিয়া।
লক্ষ্যণীভাৱে একেটা বছৰতে ১৯৭৩ চনত ছিকিমত ৰাজতন্ত্ৰ বিৰোধী প্ৰতিবাদ বৃদ্ধি পায়। ফলত ৰাজপ্ৰসাদটো হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ঘেৰি ধৰে। যাৰ বাবে উপায়ন্তৰ হৈ নতুন দিল্লীৰ সহায় বিচাৰে ছিকিমৰ শাসকে। ছিকিমৰ এই অনুৰোধ ৰক্ষা কৰি ভাৰত চৰকাৰে সহায় কৰিবলৈ ভাৰতীয় সৈন্য পঠিওৱাৰ ব্যৱস্থা কৰে।
ইয়াৰ পাছত ছিকিম প্ৰতিবাদকাৰীৰ পৰা ৰক্ষ পৰে আৰু অৱশেষত একে বছৰতে চোগিয়াল, ভাৰত চৰকাৰ আৰু তিনিটা ডাঙৰ ৰাজনৈতিক দলৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়। কিয়নো ইয়াৰ যোগেদি যাতে ৰাজনৈতিক সংস্কাৰ আৰম্ভ কৰিব পৰা যায়।
সেই চুক্তি মৰ্মে ১৯৭৪ চনত নিৰ্বাচন অনুষ্ঠিত হয়। ফলত কাজী দৰ্জীৰ নেতৃত্বত ছিকিম কংগ্ৰেছ জয়ী হয়। সেই বছৰতে নতুন সংবিধান গ্ৰহণ কৰা হয়, য’ত ৰজাৰ ভূমিকা এটা টাইটেল পদত সীমাবদ্ধ কৰা হয়।
তাৰ পাছতে ১৯৭৫ চনত গণভোট অনুষ্ঠিত হয়। য’ত যোগ্য ভোটাৰৰ দুই তৃতীয়াংশই অংশগ্ৰহণ কৰে। ইয়াত ৰাজতন্ত্ৰ বিলুপ্ত কৰি ভাৰতত যোগদানৰ সপক্ষে ৫৯,৬৩৭ টা ভোটদান কৰে।
ইয়াৰ এসপ্তাহৰ ভিতৰতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ছিকিমক ভাৰত অংগ ৰাজ্য হিচাপে স্বীকৃতি দিবলৈ লোকসভাত সংবিধান (ছয়ত্ৰিশ সংশোধনী) বিধেয়ক উত্থাপন কৰে। সংসদত এই কথা গৃহীত হয় আৰু ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে সন্মতি দিয়ে আৰু ইয়াৰ ফলশ্ৰুতিত ১৯৭৫ চনৰ ১৬ মে’ৰ পৰা কাৰ্যকৰী হয়। কাৰ্যতঃ ছিকিম ভাৰতৰ অংগ ৰাজ্য হৈ পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us